অধ্যয়ন আৰু অনাগত প্ৰজন্ম


Image Description

প্ৰায় প্ৰতি বছৰে গুৱাহাটী মহানগৰীকে আদি কৰি অসমৰ বহু ঠাইত গ্ৰন্থমেলা হয়। গ্ৰন্থমেলা আৰম্ভ হোৱাৰ কিছুদিন আগৰপৰা শেষ হোৱাৰ কিছুদিন পিছলৈকে বাতৰিকাকত অথবা সামাজিক মাধ্যমত আলোচিত হয় এটা বিষয়: 'আজিৰ যুৱ প্ৰজন্মৰ কিতাপ পঢ়াৰ প্ৰতি অনীহা।'

চৰ্বিত চৰ্বন কৰা হয়।তাৰ পিছত গালো বালো খোলাকটিৰ তাল। পুনৰ আমি প্ৰাত্যহিক জীৱনত ব্যস্ত হৈ পৰোঁ।

যদি প্ৰশ্ন কৰা হয় যে যুৱ প্ৰজন্মই কিতাপ কিয় পঢ়িব লাগে? লগে লগে আন এটা প্ৰশ্নৰ প্ৰাসংগিকতাও আহি পৰে। সেইটো হ'ল, আমি (বৰ্তমান জীৱনৰ মধ্য বয়সত উপনীত হোৱা সকলে) কিতাপ কিয় পঢ়িছিলোঁ? অৱশ্যে আন এটা প্ৰশ্নও মনত উত্থাপিত হয়, কি কি কাৰণত মানুহে কিতাপ পঢ়ে বা পঢ়িব লাগে।

পঢ়ুৱৈ কেইবাপ্ৰকাৰৰো আছে। সেইসকলৰ ভিতৰত এচাম হ'ল আনন্দ পাবলৈ কিতাপ পঢ়া, কাৰোবাৰ বাবে হয়তো সময় কটোৱাৰ ইতিবাচক পথ, কোনোৱে পঢ়ে কিতাপৰ মাজত মনে বিচৰা প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ, কোনোৱে নজনা কথা জানিবলৈ ,অৰ্থাৎ জ্ঞান অৰ্জনৰ বাবে, কোনোৱে কিতাপত লিপিবদ্ধ লেখকৰ অভিজ্ঞতা নিজৰ জীৱনতো উপলব্ধি কৰি, সেইখিনি নিজৰ ভাষাৰে প্ৰকাশ কৰি আনকো তাৰ ভাগ দিবলৈ চেষ্টা কৰে, কোনোৱে হয়তো চিন্তাৰ‌ খোৰাক বিচাৰি, কোনোৱে প্ৰজ্ঞাবান বুলি ভবা লেখকজনৰ দৃষ্টিভংগীৰে জীৱনক নানা ধৰণে পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ, ইত্যাদি বহুতো কাৰণত।

আপুনি কোনবিধত পৰে নাজানো, নিজৰ ক্ষেত্ৰত হ'লে শেষৰ বিধতহে পৰোঁ। কিন্তু এটা কথাত আমি সকলো একমত হ'বই লাগিব যে কিতাপ যি কাৰণতে নপঢ়ক লাগে, অখণ্ড মনোযোগেৰে কিতাপ এখন পঢ়িবলৈ মানুহক আটাইতকৈ বেছি প্ৰয়োজন হোৱা গুণটো হৈছে ধৈৰ্য্য।

আমি কৈশোৰকালত নানা কাৰণত বাধ্যত পৰি হ'লেও ধৈৰ্য্যৰ কৰ্ষণ কৰিবলগীয়া হৈছিল।তেহেলৈ জানিয়ে হওক বা নাজানিয়ে । যি কোনো বস্তু লাগ বুলিলেই পাইছিলোঁ জানো? খোৱা-বোৱা,পিন্ধা-উৰা, কিতাপ-পত্ৰ, মানুহৰ সৈতে সংযোগ; আনকি ভাল পোৱা গান এটা শুনিবৰ বাবেও ৰেডিঅ'ত দিয়াৰ বাবে বাট চোৱা বা চিনেমা এখন চাবলৈও ঘৰুৱা বাধা -বিঘিনিৰ সৈতে মোকাবিলা কৰি, লগ-ভাগ বিচাৰি উপযুক্ত সময়লৈ বাট চাবলগীয়া হৈছিল।

কিন্তু বৰ্তমান প্ৰজন্মই লাগ বুলিলেই সকলো হাতৰ মুঠিতে পায়। গতিকে ধৈৰ্য্যৰ কৰ্ষণ কৰিব লগা হোৱাৰ সুবিধাবোৰ তেওঁলোকে হেৰুৱাবলগীয়া হৈছে।

ধৰি লওক, তেওঁলোকৰ এটা তথ্য জনাৰ প্ৰয়োজন হৈছে ; গুগলৰ সহায় লৈ তথ্যটো তাৎক্ষণিকভাৱে জানিব পাৰে, অথবা যিখন কিতাপত তথ্যটো পোৱা যাব তাক জানি লৈ কিতাপখন তেওঁলোকে অনলাইন যোগে আনি ল'ব পাৰে। তাৰ বাবে তাহানি আমাৰ দৰে ঘূৰ্মুটিয়াই ফুৰাৰ আৱশ্যক নাই।

সকলোবোৰ কিমান যে সহজলভ্য হৈ পৰিল! গতিকে ধৈৰ্য্য নামৰ অতি প্ৰয়োজনীয় গুণটোৱেই আমাৰ উঠি অহা চামৰ জীৱনত এলাগী হৈ পৰিল। তাৰ ঠাই ল'লে অস্থিৰতাই।

পৃথিৱীত জন্মা সকলোৱেই হয়তো জীৱনটো আনন্দময় কৰিব বিচাৰে। এসময়ত মানুহৰ মনোৰঞ্জনৰ আহিলাসমূহ আছিল সীমিত। পৰম্পৰাগতভাৱে উদযাপন কৰা কেইটামান উৎসৱ, গান শুনা বা চিনেমা চোৱা ইত্যাদি। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আৰ্শীবাদত আনন্দৰ বহু খোৰাক উপলব্ধ।

সেইবোৰৰ ভিতৰত এক নম্বৰতে আছে ইলেক্ট্ৰনিক মাধ্যম। বৰ্তমান ম'বাইলটোতেই মনোৰঞ্জনৰ সকলোবোৰ আনন্দৰ খোৰাক উপলব্ধ নহয় জানো? গতিকে কিতাপ কিয় পঢ়িব?? ঘৰতে সকলো সহজলভ্য হোৱাৰ ফলত মানুহৰ আজৰি সময়ো হয়তো বাঢ়ি আহিছে। সেই অনুপাতে মনোৰঞ্জনৰ আহিলাসমূহো সহজলভ্য হৈ আহিছে। স্মাৰ্ট ফ'ন,টিভি আদি নথকা মানুহ বৰ্তমান আছে জানো? ব্যস্ততা আৰু ব্যস্ততা। গতিকে কিতাপ পঢ়িবলৈ কাৰ সময় আছে? কাৰোবাৰ বাবে হয়তো কিতাপ পঢ়াতো মধ্যবিত্তৰ এক বিলাস মাত্ৰহে।

যুগৰ পৰিৱৰ্তন হৈছে। সমাজ ব্যৱস্থা সলনি হৈছে। আমাৰ ল'ৰা-ছোৱালীবোৰৰ পৰা আমি বহুত আশা কৰোঁ। আমি হয়তো ভাবোঁ বাহিৰা কিতাপ পঢ়ি সময় নষ্ট কৰাৰ প্ৰয়োজনেই বা কি?জানোচা বাহিৰা কিতাপ পঢ়িলে পাঠ্যপুথি পঢ়াৰ সময় কমি যায়!

দৰকাৰ হ'লে জ্ঞানো আমি যোগাৰ কৰি দিম। ইলেকট্ৰনিক মাধ্যমৰ যোগেদি যি কোনো বিষয়ৰ জ্ঞানো সহজলভ্য হোৱা নাই জানো? কিন্তু সকলো বস্তু পোৱা সহজ হ'লেও আমাৰ অজানিতে দুষ্প্ৰাপ্য হৈ পৰিছে মানুহৰ চিন্তা শক্তিৰ ক্ৰমোৎকৰ্ষ সাধন।

যিহেতু আমি মানুহ, মানুহক আন আন প্ৰাণীৰ পৰা পৃথক কৰিছে মানৱজাতিৰ একচেটিয়া সম্পদ চিন্তা আৰু ভাষাৰ শক্তিয়ে। চিন্তা আৰু প্ৰকাশৰ স্বাধীনতাই মানুহৰ সৰ্বশ্ৰেষ্ঠ সম্পদ, সভ্যতাৰ প্ৰধানতম চালিকাশক্তি।

এই চিন্তা শক্তি আৰু ভাষাৰ উৎকৰ্ষ সাধন কৰাৰ এটা প্ৰধান উৎস হ'ল অধ্যয়ন। অধ্যয়নে ব্যক্তিমনত চিন্তাৰ বিশালতা দিয়ে।মানুহৰ মগজুক শাণিত কৰি ৰাখিবলৈ লগতে ভাষাক শক্তিশালী কৰিবলৈ অধ্যয়নৰ বিকল্প নাই।

এজন ব্যক্তিৰ কথা-বতৰাত মাধুৰ্য্য আৰু ব্যক্তিত্বক আকৰ্ষণীয় কৰি তোলাত অধ্যয়নৰ বিশেষ ভূমিকা আছে। শাৰীৰিক সৌন্দৰ্য্য ক্ষণস্থায়ী। দেখা যায় মানুহৰ ব্যক্তিত্বৰ সৌন্দৰ্য্যহে জনমানসত ব্যক্তি এজনৰ স্থায়ী স্থান নিৰ্ণায়ক।

আচৰিত হ'ব লাগে এইটো কথা ভাবিয়ে যে সমাজ সলনি হ'লেও , মানুহৰ জীৱনধাৰা সলনি হ'লেও, প্ৰযুক্তিবিদ্যাৰ সলনি হ'লেও, সলনি নহয় কেৱল মানৱ মনৰ চিৰন্তন প্ৰশ্নবোৰ, সমস্যাবোৰ।

হোমেন বৰগোহাঞি ছাৰৰ এটা লেখাত পঢ়িছিলোঁ, 'পৃথিৱীৰ সকলো দেশতে সকলো যুগতে মানুহে যিমানবোৰ কিতাপ লিখিছে, সেই কিতাপবোৰৰ মূল বিষয় মাত্ৰ ১০২টা। এই ১০২টা বিষয়ক কেন্দ্ৰ কৰিয়েই পৃথিৱীত লাখ লাখ গ্ৰন্থ ৰচনা হৈ আছে আৰু হৈ থাকিব।'

সেই বিষয়বোৰৰ মাজত যুদ্ধ আৰু শান্তি, সৎ আৰু অসৎ, কৰ্তব্য-অকৰ্তব্য,প্ৰেম আৰু ঘৃণা, সুখৰ সন্ধান, ৰোগ, মৃত্যু, যন্ত্ৰণা ইত্যাদিও অন্তৰ্ভুক্ত হৈ আছে।কিয়নো এই বিষয়সমূহো মানৱ মনৰ অন্তহীন সংঘৰ্ষৰ সৃষ্টি কাৰক।

আমি এই পৃথিৱীত চিৰকাল নাথাকিম। কিন্তু আমাৰ মনৰ চিৰন্তন প্ৰশ্নবোৰ ৰৈ যাব কিতাপবোৰৰ মাজত। নতুন প্ৰজন্ম আহিব, পুৰণিবোৰক আধাৰ হিচাপে লৈ ন ন চিন্তা কৰিব। চিন্তা কৰিব জনা বাবেই আমি মানুহ।

আহক, আমাৰ পূৰ্বপুৰুষসকলে যিখন সমাজ আমাক দি গ'ল সেই সমাজখনৰ উত্তৰাধিকাৰী আমাৰ সন্তানসকলক আমি চিন্তা কৰিবলৈ শিকাও। কেক কাটি জন্মদিন পালন কৰাৰ লগতে একোখন কিতাপ উপহাৰ হিচাপে দি কিতাপৰ প্ৰতি সন্মান, অধ্যয়নৰ প্ৰতি আগ্ৰহ জগাই তোলোঁ। বিবাহ,জন্মোৎসৱ আদিত যি কোনো অলাগতিয়াল উপহাৰ দি ঘৰত আবৰ্জনাৰ সৃষ্টি কৰাৰ সলনি কিতাপ উপহাৰ দি ঘৰবোৰক বিদ্যামন্দিৰত পৰিণত কৰাত সহায় কৰোঁ।

তেওঁলোক সমাজৰ সম্পদ।এই মানৱ সম্পদ সৃষ্টি আমিয়েই কৰিব লাগিব। কোনো অলৌকিক শক্তিৰে নহয়। ইতিবাচক চিন্তাৰ মাধ্যমেৰে।এই চিন্তা শক্তিৰ উৎস আৰু বিকাশ কিতাপৰ মাজতেই নিহিত হৈ থকা নাই জানো?

কিতাপৰ নিচাই যাক ধৰে সেইজনৰ বাবে মাদকদ্ৰব্যৰ নিচাও তুচ্ছ হৈ পৰে।শৈশৱতে এই কিতাপ পঢ়াৰ বীজ মনত সুমুৱাই দিলে পৰিণত বয়সত আপোনাআপুনি ই অভ্যাসত পৰিণত হ'ব। তেতিয়াহে অভিভাৱকসকলে বৰ্তমান সন্তানসকলক কেন্দ্ৰ কৰি ভুগি থকা মূৰৰ কামোৰণিৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব।

আহক ,আমি সমাজত এক কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলোঁ। অধ্যয়নৰ যোগেৰে তেওঁলোকৰ চিন্তা শক্তিৰ বিকাশত সহায় কৰি তেওঁলোকক পূৰ্ণাংগ মানৱ সম্পদ হিচাপে গঢ়ি তোলোঁ।

বৰ্তমান সমাজত সংখ্যালঘিষ্ঠ হৈ পৰা কিতাপ পঢ়ুৱৈ সম্প্ৰদায়ক, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ত পৰিণত কৰোঁ। অন্যথা আমাৰ উত্তৰ পুৰুষসকল এক স্থবিৰ, পঁয়া লগা সমাজৰ বাসিন্দা হৈ নপৰিবনে??

৯৮৬৪০৮৬৩২২