ভগ্ন অৰ্থনীতি, দেউলীয়া চৰকাৰ, নতুন সুৰা নীতি ইত্যাদি


Image Description

সকলো আলোচনা, সমালোচনাক একাষৰীয়া কৰি ৰাজ্য চৰকাৰে একনায়কত্ববাদী চৰিত্ৰৰে ৰাজকোষ টনকিয়াল কৰাৰ উদ্দেশ্যেৰে, উত্তৰপুৰুষৰ ভৱিষ্যতক হেতালিত লৈ এইবাৰ পোষকতা কৰিছে নতুন সুৰানীতিৰ।

এফালে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় গঢ়াৰ কোব আৰু আনফালে ৰাজ্যত সুৰা বিপণী গঢ়িবৰ নিমিত্তে নতুন পৰিকল্পনা। প্ৰায় ৯০% জনসাধাৰণৰ সুৰাপ্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি তথা প্ৰচুৰ ৰাজহ সংগ্ৰহৰ সম্ভাৱনাক গুৰুত্ব দি ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যত ৭০০খন বিলাতী সুৰাৰ বিপণী আৰু বাৰৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে।

এৰা, হিতাধিকাৰী সৃষ্টিৰ দৰে পৰিকল্পনাবোৰ দিঠক কৰাৰ মানসেৰে ৰাজকোষ উদং কৰা চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ ঋণ তথা সুতৰ বোজা পাতলাবলৈ নতুবা ৰাজকোষ টনকিয়াল কৰিবলৈ উপায়ন্তৰ হৈ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ দৰে পদক্ষেপ হাতত লৈছে ।

অতি শীঘ্ৰেই ৰাজ্যৰ চহৰ-নগৰ, গাঁৱে-ভূঁঞে সকলোতে উভৈনদী হ’ব বিলাতী সুৰাৰ বিপণী। আৰু ৰাজ্যবাসী মতলীয়া হ’ব সুৰাৰ ৰাগীত। এতিয়া আৰু চিন্তা নাই, হাত মেলিলেই ৰাজ্যৰ জনবসতি প্ৰধান অঞ্চলসমূহৰ প্ৰান্তে প্ৰান্তে বিলাতী সুৰা সুলভ কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যৰ ভগ্নপ্ৰায় অৰ্থনীতিক উদ্ধাৰ কৰাৰ উদ্দেশ্যে এতিয়া নৱপ্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ দিশে চৰকাৰ আগবাঢ়িছে ৷ এয়া কেনে শাসন আমি বুজিবলৈ অপাৰগ ৷ তদুপৰি বিত্তীয় সংকট জোৰা মাৰিবলৈ চৰকাৰে আশ্ৰয় লৈছে বিভিন্ন জনবিৰোধী পন্থাৰ।

সেয়া লাগিলে বিভিন্ন উৎসৰ পৰা অভিলেখ সৃষ্টিকাৰী ঋণ লোৱাই হওক, বাটে-ঘাটে পৰিবহণ বিভাগৰ যাহ-বাহনৰ জৰিমনা আদায়কৰণেই হওক অথবা সঘন বিদ্যুৎমাচুল বৃদ্ধিকৰণৰ দৰে প্ৰক্ৰিয়াই হওক ৷ মুঠতে ৰাইজৰ মূৰত পাকে-প্ৰকাৰে ৰামটাঙোন পৰিছে।

উন্নয়ন ফটাঢোল বজাই যোৱাৰ ক্ষেত্ৰত চৰকাৰ অলৰ-অচৰ। বিৰোধিতা কৰিলেই, সমালোচনা কৰিলেই চৰকাৰৰ ৰোষ। এই সুৰা নীতিৰ অধীনত কেৱল কামৰূপ মহানগৰতে ৫৬খনকৈ সুৰা বিপণী তথা বাৰৰ বাবে অসম চৰকাৰে অনুমতি প্ৰদান কৰিছে। লক্ষ্য ৩০০০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ।

স্মৰ্তব্য যে যোৱা ৫ আগষ্টত আবকাৰী আয়ুক্তই জিলা আবকাৰী অধীক্ষকলৈ প্ৰেৰণ কৰা এখন পত্ৰই নৱপ্ৰজন্মৰ ভৱিষ্যতক কোঙা কৰি পেলাব পৰা এই ভয়ংকৰ তথ্য পোহৰলৈ আনিছিল। এই পত্ৰৰ যোগে ৰাজ্যৰ প্ৰতিখন জিলাতে নতুনকৈ সুৰাৰ বিপণী স্থাপনৰ বাবে উপযুক্ত স্থান বিচৰা হৈছিল।

পত্ৰখনিতে ৰাজ্যজুৰি ৭০০টা স্থান চিনাক্ত কৰি সুৰাৰ বিপণীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি ২০২১-২২ বৰ্ষত ৰাজ্যৰ আবকাৰী ৰাজহ সংগ্ৰহ আছিল ১৯৩০ কোটি টকা। ২০২০-২১ বৰ্ষৰ আবকাৰী ৰাজহ সংগ্ৰহতকৈ এই পৰিমাণ ২০% বেছি আছিল। সম্প্ৰতি ২০২২-২৩ বৰ্ষৰ বাবে এই লক্ষ্য ৩০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে ৷ গতিকে নতুন সুৰা নীতিৰ পোষকতাই এই লক্ষ্যপ্ৰাপ্তিত চৰকাৰক যে সৰ্বতোপ্ৰকাৰে, সৰ্বোত্তমভাৱে সহায় কৰিব তাত কোনো সন্দেহ নাই।

'ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ'ৰ দৰে তাহানিৰ আলংকাৰিক শ্ল’গান এতিয়া পুৰণি হ’ল। এতিয়াৰ আধুনিক শ্ল’গান 'ৰাইজৰ পদূলিত চৰকাৰৰ সুৰা'লৈ পৰ্য্যবসিত হৈছে। লগতে ৰাজ্যশাসন যে অৰাজকতালৈ পৰ্য্যবসিত হৈছে তাতো কোনো সন্দেহ নাই।

চৰকাৰী ক্ষমতাৰ হাতোৰাত এতিয়া গণতন্ত্ৰৰ অমিয়া কেৱল মাতাল, ধূমায়মান, ত্ৰস্তমান!!