চৰকাৰী ধনৰ শৰাধ!


Image Description

অসমত বিতৰ্কৰ অন্ত নাই। এটা বিতৰ্ক মাৰ নৌযাওঁতেই নতুন এটাৰ সূচনা হয়।এইবাৰৰ বিষয়টো মানে বিতৰ্কৰ বিষয়কেইটা হৈছে - প্ৰবাসত চৰকাৰৰ কেবিনেট সভা অনুষ্ঠিতকৰণ আৰু গৰুখুঁটী প্ৰকল্পৰ নামত চলা চৰকাৰী ধনৰ শৰাধকৰ্ম।

ইলাহী কাৰবাৰৰ বাবে আমাৰ ৰাজ্য চৰকাৰ জনাজাত। খাবলৈ খুদকণো নাথাকিব পাৰে, কিন্তু পিন্ধন-উৰণত চাহাবী ঢঙৰ গুৰুত্ব থাকিবই। অসমৰ ৰাইজে বৰ আশাৰে পাতি দিয়া বিজেপি চৰকাৰখনে সম্প্ৰতি অসমৰ অৰ্থনীতি দিনক দিনে নিঃশেষ কৰাৰহে চেষ্টা চলাইছে যেন অনুভৱ হৈছে।

উন্নয়নৰ বৰ বৰ কথাবোৰ কেৱল কথাৰ মাজতে সীমাবদ্ধ থাকি বাকী ৰাজকোষৰ ধনৰাশি য’তে যেনেকৈ পাৰি ছটিয়াই ফুৰি বৰ চুৰীয়াৰ ফেৰলানি উৰুৱাই থকাতহে চৰকাৰে মন দি আহিছে।

কেইদিনমান পূৰ্বে বাতৰিকাকতত ৰাজ্য চৰকাৰে প্ৰবাসত কেবিনেট সভা অনুষ্ঠিত কৰাৰ বাবদ হোৱা ধনৰ খৰচৰ খতিয়ান প্ৰকাশ পাইছে ৷ তাকে দেখি ৰাইজৰ চকু কপালত উঠিছে।যেন সভা নহৈ মহাভোজহে ! এই অনুসৰি ডঃ হিমন্ত শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এতিয়ালৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেবিনেট সভা অনুষ্ঠিত কৰাৰ নামত ৩.৬৮ কোটি থকা খৰচ (?) কৰিছে। অৰ্থাৎ টকাৰ উজান উঠাৰ দৰে, খৰচৰ বাট বিচাৰি নোপোৱাৰ দৰে, একো কৰিবলৈকে নাই যেতিয়া সভাকে পাতি টকা উৰুৱাৰ চং ধৰাৰ দৰে কথা।

এৰা! কৰ-কাটল বঢ়াই দিলেই হ’ল--- ৰাইজে নিদি পাৰেনে! যিকি নহওক, বিগত সময়ছোৱাত দিশপুৰৰ বাহিৰত ৰাজ্যৰ বিভিন্ন জিলা, যেনে, যোৰহাট, ডিব্ৰুগড়, শিলচৰ, কোকৰাঝাৰ, ডিমা হাচাও, বঙাইগাঁও, শোণিতপুৰ, ধেমাজি আৰু কামৰূপ মহানগৰ জিলাত চৰকাৰে কেবিনেট সভা অনুষ্ঠিত কৰিছে।তাৰে ভিতৰত সৰ্বাধিক ডিমা হাচাওৰ হাফলঙত কেবিনেট মিটিঙৰ খৰচ হৈছে ১.১৩ কোটি টকা আৰু শোণিতপুৰত অনুষ্ঠিত কৰা কেবিনেট সভাৰ খৰচ আছিল ন্যূনতম ৭.৬ লাখ টকা।

ইয়াৰোপৰি যোৰহাট কেবিনেট সভাত ৪৮.৪ লাখ, শিলচৰ কেবিনেট সভাত ৩০.৬ লাখ, বঙাইগাঁও কেবিনেট সভাত ৫৫.৪ লাখ, কোকৰাঝাৰ কেবিনেট সভাত ২১.০৯ লাখ, ধেমাজিত ৩৪.০৮ লাখ, ডিব্ৰুগড়ত ৩৫.১৫ লাখ আৰু কামৰূপ মহানগৰত ২১.৭৯ লাখ টকা চৰকাৰে খৰচ কৰিছে।

ইয়াৰে বাবদ কেবিনেট সভাৰ সিদ্ধান্তৰাজিয়ে কিমান ফলপ্ৰসূভাৱে কাৰ্য্যকৰীকৰণ হৈছে তাক নিশ্চয় ৰাইজে দেখিছে। কেবিনেট সভা মন্ত্ৰালয়ৰ জৰুৰী অংশ।সেয়া অনুষ্ঠিত হ’বই লাগিব ৷ কিন্তু সভা অনুষ্ঠিত কৰাৰ নামত এনে লাওলোৱা অৱস্থাৰ মাজতে কোটি কোটি টকা অপব্যয়ৰ কোনো যুক্তি নাই।

ইপিনে গৰুখুঁটী চৰকাৰী বাণিজ্য প্ৰকল্পৰ নামত হোৱা বিনিয়োগ আৰু আয়ৰ খতিয়ান পোহৰলৈ আহিছে খোদ চৰকাৰীগৃহৰ পৰা।এই প্ৰকল্পৰ ক্ষেত্ৰত আকৌ 'কেৰেলাতকৈ গুটিহে দীঘল' হৈছেগৈ। বাচ-বিচাৰ নকৰাকৈ থলুৱা ৰাইজক উচ্ছেদ কৰি বাণিজ্য প্ৰকল্প গঢ়াৰ নামত গৰুখুঁটীত চৰকাৰে কোটি ব্যয়ৰ লগতে তাৰ কিছু অনিয়ম-কেলেংকাৰীৰ বাতৰিও প্ৰকাশ পাইছে।

এই অনুসৰি গৰুখুঁটী প্ৰকল্পৰ মুঠ ৯.৫২ কোটি টকাৰ ব্যয়ৰ বিপৰীতে বিগত সময়ছোৱাত আয় হৈছে কেৱল ১.১১ কোটি টকা। অৰ্থাৎ, এই প্ৰকল্পৰ নামত চৰকাৰৰ প্ৰায় ৮.৪২ কোটি টকাৰ লোকচানহে হৈছে। তদুপৰি প্ৰকল্পৰ নামত চৰকাৰে নিজে আগবঢ়োৱা ৪.৩৩ কোটি টকাৰ কোনো হিচাপ নাই। ইতিপূৰ্বে সেইস্থানত বসতি কৰা লোকসকলে কৃষিকৰ্মৰ দ্বাৰা যথেষ্ট উৎপাদন কৰি আছিল।

কিন্তু চৰকাৰে আক্ৰোশভাবেৰে যথাস্থানত যি উচ্ছেদ অভিযান চলালে সেয়া অতিশয় দুৰ্ভাগ্যজনক। হয়, তাত যদি কেৱল অবৈধ বাংলাদেশী নাগৰিকে বসতি কৰি আছিল তেন্তে সেই উচ্ছেদ সমৰ্থনযোগ্য। কিন্তু যদিহে তাত কেৱল খিলঞ্জীয়া লোকৰ ওপৰতহে উচ্ছেদ চলিছিল তেন্তে সেয়া অসম চুক্তি ৬ নং দফাক পোনচাটেই উলংঘা কৰা হৈছে।

এই ক্ষেত্ৰত সকলো তথ্যৰাজিৰ সবিশেষ ৰাইজৰ সমুখত মুকলিকৈ সদৰি হোৱাটো বাঞ্ছনীয়। অন্যথা কেৱল ভুৱা উন্নয়ন তথা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এনে পদক্ষেপ নিন্দনীয়।

শেষত ইয়াকেই কওঁ যে চৰকাৰৰ এনেবোৰ নীতি-পদক্ষেপৰ বলপূৰ্বক কাৰ্য্যকৰীকৰণে কেৱল আৰু কেৱল অদূৰদৰ্শী চিন্তাকহে পৰিচয় দিছে ৷ যিসময়ত ৰাজ্যত ঋণৰ বোজাই সমগ্ৰ অৰ্থনীতিক ধৰাশায়ী কৰি পেলাইছে, এনেবোৰ অবিবেচকী কাণ্ডজ্ঞানহীন কৰ্মই ৰাজ্যখনক মৃতপ্ৰায় কৰি পেলোৱাৰ সম্ভাৱনাই অধিক। ৰাইজে কথাবোৰ চকু-কাণ মেলি বিবেচনা কৰক।।