ৰাইজৰ ধন আৰু বিজেপিৰ ৰাজকাৰেং


Image Description

অসমৰ সুৰক্ষা আৰু বিকাশতকৈ বিজেপিয়ে অসমক নিজৰ ব্যৱসায়িক বিকাশৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। গৃহ মন্ত্ৰী অমিত শ্বাহে অসমৰ খিলঞ্জীয়া মানুহক কৰা অন্যায় আৰু প্ৰতাৰণাৰ বুৰঞ্জীখন আৰু দীঘলীয়া কৰিব নালাগে।

• ভাৰতৰ গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী জে পি নাড্ডা অসমলৈ আহিছে। বিজেপি দল আৰু চৰকাৰী পাৰিষদবাহিনীয়ে ব্যাপকভাবে আঁদৰিছে। কিন্ত্ত অসমৰ সচেতন ৰাইজে মনৰ পৰা আদৰণি জনাব পৰা নাই। কাৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰী হিচাবে আৰু সামগ্ৰিকভাৱে বিজেপি দলে অসমবাসীক কৰা প্ৰতাৰণাৰ তালিকাখন বৰ দীঘল।

• বিজেপি দলে ২০১৪ ,২০১৬, ২০১৯ আৰু ২০২১ চনৰ নিৰ্বাচনত অসমবাসীক বহু প্ৰতিশ্ৰুতি দিছিল। স্বয়ং ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ১৬ মে ২০১৪ৰ পিছত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধি ভাৰত ত্যাগ কৰিব লাগিব বুলি কৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ চৰকাৰে তাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিলে।

• বিজেপি চৰকাৰে অসমবাসীলৈ আগবঢ়োৱা সৰ্ববৃহৎ প্ৰতিশ্ৰুতিটো আছিল অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰি অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচ সুনিশ্চিত কৰা। গৃহ মন্ত্ৰী অমিত শ্বাহে দফাটো কাৰ্য্যকৰীকৰণৰ পৰামৰ্শ আগবঢ়াবলৈ গঠিত উচ্চ ক্ষমতাসম্পন্ন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ দাড়ি-কমা নকটাকৈ আখৰে আখৰে ৰূপায়ণ কৰিম বুলি সংসদৰ মজিয়াত প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি আঢ়ৈ বছৰে উক্ত প্ৰতিবেদন দিল্লী গৈ নাপালেগৈ। দিছপুৰতেই পৰি থাকিল।

• ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপিৰ অন্যতম প্ৰধান নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। কিন্তু আন ৰাজ্যৰ নিৰ্বাচিত জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰিলে। অথচ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰক সম্পূৰ্ণ উদাসীন দেখা গ'ল।

• ২০২১চনৰ নিৰ্বাচনৰ পূৰ্বে শ্ৰীঅমিত শ্বাহে নিজে ঘোষণা কৰিছিল যে বিজেপি চৰকাৰ পুনৰবাৰ হ'লে তেওঁলোকে অসমক বানমুক্ত কৰি তুলিব। চৰকাৰ গঠনৰ ডেৰ বছৰ হ'ল। কিন্তু এই দিশত একো অগ্ৰগতি দেখা যোৱা নাই। বৰং চলিত বৰ্ষৰ বিধ্বংসী বানৰ অসমত ধ্বংসলীলা সকলোৰে চকুৰ আগত।

• বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্রীয় গৃহ মন্ত্ৰী অসমলৈ আহিছে মূলতঃ দলৰ ৬ মহলীয়া দলীয় ৰাজকাৰেং উদ্বোধন কৰিবলৈ। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ব্যৱসায়িক গোষ্ঠী আৰু তেওঁলোকৰ দলৰ কৰ্মকৰ্তাৰ পৰা সংগ্রহ কৰা চান্দাৰ ধনেৰে এই ৰাজ অট্টালিকা নিৰ্মাণ কৰা বুলি বিজেপি দলৰ নেতাসকলে প্ৰকাশ কৰিছে। ব্যৱসায়িক গোষ্ঠীসমূহে বিজেপি দলৰ চান্দা প্ৰদান কৰি জনসাধাৰণৰ মূৰৰ ওপৰত পৰা বিভিন্ন দ্ৰব্যৰ মূল্যৰ বাবত সেয়া আদায় কৰি আছে। সেই দৃষ্টিকোণত বিজেপিৰ এই ৰাজকাৰেং ৰাইজক কৰা শোষণৰ ধনেৰে নিৰ্মাণ কৰা বুলি ক'ব পাৰি।

• বিজেপি দলে যি সময়ত অসমত প্ৰায় ৩০ কোটি টকা ব্যয় কৰি ৬ মহলীয়া ৰাজহাউলী সাজিছে, সেই সময়তে অসমত ডেক্স-বেঞ্চ নথকা বিদ্যালয়ৰ ফট'ৰে ছ'চিয়েল মিডিয়া ভৰি পৰিছে। ৰাজ কাৰেং সজাৰ ধনখিনি ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ আন্তঃগাঠনি নিৰ্মাণ, দুৰ্দশাগ্ৰস্ত শিক্ষক-কৰ্মচৰীৰ কল্যাণৰ নামত ব্যৱহাৰ কৰা হ'লে ৰাইজৰ কল্যাণ হ’লহেঁতেন।

• ভাৰতৰ গৃহ মন্ত্ৰীয়ে খবৰ লোৱা উচিত কেনেকৈ ৰাজ্যত ব্যাপক দুৰ্নীতি অনিয়ম নিয়ন্ত্রণ কৰিব পৰা হোৱা নাই, কেনেকৈ ৰাজ্যত কেইবাখনো জিলাত কয়লাৰ অবৈধ ছিণ্ডিকেট চলি আছে, কেনেকৈ সেউজ ন্যায়াধীকৰণৰ প্ৰতিবন্ধকতা সত্বেও এতিয়াও অবাধ হাৰত 'ৰেড হ'ল' মাইনিঙ'ৰ জৰিয়তে কয়লা খনন চলি আছে।

• ভাৰতৰ গৃহ মন্ত্ৰীয়ে অসমৰ পৰা উভতি যোৱাৰ পূর্বে অসমবাসীক অৱগত কৰি যোৱা উচিত যে নাগৰিকত্ব সংশোধনী আইন (কা) কেতিয়া বাতিল কৰিব, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি) কেতিয়া সম্পূর্ণ হ'ব, বিদেশী বহিস্কৰণৰ কাম কেতিয়া সম্পাদিত হ'ব।।