সাংবিধানিক ৰক্ষাকবচৰ প্ৰতিবেদন দাখিলৰ দুবছৰ পূৰ্ণ


Image Description

সাংবিধানিক ৰক্ষাকবচৰ প্ৰতিবেদন দাখিলৰ দুবছৰ পূৰ্ণ হোৱাৰ উপলক্ষ্যে অসম জাতীয় পৰিষদে প্ৰতিবেদন ৰূপায়ণ নকৰা বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

সাংবিধানিক ৰক্ষাকবচৰ পৰামৰ্শৱলী এটা কমাও সলনি নকৰাকৈ ৰূপায়ণ কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে দিয়া আশ্বাস আন এটা প্ৰতাৰণাৰ বাহিৰে একো নহয় বুলি অসম জাতীয় পৰিষদে মন্তব্য দিছে৷

অজাপই বিজেপি চৰকাৰক এখন ছলনাময়ী চৰকাৰ বুলি অভিহিত কৰিছে৷ দলটোৱে কয় যে ২০১৪ চনৰ পৰা আৰম্ভ কৰি শেহতীয়া নিৰ্বাচনত সকলো ইস্তাহাৰতে অসম চুক্তি ‘আখৰে আখৰে’ ৰূপায়ণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি আহিছে যদিও যোৱা ৭ বছৰে এই প্ৰতিশ্ৰুতি অসাৰ হৈয়ে থাকিল৷

দেশৰ প্ৰধান মন্ত্ৰী আৰু দেশৰ গৃহ মন্ত্ৰীৰ লগতে অসমৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইও অসমৰ মানুহক বিভ্ৰান্ত কৰি আহিছে৷ অজাপই অভিযোগ কৰে যে দিল্লীৰ পৰা আৰম্ভ কৰি দিশপুৰলৈ কাৰো পৰামৰ্শৱলীত অন্তৰ্ভুক্ত বিষয়বোৰৰ ওপৰত ব্যৱস্থা ল’বলৈ ৰাজনৈতিক সাহস নাই৷ পৰামৰ্শৱলী কাৰ্য্যকৰী কৰাৰ পৰিৱৰ্তে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা আঁতৰালে বুলি ক্ষোভ প্ৰকাশ কৰিছে৷

শেহতীয়াকৈ অসমীয়া মাধ্যমৰ স্কুলত বহিৰাগত শিক্ষকক নিযুক্তি দি ৰাজ্য চৰকাৰৰ শূন্য দায়িত্ববোধ প্ৰকাশ কৰিলে৷ আনকি অসমৰ বাপতিসাহোন বিহু পালিবলৈকো নীতি নিৰ্দেশনা দিবলৈ ধৰিলে৷ এই সকলোবোৰ অসমীয়া মানুহৰ স্বাভিমানক বাৰে বাৰে আঘাত কৰিবলৈ নাগপুৰৰ নিৰ্দেশমতে কৰা হৈছে বুলি অজাপই ভাবে৷

অজাপৰ সভাপতি শ্ৰীলুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক শ্ৰীজগদীশ ভূঞাই দেশৰ আন কোনো অংশই অ-ভাৰতীয়ৰ অভাৱনীয় বোজা ল’ব লগা হোৱা নাই৷ সেইবাবে বিদেশীৰ বহিষ্কৰণৰ লগতে সাংবিধানিক ৰক্ষাকবচৰ প্ৰতিশ্ৰুতি চুক্তিখনত আছিল৷

অসমীয়া মানুহক মাটিৰ অধিকাৰ দিয়াৰ পৰিৱৰ্তে অসমৰ মাটি অনা-অসমীয়া বনিয়াৰ হাতত গতাই দিছে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা বিজেপিৰ কোনো এজনৰ মুখত শোভা নাপায় বুলি গগৈ আৰু ভূঞাই দৃঢ়তাৰে কয়৷

বিজেপি চৰকাৰখনে অসমীয়া মানুহৰ স্বাভিমানক সহ্য নকৰে বাবে এইখন ৰাজ্য চৰকাৰ গঠন হোৱাৰ দিনৰে পৰা অসমৰ ভাষা-সংস্কৃতি আৰু মাটিৰ ওপৰত বাৰে বাৰে আঘাত কৰি আহিছে৷ চাকৰিৰ লগতে পঞ্চায়ত-নিগম-নিকায়-বিধান সভা-লোক সভা আদিত অসমৰ খিলঞ্জীয়া মানুহৰ বাবে আসন সংৰক্ষণ কৰিবলৈ স্বাভাৱিকতে সংবিধান সংশোধনৰ প্ৰয়োজন হ’ব৷ এই লৈ হৈ-চৈ কৰিবলগা একো নাই৷

সংবিধানৰ কোনবোৰ দফা সংশোধন কৰিব লাগিব সেই বিষয়েও পৰামৰ্শৱলীত স্পষ্টকৈ কোৱা আছে৷ আন ৰাজ্যৰ লগত অসমক তুলনা কৰি মুখ্য মন্ত্ৰীয়ে অসমৰ মানুহক ভুল ব্যাখ্যা দিছে৷ এই মন্তব্য অজাপৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ৷।