চিন্তনীয় বিষয়


Image Description

অসমৰ শিক্ষাখণ্ডৰ অৱস্হা দুখলগা।

অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে স্কুল এৰি দিয়ে। বিভিন্ন সময়ত। নৱম আৰু দশম শ্ৰেণীত সৰ্বাধিকে স্কুল এৰে। দেশৰ ভিতৰতে সৰ্বাধিক হাৰত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া বাদ দিয়ে।

এইবোৰ চৰকাৰী তথ্য। কিন্ত্ত পৰিস্থিতি উন্নত কৰিবলৈ অসম চৰকাৰৰ কোনো উদ্যোগ নাই। মুখ্য মন্ত্ৰীৰ মুখত কেতিয়াও কথাবোৰ নোলায়। নিজে দীঘলীয়া সময় পাইছিল।

শিক্ষাৰ ক্ষেত্ৰত অসম পিচপৰা। একোখন চৰকাৰী স্কুলৰ সমস্যা বহুত। কোনো মন্ত্ৰী-বিষয়াই মন-কাণ নিদিয়ে। কাৰণ এটাই। তেওঁলোকৰ সন্তান চৰকাৰী স্কুলত নপঢ়ে।

এটা ৰাজনৈতিক আলোচনাৰ সময় আহিছে। ৰাইজৰ প্ৰতিনিধিয়ে সন্তানক ৰাইজৰ স্কুলত অধিকাংশ ৰাইজৰ সন্তানৰ লগতে পঢ়ুওৱা উচিত। তেতিয়াই সমস্যাৰ সমাধানৰ পথ ওলাব। অভাৱ-অভিযোগৰ বাবে ছাত্ৰ-শিক্ষকে আন্দোলনৰ থল নাথাকিব।

চৰকাৰী স্কুল দুখীয়াৰ বাবে, অৱহেলিতৰ বাবে, এই ধাৰণাটোৰ অন্ত নপৰিলে বাস্তৱ উন্নতি সম্ভৱপৰ নহয়। হিতাধিকাৰী সৃষ্টি অৱক্ষয় আৰু অদক্ষতাৰ চিন।

সমাজৰ সামগ্ৰিক উন্নয়ন ফুটি উঠে শিক্ষাখণ্ডত। অসম আজিও দক্ষ নেতৃত্বৰ সন্ধানত আছে। অসমত অৰুচিকৰ ৰাজনীতিৰ পয়োভৰ। সদায়েই দাম্ভিক কথাৰ পাহাৰ।

ব্ৰহ্মপুত্ৰৰ পানী বৈহে যায়। ঘৰবোৰত পানীটুপিৰ অভাৱ। পথাৰত অভাৱ। মুখ্য মন্ত্ৰীৰ সেইবোৰত চকু নপৰে। মুখ্য মন্ত্ৰী ব্যস্ত অসমৰ সম্পদ অনা-অসমীয়াক দিবলৈ।

মুখ্য মন্ত্ৰী ব্যস্ত অসমীয়া ভাষাক অপমান কৰিবলৈ। অসমীয়া নেতৃত্বই ইয়াৰ আগতে অসমীয়া মানুহক ইমান অন্যায় আৰু অপমান কৰা নাছিল। সোৱণশিৰিত মাটি খহি আছে। এদিন জলবোমা ফুটিব। খাটাং। কিন্ত্ত মুখ্য মন্ত্ৰী নিৰ্বিকাৰ।।