জিএছটি সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান


Image Description

ৰাজ্যসমূহৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া পৰিষদে গোটেই ভাৰতবৰ্ষৰ বাবে পণ্য (Goods) আৰু সেৱা (Services) কৰ সংগ্ৰহ কৰে। চমুকৈ জিএছটি বুলি কোৱা হয়।

সংগৃহীত কৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ মাজত ভগাই দিয়ে। ইয়াৰ বাবে নীতি আৰু নিয়ম যুটীয়া পৰিষদে নিৰ্ণয় কৰে। নিৰ্ধাৰিত নীতি আৰু নিয়ম সকলো ৰাজ্য চৰকাৰে মানি লোৱাটো বাধ্যতামূলক।

এটা বিশেষ গোচৰত উচ্চতম ন্যায়ালয়ে বিপৰীত স্হিতি লৈছে। যুটীয়া পৰিষদৰ সিদ্ধান্ত ৰাজ্যসমূহে মানি চলাটো বাধ্যতামূলক নহয়। এই ৰায় বৰ গুৰুত্বপূৰ্ণ।

উচ্চতম ন্যায়ালয়ে দেশৰ ফেডাৰেল গাঁথনিটোৰ আধাৰত ৰায়টো দিয়ে। দেশৰ ফেডাৰেল গাঁথনিটোৰ মৌলিক বৈশিষ্ট্য হৈছে যে ইয়াৰ ধাৰা সহযোগিতামূলক। প্ৰতিখন ৰাজ্য একোটা গোট । কেন্দ্ৰীয় চৰকাৰো একে ধৰণৰ গোট।

প্ৰতিটো গোটৰ একে স্বাধীনতা। একে গুৰুত্ব। দেশৰ গণতন্ত্ৰৰ বাবে সম অধিকাৰ অতি প্ৰয়োজনীয়। ইয়াৰ ভিত্তিতেই ন্যায়ালয়ে সিদ্ধান্ত দিয়ে। ন্যায়ালয়ৰ ৰায়টো সুদুৰপ্ৰসাৰী। কিয়নো দেশৰ কেইবাখনো চৰকাৰ কেন্দ্ৰীয় চৰকাৰ গঠন কৰা বিজেপি দলৰ নহয়। বিৰোধী চৰকাৰসমূহে জিএছটিৰ সন্দৰ্ভত আপত্তি দৰ্শাইছিল।

ৰায়টোৰ পৰিণতি উল্লেখযোগ্য ঘটনা যে হ’ব সেই বিষয়ে সন্দেহ নাই।।