ন্যায়াধীশ বি ভি নাগৰত্নৰ দলিল বনাম বিমুদ্ৰাকৰণৰ বৈধতা


Image Description

যোৱা ২ জানুৱাৰী তাৰিখে দেশৰ উচ্চতম ন্যায়ালয়ে ২০১৬ বৰ্ষৰ ৮ নৱেম্বৰত চৰকাৰে ঘোষণা কৰা বিমুদ্ৰাকৰণক বৈধতা প্ৰদান কৰে।শাসকীয় তথা ভক্তসকলৰ বাবে এই ৰায় উল্লাসৰ বিষয় যদিও তথা ন্যায়ালয়ৰ এই সিদ্ধান্ত শাশ্বত যদিও পাঁচগৰাকী ন্যায়াধীশ বিচাৰপীঠৰ মাজৰে এগৰাকী অন্যতম ন্যায়াধীশ বি ভি নাগৰত্নৰ ভাষ্য ইয়াৰ বিপৰীত আছিল আৰু সেয়া নুই কৰিব পৰা বিষয় নহয়।

বিমুদ্ৰাকৰণৰ বৈধতাৰ সন্দৰ্ভত প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়লয়ত ৫৮খনকৈ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল। কিন্তু সেই সকলো আবেদন সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰি উক্ত দিনটোত বিমুদ্ৰাকৰণক বৈধতা প্ৰদান কৰিলে।

ন্যায়াধীশ বি ভি নাগৰত্নৰ দলিল অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিমুদ্ৰাকৰণ সন্দৰ্ভত দিয়া পৰামৰ্শ স্বয়ং ৰিজাৰ্ভ বেংকৰে মনঃপ্ৰসূত নাছিল। সকলোবোৰ কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছানুসৰিহে সম্পাদন কৰা হৈছিল। কাৰণ ৰিজাৰ্ভ বেংকৰ সবিশেষ চিন্তা-ধাৰণা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সময় নাছিল। এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত পোনপটীয়াকৈ সংসদক এৰাই চলা হৈছিল।

মাত্ৰ নিয়ম ৰক্ষা কৰি ৰিজাৰ্ভ বেংকৰ পৰা অনুমোদন লৈ কেৱল অধিসূচনা জাৰি কৰিয়েই বিমুদ্ৰাকৰণৰ সিদ্ধান্তটো চৰকাৰে গ্ৰহণ কৰিছিল। ন্যায়াধীশ নাগৰত্নই উল্লেখ কৰিছে যে বিমুদ্ৰাকৰণ সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে যি পৰামৰ্শ চৰকাৰলৈ আগবঢ়াইছিল, সেয়া আইনগতভাৱে সঠিক নাছিল। তেওঁ কৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মাৱলী অনুসৰি ভাৰতীয় মুদ্ৰাৰ সকলো শ্ৰেণীৰ নোট বা মুদ্ৰাক নিষিদ্ধ কৰিব পৰা নাযায়।

ভাৰতীয় আইনৰ ধাৰা ২৬(২) অনুসৰিও এই নীতি প্ৰযোজ্য। এই ধাৰাৰ অধীনত ভাৰতীয় মুদ্ৰাৰ কেতবোৰ বিশেষ শ্ৰেণীৰ নোট বা মুদ্ৰাহে নিষিদ্ধকৰণৰ আওতালৈ আহে, সকলো শ্ৰেণীৰ নহয়। হয়, সকলো শ্ৰেণীৰ মুদ্ৰা নিষিদ্ধকৰণৰ অধিকাৰ চৰকাৰৰ থাকে কিন্তু সেয়া সংসদীয় বিচাৰ-বিবেচনাৰ জৰিয়তেহে সম্ভৱ।

কিন্তু চৰকাৰে এই ক্ষেত্ৰত বিষয়টো সংসদৰ মজিয়ালৈ যাবলৈ নিদি হঠকাৰিতাৰ পৰিচয় দিছে ৷ লগতে সমান্তৰালভাৱে ৰিজাৰ্ভ বেংকৰ এই ভূমিকাই প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। ইফালে আন চাৰিগৰাকী ন্যায়াধীশে ব্যক্ত কৰিছে যে বিমুদ্ৰাকৰণৰ এই সিদ্ধান্ত ছমহীয়া দীৰ্ঘ পৰিক্ৰমা তথা বিচাৰ-বিবেচনাৰ দ্বাৰাহে কাৰ্য্যপালিকাই গ্ৰহণ কৰিছে কিন্তু ন্যায়াধীশ নাগৰত্নই চৰকাৰে এই সিদ্ধান্ত কেৱল ২৪ ঘন্টাৰ ভিতৰতে গ্ৰহণ কৰিছে বুলি যুক্তি দৰ্শাইছে।

ছমহীয়া দীৰ্ঘ পৰিক্ৰমাৰ বিপৰীতে ২৪ ঘন্টা, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কেনে এক অসন্মতিপূৰ্ণ গুৰুত্বপূৰ্ণ ৰায় সেয়া নিশ্চিতভাৱে চিন্তনীয়। দেশৰ ভৱিষ্যতৰ ক্ষেত্ৰত এনে অসন্মতিপূৰ্ণ ৰায়দানে ক’ৰবাত কেনেবাকৈ এক শংকাৰো সৃষ্টি কৰা নাইনে?

পৰিবৰ্তনৰ শ্ল’গান দি মোডীৰ নেতৃত্বত বিজেপি দলে ক্ষমতালৈ আহি পোনছাটেই বিমুদ্ৰাকৰণৰ দৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাক দেশৰ স্বাৰ্থ, দেশক ভালপোৱা আৰু প্ৰধান মন্ত্ৰীৰ ওপৰত থকা বিশ্বাসৰ ভেটিত জনতাই মানি ঙল’লে আৰু তাৰ পাৰ্শ্বক্ৰিয়া, যাতনাবোৰ জনসাধাৰণে হাঁহি হাঁহি সহি গ’ল।

এই সিদ্ধান্ত এলাপেচা নাছিল। দুৰ্গমতৰ অঞ্চলৰ জনসাধাৰণকো এই সিদ্ধান্তই কোবাই গ’ল। কাৰ কিমান লাভ হ’ল, কিমান লোকচান হ’ল, কোন সৰ্বস্বান্ত হ’ল সেয়া আৰু এতিয়া লুকাই থকা নাই৷

যি কি নহওক, মোডী চৰকাৰৰ বিমুদ্ৰাকৰণক বৈধতা প্ৰদানৰ পিছত এনে বাদানুবাদ অৰ্থহীন যদিও ন্যায়াধীশ নাগৰত্নৰ দলিলে ইয়াৰ অন্ধকাৰ ফালটোক প্ৰাসংগিক কৰি ৰাখিলে।।