প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন সময়ৰ আহ্বান


Image Description

ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্য চৰকাৰসমূহতকৈ অধিক। গতিকে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰকৃতাৰ্থত নিভাজ যুক্তৰাষ্ট্ৰীয় বা ফেডাৰেল ব্যৱস্থা নহয়, ইয়াৰ কিছু বৈসাদৃশ্য আছে। যুক্তৰাষ্ট্ৰ শব্দটোৰ অৰ্থ হ’ল বহু ৰাষ্ট্ৰ লগ হৈ গঠন কৰা ৰাষ্ট্ৰ। সেই অৰ্থত ভাৰতৰ ৰাজ্যবোৰৰ মৰ্য্যাদা আৰু অধিকাৰ একোখন ৰাষ্ট্ৰৰ দৰে নহয়। স্বাধীন ভাৰতৰ সংবিধানখন এনেদৰে প্ৰণয়ন কৰা হৈছিল যাতে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্যবোৰৰ তুলনাত বহু বেছি হয়।

কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন হ’লে ৰাজ্যৰ নিৰ্বাচিত চৰকাৰ এখন ভংগ কৰি ৰাজ্য এখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে। অৰ্থাৎ ৰাজ্য এখনৰ জনগণৰ ৰায় অবিহনে সেই জনগণে নিৰ্বাচিত কৰা চৰকাৰ এখন কেন্দ্ৰীয় চৰকাৰে ভাঙি দি ৰাজ্যখনৰ শাসন ভাৰ কেন্দ্ৰৰ নিয়ন্ত্ৰণলৈ আনিব পাৰে। নামত ইয়াক ৰাষ্ট্ৰপতিৰ শাসন বুলি কোৱা হয় যদিও ই হ’ল ৰাজ্যৰ ওপৰত কেন্দ্ৰৰ প্ৰত্যক্ষ শাসন। এই কামটোৰ বাবে প্ৰধান ভূমিকা পালন কৰে ৰাজ্যপালজনে। ৰাজ্যপালজনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে (আচলতে কেন্দ্ৰীয় চৰকাৰে)ৰাজ্য এখনৰ নিৰ্বাচিত চৰকাৰখন বৰ্খাস্ত কৰে। এই ৰাজ্যপালজনক আকৌ নিয়োগ কৰে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য এখনৰ জনগণৰ ৰাজ্যপাল নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ভূমিকা নাথাকে। ৰাজ্যপালজন হ’ল কেন্দ্ৰৰ প্ৰতিনিধি।

ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ অধিকাৰ আৰু ৰাজ্যপাল নিয়োগৰ অধিকাৰ- এই দুটা ক্ষমতাৰ বাবে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সম্পৰ্ক সমমৰ্য্যাদা আৰু সমঅধিকাৰৰ নহয়। বৰং এই সম্পৰ্ক হ’ল মালিক আৰু কৰ্মচাৰীৰ। বহু সময়ত দেখা গৈছে যে যেতিয়াই কোনো ৰাজ্যত কেন্দ্ৰত শাসনাধিষ্ঠিত দলৰ বিৰোধী দলৰ চৰকাৰ থাকে, তেতিয়া তেনে ৰাজ্য চৰকাৰসমূহৰ সৈতে ৰাজ্যপালৰ সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ হৈ নাথাকে, আৰু প্ৰায়ে মুখ্য মন্ত্ৰী আৰু ৰাজ্যপালৰ মাজত খকা-খুন্দা লাগি থাকে। ভাৰতত ৰাজ্যপালৰ বিৰুদ্ধে কেন্দ্ৰৰ শাসনাধিষ্ঠিত দলটোৰ ৰাজনৈতিক স্বাৰ্থ ৰাজ্যখনত মজবুত কৰাৰ কামত নিযুক্ত হোৱা বুলি বহু অভিযোগ উত্থাপন হৈ আহিছে। ইন্দিৰা গান্ধীৰ শাসনকালত বহু ৰাজ্যপালে কংগ্ৰেছ দলৰ কাৰ্য্যনিৰ্বাহকৰ দৰে কাম কৰা বুলি অভিযোগ উত্থাপন হৈছিল। এতিয়া ভাৰতৰ বিৰোধী দলৰ চৰকাৰ থকা বহু ৰাজ্যত ৰাজ্যপালসকলে বিজেপি দলৰ এজেন্টৰ দৰে কাম কৰা বুলি অভিযোগ উত্থাপন হৈছে।

ভাৰতৰ নিম্ন সংসদ, লোকসভাত উত্তৰ প্ৰদেশৰ ৮০ জন সাংসদ আছে। সেই সংসদত মিজোৰাম, নগালেণ্ড আৰু ছিকিমৰ সাংসদৰ সংখ্যা এজনকৈ। অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু গোৱাৰ দুজনকৈ।অসমৰ সাংসদৰ সংখ্যা ১৪ জন। অৰ্থাৎ ভাৰতৰ সংসদৰ প্ৰতিনিধিত্ব জনসংখ্যাৰ ওপৰত নিৰ্ভৰশীল। গতিকে উত্তৰ, মধ্য, পশ্চিম ভাৰতৰ জনবহুল ৰাজ্যকেইখনেই প্ৰধানকৈ কেন্দ্ৰত কোন দলৰ চৰকাৰ গঠন হ’ব তাক নিৰ্ণয় কৰে। গতিকে জনবহুল ৰাজ্যকেইখনে অধিক গুৰুত্ব পোৱাটো স্বাভাৱিক। এয়া কিন্তু প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিচায়ক নহয়।

প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অংশীদাৰ হোৱাৰ ফলত সকলো সদস্য ৰাজ্য বা ৰাষ্ট্ৰ নিজেও শক্তিশালী হয় আৰু সি যুক্তৰাষ্ট্ৰীয় সংঘটোকো শক্তিশালী কৰি তোলে। যদি কোনো সদস্য ৰাজ্য বা ৰাষ্ট্ৰই যুক্তৰাষ্ট্ৰীয় সংঘটোক দুৰ্বল কৰি তোলে বা নিজে দুৰ্বল হৈ পৰে, তেনেহ’লে সেই যুক্তৰাষ্ট্ৰক সফল বুলিব নোৱাৰি। শিকলি এডালৰ শক্তি নিৰ্ভৰ কৰে সেইডালৰ আটাইতকৈ দুৰ্বল অংশটোৰ বা আঙঠিটোৰ শক্তিৰ ওপৰত। এটা আঙঠি দুৰ্বল হ’লে শিকলিডাল ঠিক সেইখিনিতেই ছিগি যায়। যুক্তৰাষ্ট্ৰৰ সফলতাৰ বাবে আটাইতকৈ দুৰ্বল সদস্যবোৰক আটাইতকৈ সবল সদস্যবোৰৰ সমানেই শক্তিশালী কৰা অত্যন্ত জৰুৰী।

স্বাধীনতৰা পিছৰে পৰাই অসমৰ মানুহে, উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে কেন্দ্ৰৰ মাহীআইৰ দৃষ্টি সন্দৰ্ভত আপত্তি দৰ্শাই আহিছে। ভাৰতৰ উন্নত ৰাজ্যবোৰ উন্নত হৈ গৈ আছে আৰু অনুন্নত ৰাজ্যবোৰৰ সতে থকা বৈষম্য দিনক দিনে বাঢ়ি গৈ আছে।

দুৰ্বল ৰাজ্যবোৰ নিজে বৰ্তি থাকিবৰ বাবে সম্পূৰ্ণৰূপে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুৰ্বল ৰাজ্যবোৰৰ মৰ্য্যাদা প্ৰায় তলতীয়া কৰ্মচাৰীৰ দৰে।

দক্ষিণৰ ৰাজ্যসমূহে আন এক ধৰণৰ সমস্যাৰ সন্মুখীন হয়। তেওঁলোকৰ অভিযোগ যে তেওঁলোকে কেন্দ্ৰৰ ভৰাঁললৈ যিমান বৰঙণি আগবঢ়াই কেন্দ্ৰৰ পৰা বিনিময়ত সিমানখিনি নাপায়। অধিক জনসংখ্যাৰ উত্তৰ-মধ্য ভাৰতৰ ৰাজ্যসমূহে কিন্তু কেন্দ্ৰলৈ যিমান বৰঙণি আগবঢ়ায় তাতকৈ বেছিকৈ পায়।

সকলো ৰাজ্যৰ সমবিকাশ আৰু সকলো ৰাজ্যৰ সমমৰ্য্যাদা ভাৰতীয় যুক্তৰাষ্ট্ৰক শক্তিশালী ৰূপত বৰ্তাই ৰখাৰ বাবে অপৰিহাৰ্য্য। ইয়াৰ বিপৰীতে বৰ্তমানৰ বিজেপি চৰকাৰে ভাৰতৰ বিবিধতাক খাৰিজ কৰি এক ভাৰতীয় জাতি এক ভাৰতীয় ৰাষ্ট্ৰ গঢ়াৰ লক্ষ্যতহে আগবাঢ়িছে। ইয়াৰ ফলাফল সময়ত দেখা যাব, কিন্তুৰ বৰ্তমান ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক শক্তিশালী কৰাৰ চিন্তাই বিশেষ গুৰুত্ব লাভ কৰা নাই। এনে পৰিস্থিতিত অসমৰ দৰে দুৰ্বল, কম জনসংখ্যাৰ ৰাজ্যবোৰ ৰাজনৈতিকভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।