ঘোঁৰা বেপাৰীৰ দেশ


Image Description

ঘোঁৰা অতি তজবজীয়া জন্তু। বৰ চকুত লগা প্ৰাণী। অতি শক্তিশালী। দৌৰটোতে ধৰিব পাৰি। ঘোঁৰা দৌৰ হয়। গাধ দৌৰ নহয়।

ভাগ্যে ঘোঁৰাই নাজানে নতুন ঘোঁৰাৰ কথা। অমৃত সমান কথা।ফু মাৰি গণক ওফৰাই দিব পাৰে। নতুন ঘোঁৰাৰ আৰু বেগী। উঠিলেই ইমূৰৰ পৰা সিমূৰ পায়।

এতিয়া আৰু বুট খাব নালাগে!

খমখমীয়াৰ আশ্বাস। পকেটত সোমায়। আহোঁতে যিমান ওজন, উভতি যাওঁতে বাঢ়ি যায়। মোচত পাক বাঢ়ে।

নতুন ঘোঁৰাবোৰে নতুন দল নোখোলে। জানে, আইনত নিটিকে। পুৰণি দলটোৰে সকলো দাবী কৰে। ভাগ্যে আইনে সুধিছে: দল গঠনৰ নিয়ম নাই জানোঁ?

নতুন ঘোঁৰা পুহিবলৈ নতুন মানুহৰো জন্ম হৈছে। তাকো এইখন অসমতে। জনগণে বৰ লাজ পাইছে। অসম ঘোঁৰা বেপাৰীৰ ৰাজ্য হ'ল। নাক-কাণ কটা গ'ল।

অসম কিয়? সকলোৰে উৎকণ্ঠা।

অসমৰ বেপাৰী কেনেকৈ ইমান চহকী? সকলোকে উত্তৰ লাগে।

নাক-কাণ কটা যে গ'লেই!!