গুণোৎসৱৰ বিপৰীতে


Image Description

২০১৭ চনৰ পৰা চৰকাৰী বিদ্যালয়ত চৰকাৰে গুণোৎসৱ আয়োজন কৰি আহিছে। সেই বছৰ নাওবৈচাৰ এটা খণ্ডত বানেশ্বৰী গগৈ বাইদেউসহ আমাকো খণ্ড পৰ্য্যায়ৰ তদাৰককাৰী সদস্য হিচাপে দায়িত্ব দি জানুৱাৰী মাহৰ ৫,৬ আৰু ৭ তাৰিখ নিৰ্ধাৰণ কৰি দিছিল। সেই কামৰ বাবে আমাক অলপ মাননীও দিছিল।

আমি আমাৰ খণ্ডত পৰা বিদ্যালয়সমূহ তদাৰক কৰি বহুকেইখনত যি দৃশ্য দেখিলোঁ, তাক বৰ্ণনা কৰিবলৈকো ভাষা নাছিল। কোনোবাখনত শিক্ষক আছে ছাত্ৰ-ছাত্ৰী নাই; কোনোবাখনত ছাত্ৰ-ছাত্ৰী আছে, শিক্ষক নাই; কোনোবাখনত চাল-বেৰৰ অৱস্থা তথৈবচ; কোনোবাখনত এজন শিক্ষকে অকলে ২/৩ টা শ্ৰেণী চম্ভালি শিক্ষাদানৰ কৰ্ম চলাই আছে। কোনোবাখনত শ্ৰেণী কোঠাৰ অভাৱত স্কুলৰ সন্মুখত থকা গছৰ তলত পাঠ দান চলিছে।

ছাত্ৰ-ছাত্ৰীসকলৰ খোৱাপানী, পেচাব-পায়খানাৰ ব্যৱস্থা তথৈবচ। কোনোবাখনত পেচাব-পায়খানাৰ কোনো ব্যৱস্থা নাই। কিন্তু গুণোৎসৱৰ নামত প্ৰতিখন বিদ্যালয়ে নিজৰ সামৰ্থ্য অনুসৰি কিবা এটা কৰি দেখুৱাবলৈ কষ্ট কৰিছে, কৰিছে অপ্ৰাণ চেষ্টা।

বিদ্যালয়সমূহ তদাৰক কৰাৰ পিছত আমি লিখিত প্ৰতিবেদন যোগে শিক্ষা বিষয়াজনক সবিশেষ তথ্য জনাইছিলোঁ। কিন্তু বিশেষ কি ফল ধৰিলে, তাক গম নাপালোঁ।

এনেকৈ গুণোৎসৱ পাতি সময় আৰু চৰকাৰৰ ধন অযথা ব্যয় হোৱাৰ বিপৰীতে আন একো লাভ হোৱা নাই। চৰকাৰী বিদ্যালয়সমূহত দশম শ্ৰেণীৰ ফলাফলে তাৰ প্ৰমাণ দি আহিছে। দশম শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত কেইবাখনো বিদ্যালয়ৰ শিক্ষকে জনাইছিল যে বিভিন্ন চৰকাৰী আঁচনি, যেনে, লোকপিয়ল, অৰ্থনৈতিক লোকপিয়ল আদি চৰকাৰী বিভিন্ন কাম ৰূপায়ণৰ বাবে শিক্ষকক নিয়োগ কৰাৰ বাবে পাঠদানৰ ক্ষেত্ৰত বহুত অসুবিধাই দেখা দিয়ে।

এতিয়া ক'ব বিচাৰিছোঁ… এইবোৰ অযথা পৰিশ্ৰম কৰাতকৈ গুণোৎসৱৰ নামত খৰচ কৰা ধন, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কামত খৰচ কৰক, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়ক; শিক্ষকক কেৱল শিক্ষাদানতে আত্মনিয়োগ কৰিবলৈ দিয়ক। অন্যথা গুণোৎসৱৰ দ্বাৰা যে শিক্ষাৰ মান উন্নত নহয়, ই ধুৰূপ।

তদুপৰি শিক্ষকক চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত নিয়োগ কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত কৰি ৰখাৰ বিনিময়ত গুণোৎসৱ পাতি অনাগত ভৱিষ্যতৰ কি সু-ফলাফল কামনা কৰে, সেয়া বিভাগীয় কৰ্তৃপক্ষইহে জানে। কিন্তু চৰকাৰী বিদ্যালয়ত এনে গুণোৎসৱে যে দেশ তথা শিক্ষাজগতৰ উন্নতি সাধন কৰিব নোৱাৰে, ই ধুৰূপ।।