’মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে গাদী এৰি দিয়ক' : ২৮ অক্ট'বৰত গুৱাহাটীৰ ৰাজপথত অসম জাতীয় পৰিষদৰ গণ-বিক্ষোভ
আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজভৱন যাত্ৰা: নিৰাপত্তাৰক্ষীৰ গতা খাই মুখেৰে তেজ ওলাল প্ৰতিবাদকাৰীৰ : আৰক্ষীয়ে ডিঙিত চেপি ধৰিলে জাতীয় পৰিষদৰ নেতাৰ : ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান: ২৯ অক্ট'বৰত ৰাজ্যজুৰি প্ৰতিবাদ


Image Description

‘মূল্য বৃদ্ধি ৰোধ কৰক, নহ'লে গাদী এৰি দিয়ক' - এই শ্ল'গানেৰে ২৮ অক্ট'বৰত গুৱাহাটী মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে অসম জাতীয় পৰিষদে৷

পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দলৰ সহস্ৰাধিক কৰ্মীয়ে মহানগৰীৰ টিচি পইন্টৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰি যাওঁতে চাৰিবাৰকৈ আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড ওফৰাই আগবাঢ়ি যায় আৰু ৰাজভৱনৰ সন্মুখত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ পদযাত্ৰা কালত কেইবাঠাইত প্ৰতিবাদকাৰীৰ সৈতে হতাহতিত লিপ্ত হয় আৰক্ষী৷ আৰক্ষীৰ আক্ৰমণত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰায় দুঘন্টজুৰি চলা ঠেলা-হেঁচা, টনা-আজোৰা, খেদাখেদি আৰু সশস্ত্ৰ চিআৰপিএফৰ দ্বাৰা ৰচনা কৰা বেহু ভাঙি ৰাজভৱনত উপস্থিত হোৱা দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ প্ৰতিনিধি দলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰে৷

উল্লেখযোগ্য যে খাদ্য সামগ্ৰীৰ পৰা ঔষধলৈ তথা পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সামগ্ৰীলৈ সকলোতে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি তুলিছে৷ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতাত থকা বিজেপি দলৰ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি নিজৰ স্বাৰ্থান্বেষী কাম-কাজেৰে মূল্যবৃদ্ধি হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ অৰিহণা যোগাই আহিছে৷

অসম জাতীয় পৰিষদে চৰকাৰৰ এনে জনবিৰোধী কাৰ্য্যৰ প্ৰতিবাদত তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ৰাজভৱনলৈ গণ-বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণৰ এই কাৰ্য্যসূচী হাতত লয়৷

সেইমৰ্মে ২৮ অক্ট'বৰৰ দিনৰ ১২ বজাত গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাব টিচি স্কুল পইন্টত দলৰ সহস্ৰাধিক নেতা-কৰ্মী সমৱেত হয়৷ সমৱেত প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে বাহৰ বেৰিকেড স্থাপন কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি নিবলৈ বহুকেইখন চিটি বাছ সাজু কৰি আনে৷ প্ৰথমে তেওঁলোকে আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে বাধা দিয়ে আৰু তাতেই মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত তথা চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিয়ে৷ এনেদৰে বেৰিকেডৰ সন্মুখত ৰৈ কিছু সময় শ্ল'গান দি প্ৰতিবাদকাৰীসকলে আচম্বিতে পথ সলনি কৰি বিপৰীত দিশে অগ্ৰসৰ হ'বলৈ ধৰে৷

আৰক্ষী-নিৰাপত্তাৰক্ষীসকলে এই কৌশল ধৰিব নোৱাৰি ছেদেলি-ভেদেলি হৈ পৰে আৰু এই সুযোগতে দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিপৰীত দিশৰ বেৰিকেড ভাঙি গুৱাহাটী ক্লাব-বাৰোৱাৰী পথেৰে ৰাজভৱনলৈ উদ্দেশ্যি পদযাত্ৰা আৰম্ভ কৰে৷

ৰাজভৱনলৈ যাত্ৰা কৰা পথত আৰক্ষীয়ে চাৰিটা পৃথক স্থানত বেৰিকেড বহুৱায় যদিও প্ৰতিবাদকাৰীসকলে আটাইকেইটা বেৰিকেড ভেদ কৰি ৰাজভৱনৰ সন্মুখত উপস্থিত হয়৷ বেৰিকেড ভেদ কৰিবলৈ যোৱা প্ৰতিবাদকাৰীক বাধা দিবলৈ যোৱা আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ কেইবাঠাইত ঠেলা-হেঁচা আৰু হতাহতিৰ সৃষ্টি হয়৷ বেৰিকেড অতিক্ৰম কৰি আগবাঢ়ি যোৱা প্ৰতিবাদকাৰীক ৰখাবলৈ কেইবাঠাইত আৰক্ষীয়ে তেওঁলোকক খেদি যায় যদিও ব্যৰ্থ হয়৷

আনহাতে সমদলকাৰীক বাধা দিয়াৰ নামত অসম আৰক্ষী সেৱাৰ এগৰাকী বিষয়াই অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰীৰ ডিঙিত চেপি ধৰি আঁচোৰাৰ ফলত বসুমতাৰীৰ ডিঙিৰ ছাল ফাটি তেজ নিৰ্গত হয়৷ জাতীয় যুৱ শক্তিৰ কামৰূপ মহানগৰ সমিতিৰ মুখ্য আহ্বায়ক জিন্টু ডেকাৰ বুকুত এগৰাকী আৰক্ষীয়ে গতা মাৰি দিয়াৰ ফলত ডেকাৰ মুখেৰে তেজ ওলাই আহে৷ আহত ডেকাক পিছত আৰক্ষীয়ে মহেন্দ্ৰমোহন চৌধুৰী হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ তদুপৰি গীতা ৰাভা নামৰ আন এগৰাকী দলীয় সদস্য আৰক্ষীৰ আক্ৰমণত আহত হয়৷

এনেদৰে ঠেলা-হেঁচা, টনা-আজোৰা, খেদাখেদিৰে প্ৰায় ডেৰ কিল'মিটাৰ পথ এঘন্টা সময় পদযাত্ৰা কৰি প্ৰতিবাদকাৰীসকল ৰাজভৱনৰ সন্মুখত উপস্থিত হয় আৰু তাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰি লতাশিল থানালৈ লৈ যায়৷

আনহাতে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ৰাজভৱনলৈ গৈ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ হাতত স্মাৰকপত্ৰ অৰ্পণ কৰে৷ দলটিৰ সভাপতিৰ লগতে কাৰ্য্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু উপসভাপতি মিল্টন কুইয়াৰে গঠিত প্ৰতিনিধি দলটোৱে ৰাজ্যপালক প্ৰদান কৰা স্মাৰকপত্ৰখনত অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে কেনেকৈ জনজীৱন বিপন্ন কৰি তুলিছে তাৰ বৰ্ণনা দিয়াৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ হকে চৰকাৰখনে যে একো ব্যৱস্থা গ্ৰহণ কৰা নাই সেই কথা উল্লেখ কৰি সেয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা ল'বলৈ দাবী জনায়৷

আৰক্ষীৰ আক্ৰমণক গৰিহণা: ২৯ অক্ট'বৰত ৰাজ্যজুৰি গণ
বিক্ষোভ সাব্যস্ত

২৮ অক্ট'বৰত অসম জাতীয় পৰিষদৰ গণ-বিক্ষোভ কাৰ্য্যসূচীত ভাগ লোৱা প্ৰতিবাদকাৰীক আৰক্ষীৰ লোকে আক্ৰমণ কৰি আহত কৰা ঘটনাক দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই গৰিহণা দিয়ে৷ নেতাদ্বয়ে কয় যে ৰাইজৰ জীৱন-জীৱিকাৰ সৈতে জড়িত বিষয়ক লৈ প্ৰতিবাদ কৰিবলৈ যোৱা লোকৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰা কাৰ্য্যত চৰকাৰখনৰ মন-মানসিকতা প্ৰতিফলিত হৈছে৷ যিসময়ত অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ বাবে চকুৰে ধুঁৱলি-কুঁৱলি দেখিছে, তেনে সময়ত অসমৰ মুখ্য মন্ত্ৰীকে ধৰি সমগ্ৰ মন্ত্ৰীমণ্ডল ভোট বিচৰাৰ নামত বহুৱালি কৰাত ব্যস্ত৷

ৰাইজৰ দুৰ্দশাই তেওঁলোকৰ অন্তৰ চুব পৰা নাই৷ এনে এখন চৰকাৰৰ আচলতে ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই৷ একমাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰা আৰু দলৰ শক্তি বৃদ্ধি কৰাটো বিজেপি দল আৰু তেওঁলোকৰ চৰকাৰৰ যে একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য সেই কথা লুকাই থকা নাই৷ চৰকাৰখনৰ এনে স্বাৰ্থান্বেষী আৰু ফেচীবাদী কাৰ্য্যৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় দিয়াৰ সময় আহি পৰিছে বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷

আনহাতে ২৯ অক্ট'বৰত সমগ্র ৰাজ্যৰ জিলা সদৰসমূহত অসম জাতীয় পৰিষদৰ সদস্যসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত গণ-বিক্ষোভ কাৰ্য্যসূচী পালন কৰাৰ লগতে ২৮ অক্ট'বৰৰ আৰক্ষী নিৰ্যাতনৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।