অসম-মেঘালয়ৰ সীমাবিবাদ


Image Description

২৯ মাৰ্চ ২০২২ তাৰিখে অসম আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়ৰ মাজত দুয়োখন ৰাজ্যৰ সীমাবিবাদ সম্পৰ্কে এখন চুক্তি স্বাক্ষৰিত হৈছে৷

দুয়োখন ৰাজ্যৰ মাজত ১২টা অঞ্চলত মতপাৰ্থক্য আছিল৷ সদ্যহতে ৬টা অঞ্চলৰ ক্ষেত্ৰত বুজাপৰা হৈছে৷ সেই ৬টা অঞ্চল হ’ল তাৰাবাৰী, জিজাং, হাহিম, বকলাপাৰা, খানাপাৰা-পিলাংকাটা আৰু ৰাটাচেৰা৷

বিবাদ মীমাংসাৰ বাবে দুয়োখন ৰাজ্যই কেইটামান ভিত্তি ঠিক কৰি লৈছিল৷ সেইকেইটা আছিল:

১] ঐতিহাসিক পটভূমি,

২] স্থানীয় মানুহৰ খিলঞ্জীয়া পৰিচয়,

৩] সীমান্তৰ নিৰৱচ্ছিন্নতা,

৪] অঞ্চলটোৰ বাসিন্দাৰ ইচ্ছা আৰু

৫] প্ৰশাসনীয় সা-সুবিধা৷

এইকেইটা বিষয়ৰ ভিত্তিতে বিবাদ নিষ্পত্তি হোৱা বুলি দুয়োজন মুখ্য মন্ত্ৰীয়ে দাবী কৰিছে৷

তাৰাবাৰী অঞ্চলত মেঘালয়ে দাবী কৰা ৪.৬৯ বৰ্গ কিল’মিটাৰৰ গোটেইখিনি মেঘালয়ৰ অন্তৰ্ভুক্ত হৈছে৷

জিজাং অঞ্চলৰ মেঘালয়ে দাবী কৰা ১৩.৫৩ বৰ্গ কিল’মিটাৰৰ ২.৯০ বৰ্গ কিল’মিটাৰ মেঘালয়ৰ অন্তৰ্ভুক্ত হৈছে আৰু বাকী ১০.৬৩ বৰ্গ কিল’মিটাৰ অসমৰ ভাগত পৰিছে৷

হাহিম অঞ্চলৰ মেঘালয়ে দাবী কৰা ৩.৫১ বৰ্গ কিল’মিটাৰৰ ৩.২১ বৰ্গ কিল’মিটাৰ মেঘালয়ৰ অন্তৰ্ভুক্ত হৈছে আৰু বাকী ০.৩০ বৰ্গ কিল’মিটাৰহে অসমৰ ভিতৰত পৰিছে৷

বকলাপাৰা অঞ্চলৰ মেঘালয়ে দাবী কৰা ১.৫৭ বৰ্গ কিল’মিটাৰৰ ০.৫৬ বৰ্গ কিল’মিটাৰ মেঘালয়ৰ অন্তৰ্ভুক্ত হৈছে আৰু বাকী ১.০১ বৰ্গ কিল’মিটাৰ অসমে পাইছে৷

খানাপাৰা-পিলাংকাটা অঞ্চলৰ মেঘালয়াই দাবী কৰা ২.২৯ বৰ্গ কিল’মিটাৰৰ ০.৫৫ বৰ্গ কিল’মিটাৰ মেঘালয়ৰ অন্তৰ্ভুক্ত হৈছে আৰু বাকী ১.৭৪ বৰ্গ কিল’মিটাৰ অসমৰ হ’ব৷

সেইদৰে, ৰাটাচাৰী অঞ্চলৰ মেঘালয়ে দাবী কৰা ১১.২০ বৰ্গ কিল’মিটাৰৰ ৬.৪২ বৰ্গ কিল’মিটাৰ মেঘালয়লৈ স্থানান্তৰিত হৈছে আৰু বাকী থকা ৪.৭৮ বৰ্গ কিল’মিটাৰ অসমৰ মেপত থাকিব৷

মুঠতে ৬টা অঞ্চলৰ বিবাদমান ৩৬.৭৯ বৰ্গ কিল’মিটাৰৰ মুঠ ১৮.৩৩ বৰ্গ কিল’মিটাৰ মেঘালয়ৰ মেপত সোমাল আৰু ১৮.৪৬ বৰ্গ কিল’মিটাৰ অসমৰ মেপত সোমাল৷

সমস্যাৰ সমাধান সকলোৱে বিচাৰে৷ দুয়োখন চৰকাৰৰ মাজত হোৱা চুক্তি পত্ৰখনৰ শেষত ওলাই পৰা তথ্যখিনি আমোদজনক।

দুয়োখন চৰকাৰে প্ৰায় সমানে ভাগ কৰিছে৷ আচৰিত হ’বলগীয়া কথাটো হ’ল যে আলোচনাৰ ভিত্তি হিচাবে ঐতিহাসিক পটভূমি, স্থানীয় মানুহৰ খিলঞ্জীয়া পৰিচয়, সীমান্তৰ নিৰৱচ্ছিন্নতা, অঞ্চলটোৰ বাসিন্দাৰ ইচ্ছা আৰু প্ৰশাসনীয় সা-সুবিধা বিবেচনা কৰা হৈছিল৷

ভিত্তিসমূহ আৰু বিবেচনা ইমান খাপ খাই পৰিল যে দুয়োখন চৰকাৰে প্ৰায় সমানে ভাগ পালে৷

এইয়া আমোদজনক মিল।।