সমস্যাই সলনি কৰা উদ্যোগী মহিলাগৰাকী


Image Description

এগৰাকী বিপ্লৱী নাৰী; যি অৰ্থনৈতিক বিপ্লৱৰ সূচকনাৰে পুৰুষ-মহিলা নিৰ্বিশেষে ৮০ গৰাকীতকৈও অধিক লোকক সংস্থাপন দি আছে। এটা-দুটা নহয়, দহোটাকৈ প্ৰতিষ্ঠানৰ গৰাকী তেওঁ।

তেওঁৰ প্ৰাণ, আত্মা, ধৈৰ্য্য, সাহস, একাগ্ৰতা, কৰ্মস্পৃহা, স্বাভিমান আদি সকলো যেন নিমজ্জিত জাতীয় চেতনাত। কেৱল নিজৰ কাৰণে নহয়, আৰ্তজনৰ বাবে ত্যাগ কৰি আহিছে জীৱন, মানৱসেৱাই তেওঁৰ একমাত্ৰ পণ। সেই গৰাকী মহিয়সী নাৰী হৈছে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলীয়াজানৰ কমলাবাৰীৰ বন্তি হাজৰিকা বাইদেউ।

শিৱসাগৰৰ চাৰিং নিবাসী পিতৃ কোষেশ্বৰ ফুকন আৰু মাতৃ স্নেহলতা ফুকনৰ ছজন সন্তানৰ ভিতৰত কনিষ্ঠ সন্তান বন্তি বাইদেউ। সততে ঘৰৰ কণিষ্ঠা সন্তানে পোৱা আদৰ-সাদৰৰ মাজত ডাঙৰ-দীঘল হৈ যোৰহাট কলেজৰ পৰা স্নাতক শিক্ষা সাং কৰাৰ পিছত নগাঁও জিলাৰ খুটিকটীয়াৰ হৰেন্দ্ৰ নাথ হাজৰিকাদেৱৰ লগত ১৯৮৫ চনৰ ২ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হয়।

বিয়াৰ পিছত 'অইল ইণ্ডিয়া'ৰ 'এলপিজি'ৰ অভিযন্তা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা স্বামীসহ দুলীয়াজান অইলৰ সমীপত নিজাকৈ ঘৰ নিৰ্মাণ কৰি থাকিবলৈ লয়। সময়ৰ একা-বেঁকা গতিত বিভিন্ন ধৰণৰ সামাজিক কামৰ লগতে এহাল ল'ৰা-ছোৱালীসহ এগৰাকী আদৰ্শ পত্নী তথা মাতৃত্বৰ গৌৰৱেৰে অতিবাহিত হয় বন্তি হাজৰিকা বাইদেউৰ এক সুন্দৰ জীৱন, সুখৰ সংসাৰ।…।

কিন্তু হঠাতে ঘটা এক অবাঞ্ছিত ঘটনাই তেখেতৰ জীৱন পৰিক্ৰমা সলনি কৰি দিয়ে।

বিয়াৰ ১৮ বছৰৰ পিছত ২০০২ চনৰ ০৯ জুলাই তাৰিখে হঠাৎ মটৰ দুৰ্ঘটনাত পতিত হৈ স্বামীৰ অকাল মৃত্যু হয়। তেতিয়া পুত্ৰ নৱম শ্ৰেণীত আৰু কন্যা চতুৰ্থ শ্ৰেণীত। স্বামীহাৰা হৈ দুটি সন্তানসহ অসহায় অৱস্থাত পৰে যদিও ধৈৰ্য্যৰে ধৰি ৰাখে নিজৰ সাহস আৰু উদ্যম।

জীৱনলৈ নামি অহা সমস্যাবোৰ নতশিৰে লৈ সলনি কৰে জীৱন পৰিক্ৰমা, বুকুত এসাগৰা দুখৰ বোজা লৈ আৰম্ভ কৰে এক সংগ্ৰামী জীৱন…। আৰ্তজন আৰু সংস্থাপনৰ বাবে হাবাথুৰি খাই থকাসকলক সকাহ দিয়াৰ মানসেৰে ব্যৱসায়ত হাত দি বিৰতিবিহীনভাৱে এটা এটাকৈ ১০টা প্ৰতিষ্ঠানৰ গৰাকী হৈ বন্তি হাজৰিকা বাইদেউৱে কিমান পৰিয়াল পোহপাল দি আছে পঢ়োঁচোন।

(১) ১৯৯৯ চনত চৰকাৰৰ অনুজ্ঞা পত্ৰৰে লাভ কৰা মাদক দ্ৰব্যৰ দোকানখন তদাৰক কৰি আয়-ব্যয়ৰ খতিয়ান ৰাখিবলৈ আৰম্ভ কৰে। তাত তেখেতে সংস্থাপন দিছে ০৭ জনক।

(২) ১৯৯৯ চনতে আৰম্ভ কৰা 'ৰেষ্টুৰেণ্ট'খন পৰিচালনা কৰি দুগৰাকী মহিলাসহ ১৫ জনৰ সংস্থাপন দিছে।

(৩) ২০০৩ চনত দুচকীয়া বাহনৰ 'ডিলাৰশ্বিপ' লৈ 'মেকানিক'সহ ০৮ জনক সংস্থাপন দিছে।

(৪) ২০০৪ চনত চাৰিচকীয়া বাহনৰ 'ছাৰ্ভিছিং চেণ্টাৰ' খুলি ১৫ জনৰ পৰিয়াল চলাই আছে।

(৫) ২০০৫ চনত থলুৱা খাদ্যৰ দুখন ভাতৰ হোটেল খুলি ০৮টা পৰিয়ালক সংস্থাপন দিছে।

(৬) ২০০৬ চনত পুৰুষৰ বাবে 'বিউটি পাৰ্লাৰ' খুলি ০৫ জনৰ পৰিয়াল চলাই আছে।

(৭) ২০১৪ চনত বিধি অনুসৰি 'ফাৰ্মাছী' খুলি ডাক্তৰসহ ০৬ গৰাকী মহিলাক আত্মসংস্থাপন দি আছে।

(৮) ২০২০ চনত আৰ্থিকভাৱে দুৰ্বলসকলৰ বাবে থলুৱা পিঠা-পনাৰে চাহৰ দোকান দি ০৩ জনৰ পৰিয়াল পোহপাল দি আছে; য'ত তেখেতে লাভ বা লোকচানৰ কথা চিন্তা নকৰে।

(৯) ২০২১ চনত আমাজান ক'ম্পেজনীৰ 'ডিলাৰশ্বিপ' লৈ বিভিন্ন বস্তু আদান-প্ৰদানৰ লগতে বাছ, ৰেল, উৰাজাহাজ আদিৰ টিকট যোগান ধৰা কাৰ্য্যত নিয়োজন কৰি ০৫ জন কৰ্মচাৰীক সংস্থাপন দিছে।

(১০) ২০২১ চনৰ শেষৰ ফালে প্ৰীতাঞ্জলি মেধি শৰ্মা আৰু লুকুমণি বৰাৰ লগত যৌথভাবে 'প্ৰেৰণা' নামেৰে বয়নশিল্পৰ প্ৰতিষ্ঠান আৰম্ভ কৰি সাধাৰণ আৰু জনজাতীয় গামোচাৰ লগতে টাৱেল, মেখেলা-চাদৰ আদি উৎপাদনেৰে ব্যৱসায় চলাই আছে। ইয়াতো নিয়োজিত কৰিছে ১২ গৰাকী মহিলা।

এনেদৰেই বন্তি হাজৰিকা বাইদেৱে পুৰুষ-মহিলা নিৰ্বিশেষে সকলোকে নিয়োগ কৰিছে স্বাস্থ্য, খাদ্য, বস্ত্ৰ, যন্ত্ৰ, শিক্ষা, যাতায়াত আদি বিভিন্ন দিশত। বিয়াৰ পিছত দুলীয়াজান মহিলা সমিতিৰ সাধাৰণ সম্পাদিকাৰ দায়িত্ব বহন কৰা কালত বিদ্যালয়, মহাবিদ্যালয় স্থাপনত উদ্যোগ লোৱাৰ বাহিৰেও গাঁৱৰ অনাদৃত মহিলাসকলক আচাৰ বনোৱা, ধূপ বনোৱা, কাঠফুলা প্ৰস্তুত কৰা, হাঁহ-কুকুৰা-গাহৰি পালন আদিৰ প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছিল।

সঁচাকৈয়ে বন্তি হাজৰিকা বাইদেউ এক ব্যতিক্ৰমী নাৰী। প্ৰচাৰবিমুখভাৱেই নিজৰ জাতীয় চেতনা জাগ্ৰত কৰি বাস্তৱায়িত কৰিছে সুন্দৰ চিন্তা আৰু কৰ্মৰ মাজেৰে। প্ৰকৃতাৰ্থত তেখেত আমাৰ আদৰ্শৰ প্ৰতীক, এক সম্পদ।

নিজস্ব ব্যক্তিত্বৰে নীৰৱে নিৰলসভাৱে সমাজলৈ সেৱা আগবঢ়াই থকা বন্তি হাজৰিকা বাইদেউ সদায় একেদৰেই সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰে কৰ্মঠ হৈ থাকক।।