নলা-হোলাৰ সমন্বয়ৰে দুৰ্লভ চহৰ তেজপুৰ
- শান্তনু বৰুৱা
- /
- September 15, 2021

নলা-হোলাৰ সমন্বয়ৰে তেজপুৰ নগঢ়িলে তেজপুৰ নাম হ'ব বৃথা। অপৰিকল্পিত গৃহ নিৰ্মাণ আৰু বৈ যোৱা নলা-নৰ্দমাৰ অভাৱত গুৱাহাটীৰ দৰে তেজপুৰ কদৰ্য্য নগৰী হ'লে তাৰ বাবে প্ৰশাসনীয় বিষয়া, বৰমূৰীয়াকে ধৰি বিধায়ক, মন্ত্ৰীৰ দায়িত্ব সম্পৰ্কে প্ৰশ্ন উঠিব।
ধন থকা মানুহে মাটি কিনি পথাৰ পুতি বৈ যোৱা পানীৰ সোঁতক বাধা দিয়াৰ প্ৰৱণতা ৰোধ কৰিবলৈ গৃহ নিৰ্মাণ আৰু মাটিৰ শ্ৰেণীৰ পৰিৱৰ্তন আদিৰ বাবে প্ৰশাসনীয় অনুমোদনৰ প্ৰয়োজন। গৃহ নিৰ্মাণৰ আৰ্হি আৰু গাথঁনি পৰ্য্যন্ত বিভাগীয় বিষয়াৰ অনুমোদনৰ প্ৰয়োজন। তেনে স্থলত নৱ-নিৰ্মিত চহৰ-নগৰৰ নলা-নৰ্দমাৰো অনুমোদনৰ নিশ্চয় দৰকাৰ। তেনেস্থলত এজাক বৰষুণতে তেজপুৰৰ ঠাই বিশেষত পানী জমা হোৱাৰ কাৰণ কি ?
তেজপুৰ চহৰৰ সৌভাগ্য যে তেজপুৰ এখন নলা-হোলাৰ সমন্বয়ৰে গঢ়ি উঠা চহৰ। প্ৰকৃতি প্ৰদত্তভাৱে ইয়াত আছে প্ৰায় কুৰিটামান সৰু-বৰ হোলা। সেয়েহে চহৰখন ওখ-চাপৰ টিলা আৰু সেউজীয়া গছ-লতিকাৰে সমৃদ্ধ। এই হোলাবোৰেদি এটা সময়ত হৰ্হৰাই পানী বৈ গৈ ব্ৰহ্মপুত্ৰত পৰা আমি দেখিছিলোঁ। আশীৰ দশকমানলৈকে এই হোলাবোৰ বোৱতি সুঁতিৰ দৰেই প্ৰাণচঞ্চলা আছিল। বাৰিষাত কথাই নাই, সকলো সময়তে প্ৰাণৱন্ত হৈ আছিল এই হোলাবোৰ। বৃটিছ যুগৰে পৰা এই ধাৰা অক্ষুণ্ণ থকাত তেজপুৰ এখন নিকা চহৰৰূপে খ্যাত আছিল। বৰষুণৰ পাছত চহৰখন আৰু অধিক পৰিস্কাৰ তথা সুন্দৰ হৈ পৰিছিল।
পুৰাণৰ যুগতো চহৰখন এই নলা -হোলাবোৰৰ বাবেই ৰুধীৰপুৰ, শোণিতপুৰ, হাৰোপেশ্বৰ, কন্যাপুৰ, পুৰাপুৰ আদি ক'ত যে নামেৰে প্ৰসিদ্ধ আছিল! তাৰ লেখ আজি কোনে দিয়ে! তেতিয়া যাতায়ত আৰু জল -যুঁজৰ বাবে এই নলা-হোলাবোৰ চহৰখনৰ বাবে আছিল আদৰ্শ স্বৰূপ। শালস্তম্ভীয় নৃপতিগণৰ হাৰোপেশ্বৰ ৰাজধানী হোৱাৰ মূল কাৰণো আছিল নলা-হোলাবোৰেই। ইয়াৰ কেওফালে পৰিবেষ্টিত হৈ থকা ভৰলী নৈৰ এৰাসুঁতি স্বৰূপ হোলাবোৰত নাওঁবোৰ লুকুৱাই থোৱাৰ সুবিধাৰ বাবেই হয়তো কামৰূপ নৃপতি ভাস্কৰ বাৰ্মাৰ দিনৰ 'উপৰিপট্টন' নামৰ বিখ্যাত গৌড় ৰজাৰে সৈতে হোৱা যুঁজখন ইয়াতে হৈছিল বুলি বুৰঞ্জীবিদে মন্তব্য কৰিছে। বীৰ চিলাৰায়ে ঘোঁৰাত উঠি ভড়লী পাৰ হোৱা কথাটো আজিও যেন ৰিণি ৰিণি শুনো "ঝাম্প দিয়া বীৰে যেবে চেৰাইলা ভৈৰলী" কথাষাৰত।
তেজপুৰ যে জলযুদ্ধৰ প্ৰশস্ত ঠাই আছিল তাৰ প্ৰমাণ হ'ল ভৈৰৱপদৰ পাদদেশত থকা শিলডুবি নামে খ্যাত হৰ্জৰ বাৰ্মাৰ শিলালিপিখন। ইয়াত লিখা আছে মাছমৰীয়া নাওঁ আৰু ৰাজকীয় নাৱৰ যাতায়তৰ এখন অধ্যাদেশ। তদুপৰি আহোম স্বৰ্গদেৱৰ দিনত 'চামধৰা' আৰু 'শলা' আছিল নৌযুদ্ধৰ বিশেষ দুৰ্গ। ইয়াতে চুলতান আৰু মোগলৰ বিৰুদ্ধে কেইবাখনো নিৰ্ণায়ক যুদ্ধ হৈছিল।
দৰাচলতে ভৰলীৰ এৰাসুঁতি আছিল তেজপুৰৰ শৌৰ্য্য। এইবোৰ পাছলৈ হোলা হৈ পৰিল। স্বৰ্গদেৱৰ আমোলাত এই হোলাবোৰ দেৱোত্তৰ,ব্ৰহ্মোত্তৰ আদি শ্ৰেণীত ৰাখি হয়তো বিশেষ ব্যৱহাৰৰ বাবে এচাম পণ্ডিতক দান দিছিল । কিন্তু আজি সেইবোৰ বিক্ৰী হৈ যোৱাত যাৰে য'তে মন যায় তাতেই ঘৰ-দুৱাৰ আদি সাজিবলৈ লোৱাত হোলাবোৰে কি কদৰ্য্য ৰূপ লৈছে তাক চকুৰে নেদেখিলে বুজোৱা টান ! উদাহৰণ স্বৰূপে গাৰোৱান পট্টিৰ হোলাটো মহাভৈৰৱ হোলাৰে সংযোগ হৈ ছিভিল হাস্পতালৰ কাষৰ হোলাটোৰে কিমান যে সুন্দৰ ধাৰাৰে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছিল সেয়া আমি নিজেই দেখা কথা। এয়া ১৯৭০/৮০ চনৰ কথা।
তেজপুৰ বৰজেইলৰ কাষৰ মেজিষ্ট্ৰেট ক'ল'নীৰ পাছফালৰ হোলাটো কলিবাৰীৰ মাজেৰে বৈ গৈ গঙ্গাৰাম মহলদাৰৰ ঘৰৰ কাষৰ ব্ৰহ্মপুত্ৰত পৰিছিলগৈ। অনেক মাছ-কাছৰে ভৰপূৰ সেইবোৰৰ চিকাৰ কৰিবলৈ আহিছিল বহু দীঘল-ঠুঁটিয়া জাতীয় পক্ষী! বৰটোকোলা, শামুকখোলা, কোকোহা, ডাউক আদি চৰাইবোৰে মানুহক বিশেষ ভয়েই নকৰিছিল! কিন্তু আজি চৰাইৰ চৰণীয়া হোলাবোৰ মানুহ আৰু অনুমোদন দিওঁতাৰ হঠকাৰিতাত পোত গৈ দুৰ্দশাৰ উৎস হ'ল !
আমি ভাবোঁ,
এই হোলাবোৰ সংৰক্ষণ হোৱা উচিত। দুয়োপাৰৰ মাটি-কালি জৰীপ কৰা উচিত।
দৰকাৰ হ'লে ভূমি অধিগ্ৰহণ আইনৰ দ্বাৰা হোলাবোৰ খৰস্ৰোতা সুঁতিলৈ পৰিণত কৰা উচিত। আৰু,
এই হোলাবোৰৰ সৈতেই তেজপুৰৰ কাষৰীয়া চহৰাঞ্চলৰ নলা-নৰ্দমাবোৰ সংযোগ কৰা উচিত।
আৰু অলপ ভালকৈ চিন্তা কৰিলে মৰা ভৰলীৰ মুখত বান্ধ দি নলা-হোলাবোৰ পানীৰে চপচপীয়াকৈ ৰাখি জলক্ৰীড়াৰো চিন্তা কৰিব পাৰি। এনেদৰে ভেনিছ চহৰ, কেৰেলাৰ দৰে নতুন ৰূপত গঢ়িব পাৰি। তদুপৰি চৰকাৰে খৰচবহুল যি 'ৰেইন হাৰ্বেষ্টিং ছিষ্টেম'ৰ কথা কৈছে সেয়া সহজে প্ৰাকৃতিকভাৱে এনেকৈ কৰিব পাৰি। তেজপুৰ এক প্ৰকৃতিপ্ৰদত্ত জলভাণ্ডাৰলৈও পৰিণত হ'ব পাৰে। হয়তো ইয়াৰ পৰা ক্ষুদ্ৰ পৰিসৰত জলবিদ্যুৎ উৎপাদনৰো চিন্তা কৰিব পাৰি।
এই ক্ষেত্ৰত আমি সংলগ্ন কৰি দিয়া মেপখনৰ সেউজীয়া অংশখিনি লক্ষ্য কৰিলেও দেখা পোৱা যায় যে তেজপুৰ নলা-হোলাৰ সমন্বয়ৰে গঢ়া এখন দুৰ্লভ চহৰ হৈ উঠিব পাৰে!