অশান্ত পৃথিৱী, আসন্ন বিপদ


Image Description

আকাশত শ শ যুদ্ধ বিমান। দুয়ো পক্ষৰ। উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ। লগত আমেৰিকাৰ, দক্ষিণৰ পক্ষত। শ শ মিছাইল নামিছে। এতিয়ালৈ বাৰু পানীতে পৰিছে। এটা এফালে মাটিত পৰিলেই লংকাকাণ্ড হ'ব।

ইউক্ৰেইন আৰু ৰাছিয়াৰ অবিৰত যুদ্ধ চলিছে। পৃথিৱীখন বিভক্ত হ'ল তিনিভাগত। সপক্ষে-বিপক্ষে-নিৰপেক্ষ। তৰহ তৰহ ক্ষেপণাস্ত্ৰৰ ধোঁৱা উৰিছে। মৃত্যুৰ ৰং অৱশ্যে একেই। দুয়োফালে।

চীন যুদ্ধংদেহি হৈ আছেই। টাইৱান ল'ব। ল'বই হেনো। যুদ্ধ নোহোৱাকৈ ফলাফল নোলায়। টাইৱানো প্ৰতিজ্ঞাবদ্ধ। যুদ্ধৰ বোধহয় বিকল্প নাই।

ইৰাণত মানুহে নতুন বায়ু বিচাৰিছে। কেইবাশই ইতিমধ্যেই গুলী পাতি ল'লে। আৰু ৰক্তাক্ত দিনৰ আগজাননী আহিছে। এফালে নিৰস্ত্ৰ নাগৰিক। আনফালে হিংসুক শাসক। ইৰাণে ৰাছিয়াৰ পক্ষ ল'লে। আমেৰিকা দৰ্শক হৈ নাথাকে।

ইটালীত সোঁ-পন্থীৰ জয়। জলবায়ুৰ পৰিৱৰ্তনত মন-কাণ নিদিয়ে হেনো। ইজৰাইলতো সোঁপন্থীৰ উত্থান । আৰবৰ লগত সংঘাত আকৌ বাঢ়িব। অস্ত্ৰৰ প্ৰতিযোগিতা আৰু চৰিব। ভাৰতেও পাকিস্তান-অধিকৃত অঞ্চলৰ কথা উলিয়াইছে। তাতে আকৌ নিৰ্বাচনো আহিছে।

ক'ৰবাত মাথোঁ এটা ফিৰিঙতি লাগে। সকলো মদগৰ্বী ৰাজনৈতিক নেতা যেন তাৰবাবেই ৰৈ আছে। অথচ জনগণ সাধাৰণভাৱেই শান্তিৰ সপক্ষে।

ক'ৰবাত আবতৰীয়া বান। ক'ৰবাত ঘূৰ্ণীবায়ু। ক'ৰবাত বোকাৰ নদী নামি আহিছে। বনৰীয়া জুইয়ে বহুতো দহিলে। জলবায়ু সলনি হ'ল। এতিয়া ক্ষিপ্ৰতাৰে ব্যৱস্থা ল'লেও এশ বছৰলৈ আগৰ দিন ঘূৰি নাহে! পৰিৱৰ্তনে আমাৰো পদূলি পালে। এইবাৰ দেৱালীত বৰষুণ! অসমত জলবায়ুৰ পৰিৱৰ্তন ভয়াবহ হ'ব।

তাতে আকৌ ৰাজনৈতিক মদগৰ্বীৰ অশালীন ভাষা। গোটেই পৃথিৱীতে ঘৃণাৰ ভাষণ। গণতন্ত্ৰক অকামিলা কৰিবলৈ উচটনিমূলক ভাষণ। নিজে অৱশ্যেই নিৰাপদ দূৰত্বত থাকে।

এনে লাগে যেন খাণ্ডৱ দাহ সমাগত!!