জৈৱিক সম্পদৰ বিলুপ্তি
প্ৰকৃতিৰ ভাৰসাম্য আৰু
খাদ্য নিৰাপত্তালৈ ভাবুকি


Image Description

[প্ৰথম খণ্ড]
নদীৰ গৰাখহনীয়াৰ সৈতে সকলোৱে বিশেষকৈ অসমৰ ৰাইজ পৰিচিত। গৰাখহনীয়াত জাহ যোৱা ভূমিভাগ চিৰদিনলৈ হেৰাই যায়৷

কিন্তু সকলোৰে অলক্ষিতে হৈ থকা তেনে আন এক খহনীয়া হ’ল আমাৰ আপুৰুগীয়া জৈৱিক সম্পদৰ, বিশেষকৈ কৃষিজাত জিন সম্পদৰ বিলুপ্তিকৰণ৷

অসমৰ কৃষি অৰ্থনীতিৰ মেৰুদণ্ড হ’ল ধান। যুগ যুগ ধৰি অসমৰ কৃষকে থলুৱা সঁচৰ ধানৰ খেতি কৰি আহিছে৷ থলুৱাই হওঁক বা উদ্ভাৱন কৰা উন্নত সঁচেই হওঁক, ইবিলাকক বৈজ্ঞানিক পৰিভাষাত জিন সম্পদ বোলা হয়৷ তথ্য অনুসৰি সেউজ বিপ্লৱৰ পূৰ্বে, অৰ্থাৎ ১৯৬০ দশকৰ মাজলৈকে, উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ৭,০০০ বিধ থলুৱা ধানৰ সঁচ আছিল৷ ইয়াৰে বুজন সংখ্যক অসমৰ।

মেনিলাত অৱস্হিত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰত ‘আছাম ৰাইছ কালেকচন’ নামৰ অসমৰ থলুৱা ধানৰ সঁচৰ এটা সংগ্ৰহ সংৰক্ষিত হৈ আছে৷ বিশ্বৰ দৃষ্টিত অসমৰ থলুৱা ধানৰ সঁচ কিমান আপুৰুগীয়, এয়া তাৰেই স্বীকৃতি৷ কিন্তু উদ্বেগৰ বিষয় হ’ল, ইয়াৰ অধিকাংশই বিলুপ্ত হৈছে বা বিলুপ্তিৰ পথত৷

তাতোকৈ আশ্চাৰ্য্যজনক কথা হ’ল যি সেউজ বিপ্লৱৰ বাবে যোৱা অৰ্ধশতিকাৰো অধিক কাল বিশ্বৰ খাদ্য নিৰাপত্তা সুনিশ্চিত হৈ আছে, সেই সেউজ বিপ্লৱেই কেৱল অসমৰে নহয়, বিশ্বৰ কৃষি প্ৰধান অঞ্চলসমূহৰ থলুৱা সঁচসমূহ বিলুপ্তিৰ মুখলৈ ঠেলি দিছে৷

এয়া কেনেকৈ?

সাধাৰণতে ধানৰ বীজৰ অঙ্কুৰণ ক্ষমতা এবছৰলৈ থাকে৷ সেয়ে কৃষকে ধান চপোৱাৰ পাছত পৰৱৰ্তী খেতিৰ বাবে কিছুমান ধান আছুতীয়াকৈ ৰাখে৷ দুবছৰৰ পাছত ধানৰ অঙ্কুৰণ ক্ষমতা বহুলাংশে কমি যায়৷ তিনি বছৰৰ পাছত গজালি ওলোৱা ক্ষমতা প্ৰায় নোহোৱা হয়৷

সেউজ বিপ্লৱৰ সময়ত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে অধিক উৎপাদনত৷ তাৰ বাবে কৃষকক থলুৱা সঁচ বাদ দি অধিক উৎপাদনক্ষম মাত্ৰ কেইবিধমান উন্নত সঁচৰ খেতি কৰিবলৈ উৎসাহিত কৰা হল৷ ফল স্বৰূপে, ১৯৬০ দশকৰ মাজভাগত অসমৰ পথাৰসমূহ শুৱনি কৰি থকা কেবাহাজাৰ থলুৱা ধানৰ সঁচৰ ঠাইত মাত্ৰ চাৰি-পাঁচবিধ পূৰ্বে অপৰিচিত কিন্তু উন্নত সঁচৰ খেতিৰে পথাৰ ভৰি পৰিল৷

এয়া বছৰ বছৰ ধৰি চলি থাকিল৷ অধিক উৎপাদনে দেশ, জনসাধাৰণক খাদ্য নিৰাপত্তা দিলে৷ কৃষকৰ সমৃদ্ধি বৃদ্ধি হ’ল৷ কিন্তু আমাৰ এষাৰ কথা আছে– ‘অতিশ্ৰী হতশ্ৰী’৷ প্ৰায় এক দশকৰ পাছতে কেতবোৰ অবাঞ্চনীয় দিশ দৃষ্টিগোচৰ হ’ল। কিন্তু কেনেকৈ?

১৯৮০ দশকৰ মাজভাগত গৱেষণাৰ বাবে, সংকৰণ প্ৰক্ৰিয়াৰ বাবে অসমৰ কটাৰিভোগ নামৰ থলুৱা ধানৰ সঁচৰ প্ৰয়োজন হৈছিল আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰত৷ কিন্তু বিচাৰি চলাথ কৰিও সেয়া পোৱা নগ’ল৷ বিভিন্ন ঠাইৰ সকলো কৃষকে জনালে যে অধিক উৎপাদনক্ষম উন্নত সঁচৰ খেতি আৰম্ভ কৰাৰ পাছত কেৱল কটাৰিভোগেই নহয়, অন্যান্য থলুৱা সঁচৰ খেতি কৰিবলৈ এৰিলে৷

এনে সময়তে এই কথা পোহৰলৈ আহিল যে কেৱল ধানেই নহয়, বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰধান কৃষিজাত শস্যৰ থলুৱা সঁচসমূহ প্ৰায় নোহোৱা হৈ পৰিছে৷ মেক্সিকো, লেটিন আমেৰিকা, দক্ষিণ ইউৰোপ আদিত ঘেঁহু, গোমধান আদিৰ বহু থলুৱা সঁচ বিলুপ্তি হৈছে। তাৰ অৱশিষ্ট বহু বিলুপ্তিৰ পথত৷

বিজ্ঞানীসকলে এই পৰিঘটনাৰ নাম দিলে ‘জিন সম্পদৰ খহনীয়া’ [জিন ইৰ’চন]৷ প্ৰকৃতিয়ে লক্ষ লক্ষ বছৰ ধৰি প্ৰাকৃতিক বিৱৰ্তনৰ জৰিয়তে কোনো উদ্ভিদ বা প্ৰাণীৰ একোটা নতুন প্ৰজাতি নতুন সঁচৰ সৃষ্টি কৰে৷ সেয়া আনে কৰিব নোৱাৰে৷ ধনৰ বলত, প্ৰযুক্তিৰ বলত মানুহে অসাধ্য সাধন কৰিব পাৰে৷

কিন্তু ধনৰ বলত বিলুপ্ত কোনো প্ৰজাতি বা ধান ঘেঁহু আদিৰ থলুৱা সঁচ ঘূৰাই আনিব নোৱাৰে৷ মানুহৰ কোনো প্ৰযুক্তিয়েই সেয়া উদ্ধাৰ কৰিব নোৱাৰে৷।