অজাপৰ শ্ৰমিক বচাওক দাবীৰে উত্তাল দিল্লীৰ যন্তৰ-মন্তৰ


Image Description

যোৱা ২০ ছেপ্টেম্বৰ তাৰিখে দিল্লীৰ সংসদ মাৰ্গ, যন্তৰ-মন্তৰত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক শক্তি আৰু জাতীয় চাহ শক্তিয়ে National Front of Indian Trade Union ৰ লগত যুটীয়াভাৱে এক বিশাল ধৰ্ণা কাৰ্য্যসূচী পালন কৰে।

অসম জাতীয় পৰিষদৰ উপ-সভাপতি তথা জাতীয় শ্ৰমিক শক্তিৰ সভাপতি ইজৰাইল নন্দৰ নেতৃত্বত পালন হোৱা এই ধৰ্ণা কাৰ্য্যসূচীৰ জৰিয়তে চাহ আৰু কয়লা উদ্যোগৰ শ্ৰমিকসকলৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।

১) চাহ উদ্যোগ বচাওক, শ্ৰমিক বচাওক।

২) কয়লা খনি লীজত দিয়া বন্ধ কৰক।

৩) কয়লা খনিৰ শ্ৰমিকক ১/১/২০১৭ চনৰ পৰা ২০ লাখ গ্ৰেচুইটি ঘোষণা কৰক।

৪) কাগজ কল অতি শীঘ্ৰে খোলাৰ ব্যৱস্থা কৰক।

৫) চাহ বাগিচাৰ মাটিত অন্য উদ্যোগ স্থাপন কৰা বন্ধ কৰক।

৬) চাহ আমদানি নিষিদ্ধ কৰি ৰপ্তানিত চৰকাৰে জোৰ দিয়ক।

৭) চাহ শ্ৰমিকৰ নিম্নতম মজুৰি ৩৫১/- টকা তৎকালেই ঘোষণা কৰক।

৮) নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোট অতি সোনকালেই নিৰ্মাণ কৰক।

অসমৰ শ্ৰমিক সকলৰ এই ন্যায্য দাবীসমূহ সমাধানৰ অৰ্থে ৰাষ্ট্ৰীয় পৰ্য্যায়ত এক সবল জনমত গঢ়ি তুলিবলৈ এনে ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে বুলি বিশিষ্ট শ্ৰমিক নেতা ইজৰাইল নন্দই দিল্লীৰ ধৰ্ণাস্থলীত সংবাদ মাধ্যমক জনায়। তেওঁ লগতে কয় যে যদিও অসম জাতীয় পৰিষদ এটি নৱগঠিত দল তথাপিও এই দলে জন্মলগ্নৰে পৰা অসমৰ জাতীয় জীৱনৰ প্ৰতিটো জলন্ত সমস্যা সমাধানৰ বাবে মাত মাতি আহিছে।

দলৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক শক্তি আৰু জাতীয় চাহ শক্তিৰ জৰিয়তে শ্ৰমিকসকলৰ প্ৰতিটো জলন্ত সমস্যা সমাধানৰ বাবে চৰকাৰ আৰু কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় আহিছে। অসমৰ শ্ৰমিক সকলৰ প্ৰাপ্য অধিকাৰ আৰু মজুৰিৰ বাবে এই দলে সদায় যুজঁ কৰি যাব।

নেচনেল ফ্ৰণ্ট অব ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ দীপক জয়ছোৱালে চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰে। বিজেপি শাসন কালত মুষ্টিমেয় কেইগৰাকীমান পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰাতহে চৰকাৰ ব্যস্ত। এই পুঁজিপতি কেইগৰাকীক সন্তুষ্ট কৰিবলৈ গৈ চৰকাৰে কৃষক, শ্ৰমিক সকলোৰে সৰ্বনাশ কৰিছে। চৰকাৰে এই নীতি শীঘ্ৰে বন্ধ নকৰিলে দেশত ব্যাপক ৰূপত বিদ্ৰোহ হ'ব।

এই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ জাতীয় চাহ শক্তিৰ সম্পাদক অজিত মাঝি তথা কয়লাখনি মজদুৰ ইউনিয়নৰ ৰঞ্জিত বৰগোহাঁই আৰু মিলন বিশ্বাসে ভাষণ প্ৰদান কৰে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই দিল্লীত শ্ৰমিকৰ ন্যায্য প্ৰাপ্যৰ দাবীত দলৰ ধৰ্ণা কাৰ্য্যসূচী সফল কৰি তোলা বাবে জাতীয় শ্ৰমিক শক্তি আৰু জাতীয় চাহ শক্তিৰ সমূহ সদস্যলৈ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰে। শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবী সাব্যস্ত নোহোৱালৈকে এই সংগ্ৰাম চলি থাকিব বুলি নেতাদ্বয়ে লগতে ঘোষণা কৰে।