অসমক ভাল পাওঁ কিয়
- ডঃ অৱনী কুমাৰ ভাগৱতী
অৱসৰপ্ৰাপ্ত অধ্যাপক
গুৱাহাটী বিশ্ববিদ্যালয় - /
- February 12th, 2023

পৃথিৱীৰ প্ৰাকৃতিকভৱে অতি চহকী অঞ্চলবোৰৰ ভিতৰত আমাৰ অসম অন্যতম৷
অসমত পাহাৰ-ভৈয়ামৰ মিলন ঘটিছে৷ উচ্চভূমিৰ পৰা নদ-নদী, জান-জুৰি আদি নামি আহি অসমৰ বুকুৰে লক্ষ্যস্থানলৈ বৈ গৈছে৷ নদীৰ লগত উপনদী, শাখানদী মিলি ইয়াত বোৱতী পানীয়ে এখন ঘনজালিৰ সৃষ্টি কৰিছে৷ তাৰে মাজে মাজে সিঁচৰতি হৈ আছে অসংখ্য বিল-খাল, দলনি-পিটনি৷
ৰাজ্যখনৰ অন্তৰ্গত ঠাইবোৰৰ মাজত উচ্চতাৰ পাৰ্থক্য আছে৷ কিছুমান ঠাইৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা বৰ বেছি নহয়৷ অন্যহাতে আমাৰ পাহাৰীয়া ঠাইবোৰ যথেষ্ট উচ্চ ৷ ভৌগলিক অৱস্থিতি, উচ্চতাৰ তাৰতম্য, মাটিৰ গুণাগুণ আৰু ঢাল, সাগৰ-মহাসাগৰৰ পৰা দূৰত্ব আদি কাৰকে ৰাজ্যখনৰ ভিতৰতে অঞ্চলে অঞ্চলে জলবায়ুৰ পাৰ্থক্য ঘটাইছে৷
এনেবোৰ প্ৰভেদৰ স্পষ্ট প্ৰতিফলন ঘটিছে উদ্ভিদৰ প্ৰকাৰ আৰু ভৌগলিক বিতৰণত৷ বিভিন্ন উচ্চতা আৰু ঘনত্বৰ নানা প্ৰজাতিৰ উদ্ভিদে ৰাজ্যখনৰ বুকুত বৈচিত্ৰ্যপূৰ্ণ আৱাসভূমিৰ গঢ় দিছে৷ এইদৰে ভিন্ন উপাদানে বিভিন্ন ৰূপ লৈ আমাৰ অসমখনক প্ৰাকৃতিকভাৱে অপৰূপা কৰি তুলিছে, অশেষ গুণৰ অধিকাৰী কৰিছে৷
এনে সুন্দৰ আৰু সম্পদশালী অঞ্চল এটালৈ ইতিহাসৰ বিভিন্ন পৰ্য্যায়ত বিভিন্ন পটভূমি আৰু দিশৰপৰা মানুহ আহিছে৷ উত্তৰৰ তিব্বত-হিমালয়, পূবৰ ম্যানমাৰ আৰু দক্ষিণ-পূব এছিয়াৰ নানা ঠাই আৰু পশ্চিমৰ ভাৰত ভূ-খণ্ডৰপৰা মানুহ আহি ইয়াত থিতাপি লৈছে আৰু মিলিছে৷ পৰস্পৰে পৰস্পৰক আকোঁৱালি লৈছে৷ এই লোকসকলে তেওঁলোকৰ উৎসস্থানৰ পৰা কঢ়িয়াই আনিছে ভাষা-সংস্কৃতি, কলা আৰু কৌশল৷ প্ৰব্ৰজন প্ৰক্ৰিয়াৰে আহোঁতে সংগ্ৰহ কৰি আনিছে নানা সাংস্কৃতিক আৰু সামাজিক উপাদান আৰু অভিজ্ঞতা৷
প্ৰকৃতিৰ উৎকৃষ্ট মিলনক্ষেত্ৰ এই অসমতে এনেদৰে মিলন ঘটিছে নানা জাতি আৰু উপজাতিৰ, নানা সমাজ আৰু সংস্কৃতিৰ৷ ক’ৰবাত কেতিয়াবা মৃদু সংঘাত ঘটিছে যদিও সামগ্ৰিকভাৱে আমাৰ অসমখন হৈ পৰিছে সমাজ-সংস্কৃতিৰ এক অনন্য মিলনভূমি৷ নানা উপাদান,অভিজ্ঞতা-প্ৰমূল্যৰ স্বাভাৱিক সংযোজন সুসমন্বয় আৰু সংবৰ্ধনে ধাত্ৰী অসমভূমিক কৰি তুলিছে বিশালতা, উদাৰতা আৰু বদান্যতাৰ এক বিৰল পীঠস্থান৷
ইয়াৰ জনবসতিবোৰ [গাঁওবোৰ] সুশৃংখল আৰু শুৱনি৷ সাৰুৱা উৎপাদনক্ষেত্ৰত [পথাৰে] আগুৰি থকা আমাৰ গাঁওবোৰ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ৷ প্ৰাকৃতিক পৰিৱেশৰ লগত সুন্দৰকৈ সহাৱস্থান কৰি অহা গাওঁবোৰ আছিল উৎপাদনৰ ক্ষেত্ৰত স্বচ্ছল আৰু আত্মনিৰ্ভৰশীল৷ দুই-এপদ বিশেষ দ্ৰব্যৰ বাহিৰে দৈনন্দিন প্ৰয়োজনীয় আটাইবোৰ দ্ৰব্য উৎপাদিত হৈছিল গাঁওতে৷
প্ৰকৃতি আৰু মানুহৰ সুসমন্বয়ত আমাৰ গাওঁবোৰত গঢ় লৈছিল এক গতিশীল থলুৱা সংস্কৃতিয়ে৷ তাত মাতৃভাষাই মুখ্য ভূমিকা লৈছিল৷ লোককথা, লোক-সংগীত, নৃত্য-নাট, বৌদ্ধিক অনুশীলন আৰু পৰম্পৰাগত কৌশলে গাঁওবোৰক জাগ্ৰত কৰি ৰাখিছিল৷ স্বকীয় অস্তিত্ব আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিছিল৷
শস্যে-মৎস্যে সমৃদ্ধ গাওঁবোৰক শ্ৰমজীৱী ৰাইজে সকলো দিশৰ পৰা বহনীয় কৰি ৰাখিছিল৷ তেনে এক গ্ৰাম্য পৰিৱেশতে আমাৰ জন্ম আৰু বিকাশ ঘটিছিল৷ স্থানীয় পৰিৱেশ আৰু থলুৱা সমাজ-সংস্কৃতি আছিল আমাৰ প্ৰথম পাঠশালা৷ তাতো পূব-পশ্চিম, উত্তৰ-দক্ষিণৰ সংমিশ্ৰণৰ প্ৰভাৱ পৰিচিল৷ অৱস্থানৰ ফালৰপৰা ভিতৰুৱা হৈও আমাৰ মন-মগজু মুকলি হৈ আছিল নতুনক আদৰিবলৈ, গ্ৰহণযোগ্যখিনিক গ্ৰহণ কৰিবলৈ৷
আমাৰ অসমৰ সকলোতে বাজি থাকে নৈ-নিজৰাৰ মিলনৰ সুৰ, ভাষা-উপভাষাৰ মাজত দিয়া-নিয়াৰ ধবনি-প্ৰতিধবনি; আৰ্থিক কৌশল আৰু বিচিত্ৰ জীৱন-প্ৰণালীৰ সুৰ সমলয়৷ কোনোবাই কেতিয়াবা সংঘাতৰ সৃষ্টি কৰিব খুজিলেও, বিভেদৰ বীজ সিঁচিব খুজিলেও ইয়াৰ সমন্বয়ৰ শক্তিশালী সুৰে নিজৰ গতিকে বাহাল ৰাখে, স্থিতি সুদৃঢ় কৰে৷ ভূগোলৰ ছাত্ৰ হিচাপে আমি এই সুৰবোৰ শুনো আৰু উপলব্ধি কৰিব পাৰো৷ ইয়াৰ ছন্দবোৰ লেখিব পাৰোঁ, ৰূপান্তৰৰ ৰেখাবোৰ আঁকিব পাৰোঁ৷ সুৰ শুনি মোহিত হওঁ, ৰেখা আঁকি আপ্লুত হওঁ৷
সমন্বয়ৰ পটভূমি আৰু পৃষ্ঠভূমিত বিচৰণ কৰি মুগ্ধ হওঁ, গম্ভীৰ হৈ পৰোঁ৷ অসমভূমিৰ বৃন্দগীত শুনি অভিভূত হওঁ, ইয়াৰ মাটি, পানী আৰু মানুহৰ প্ৰেমত পৰোঁ৷ অসমৰ পৰাই পৃথিৱীক ভালপোৱাৰ কচৰৎ কৰোঁ৷।