স্বদেশ স্বাভিমান'
এক মনোজ্ঞ আলোচনা


Image Description

যোৱা ৭অক্ট'বৰ দেওবাৰে অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত 'স্বদেশ স্বাভিমান' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত নৱ প্ৰজন্মৰ সাতগৰাকী বক্তাই অসম আৰু অসমীয়াৰ স্বকীয় পৰিচয় দাঙি ধৰা সাতোটা বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অঞ্জুমান ভৰদ্বাজে 'পাহৰণিৰ গৰ্ভত অসমৰ একাধিক লোক সংস্কৃতিৰ উপাদান' শীৰ্ষক বক্তৃতাত পুতলা নাচ, মাটি আখৰাকে ধৰি অসমৰ লোক সংস্কৃতিৰ কেইবাটাও স্বকীয় উপাদানৰ কথা আলোকপাত কৰাৰ লগতে সেইসমূহৰ আজিৰ সামাজিক প্ৰেক্ষাপটত গুৰুত্বৰ কথাও উল্লেখ কৰে।

হিন্দু কলেজৰ ছাত্ৰ বৰ্ণিল মেধিয়ে 'ভাৰতবৰ্ষ আৰু অসমৰ স্থাপত্য-ভাস্কৰ্য্যৰ তুলনামূলক বিশ্লেষণ' শীৰ্ষক বক্তৃতা প্ৰদান কৰি এইসমূহৰ ঐতিহাসিক গুৰুত্বৰ কথা আলোচনা কৰাৰ লগতে ইয়াৰ মাজেৰে ফুটি উঠা স্বকীয়তা আৰু সাদৃশ্য-সমন্বয়ৰ বাৰ্তাৰ কথাও আলোকপাত কৰে।

জাকিৰ হুছেইন কলেজৰ ছাত্ৰ কল্লোল কাশ্যপে 'অসমৰ অৰ্থনীতি আৰু পৰিৱেশ' সম্পৰ্কে বক্তৃতা আগবঢ়াই জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় সমস্যাৰ কথা উনুকিয়াই বহনক্ষম উন্নয়নৰ প্ৰয়োজনীয়তাৰ কথা আলোকপাত কৰে।

হংসৰাজ কলেজৰ ছাত্ৰী প্ৰত্যাশী প্ৰিয়াই 'অসমত বিনিময় প্ৰথা আৰু গ্ৰাম্য সমাজৰ স্বাভিমান' সম্পৰ্কীয় বক্তৃতাত অতীজৰে পৰা অসমৰ বিভিন্ন ঠাইত চলি অহা এই প্ৰথাৰ কথা আলোকপাত কৰি স্বনিৰ্ভৰশীল অসমৰ গ্ৰাম্য সমাজৰ অৰ্থনৈতিক ভেঁটি সম্পৰ্কেও আলোচনা কৰে।

লেডী শ্ৰী ৰাম কলেজৰ ছাত্ৰী সুগন্ধি প্ৰাপ্তি গগৈয়ে 'অসমৰ গাঁও আমাৰ স্বাভিমান' শীৰ্ষক বক্তৃতাত অসমৰ গাঁৱসমূহৰ স্বকীয় আৰ্থ-সামাজিক ব্যৱস্থাৰ কথা আলোকপাত কৰে। হিন্দু কলেজৰ ছাত্ৰ উন্মিলন কলিতাই 'ব্ৰিটিছ ঔপনিবেশিকতাবাদৰ বিৰুদ্ধে অসমৰ বৌদ্ধিক সংগ্ৰাম' সম্পৰ্কীয় আলোচনাত সামগ্ৰিকভাৱে সেই সময়ছোৱাত অসমত গঢ়ি উঠা বৌদ্ধিক সংগ্ৰামৰ বিষয়ে অধ্যয়নপুষ্ট বক্তৃতা প্ৰদান কৰে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সুদৰ্শন শৰ্মাই 'সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজেৰে চিৰজ্যোতিষ্মান অসমীয়া ভাষা সাহিত্য' শীৰ্ষক বক্তৃতাত অসমীয়া ভাষা সাহিত্যই অতিক্ৰম কৰি অহা সংগ্রামজর্জৰ সময়ৰ আলোকপাত কৰে।

অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰাক্তন প্ৰশাসনিক বিষয়া শান্তিকাম হাজৰিকা, বিশিষ্ট নিবন্ধকাৰ ময়ূৰ বৰা আৰু অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ত্ৰিদিৱ ভাগৱতীয়ে অনুষ্ঠানটি আঁত ধৰি সাহিত্য সভা আৰু নৱ প্ৰজন্মৰ মাজৰ সাঁকোখন এই অনুষ্ঠানে সুদৃঢ় কৰাৰ আশা প্ৰকাশ কৰি অসমৰ প্ৰতিখন শাখা সাহিত্য সভাক 'স্বদেশ স্বাভিমান' অনুষ্ঠানটোৰ সৈতে জড়িত কৰোৱাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানটিত সভাপতিত্ব কৰি সভাপতি কুলধৰ শইকীয়াই কয় যে সাহিত্য সভাই বিগত সময়ছোৱাত পৰম্পৰাগত কামবোৰ কৰাৰ লগতে নতুন প্ৰযুক্তিক লৈ অসমৰ ভাষা-সাহিত্যৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। নতুন প্ৰজন্মৰ নতুন চিন্তা-চর্চাক এক গতি দিয়াৰ বাবে কাম কৰি যাবলৈ সভা সদায় দায়বদ্ধ। 'স্বদেশ স্বাভিমান' শীৰ্ষক অনুষ্ঠানটিক আৰু অধিক শক্তিশালী, প্ৰাণৱন্ত ৰূপত অনুষ্ঠিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব বুলি শইকীয়াই মন্তব্য কৰে।

অনুষ্ঠানটিত সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, উপ-সভাপতি মৃণালিনী দেৱীকে ধৰি ৰাজ্যখনৰ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত নৱ প্ৰজন্মৰ অংশগগ্ৰহণ আছিল আশাব্যঞ্জক।।