লাচিত বৰফুকনক সুঁৱৰি


Image Description

অসমীয়া সেনাবাহিনীৰ সৰ্বাধিনায়ক ...

বৰসেনাপতি আৰু তাৰ লগতে অতিৰিক্ত পদবীটো আছিল নামনি অসমৰ শাসনকৰ্তা৷ স্বৰ্গদেউ চক্ৰধবজ সিংহই অতি আস্থাৰে অৰ্পণ কৰিছিল এই দুয়োটা গধুৰ দায়িত্ব৷ মোগলক খেদি গুৱাহাটী উদ্ধাৰৰ দায়িত্ব৷ আৰু তাৰ পিছত গুৱাহাটী ৰক্ষাৰ দায়িত্ব৷ দুয়োটা দায়িত্ব সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে পালন কৰিছিল লাচিতে৷ এতিয়া মাথোন শেষ দায়িত্বটো সুকলমে সমাধান কৰাৰ সুযোগৰ অপেক্ষাতে ৰৈ আছে লাচিত৷ মানাহ নৈ পাৰ কৰি খেদি থৈ আহিবলৈ লাগিব ৰামসিংহৰ নেতৃত্বাধীন মোগল বাহিনীক৷ এইটো দায়িত্বও সম্পূৰ্ণ কৰিব লাচিতে৷ দৃঢ় প্ৰতিজ্ঞ সি, নিজেই নিজৰ ওচৰতে৷

এটাই মাথোন আক্ষেপ ৰৈ গ’ল মনত। সেই দিনটোৰ বাবে অধীৰ হৈ পৰা স্বৰ্গদেউ চক্তধবজ সিংহই নিজৰ জীৱনকালতে সেইটো কৃতিত্বৰ দাবী, বুৰঞ্জীৰ পাতত ৰাখি থৈ যাব নোৱাৰিলে৷

স্বৰ্গদেৱৰ মুখখনলৈ মনত পেলাই লাচিতে কৈছিল, ‘আপোনাৰ মনৰ কামনাক বাস্তৱায়িত নকৰাকৈ, গুৱাহাটী এৰি নাযাওঁ মই৷ কথা দিলোঁ আপোনাক, স্বৰ্গদেউ৷ আপুনি নিশ্চিন্ত মনে এতিয়া বিশ্ৰাম লওক৷’

লাচিতৰ ঠিক পাছফালে থিয় দি আছিল অসমীয়াৰ কেইবাজনো সেনাপতি, খহুৱা পাত্ৰ গোহাঁই ফুকন, ওপৰ দৈয়ঙ্গীয়া ৰাজখোৱা, বৰচেং গোঁহাই, শলঘৰীয়া ৰাজখোৱা, কলষ্ণু সন্দিকৈ ফুকন, চাৰিঙ্গীয়া পেলন ফুকন, মৰাণ গোঁহাই, ৰাইডঙ্গীয়া ফুকন আৰু পালী দিহিঙ্গীয়া ৰাজখোৱা বুঢ়াগোহাঁই ফুকনক আদি কৰি আন কেইবাজনো পালী সেনাপতি৷

নিজৰ লগতে নিজেই অংগীকাৰ কৰি উঠিহে লাচিতে মন কৰিলে এই সকলো সেনাপতিৰে উপস্থিতি৷ লাহে লাহে উভতি আহি ইটাখুলিৰ দুৰ্গৰ ভিতৰছোৱা ফালে আগবঢ়া বৰসেনাপতিৰ বাবে মাজেৰে বাট উলিয়াই দি আগবাঢ়ি যাবলৈ দিছিল লাচিত বৰফুকনক৷ দুৰ্গৰ ভিতৰৰ মেল বহা স্থানৰ মুখ্য আসনখনত বহিছিলগৈ লাচিত৷ আটাইখিনি সেনাপতি আৰু পালী সেনাপতি ক্ৰম অনুযায়ী বহি পৰিছিল সন্মুখৰ আসনবোৰ অধিকাৰ কৰি৷

কেইটামান মুহূৰ্তৰ পিছতেই লাচিতে নিজৰ আসনখনৰ পৰা উঠি সম্বোধন কৰিলে, ‘অসম মাতৃৰ সেৱাত উৎসৰ্গিত হে বীৰ যোদ্ধাসকল!

এটা বৰ কৰুণ মুহূৰ্তৰ সাক্ষী হিচাপেই আমি আজি সকলো আহি ইয়াত একত্ৰিত হৈছোঁহি৷ আমাৰ সকলোৰে সহৃদয়া অসম মাতৃৰ এজন একনিষ্ঠ সেৱক, এজন সুসংগঠক, এজন উদ্যমী নেতাক আমি হেৰুৱাই আমি সকলো আজি শোকত ম্ৰিয়মাণ৷ হেৰুৱালোঁ আমাৰ আটাইৰে আপোনা শ্ৰদ্ধাৰ স্বৰ্গদেউ চক্ৰধবজ সিংহদেৱক৷ হেৰুৱালোঁ এজন সুদক্ষ নেতাক৷

নিজৰ ন্যায়পৰায়ণতা, আন্তৰিকতা, সততা, নিৰপেক্ষতা, নিৰ্ভীকতা, আত্মবিশ্বাস, ততালিকে সিদ্ধান্ত ল’ব পৰা ক্ষমতা, উপায়-উদ্ভাৱনৰ শক্তি, কৌশল, মিত্ৰতা, মিত্ৰ হিচাপে ৰাখিব পৰা গুণ, উৎসাহ আৰু উদ্যম, লগতে আনৰ অন্তৰত উদ্দীপনা জন্মাব পৰা শক্তি, উৎসুকতা, নিৰীক্ষণ শক্তি, মুকলি মন, বিচাৰ শক্তি, ক’তো খুঁত নৰখাকৈ ন্যায়-নিষ্ঠাৰে কাম কৰিব পৰা শক্তি, উপস্থিত বুদ্ধি, মৌলিকতা, সাংগঠনিক শক্তি আৰু কাৰ্য্য সম্পাদন কৰিব পৰা শক্তিৰেই আছিল তেখেতে আমাৰ সকলোৰে বাবে সৰ্বজনগৃহীত নেতা৷ আমি সকলোৱেই স্বৰ্গদেৱৰ পৰা এই গুণসমূহ আয়ত্ত কৰাৰ চেষ্টাত নিজকে ব্ৰতী কৰিব পাৰিলেহে, নিজকে নেতা হিচাপে স্বীকৃতি দিয়া উচিত৷ আমি নেতা হ’বলৈ হ’লে, এই গুণবোৰৰ অধিকাৰী হোৱাটো বাঞ্ছনীয়৷

এইজনা মহান নেতা, স্বৰ্গদেউ চক্ৰধবজ সিংহদেৱে কৈছিল, ‘বঙালৰ অধীন হৈ থকাতকৈ মৰণহে শ্ৰেষ্ঠ৷’ তেখেতৰ স্বৰ্গগত আত্মাৰ নামত সংকল্প হৈ আহি বঙালক আমাৰ সীমাৰ ভিতৰৰ পৰা খেদি পঠিয়াবই লাগিব৷ তাৰ কোনো গত্যন্তৰ নাই আমাৰ আগত৷

ঈশ্বৰৰ অপূৰ্ব সৃষ্টি এই অসম৷ গিৰি-ভৈয়ামৰ সংযোগৰ পৰা উৎপত্তি হৈছে অসমানতাৰ সম্ভাৱনা৷ অসম, মানে তুলনাবিহীন৷ জনজাতিসকলৰ শাৰীৰিক উদ্যম আৰু আৰ্য্যসকলৰ সূক্ষ্ম বুদ্ধিৰ পৰিপূৰক এই অসম৷ ভৈয়ামৰ প্ৰজাবৃন্দৰ শৌৰ্য্য-বীৰ্য্যক সবল কৰি তুলিছে পৰ্বতীয়া জাতিৰ সীমাহীন উদ্যমে৷ অসমৰ এই দুই শ্ৰেণীৰ জনসাধাৰণৰ শক্তি আজি একেটা উদ্দেশ্যতে প্ৰয়োগ কৰাৰ সময় সমাগত৷

সুবাসিত অমৃতৰ ধাৰা বোৱাই আনিব লাগিব আমাৰ এই মৰমৰ অসমভূমিলৈ৷ প্ৰাকৃতিক বিভূতিৰে পৰিপুষ্ট অসমৰ নদ-নদী, জান-জুৰি, গছ-গছনি আৰু সাৰুৱা মাটিৰ পৰা বিতাড়িত কৰিব লাগিব বঙালক৷ তাৰ বাবে লাগিব আমাক আপোনালোকৰ দৰে একো একোজন নেতা, যি নেতাই দেশপ্ৰেম আৰু দেশৰ উন্নতিৰ অৰ্থে আগবঢ়োৱা সেৱাৰ কাৰ্য্যত স্বাৰ্থহীনতাৰ শৃংগত উঠিব পাৰিব৷ আপোনালোকে দৃষ্টান্ত আৰু উপদেশেৰে নিজৰ নিজৰ দলৰ সৈন্যবাহিনীক উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত কৰিব লাগিব আৰু যদিহে আপোনালোকে এনে কৰিবলৈ সক্ষম হয়, ভৱিষ্যতলৈ– অনুসৰণ আৰু উদ্দীপনাৰ বাবে জাতীয় বুৰঞ্জীত সংৰক্ষিত হৈ ৰ’ব আপোনালোকৰ কৰ্ম আৰু বাণীৰ মাহাত্ম৷

শত্ৰুৱে আমাক প্ৰতিহত কৰিব পৰা নাই৷

সাম-দাম-দণ্ড– এই তিনিওবিধৰ প্ৰয়োগ বিফল হৈছে৷

এতিয়া বঙালে আশ্ৰয় লৈছে ভেদ নীতিৰ৷

আমাৰ ঐক্যত ভীতিগ্ৰস্ত বঙালে ভেদাভেদ সৃষ্টি কৰাৰ চেষ্টাৰে আমাক দুৰ্বল কৰিবলৈ পাং পাতিছে৷ ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাই ডাঙৰীয়াৰ কোঠালৈ কাঁড়ৰ আগত চিঠি লিখি জনাইছে যে এই বৰফুকনে ৰামসিংহৰ লগত মিতিৰালি কৰিছে৷ আনফালেদি মোৰ দুৰ্গলৈ কাঁড়ৰ আগৰ চিঠিত লিখিছে যে বুঢ়াগোঁহাই ডাঙৰীয়াই যুদ্ধবিৰতিৰ প্ৰস্তাৱত ৰাজী হৈছে৷ কিন্তু পাৰিছে জানো এই বৰফুকন আৰু সেইজন বুঢ়াগোঁহাইৰ মাজত ফাঁট মেলাবলৈ৷ শত্ৰুৰ প্ৰতিটো চাল-চলন সজ্ঞানেৰে বিশ্লেষণ কৰাটোৱেই হ’ল নেতা হিচাপে আমাৰ কৰ্তব্য, আমাৰ দায়িত্ব, আমাৰ এজনৰ আনজনৰ ওপৰত থাকিব লাগিব চৰ্তহীন বিশ্বাস৷

আমাৰ একতা, স্বাধীনতাৰ প্ৰতি থকা অবিচলিত প্ৰেম আৰু জয়লাভৰ বাবে থকা আমাৰ দৃঢ় প্ৰতিজ্ঞা– এই তিনিটাৰেই উপনীত হ’ম আমি আমাৰ লক্ষ্যত৷

এখন স্বাধীন অসমৰ পুনৰ নিৰ্মাণৰ লক্ষ্যত৷

স্বৰ্গদেউ চক্ৰধবজ সিংহৰ সপোনক বাস্তৱাত ৰূপ দিয়াৰ লক্ষ্যত৷

আমাৰ অপৰাজেয় মনোভাৱেৰে আমি উপনীত হ’ম আমাৰ লক্ষ্যত৷ দৃঢ়প্ৰতিজ্ঞ আমি আটাইবোৰেই৷ দৃঢ়প্ৰতিজ্ঞ আমি আমাৰ স্বৰ্গগত চক্ৰধবজ সিংহদেৱৰ দৰেই৷ আমাৰ সকলোৰে উদ্দেশ্য মাথোঁ একেটাই–

‘অসমীয়া সৈন্যৰ জয়লাভ৷’

তাৰ বাহিৰে আমাৰ আটাইৰে জীৱনৰ আন একো উদ্দেশ্য নাই৷

আহক, আমি সকলোৱে সৰস্বৰে শপত লওঁ পুনৰ এবাৰ, আমাৰ স্বৰ্গগত স্বৰ্গদেউ চক্ৰধবজ সিংহৰ আত্মাৰ শান্তিৰ বাবেই–

‘আমি বঙালক খেদি নি মানাহ নদীৰ সিপাৰ কৰি থৈ আহিম৷’

সকলো সেনাপতিয়ে নিজৰ নিজৰ ঠাইতে থিয় হৈ, সোঁহাত দাঙি চিঞৰি উঠিল– ‘আমি বঙালক খেদি নি মানাহ নদীৰ সিপাৰ কৰি থৈ আহিম৷’

দীঘলীয়া নিশ্বাস এটা এৰি লাচিতে কৈছিল–

‘স্বৰ্গদেউ চক্ৰধবজ সিংহৰ আত্মাই চিৰশান্তি লাভ কৰক৷ আপোনালেকে আজি নিশাটো ইটাখুলিৰ এই দুৰ্গতে কটাই পুৱা সূৰুযৰ উদয়ৰ লগে লগেই যাত্ৰা আৰম্ভ কৰিব– নিজৰ নিজৰ কোঠাবোৰলৈ৷ জয় আমাৰ নিশ্চিত৷’

কথাখিনি কৈ লাচিতে সোমাই গৈছিল, ইটাখুলি দুৰ্গৰ ভিতৰৰ শোৱনী কোঠাটোৰ ফালে– নিশাৰ আহাৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈয়েই৷।