অভিভাৱকবিহীন গুৱাহাটী মহানগৰী


Image Description

গুৱাহাটী মহানগৰীৰ কোনো অভিভাৱক নাই৷ বছৰৰ পিছত বছৰ একেবোৰ সমস্যা৷ একে পৰিস্থিতিত মানুহৰ একে দুৰৱস্থা৷ সময় বাগৰে, সাময়িক দুৰ্য্যোগ আঁতৰে৷ পুনৰ আহে পিছৰ বছৰটোত৷

কাষেদি বৈ গৈছে বিশাল ব্ৰহ্মপুত্ৰ৷ কিন্তু মানুহে পানী কিনিবলৈ পইছা সাঁচিব লাগে৷ ব্যক্তিগতখণ্ডত গভীৰ নলী-নাদ বহুৱাই পানী বিক্ৰী কৰিবলৈ সুবিধা দি পানীযোগানৰ দায়িত্বটো শাসনাধিস্থ দলবোৰে এৰাই চলিছে৷

মহানগৰত বানপানী হয়েই৷ এয়া হ’ল নতুন ৰাজনীতিকৰ নতুন তত্ত্ব৷ গুৱাহাটী পৌৰ নিগম বা গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ বিফলতা প্ৰতিবছৰে জলজল পটপট হয়৷ মানুহৰ স্মৃতি চুটি আৰু তাৰে পূৰ্ণ সুযোগ লৈ আহিছে শাসনত থকা ৰাজনৈতিক ব্যক্তিসৱে৷

সমস্যাবোৰৰ সমাধান আলোচনা কৰিবলৈ নিগম বা উন্নয়ন কৰ্তৃপক্ষৰ কোনো বিশেষজ্ঞ নাই৷ সমস্যা একোটাৰ স্থায়ী সমাধানৰ বাবে কোনো আন্তৰিকতা নাই৷ সকলো ক্ষেত্ৰতে প্ৰথমেই বিবেচনা কৰা হয় আঁচনিখনত কিমান টকা ধৰা হৈছে আৰু ইয়াকে কিমান শতাংশ অদৃশ্য কৰি দিব পাৰি৷

সমস্যাবোৰ দিনক দিনে বাঢ়িছে৷ স্মাৰ্ট চিটি নহ’ল৷ বিদ্যুতৰ তাঁৰবোৰ ওলমিয়েই থাকিল৷ পানীৰ পাইপবোৰ ফুটিয়েই থাকিল৷ ফুটপাথত বজাৰ বহে। আজি উঠাই দিয়ে আৰু কালিলৈ আকৌ বহে৷

আচলতে কৰ্তৃপক্ষৰ অদক্ষতা দিনক দিনে বাঢ়িছে৷ কম বয়সীয়া ৰাজনীতিকৰ মুখত অস্বস্তিকৰ কথাবোৰ আখৈ ফুটাদি ফুটে৷ কম বয়সতে বব নোৱৰা দায়িত্ব পাইছে৷

এজনৰ দিনত এটা বৃহৎ যন্ত্ৰ অনুপযুক্ত হয়৷ আন এজনৰ দিনত একেটা যন্ত্ৰ উপযুক্ত হৈ পৰে। তৃতীয়জনে কয় যন্ত্ৰটো চলাবলৈ কোনো কাৰিকৰী ব্যক্তি নাই৷

এনেবোৰ কাৰণতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মহানগৰৰ বানপানীত খোজকাঢ়িও সমস্যাবোৰ দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে৷

নলা-নৰ্দমা গোটেই বছৰটোতে পৰিষ্কাৰ হৈ থাকিব লাগে৷ জাৱৰ কতো পৰি থাকিব নালাগে৷ গোন্ধাব নালাগে৷ পানীযোগান নিয়মীয়া হ’ব লাগে৷ ৰাস্তা-পদুলিত লাইট জ্বলিব লাগে৷ যান-বাহনৰ জোঁট আমনিদায়ক হ’ব নালাগে৷

যোৱা ছয় বছৰে বিজেপি চৰকাৰখনে এই অত্যন্ত প্ৰয়োজনীয় কামকেইটাকে কৰিব নোৱাৰিলে৷৷