বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৮
বঙ্গীয়মূলৰ মুছলমানৰ অসমীয়া জাতিসত্তাত আত্মলীন হোৱাৰ প্ৰক্ৰিয়া


Image Description

উনৈছ শতিকাৰ শেষাৰ্ধৰ পৰা অসমলৈ বঙ্গমূলীয় মুছলমানৰ প্ৰব্ৰজন আৰম্ভ হয় যদিও বিংশ শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকত ই প্ৰৱল ৰূপ ধাৰণ কৰে । সেই সময়ৰ বিশ্বৰ অন্যতম শক্তিশালী ব্যাৱসায়িক গোষ্ঠী ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ ঔপনিৱেশিক অৰ্থনীতিৰ প্ৰয়োজনত বঙ্গৰ কৃষকক অসমলৈ প্ৰব্ৰজনৰ বাবে উৎসাহিত কৰা হৈছিল ।

১৯০৪ চনত ছাৰ এ ফ্ৰেজাৰে এটা টোকাত উল্লেখ কৰিছিল, 'বঙ্গ অতি ঘন বসতিপূৰ্ণ ঠাই আৰু পূৰ্ব বঙ্গ হ’ল আটাইতকৈ বেছি ঘন বসতিপূৰ্ণ অংশ ; ইয়াক সম্প্ৰসাৰণ কৰা প্ৰয়োজন আৰু ইয়াক কেৱল পূবফাললৈহে সম্প্ৰসাৰিত কৰিব পাৰি । গতিকে জাতীয় উন্নয়নত বাধা দিয়াৰ পৰিৱৰ্তে আমি এইটো কৰি অধিক সুবিধাহে আগবঢ়াইছোঁ আৰু বঙ্গক অসমখন সামৰি ল'বলৈ সমৰ্থবান কৰিছোঁ ।' ইয়াৰ বিপৰীতে অসমৰ জনসংখ্যাৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যা আছিল যথেষ্ট পাতল, ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ অৰ্থনৈতিক স্বাৰ্থপূৰণৰ অন্তৰায় আছিল অসমৰ পাতল জনসংখ্যা ।

আহোম যুগৰ শেষৰফালে সংঘটিত হোৱা মোৱামৰীয়া প্ৰজা বিদ্ৰোহ, মানৰ আক্ৰমণ আৰু দুটা সৰ্বনাশীয়া ভূমিকম্পৰ বাবে সেই সময়ৰ অসমৰ জনসংখ্যা অভাৱনীয়ভাৱে কমি গৈছিল । মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম শাসনাধীন ৰাজ্যখনৰ জনসংখ্যা ২৫ লাখ আছিল । মানৰ আক্ৰমণেও ইয়াক কমাই একেবাৰে ৮ লাখলৈ নমাই আনিছিল । ১৮৭১-৭২ চন পৰ্য্যন্ত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যা আছিল সোঁতৰ লাখতকৈ সামান্য বেছি ।

সেই কাৰণেই বৃটিছ অনুগত অসমীয়া নৱশিক্ষিতেও প্ৰব্ৰজনক আদৰণি জনাইছিল । গুণাভিৰাম বৰুৱাই অসমত দহ লাখ বহিৰাগতক সংস্থাপিত কৰাৰ হকে মত প্ৰকাশ কৰিছিল । সেই সময়ৰ অখণ্ড ভাৰতত প্ৰব্ৰজনকাৰী বহিৰাগতহে আছিল, বিদেশী নাছিল । বিদেশী আছিল ঔপনিৱেশিক বৃটিছহে ।

বঙ্গমূলীয় মুছলমানসকল যি সময়ত স্ব-গৃহভূমি ত্যাগ কৰি অসমলৈ প্ৰব্ৰজন আৰম্ভ কৰিছিল, সেই সময়ত তেওঁলোক আছিল নিঃস্ব কৃষক। বঙ্গৰ বাঙালী জাতীয়তাবোধে তেওঁলোকক মুঠেই স্পৰ্শ কৰিব পৰা নাছিল । অক্ষৰ পৰিচয় নাছিল বুলিলেই হয় । খেতিৰ হিচাপ কিতাপৰ বাবে গণিতৰ প্ৰয়োজনতকৈ সাধাৰণ ব্যাৱহাৰিক বুদ্ধিমত্তাৰহে প্ৰয়োজন আছিল । নামাজ শিকিবলৈ মোল্লাৰ পৰা কেইটামান কোৰাণৰ ছুৰা বা আয়াত আৰু আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কেইটামান দোৱা মুখস্থ কৰিব পাৰিলেই হ’ল । ভাসানীৰ মৌলানা আব্দুল খান, মতিউৰ ৰহমান মিঞাকে ধৰি মুষ্টিমেয় দুই এজনৰ মাতৃভাষা বাঙালী ভাষাৰ প্ৰতি আনুগত্য আছিল । কিন্তু তেওঁলোকেও ভাষাৰ ক্ষেত্ৰত আনসকলক বিশেষ প্ৰভাৱিত কৰিবলৈ সক্ষম হোৱা নাছিল ।

দেশ বিভাজনৰ পাছত মুছলিম লীগৰ নেতা আব্দুল হামিদ খান পূৱ পাকিস্থানলৈ উভতি গৈছিল । পূব পাকিস্থানত আব্দুল হামিদ খান, শ্বেখ মুজিবৰ ৰহমানকে আদি কৰি বাঙালীভাষী মুছলিম লীগ নেতাসকল উৰ্দুভাষী পশ্চিম পাকিস্থানীৰ লগত সৰ্বক্ষেত্ৰতে প্ৰচণ্ড সংঘাতলৈ আহিবলগীয়া হৈছিল । মুছলিম লীগ ত্যাগ কৰি তেওঁলোকে আৱামী লীগত যোগদান কৰিছিল ।

অসমত বঙ্গমূলীয় মুছলমান প্ৰব্ৰজনকাৰীৰ মাজত এটা শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি নোহোৱা পৰ্য্যন্ত তেওঁলোকৰ মনত জাতীয়তাবোধৰ জন্ম সম্ভৱ নাছিল । সেয়ে তেওঁলোকৰ মন বাঙালী জাতীয়তাবাদী চিন্তাচৰ্চাৰ পৰা মুক্ত আছিল । সকলোৰে ভোকৰ কাঁহীত ভাতমুঠিৰ যোগান ধৰা জনগোষ্ঠীটোৰ অৰ্থনৈতিক শ্ৰেণী পৰিচয়ৰ ব্যতিৰেকে আন পৰিচয় নাছিল বুলিলেই হয় । কিন্তু তেওঁলোক নিজে আকৌ মুঠেই শ্ৰেণীসচেতন নাছিল । ফলত ধৰ্মীয় পৰিচয় সত্তাৰ বীভৎস ৰাজনীতিত ক্ৰীড়াংকনত পৰিণত হ’বলগীয়া হৈছিল বাৰে বাৰে । পতিত দ মাটিত দেহৰ ঘাম আৰু তেজ ঢালি অসমত তেওঁলোকে এক সুকীয়া পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হ’ল । অসমীয়া জাতীয় সত্তাৰ লগত বিলীন হোৱাৰ সচেতন সিদ্ধান্তৰ দ্বাৰা জনগোষ্ঠীটোৱে আন এক মৰ্য্যাদা অৰ্জন কৰিলে ।

অসমলৈ প্ৰব্ৰজনৰ পিছত অসমীয়াৰ সংস্পৰ্শলৈ আহি শিক্ষাৰ প্ৰয়োজনীয়তা তেওঁলোকে প্ৰথম উপলদ্ধি কৰিলে। বাংলা অক্ষৰ পৰিচয়ৰ পৰা বঞ্চিত, জাতীয়তাবাদী আবেগৰ পৰা মুক্ত বঙ্গমূলীয় মুছলমানে অসমীয়া ভাষাত শিক্ষা আহৰণৰ ক্ষেত্ৰত কোনো সংকোচ বা বাধা নাথাকিল ।

মহাপুৰুষ শঙ্কৰদেৱে যিখন উদাৰ আৰু সহনশীল অসমীয়া জাতীয় জীৱনৰ ভেটি স্থাপন কৰি থৈ গৈছিল তাত স্থান লাভ কৰিছিল মুছলমান চান্দ সাঁই । সুদূৰ বাগদাদৰ পৰা অসমলৈ অহা আজান ফকীৰে তেনে এখন উদাৰ সমাজৰ পৃষ্ঠপোষকতা লাভ কৰি অসমীয়া সাঃস্কৃতিক বৰ্ণাঢ্য আৰু সমৃদ্ধ কৰিবলৈ সক্ষম হৈছিল । প্ৰথম প্ৰজন্মৰ প্ৰব্ৰজনকাৰী ওচমান আলী সদাগৰে ১৯০২ চনতে নগাওঁ জিলাৰ আলী টাঙনিত এখন মোক্তাব স্থাপন কৰিছিল, য’ত ওচমান আলী সদাগৰৰ অনুৰোধত বৰদোৱা সত্ৰৰ পণ্ডিত মহেন্দ্ৰ চন্দ্ৰ মহন্তদেৱে অসমীয়া ভাষা শিকাইছিল ।

(পৰৱৰ্তী অংশত –অসমীয়ায়ো আকোঁৱালি লৈছিল।)