মোডীৰ ব্যাখ্যাহীন স্বৈৰচাৰিতা


Image Description

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আচৰিত ধৰণে স্বৈৰচাৰী হৈ পৰিছে৷

বিশ্বৰ আগশাৰীৰ বহুতো নিৱন্ধকাৰে মোডীক নিৰ্বাচনৰ জৰিয়তে সৃষ্টি হোৱা স্বৈৰচাৰী আখ্যা দিছে৷ আইনৰ শাসন মোডীয়ে ব্যাখ্যাহীনভাৱে আওকাণ কৰিবলৈ লৈছে৷ নাগৰিকৰ অধিকাৰ খৰ্ব হৈছে।আলোচনা-বিলোচনাৰ সলনি শক্তিৰে মানুহৰ মন সলনি কৰিব খুজিছে৷

প্ৰথম কথা দেশখনত ধনী আৰু দুখীয়াৰ পাৰ্থক্য দিনক দিনে বাঢ়িছে৷ এফালে অত্যন্ত আঢ্যবন্ত এমুঠি বিশ্বৰ ভিতৰতে লেখত ল’বলগীয়া হৈছে । আনহাতে সাধাৰণ মানুহৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বাধিক হৈছে৷ অথচ মোডীয়ে কোনো কেৰেপ কৰা নাই৷

মোডীৰ স্বৈৰচাৰী শাসনৰ বাবে দেশৰ সাধাৰণ মানুহে এসাজ খাই এসাজ নাখাই দিন কটাইছে৷ দেশৰ দুখীয়া সন্তানে দাইল-তেল পাহৰিবলৈ লৈছে। মধ্যবিত্তৰ টকা কাঢ়ি হিতাধিকাৰী সজাইছে। ঘৰবোৰত উপাৰ্জনকাৰী নোহোৱা হ'ল।

মানুহৰ মনত প্ৰতিবাদৰ ভাষা সঞ্চিত হৈ আছে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে অৱস্থান ধৰ্মঘট আৰু জাতীয় বিক্ষোভৰ জৰিয়তে প্ৰতিবাদ জনালে৷ ইয়াৰ বাবে এখন প্ৰতীকী ছৱি প্ৰস্তুত কৰি উলিয়াইছিল৷ অতি আৱশ্যকীয় সামগ্ৰীবোৰক একথূপ কৰি এডাল ফুলৰমালাৰে গাঁঠিছিল৷ ছৱিখনে বাস্তৱ পৰিস্থিতি দাঙি ধৰিছে৷

Image Description

দেশখনত এতিয়া যেন ৰজা আৰু প্ৰজাৰ পৰিৱেশ গঢ়ি তোলা হৈছে৷ দেশৰ নাগৰিকৰ এচামহে প্ৰজা আৰু আনচামৰ বাবে প্ৰজাৰ মৰ্য্যাদাও নোহোৱা হৈছে৷ বিজেপিৰ ৰাজনৈতিক ব্যক্তিসকলে নিজকে মোডীৰ প্ৰজা বুলি ভাবে৷ আৰু সেইবাবেই মোডীক সন্তুষ্ট কৰিবলৈকো তলৰ মাটি ওপৰ কৰে৷

অসমত কেঞ্চাৰ ৰোগীৰ সংখ্যা বহু বেছি৷ অথচ যোৱা আঠ বছৰে বিজেপি চৰকাৰে অসমত সুকীয়া কেঞ্চাৰ চিকিৎসালয় পাতিবলৈ এবাৰো নাভাবিলে৷ সহায় ল’ব লগা হ’ল উদ্যোগপতি ৰতন টাটাৰ৷

ৰতন টাটই সঁহাৰি জনাই অসমত ১০ খনৰো অধিক কেঞ্চাৰ চিকিৎসালয় পাতিবলৈ সন্মতি প্ৰকাশ কৰিলে৷

কিন্তু সৌদিনা বিজেপিৰ প্ৰজাবোৰে ৰজাকহে মুগাৰ গামোচা পিন্ধালে৷ ওচৰতে বহি থকা ৰতন টাটাৰ বাবে আন এখন মুগাৰ গামোচাৰ অভাৱ হ’ল৷ অসমীয়াই লাজ পাইছে।

অথচ বহু কোটি টকাৰে অৰ্থহীন ৰাজহুৱা সভা আয়োজন কৰিছিল৷ টকা দিলেহে মানুহ মোডীৰ সভালৈ যায়, এই কথাটো যোৱা আঠ বছৰে বাৰে বাৰে প্ৰমাণ হৈ আহিছে৷ কিন্তু প্ৰজাৰ উপায় নাই৷ ৰজাক ৰুষ্ট কৰিব নোৱাৰি৷

ৰতন টাটাক উপযুক্ত সন্মান নিদিয়া বাবে অসমৰ জনসাধৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷।