ভাৰতীয় সংসদীয় গণতন্ত্ৰত বিজেপিৰ আধিপত্য আৰু কিমান দিন?


Image Description

(২৩ ফেব্ৰুৱাৰী সংখ্যাৰ পৰা)

কংগ্ৰেছৰ কেন্দ্ৰীয় স্তৰৰ যিসকল নেতাই হিন্দু মহাসভা আৰু মুছলীম লীগৰ কেন্দ্ৰীয় নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল তাৰ এখন তালিকা দিয়া হ’ল।

তালিকা ১

পণ্ডিত মদন মোহন মালব্য

কংগ্ৰেছৰ সভাপতি হোৱা সময়বোৰ হ'ল:

২৭/০১/১৯০৯ - ২৬/১২/১৯১০

২৬/১২/১৯১৮ - ২৭/১২/১৯১৯

২৪/০৪/১৯৩২- ০১/০৪/১৯৩৩

২৩/০৪/১৯৩২ তাৰিখে বৃটিছ পুলিছে আটক কৰি কাৰাগাৰত নিক্ষেপ কৰে। ০১/০৪/১৯৩৩ তাৰিখেও পুলিছে আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

হিন্দু মহাসভাৰ সভাপতি হোৱা সময়বোৰ হ'ল:

৩০/৩/১৯১৫ - ২৫/১২/১৯১৮

১৯/৮/১৯২৩ - ২৬/১২/১৯২৪

২৭/১২/১৯২৪ - ১০/০৪/১৯২৫

২৮/০৪/১৯২৬ - ১৫/০৪/১৯২৭

২৯/১২/১৯২৭ - ০৭/০৪/১৯২৮

২৯/১২/১৯৩৫ - ২০/১০/১৯৩৬

লালা লাজপাত ৰায়

কংগ্ৰেছৰ সভাপতি হোৱা সময়:

০৪/০৯/১৯২০ - ২৬/১২/১৯২০

হিন্দু মহাসভাৰ সভাপতি হৈছিল:

১১/০৪/১৯২৫ - ২৮/১২/১৯২৫

২৯/১২/১৯২৫ - ২৮/০২/১৯২৬

চক্ৰৱৰ্তী বিজয়াৰাঘবচাৰিয়াৰ (কংগ্ৰেছ দলৰ সংবিধান খচৰা সমিতিৰ সদস্য তথা প্ৰণেতা ১৮৮৭)

কংগ্ৰেছৰ সভাপতি হৈছিল:

২৬/১২/১৯২০ - ২৭/১২/১৯২১

হিন্দু মহাসভাৰ সভাপতি:

০২/০৮/১৯৩১ - ২৩/০৯/১৯৩২

শিৱ প্ৰসাদ গুপ্তা

কংগ্ৰেছৰ কোষাধ্যক্ষ

০২/০১/১৯২৯ - ২৯/১২/১৯২৯

০১/০১/১৯৩০ - ৩০/১০/১৯৩৪

হিন্দু মহাসভাৰ

কোষাধ্যক্ষ আছিল:

মুছলীম লীগৰ

হাকিম আজমল খাঁ

কংগ্ৰেছৰ সভাপতি হৈছিল:

২৭/১২/১৯২১ - ২৬/১২/১৯২২

হিন্দু মহাসভাৰ সভাপতি:

২৯/১২/১৯১৯ - ০৬/০৯/১৯২০

১৯১৮ চনৰ দিল্লীত অনুস্থিত কংগ্ৰেছ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি

ডাঃ মুখতাৰ আহমেদ আনচাৰি

কংগ্ৰেছৰ সভাপতি

২৭/০৫/১৯২৩ - ১০/০৭/১৯২৩

(অস্থায়ী)

২৬/১২/১৯২৭ - ২৯/১২/১৯২৮

২৬/০৮/১৯৩০ - ২৭/০৮/১৯৩০

(ভাৰপ্ৰাপ্ত সভাপতি)

০৫/০১/১৯৩২ - ০৮/০১/১৯৩২

(ভাৰপ্ৰাপ্ত সভাপতি)

সাধাৰণ সম্পাদক, কংগ্ৰেছ

০১/০১/১৯২০ - ২৬/১২/১৯২২

২৮/১২/১৯২৫ - ২৫/১২/১৯২৭

০২/০১/১৯২৯ - ২৯/১২/১৯২৯ লৈকে কংগ্ৰেছৰ ৫ বাৰ সাধাৰণ সম্পাদক।

মুছলীম লীগৰ সভাপতি হৈছিল:

৩০/১২/১৯২০ - ২৯/১২/১৯২১

১৯২৩ চনৰ দিল্লীত অনুস্থিত

কংগ্ৰেছৰ বিশেষ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি।

উল্লেখযোগ্য যে ১৯০৯ চনৰ ২৭ জানুৱাৰী তাৰিখে ছাৰ জন ম'ৰ্লেৰ ওচৰত মুছলিমৰ বাবে সুকীয়া নিৰ্বাচক মণ্ডলী আৰু বিধান পৰিষদত আসন সংৰক্ষণ বিচাৰি চৈয়দ আমিৰ আলিৰ (মুছলিম লীগ বৃটিছ শাখাৰ সভাপতি) নেতৃত্বত স্মাৰক-পত্ৰ দিবলৈ যোৱা মুছলিম লীগৰ ৯ জনীয়া প্ৰতিনিধি দলৰ অন্যতম সদস্য আছিল। তথাপিও কংগ্ৰেছে তেওঁক বৰপীৰা পাৰি দিছিল।

মহম্মদ আলি

কংগ্ৰেছ সভাপতি আছিল:

২৮/১২/১৯২৩ - ২৬/১২/১৯২৪

মুছলিম লীগৰ সভাপতি:

৩০/১২/১৯১৭ - ৩০/০৮/১৯১৮

গোলাম মহম্মদ খান ভুৰ্গৰি

কংগ্ৰেছৰ সাধাৰণ সম্পাদক

২৯/১২/১৯১৭ - ২৯/৮/১৯১৮

মুছলিম লীগৰ সভাপতি:

৩১/০৩/১৯২৩ - ২৩/০৫/১৯২৪

ইয়াৰ আগতে গোলাম মহম্মদে কেইবাবাৰো মুছলিম লীগৰ সাধাৰণ সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

আবুল কাছেম ফজলুল হক

কংগ্ৰেছৰ সাধাৰণ সম্পাদক

৩১/১২/১৯১৮ - ২৭/১২/১৯১৯

মুছলিম লীগৰ সভাপতি

৩০/১২/১৯১৮ - ২৮/১২/১৯১৯

পিছলৈ অবিভক্ত বঙ্গৰ প্ৰথম প্ৰধান মন্ত্ৰী, পূব বঙ্গৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্যপাল তথা পাকিস্থানৰ আভ্যন্তৰীণ মন্ত্ৰী একে সময়তে মুছলিম লীগ আৰু কংগ্ৰেছৰ দ্বৈত পদত কাৰ্য্যনিৰ্বাহ কৰিছিল।

তছদ্দুক আহমেদ খান শ্বেৰৱানী

কংগ্ৰেছৰ সাধাৰণ সম্পাদক

১০/০৭/১৯২৩ - ২৮/১২/১৯২৩

মুছলিম লীগৰ কেন্দ্ৰীয় নেতা

ড০ চৈফউদ্দীন কিটচেল’

কংগ্ৰেছৰ সাধাৰণ সম্পাদক

০১/০১/১৯২৪ - ২৬/১২/১৯২৪

মুছলিম লীগৰ কেন্দ্ৰীয় নেতা

শ্বুয়েব কুৰেশ্বী

কংগ্ৰেছৰ সাধাৰণ সম্পাদক

২৭/১২/১৯২৪ - ২৬/১২/১৯২৫

২৮/১২/১৯২৭ - ২৯/১২/১৯২৮

মুছলিম লীগৰ কেন্দ্ৰীয় নেতা

মিয়ান মহম্মদ হাজি জান চোতানী

কংগ্ৰেছৰ কোষাধ্যক্ষ (কংগ্ৰেছৰ প্ৰথম কোষাধ্যক্ষ যমুনা লাল বাজাজৰ সৈতে যুটীয়াভাৱে, কেইবাবাৰো )

০১/০১/১৯২১ - ৩০/০৭/১৯২১

২৮/১২/১৯২১ - ২৬/১২/১৯২২

৩১/১২/১৯২২ - ২৭/০৫/১৯২৩

মুছলিম লীগৰ সাধাৰণ সম্পাদক তথা কোষাধ্যক্ষ

মহম্মদ ওমৰ সোভানী

কংগ্ৰেছৰ কোষাধ্যক্ষ

৩০/০৭/১৯২১ - ২৭/১২/১৯২১

২৮/০৫/১৯২৩ - ১০/০৭/১৯২৩

মুছলিম লীগৰ সম্পাদক, কোষাধ্যক্ষ আৰু কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য কেইবাবাৰো।

তালিকাখনলৈ চকু ফুৰালে দেখা যায় যে কংগ্ৰেছ দলে মুছলিমৰ সমৰ্থন আদায় কৰা স্বাৰ্থত কংগ্ৰেছত থকা মুছলমান নেতাৰ ক্ষেত্ৰত অতি নমনীয়া দৃষ্টিভঙ্গী গ্ৰহণ কৰিছিল আৰু হিন্দু মহাসভাৰ নেতাসকলৰ এই অভিযোগ সত্যৰূপে প্ৰমাণ হৈছিল। বঙ্গ আৰু দিল্লীৰ অতি প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ মুছলমান নেতাদ্বয় এ.কে. ফজলুল হক আৰু ডাঃ মুখটাৰ আহমেদ আনচাৰিক মুছলিম লীগৰ সভাপতিৰ দায়িত্বত থকাৰ সময়তে কংগ্ৰেছৰ অতি গুৰুত্বপূৰ্ণ পদবী সাধাৰণ সম্পাদকৰ দৰে পদত অধিষ্ঠিত কৰিছিল।

সেইদৰে কংগ্ৰেছৰ ভিতৰত থকা হিন্দুত্ববাদী নেতাসকল আৰু উচ্চ বৰ্ণৰ হিন্দু নেতাসকলৰ সমৰ্থনত প্ৰাদেশিক কংগ্ৰেছৰ সমৰ্থন লৈ পণ্ডিত মালব্যই চাৰিবাৰকৈ কংগ্ৰেছৰ সভাপতিৰূপে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল। অৱশ্যে পণ্ডিত মালব্যৰ ব্যক্তিত্ব আৰু অৱদান সেই সময়ৰ কংগ্ৰেছৰ অন্য নেতাৰ তুলনাত যথেষ্ট উচ্চ খাপৰ আছিল।

১৯১৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি আৰু ভাৰতৰ এখন অতি আগশাৰী ইংৰাজী দৈনিক বাতৰি কাকত 'দ্য হিন্দুস্তান টাইমছ'ৰ ব'ৰ্ডৰ পৰিচালন অধ্যক্ষ হিচাবে (১৯২৪-১৯৪৬) কাৰ্য্যনিৰ্বাহ কৰাৰ সূত্ৰে তেওঁৰ প্ৰভাৱ অপৰিসীম আছিল। বৃটিছ চৰকাৰেও মালব্যক এজন নামজ্বলা উকীল আৰু প্ৰখ্যাত শিক্ষাবিদ আৰু ৰাজনীতিক হিচাপে যথেষ্ট সমীহ কৰিছিল।

ভাৰতৰ স্বাধীনতা সংগ্ৰামতো মালব্যৰ যথেষ্ট অৱদান আছিল যদিও বহু সময়ত কংগ্ৰেছৰ ঘোষিত কাৰ্য্যসূচীৰ বিপক্ষে মালব্যই অৱস্থান কৰিছিল আৰু বৃটিছ শাসকৰ প্ৰতি অলপ নৰম দৃষ্টিভঙ্গী গ্ৰহণ কৰিছিল। তথাপিতো কংগ্ৰেছে তেওঁক উলাই কৰিব পৰা নাছিল। মালব্যৰ ইউনাইটেড প্ৰভিন্সকে (এতিয়াৰ উত্তৰ প্ৰদেশ) আদি কৰি সমগ্ৰ উত্তৰ আৰু পশ্চিম ভাৰতৰ হিন্দী বলয়টোৰ হিন্দুৰ মাজত পৰিচিত আৰু প্ৰভাৱ দুয়োটাই আছিল।

যি কি নহওঁক, ভাৰতৰ মাটিত হিন্দুত্ববাদৰ গছপুলিটো ৰোপণ কৰাত আৰু প্ৰাকস্বাধীনতা কালতেই ইয়াক ৰাজনৈতিকভাৱে লালন-পালন কৰি ডাঙৰ-দীঘল কৰাত মালব্যৰ আৱদান আটাইতকৈ বেছি বুলি ক'লেওঁ হয়তো বঢ়াই কোৱা নহ’ব। তেখেতৰ অৱদানৰ বাবেই আজি ভাৰতৰ হিন্দুত্ববাদীসকলে ক্ষমতাৰ ভোগ দখল কৰিবলৈ সক্ষম হৈছে।

সেই সুবাদতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতালৈ আহিয়ে ২০১৫ চনত তেওঁৰ মৃত্যুৰ ৬৯ বছৰৰ পিছত মৰনোত্তৰভাৱে ভাৰত ৰত্নৰে বিভূষিত কৰি তেওঁৰ অৱদানক স্বীকৃতি দিছিল। ভাৰত ৰত্ন দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰূপে প্ৰতিষ্ঠাৰ আগতেই মৃত্যুবৰণ কৰা আৰু দেশৰ স্বাধীনতাৰ আগতে মৃত্যু হোৱা লোকক এই সন্মান প্ৰদান কৰাটো কিমান সমীচিন হৈছে সেই কথা সময়ত ইতিহাসে নিৰূপণ কৰিব।

এটা ৰাজনৈতিক ভাৱধাৰা প্ৰৱৰ্তন কৰাত আগভাগ লোৱা এজন নেতাক সেই ভাৱাদৰ্শৰ চৰকাৰ শাসনলৈ অহাৰ পিছত স্বীকৃতি দিয়াটো একো ডাঙৰ কথা নহয় যদিও মালব্য হৈছে স্বাধীনতাৰ আগতে মৃত্যুবৰণ কৰা এই সন্মান পোৱা একমাত্ৰ লোক। কেতিয়াবা এই কথাৰ আচিলা লৈ ভৱিষ্যতে সম্ৰাট আশোক, স্বামী বিবেকানন্দ, ছত্ৰপতি শিৱাজী আৰু আমাৰ অসমমূলকৰ লাচিত বৰফুকন আদিক হিন্দুত্ববাদৰ প্ৰতীকৰূপে ভাৰত ৰত্নৰে বিভূষিত নকৰিলেই ৰক্ষা! এই লেখাত ভাৰত ৰত্নৰ বিতৰ্ক উদ্দেশ্য নহয় যদিও কথাখিনি প্ৰাসঙ্গিক কাৰণেই লিখিলোঁ।।

(আগলৈ)