এখন পৌন:পুনিক ফুটবল খেলত আৱদ্ধ এটা জাতি


Image Description

এখন আচৰিত ফুটবল খেল। সাধাৰণতে ফুটবল খেলৰ ফলাফল নিৰ্ণয় কৰা হয় গ'লৰ জৰিয়তে। কিন্তু বছৰ বছৰ ধৰি চলি থকা এই বিশেষ খেলখনত প্ৰতিবাৰেই আকাংক্ষিত গ'লটো চাবলৈ খুজি হতাশ হৈছে দৰ্শকসকল। এটা দলৰো যেন গ'লটো সম্পূৰ্ণ কৰাৰ ইচ্ছা নাই। খেলখনৰ ফলাফল সদায় অমীমাংসিত অৱস্থাতেই ৰাখি দৰ্শকক কেৱল গ'লৰ সুযোগ সৃষ্টিৰ উত্তেজনা দিয়াই খেলপথাৰৰ পাকৈত খেলুৱৈৰ উদ্দেশ্য।

খেলৰ কাহিনীও এনেদৰেই আগবাঢ়ে - এক সুপৰিকল্পিত ৰণকৌশলৰ নিখুঁত প্ৰয়োগেৰে খেলপথাৰৰ মাজভাগত বলটো বিপক্ষৰ হাতৰ পৰা কাঢ়ি আনি গ'ল প'ষ্টৰ পিনে আগুৱাই গৈছে ষ্ট্ৰাইকাৰজন। বলটো নিজৰ ভৰিত থকা অৱস্থাত চতুৰ খেলুৱৈয়ে যাদুকৰী খেলেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। খেলখনৰ বাহিৰে আন কোনো কথাকেই এক মুহুৰ্তৰ বাবেও দৰ্শকৰ মনত প্ৰৱেশ কৰাৰ সুযোগেই দিব বিচৰা নাই ষ্ট্ৰাইকাৰজনে। দৰ্শকৰ মনত উত্তেজনা - আৰু মাত্ৰ দুটা বা তিনিটা সঠিক পাছ আৰু শেষত এটা সুনিপুণ শ্বট - তাৰ পাছতেই জালত সোমাব তেওঁলোকে অতদিনে চাবলৈ ৰৈ থকা সেই বিশেষ গ'লটো।

কিন্তু নাই, ঠিক গ'ল প'ষ্টৰ অলপ আঁতৰত নিজেই বিপক্ষক বলটো এৰি দিছে ষ্ট্ৰাইকাৰজনে। ইমান পৰে দৰ্শকৰ মনত সৃষ্টি হোৱা সকলো আশা-প্ৰত্যাশা নিমিষতে পানী কৰি এক আত্মঘাতী কায়দাৰে স্বইচ্ছাই এৰি দিছে গ'লৰ সুযোগ। যেন ইমান দূৰলৈ আহোঁতেই পূৰ্ণ হৈছে ষ্ট্ৰাইকাৰগৰাকীৰ দলৰ স্বাৰ্থ, গ'লটো পৰিশোধ কৰাৰ সলনি খেলখন চলাই নিয়াতহে যেন তেওঁৰ প্ৰাপ্তি। তাৰ পাছত আকৌ প্ৰথমৰ পৰা আৰম্ভ হৈছে খেলৰ কাহিনী, আকৌ চলিছে গ'লৰ প্ৰস্তুতি, আকৌ আন কোনো চতুৰ খেলুৱৈসকলৰ নিজা লাভালাভৰ বাবে নিমিষতে হেৰাই গৈছে দৰ্শকৰ আশা,আকাংক্ষা আৰু লাহে লাহে খেলখনৰ প্ৰতিয়েই বিশ্বাস।

হয়তো অতপৰে পঢ়া কথাবোৰ আপোনাৰ আচহুৱা, অবান্তৰ আৰু অবাস্তৱ যেন লাগিছে, সেয়া তেনেই স্বাভাৱিক। কিন্তু স্বাধীনোত্তৰ কালৰ অসমৰ ইতিহাসলৈ উভতি চালে দেখা যায় যে দুয়োপক্ষই অমীমাংসিত অৱস্থাতেই খেলৰ ফলাফল ৰাখি থ'বলৈ আপ্ৰাণ চেষ্টা চলোৱা এই খেলখনৰ দুৰ্ভগীয়া দৰ্শক হৈছে অসমীয়া জাতি। খেলৰ দুই পক্ষ হৈছে ভাৰতৰ প্ৰতিষ্ঠিত মুখ্য ৰাজনৈতিক দলসমূহ। আৰু সেই বিখ্যাত ফুটবলটো হৈছে আজিলৈ কোনো স্থায়ী সমাধান নোলোৱা অসমীয়াৰ দীৰ্ঘদিনীয়া জাতীয় সমস্যাবোৰ।

ভোটবেংকৰ অংকত ব্যস্ত দলসমূহে নিজৰ স্বাৰ্থ সিদ্ধিৰ তাগিদাত সমস্যাবোৰক সমস্যা কৰি ৰাখিবলৈয়েই সদায় আগ্ৰহী। নিজৰ সমীকৰণ মিলাবলৈ অসমীয়াৰ সংকটবোৰক জীয়াই ৰাখিবলৈয়েই ইচ্ছুক তেওঁলোক। সময়ে সময়ে সেয়ে নিজৰ লাভালাভৰ বাবে চলাই ৰখা হৈছে এই বিখ্যাত খেলখন। নিয়ম একে, ফলাফলো একে,কেৱল সলনি হৈছে খেলুৱৈ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে গৰুখুঁটিত চলোৱা উচ্ছেদ অভিযানৰ পাছত আজি সমগ্ৰ দেশতেই অসম চৰ্চাত আছে। বিধিসন্মতভাৱে ৰাজ্যৰ সকলো চৰকাৰী ভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবী দীৰ্ঘদিনীয়া। তাৎপৰ্য্যপূৰ্ণভাৱে গৰুখুঁটিৰ ঘটনাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাকৈ উচ্ছেদিতসকলক ৬ বিঘাকৈ মাটি দিয়াৰ কথা ঘোষণা কৰিলে। নিজৰ দলৰেই ভিতৰে-বাহিৰে এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া হ'ল। প্ৰশ্ন হ'ল - যদিহে তেওঁলোক অবৈধ বিদেশীয়েই আছিল, তেন্তে এই মাটি দিয়াৰ প্ৰক্ৰিয়া কিয়? কাৰণ ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰতহে উচ্ছেদৰ পাছত ন্যায়সংগত সংস্থাপনৰ ব্যৱস্থা আছে।

আমি আৰম্ভণিতেই উল্লেখ কৰা সেই বিশেষ খেলখনৰ প্ৰাসংগিকতা এইখিনিতেই। অসমত অবৈধ বিদেশী আছে, এই কথা নৰেন্দ্ৰ মোদী বা অমিত শ্বাহৰ বিজেপিয়ে কোৱাৰ বহু আগতেই অসমীয়াই বুজিছিল আৰু সেইবাবেই অসম আন্দোলন হৈছিল। অৱশ্যে বিজেপিৰ বিৰোধীৰ সংজ্ঞা, য'ত অবৈধ হিন্দু বাংলাদেশীক বাদ দিয়াৰ নিয়ম, তাৰ স'তে অসমীয়াৰ আপত্তি আছে। যি কি নহওক, অবৈধ বিদেশীক টালি টোপোলা বান্ধি বিদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দিনত বিদেশী চিনাক্তকৰণৰ বাবে নাগৰিকপঞ্জীৰ কাম-কাজ আগবাঢ়িব দিয়া নহ'ল, বিদেশী বিতাড়ণৰ বাবে বাংলাদেশৰ সৈতে প্ৰাথমিক আলোচনাও নহ'ল। কেৱল ধৰ্মীয় বিভাজনৰে সমাজখনক খণ্ডিত কৰাৰ লক্ষ্যৰে চলা কাম-কাজৰ তাগিদাত এলাগী হৈ পৰি ৰ'ল অসম চুক্তি ৰূপায়ণৰ কাম।

অংকটো সৰল, যদিহে সাময়িক উত্তেজনা সৃষ্টি কৰি অসমীয়াক বিভ্ৰান্ত কৰাৰ সলনি আজি অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ কাম-কাজ কৰা হ'লহেঁতেন এই অবৈধ অনুপ্ৰৱেশ, বেদখল বা বিদেশীৰ শংকাই নাথাকিলহেঁতেন। কেৱল বিজেপিয়েই নহয়, দীৰ্ঘকালজুৰি অসম তথা ভাৰতত শাসন চলোৱা কংগ্ৰেছৰ বেলিকাও একেই প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰেই কাহিনী। প্ৰকৃততে দুয়োটা দলেই সমস্যা সমাধানৰ সলনি জীয়াই ৰখাৰ খেলখনৰ অংশীদাৰ।

চৰকাৰৰ প্ৰতি আমাৰ আহ্বান স্পষ্ট, কেৱল উচ্ছেদেই নহয়, চৰকাৰে অবৈধ বিদেশীক চিনাক্তকৰণৰ বাবে নাগৰিকপঞ্জীৰ কাম-কাজ পানী নসৰাকৈ সম্পূৰ্ণ কৰক, বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তনৰ চুক্তি সম্পন্ন কৰক। ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত কেৱল নিৰ্বাচনৰ আগত অবৈধ বিদেশীৰ বিষয়টো সোঁৱৰাই থকাতকৈ বিদেশীক চিনাক্ত কৰি বিতাড়ণ কৰক। সকলো সৰু-বৰ বেদখলকাৰীৰ কৱলৰ পৰা চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ সমান্তৰালকৈ হৰিশংকৰ ব্ৰহ্ম কমিটী আৰু ন্যায়ধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ ভূমিসম্পৰ্কীয় পৰামৰ্শসমূহো কাৰ্য্যকৰী কৰক।

অন্তত উত্তৰ প্ৰজন্মৰ স্বাৰ্থত অন্ত পেলাওঁক এই পৌন:পুনিক ফুটবল খেল। এই সমস্যাৰ সমাধান বিভাজনমুখী ৰাজনীতিত নাই। শংকা, সংশয় আৰু সন্দেহৰ ৰাজনীতিৰ বীজ সিঁচি পৰিৱেশ বিনষ্ট কৰিলে এই সমস্যা সমাধান নহয়। এই সমস্যাৰ সমাধানৰ একমাত্ৰ উপায় অসম চুক্তিৰ পানী নসৰকা ৰূপায়ণ আৰু খিলঞ্জীয়াক ছয় নম্বৰ দফাৰ সুৰক্ষাকৱচ প্ৰদান।

গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীৰ ওপৰতো আক্ৰমণ চলিছিল। যদিহে এই ঘটনাত কোনো অসমবিৰোধী শক্তি জড়িত আছিল, সেয়াও তদন্ত হোৱাটো জৰুৰী। এই সমগ্ৰ ঘটনাৰ পাছতেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এগৰাকী বিশেষ ফট'গ্ৰাফাৰৰ এটা বিশেষ ভিডিঅ'ক কেন্দ্ৰ কৰি চর্চা চলিছে। ভিডিঅ'টোত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ মুমূৰ্ষু অৱস্থাত পৰি ৰোৱা মানুহ এজনৰ ওপৰত ফট'গ্ৰাফাৰজনক জঁপিয়াই থকা গৈছে।

ভিডিঅ'টোত ফুটি উঠা এই নৃশংসতা আৰু ঘৃণা ভয়ানক। এজন তেজ মঙহৰ মানুহে আন এজন মানুহৰ প্ৰতি ইমান ঘৃণা কঢ়িয়াই লৈ ফুৰাটো আমাৰ সপোনৰো অগোচৰ। বিগত বছৰকেইটাত অসমৰ প্ৰতিখন নির্বাচনী সভাত, ৰাজহুৱা সভাত মুকলিকৈ ঘৃণা বিয়পোৱা প্ৰতিটো ৰাজনৈতিক দল আৰু নেতাসকলো ফট'গ্ৰাফাৰজনৰ কামত ফুটি উঠা এই ঘৃণাৰ অন্যতম প্ৰধান অনুঘটক। অসম আৰু সমগ্ৰ অসমীয়া জাতি সম্পৰ্কে এক বিকৃত ধাৰণা বিয়পাই দিবলৈ অহৰহ ব্যস্ত হৈ থকা চক্ৰটোৰ বাবে এই ভিডিঅ'টো আৰ্শীবাদস্বৰূপ হৈ পৰিছে।

সমগ্ৰ অসমীয়া জাতিক লজ্জানত কৰা এই ভিডিঅ'টোৱে সমুখলৈ অনা এই ঘৃণাৰ ছবিখন দেখাৰ পাছত প্ৰতিটো ৰাজনৈতিক দললৈ আমাৰ শেষত এটাই অনুৰোধ - আপোনালোকৰ ভোটবেংকৰ ৰাজনীতিৰ অংকত, ঘৃণাৰ ৰাজনীতিৰ অংকত অসমখনত আৰু এনে দানৱৰ সৃষ্টি নকৰিব। ইমান ঘৃণা বুকুৰ ভিতৰত কঢ়িয়াই লৈ ফুৰা দানৱৰ অসম এখন আমাক দি থৈ নাযাব।