পৰিৱৰ্তনৰ বতাহ


Image Description

দেশত স্পষ্টভাৱে পৰিৱৰ্তনৰ বা বলিছে৷ ২০১৪ চনত বিজেপি চৰকাৰে নানান প্ৰতিশ্ৰুতিৰে জনসাধাৰণৰ গৰিষ্ঠ সমৰ্থন আদায় কৰিছিল৷ প্ৰতিশ্ৰুতিবোৰৰ কম সময়ৰ ভিতৰতে আচল ৰূপ ওলাই পৰে৷ এটা এটাকৈ প্ৰতিশ্ৰুতিবোৰ ভুৱা বুলি প্ৰতিপন্ন হয়৷ ক’লা ধন বাজেয়াপ্ত নহ’ল৷

প্ৰতিজনৰ হিচাবত পোন্ধৰ লাখ টকাকৈ জমা নহ’ল৷ জিএছটি ব্যৱস্থাটোৱে মধ্যমীয়া শ্ৰেণীটোক মাধমাৰ সোধালে৷ চাকৰিবোৰ হেৰাল। বিজেপিক নিৰ্বাচনৰ সময়ত প্ৰচুৰ ধনেৰে সহায় কৰা এচাম কোটিপটি হাজাৰ গুণে বেছি ধনী হ’ল৷ নিয়ম-নীতি মোহাৰি প্ৰায় ১২ লাখ কোটি টকাৰ ঋণ মাথোঁ কেইজনমান বৃহৎ ব্যৱসায়ীয়ে লাভ কৰে৷

চৰকাৰক সমালোচনা কৰিলেই জেললৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ’ল৷ ৰাজনৈতিক কাৰণত বহু ব্যক্তিক জেলত আছে ৷ তথ্য জনাৰ অধিকাৰ খৰ্ব হ’ল৷ প্ৰধান মন্ত্ৰীক প্ৰশাসনীয় ব্যৱস্থাৰ চাৰিওফালে এখন সুউচ্চ প্ৰাচীৰ গঢ়ি উঠিল৷ সকলো কথাই অস্পষ্ট হৈ পৰে৷

আনকি বেঙ্কৰ নোট প্ৰত্যাহাৰ কৰাৰ কথাটোও আচৰিত দৰে অস্বচ্ছ হৈ থাকিল৷ লাহে লাহে বাতৰিকাকত আৰু প্ৰধান টিভি চেনেলৰ মালিকপক্ষই বিজেপি চৰকাৰৰ লগত হাত মিলোৱাৰ পৰ্ব আৰম্ভ কৰিলে৷ বাতৰিকাকতৰ স্বাধীনতা কলুষিত হ’ল৷ বৰ্তমান জনসাধাৰণৰ বাতৰিকাকতত কি প্ৰকাশ পায় আৰু টিভি চেনেলবোৰে কি প্ৰচাৰ কৰে তাৰ ওপৰত জনগণে বিশ্বাস হেৰুৱাই পেলালে৷ একাংশ প’ৰ্টেলৰ ওপৰতেই মানুহৰ আস্থা দিনক দিনে বাঢ়িছে৷

দেশৰ জ্যেষ্ঠ সাংবাদিকসকলে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক উপলুঙা কৰা বাবে শিক্ষিত সমাজৰ লগতে শ্ৰমজীৱি জনসাধাৰণ হতভম্ভ হৈ পৰে৷ তথাপিও কেন্দ্ৰীয় চৰকাৰৰ হাতোঁৰাৰ বিপৰীতে এচাম ব্যক্তি, সাংবাদিক আৰু বুদ্ধিজীৱী নিজৰ স্থিতিত অটল হৈ থাকিল৷ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি দায়বদ্ধতা ক্ষুণ্ণ হ'ব নিদিলে৷ মোদী-শ্বাহক দেশখন বিক্ৰী কৰিবলৈ অনুমতি নিদিয়াৰ সংকল্পত দৃঢ় হৈ থাকিল৷ ন্যায়পালিকাও কেন্দ্ৰীয় চৰকাৰৰ আক্ৰোশমূলক ব্যৱস্থাৰ বিপৰীতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে৷

জেলৰ সলনি জামিনহে সাধাৰণ নীতি হোৱা উচিত বুলি মত উচ্চাৰিত হৈছে৷ সদ্যহতে আৰএছএছ-বিজেপিয়ে দেশৰ ন্যায়পালিকাৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে৷ ইয়াৰ বাবে উপৰাষ্ট্ৰপতি ধনকাৰ আৰু আইন মন্ত্ৰী কিৰেণ ৰিজুজুক যেন অনানুষ্ঠানিক দায়িত্ব অৰ্পণ কৰিছে৷

চৰকাৰে ন্যায়াধীশ নিযুক্তিৰ দায়িত্ব নিজৰ হাতলৈ নিব খুজিছে৷ উপৰাষ্ট্ৰপতি গৰাকী আৰু এখোজ আগবাঢ়ি গৈছে৷ সংসদে গ্ৰহণ কৰা অ-সাংবিধানিক ব্যৱস্থাও হেনো প্ৰত্যাহাৰ কৰাৰ অধিকাৰ উচ্চতম ন্যায়ালয়ৰ নাই৷ আনকি আইন পঢ়া সাধাৰণ ছাত্ৰও এনে বিশেষদগাৰ শুনি আচৰিত হৈছে৷ দেশৰ সংবিধান অৱমাননা কৰি সংসদে কোনো সিদ্ধান্ত ল’লে সেয়া তন্নতন্নকৈ পৰীক্ষা কৰি প্ৰত্যাহাৰ কৰাৰ অধিকাৰ উচ্চতম ন্যায়ালয়ক সংবিধানেই দিছে৷

সংবিধানৰ এই মৌলিক গাঁথনিটোক উপৰাষ্ট্ৰপতিয়ে উপলুঙা কৰিবলৈ লৈছে৷ ইয়াৰ আঁৰত আৰএছএছ আৰু বিজেপিৰ ষড়যন্ত্ৰ নিহিত আছে৷ আমি মনত পেলাওঁ যে আৰএছএছয়ে স্বাধীনতা যুঁজত অংশ লোৱা নাছিল৷ ইংৰাজৰ সপক্ষেই স্থিতি লৈছিল৷ মহাত্মাক হত্যা কৰা গডছেক আৰএছএছয়ে কাহানিও নিন্দা কৰা নাই৷

কিন্তু ভাৰতবৰ্ষ এখন বিশাল দেশ৷ প্ৰায় ১৪০ কৌটি জনসাধাৰণৰ আশা-ভৰষাৰ দেশ৷ নানান ভাষা, নানান সংস্কৃতিৰ দেশ৷ সেয়া আৰএছএছ আৰু বিজেপিৰ এক দেশ-এক ভাষা-এক সংস্কৃতিৰ নীতিয়ে টলাব নোৱাৰে৷

দেশত পৰিৱৰ্তনৰ বতাহ বলিছে৷ জনসাধাৰণে আৰএছএছ আৰু বিজেপিৰ কূটকৌশল বুজি পাইছে৷ আৰু সেইবাবেই ৰাজপথলৈ ওলাবলৈ আৰম্ভ কৰিছে৷ জনসাধাৰণৰ নতুন চিন্তাক বিভিন্ন বিৰোধী দলৰ ৰাজনৈতিক নেতাসকলে উপলব্ধি কৰাৰ সময় আহিছে৷

জনসাধাৰণৰ ভাৱনাক অৱমাননা কৰিলে বিৰোধীয়ে সৌসিদিনালৈ জাতীয় পতাকা উত্তোলন নকৰা আৰএছএছকহে সহায় কৰা হ’ব৷।