শিক্ষাৰ নবদ্বীপ নলবাৰী


Image Description

চিৰ সেউজীয়া অসমৰ বুকুত মহাবাহু লুইতৰ উত্তৰপাৰে অৱস্থিত ঐতিহ্যপূৰ্ণ সংস্কৃত শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰী। ভাৰতীয় ভাষা, সংস্কৃতি শিক্ষা, সভ্যতাৰ মাতৃ স্বৰূপা সংস্কৃত ভাষা। সেই সময়ত নলবাৰী অঞ্চলৰ প্ৰায় ২৫খন টোলত ছাত্ৰসকলক গুৰুকুল পদ্ধতিৰে শিক্ষাদান কৰা হৈছিল। ভাৰতত সেই সময়ত থকা ৭৫খন সংস্কৃত টোলৰ ভিতৰত ২৫খন নলবাৰী অঞ্চলতে আছিল বুলি জনা যায়।

অতীতৰ পৰা সংস্কৃত ভাষাৰ চৰ্চাৰ প্ৰাণকেন্দ্ৰ আছিল কাশী। সংস্কৃত ভাষা চৰ্চাৰ আন এক কেন্দ্ৰস্থলী আছিল পশ্চিম বংগৰ নবদ্বীপ। অসমৰ নলবাৰীয়ে সেইদৰে সংস্কৃত শিক্ষাৰ, সংস্কৃত ভাষা চৰ্চাৰ ক্ষেত্ৰত একে সময়েত এক কেন্দ্ৰবিন্দুৰ ভূমিকা পালন কৰি আহিছে। সেইবাবেই হয়েতা নলবাৰী শিক্ষাৰ নবদ্বীপ স্বৰূপে বিখ্যাত হয় আৰু আজিও শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰগণী ভূমিকা পালন কৰিছে।

নলবাৰী ৰত্নগৰ্ভা। সপ্তদশ শতিকাত নলবাৰী অঞ্চলৰ গোবিন্দ মিশ্ৰই পদগীতা ৰচনা কৰিছিল। ঠিক সেইদৰে খুদীয়া সত্ৰৰ গোপাল মিশ্ৰই ঘোষাৰত্ন পুথি, মহাভাৰতৰ কবি হেলচাৰ লক্ষ্মীকান্ত দ্বিজ, ধৰ্মোদয় নাটকৰ ৰচক কৈহাটীৰ ধৰ্মোদয় গোস্বামীয়ে কৃতিত্ব ৰাখি গৈছে।

উনবিংশ শতিকাৰ শেষত বিংশ শতিকাৰ প্ৰথম দুটা দশকত নলবাৰীৰ সংস্কৃত আকাশত উজ্বল নক্ষত্ৰৰূপে উজ্জীৱিত হৈ উঠে আঠঘৰীয়া অঞ্চলৰ মহা মহোপাধ্যায় ধীৰেশ্বৰ ভট্টাচাৰ্য্য। ১৯১০ চনত সেই সময়ৰ ভাৰত চৰকাৰৰ পৰা তেওঁ মহা মহোপাধ্যায় উপাধি আৰু বৃত্তি লাভ কৰে। তেখেতৰ দ্বাৰা ৰচিত বৃত্তমঞ্জৰী গ্ৰন্থৰ বাবে মহা মহোপাধ্যায় উপাধি লাভ কৰিছিল।

বৃটিছ ৰজা সপ্তম এডৱাৰ্ডৰ বিয়োগ আৰু পঞ্চম জৰ্জৰ ৰাজঅভিষেক বিষয়ক লৈও ভট্টাচাৰ্য্যদেৱে দুখন কাব্যপুথি ৰচনা কৰিছিল। কৰ্ণভূক, লীলামঞ্জৰীও প্ৰণয়ন কৰি গৈছে। নলবাৰী অঞ্চলৰ অসংখ্য সংস্কৃত পণ্ডিতে সংস্কৃত ভাষাৰ গৌৰৱ গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে অশেষ ত্যাগ স্বীকাৰ কৰি গৈছে।

১৯১৩ চনত ধীৰেশ্বৰ ভট্টাচাৰ্য্যই নলবাৰৰীৰ বিশিষ্ট পণ্ডিতমণ্ডলীক লৈ কামৰূপ সংস্কৃত সঞ্জীৱনী সভা আৰু সঞ্জীৱনী পুথিভঁৰাল স্থাপন কৰে। নলবাৰী সত্ৰৰ পণ্ডিত প্ৰতাপ চন্দ্ৰ গোস্বামী আৰু গৰ্ডন হাইস্কুলৰ কৃতী প্ৰধান শিক্ষক মণিৰাম দাসদেৱে সেই সভাৰ বহুদিন লৈ গুৰি ধৰি আছিল। ১৯৩৫ চনত সেইখন সভাৰ কাৰ্য্যকৰী সমিতিৰ সিদ্ধান্তমৰ্মে কলেজ স্থাপন কৰাৰ বাবে ধন সংগ্ৰহ অভিযানৰ আহ্বান জনাইছিল সম্পাদক মণিৰাম দাসদেৱে। নলবাৰীৰ যিসকল লোক নলবাৰী অঞ্চলৰ বাহিৰত আছিল, সেইসকলক ব্যক্তিগতভাৱে লগ কৰি গোস্বামী আৰু দাসদেৱে বৰঙণি সংগ্ৰহ কৰাৰ চেষ্টা কৰিছিল। সেই সময়ৰ অসম উপত্যকাৰ স্কুলসমূহৰ উপ -পৰিদৰ্শ, নলবাৰীৰ এজন সুপুত্ৰ শৰৎ চন্দ্ৰ গোস্বামীদেৱে নানা দিহা-পৰামৰ্শ দি সেই সমিতিখনক সহায় কৰিছিল।

অৱশেষত ১৯৩৮ চনৰ ১১ মে তাৰিখে এখন ৰাজহুৱা সভাপতি অসম সংস্কৃত ব'ৰ্ডৰ সভাপতি লক্ষ্মী নাৰায়ণ চট্টোপাধ্যায় মহাশয়ৰ দ্বাৰা উদ্বোধন কৰা হয়। চৰকাৰী গৰ্ডন হাইস্কুলৰ দুটা কোঠাত সংস্কৃত কলেজৰ পাঠদান আৰম্ভ হয়। ভাৰত বিখ্যাত পণ্ডিত মনোৰঞ্জন শাস্ত্ৰীদেৱ আছিল সেই সংস্কৃত কলেজৰ অধ্যক্ষ। অধ্যাপক আছিল পণ্ডিত ভগৱান গোস্বামী আৰু পণ্ডিত চক্ৰপতি তৰ্ক তীৰ্থ।

কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ আন এটি লেখত ল'বলগীয়া কাৰ্য্যই চৰকাৰ আৰু ৰাইজৰ পৰা প্ৰশংসা লাভ কৰিছিল। সেয়া হ'ল সঞ্জীৱনী সভাই উপযুক্ত ব্যক্তিসকলক সন্মানজনক উপাধি আৰু অভিনন্দন পত্ৰ প্ৰদান কৰিছিল। ১৯৩১ চনৰ পৰা ১৯৮৮ চনলৈ প্ৰায় ৩৫ গৰাকী বিদগ্ধ পণ্ডিতক উপাধি প্ৰদান কৰিছিল। তাৰ ভিতৰত কবি নলিনী বালা দেবীক ১৯৫৬ চনত 'কাব্য ভাৰতী' উপাধি প্ৰদান কৰে। ১৯৪৮ চনত বিহগী কবি ৰঘুনাথ চৌধুৰীক 'কবি ৰত্ন' উপাধিৰে সন্মানিত কৰে।

১৯৪৫ চনত নলবাৰীৰ হৰিনাৰায়ণ দত্তবৰুৱাক 'সাহিত্য ৰত্ন' উপাধি দিয়া হয়। সেই সময়ৰ শিক্ষাধিকৰ্তা কানিংহাম চাহাবকো 'বিদ্যা বিশাৰদ' উপাধি প্ৰদান কৰে।

১৯১১ চনত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন ভাষা অধ্যয়ন বিশ্ববিদ্যালয় স্থাপন হোৱাত নলবাৰীবাসী উৎফুল্লিত আৰু আনন্দিত হ'ল যে সংস্কৃত শিক্ষাক কেন্দ্ৰ কৰি নলবাৰী সদায় নবদ্বীপ হৈয়ে ৰ'ব।

সময়ৰ পৰিৱৰ্তনে নতুন সংস্কৃতিৰ জন্ম দিয়ে। অসমলৈ বিভিন্ন বহিৰাগতৰ আগমনে অসমীয়া সংস্কৃ্তিৰ ওপৰত প্ৰভাৱ পেলালে। মানুহৰ চিন্তাধাৰাৰো পৰিৱৰ্তন আনিলে। লাহে লাহে নলবাৰীৰ মানুহো ইংৰাজী শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত হয়। সেয়েহে ১৮৮৭ চনত এখন এমই স্কুল নলবাৰীত স্থাপন হয়। পৰবৰ্তী সময়ত ১৯১৭ চনত সেই স্কুলখন হাইস্কুললৈ উন্নীত কৰা হয়। সেই সময়ৰ মৌজাদাৰ প্ৰতাপ নাৰায়ণ চৌধুৰী, সত্ৰাধিকাৰ প্ৰতাপ চন্দ্ৰ গোস্বামী, প্ৰধান শিক্ষক মণিৰাম দাস আৰু বহুজন নলবৰীয়া ৰাইজৰ আশাণ্ডধীয়া চেষ্টাত গৰ্ডন হাইস্কুল প্ৰতিষ্ঠা হয়।

সেই সময়ৰ অবিভক্ত অসমৰ মুখ্য আয়ুক্ত পি.আৰ.টি. গৰ্ডনৰ নামেৰে দিয়া স্কুলখন ১৯৫৮ চনত উচ্চতৰ মাধ্যমিক লৈ উন্নীত হয়। ১৯৪১ চনত সেই স্কুলৰ ছাত্ৰ কৈলাশ নাথ ভট্টাচাৰ্য্যই অসম, বংগ, উৰিষ্যা আৰু বিহাৰৰ ভিতৰত (৪খন ৰাজ্য) কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম স্থান অধিকাৰ কৰে। তাৰ পিছতো কুমুদ নাথ শৰ্মা, দীনেশ মিশ্ৰ আদিয়ে স্থান লাভ কৰি গৰ্ডন স্কুল লৈ গৌৰৱ কঢ়িয়াই আনে। কেন্দ্ৰীয় চৰকাৰে মণিৰাম দাস দেৱক ৰায়চাহাব উপাধি প্ৰদান কৰে। কিন্তু ১৯৪৭ চনৰ ১৫ আগষ্টত তেওঁ ৰাজহুৱাভাৱে সেই উপাধি প্ৰত্যাখ্যান কৰে। বিদেশৰ পৰাও গৰ্ডন চাহাবে মণিৰামদেৱলৈ হেনো উপহাৰ পঠিয়াইছিল।

নলবাৰীৰ বহুতো সু সন্তানে দেশে-বিদেশে সুখ্যাতি অৰ্জন কৰি নলবাৰীৰ নবদ্বীপ নাম সাৰ্থক কৰিছে। নলবাৰীত বহুতো পণ্ডিত বিদুষী মহিলাইও জন্ম গ্ৰহণ কৰিছিল। আজি বিজ্ঞানৰ জয়যাত্ৰাৰ কালত নতুন পুৰুষৰ কল্পনাই ঢুকি নোপোৱা এগৰাকী মহিলা সংস্কৃত পণ্ডিত আছিল। অসম আকাশৰ উজ্জ্বল নক্ষত্ৰ মহা মহোপাধ্যায় ধীৰেশ্বৰ আচাৰ্য্যদেৱৰ বৰ জীয়ৰী সৰস্বতী গোস্বামী জীৱনত কোনো স্কুল-কলেজ নাইবা টোলৰ মজিয়া নগচকাকৈ পণ্ডিত পিতৃৰ সান্নিধ্যত সৰুৰে পৰা মুখে মুখে সংস্কৃত শিক্ষা লাভ কৰিছিল। তেওঁৰ বিবাহৰ পিছতো সুয়োগ্য স্বামী অৰানাথ কাব্য বিনোদৰ সান্নিধ্যত তেওঁৰ জীৱনৰ শেষ দিনলৈকে সংস্কৃত চৰ্চাৰ সুযোগ পাইছিল।

তেওঁ 'পাণিনি' ব্যাকৰণ কণ্ঠস্থ কৰি লৈছিল। নলবাৰীৰ ওচৰৰ ইতিহাস প্ৰসিদ্ধ গংগাপুখুৰী পাৰত সাত দিনজুৰি হোৱা মহাবিষ্ণু যজ্ঞত সেই গৰাকী বিদুষী মহিলাই ভাগৱত ব্যাখ্যা কৰি শুনাই সকলোকে স্তম্ভিত কৰিছিল। আনকি বংগদেশৰ পৰা জনচেৰেক পণ্ডিতক তেওঁ তৰ্কযুদ্ধত পৰাস্ত কৰিছিল। সৰস্বতী গোস্বামীৰ পাণ্ডিত্যত মুগ্ধ হৈ লক্ষ্মণ শাস্ত্ৰী প্ৰমুখ্যে বিদ্বান পণ্ডিতসকলে যজ্ঞস্থলীতে 'ভাগৱত ভাৰতী' উপাধি প্ৰদান কৰিছিল।

উনৈশ শতিকাৰ মধ্যভাগত নলবাৰীৰ সুযোগ্য সন্তান শৰৎ চন্দ্ৰ গোস্বামী আৰু সুপ্ৰভা গোস্বামী দুয়ো অসমীয়া সাহিত্যত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। পাগলাদিয়া নৈৰ পাৰৰ জীয়ৰী নিৰুপমা বৰগোহাঁই আৰু অনেকজনে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। সংগীত চৰ্চাতো নলবাৰী পিচপৰি থকাই নাই। তদুপিৰ ছাঁতে শুকোৱা মুঠিতে লুকোৱা কাপোৰ বৈ অতীতৰ ঐতিহ্য ম্লান পৰিবলৈ দিয়া নাই।

১৯৪৫ চনত স্থাপিত নলবাৰী ছোৱালী হাইস্কুলৰ পৰা চামে-চামে ছাত্ৰী ওলাই শিক্ষক, উকীল, চিকিৎসক, নাট্যশিল্পী, খেলুৱৈ, সংগীত, শিল্পী, লেখিকা, ৰাজনৈতিক নেত্ৰী হৈ নলবাৰীৰ মুখ উজ্জল কৰি আহিছে। বেণ্ডিত কুইনখ্যাত সীমা বিশ্বাস নলবাৰীৰ জীয়ৰী। নলবাৰীৰ বোৱাৰী ন্যায়াধীশ, উপাচাৰ্য্যৰূপেও কাৰ্য্যনিৰ্বাহ কৰিছে। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক দুগৰাকী আছিল নলবাৰীৰ হৰিনাৰায়ণ দত্তবৰুৱা আৰু শৰৎ চন্দ্ৰ গোস্বামী।

অসম অলংকৃত কৰিছিল নলবাৰীৰ ৰঘুনাথ চৌধুৰী, ত্ৰৈলোক্য নাথ গোস্বামী, গিৰিধৰ শৰ্মা, হিতেশ ডেকা, কনক সেন ডেকাই। তেওঁলোকৰ সেৱাত নলবাৰীবাসী গৌৰৱান্বিত। আন এগৰাকী নলবাৰীৰ ব্যক্তি দানবীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ বদন্যতাত গঢ়ি উঠে দুখনকৈ শিক্ষানুষ্ঠান। এখন হ'ল বালিকা বিদ্যালয় আৰু আনখন বালিকা মহাবিদ্যালয়। সেই দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফলত কৃতিত্ব দেখুৱাই নলবাৰীৰ লোকসকলক আনন্দ দিয়াৰ লগতে আশাৰ বাট দেখুৱাইছে। একেজন স্বনামধন্য ব্যক্তিয়ে নলবাৰীৰ সাহিত্য সমাজ আৰু নলবাৰী জিলা সাহিত্য সভাক ঘৰ'মাটি দান কৰে।

সমুজ্জ্বল অতীতৰে সমৃদ্ধ নলবাৰীক উন্নতি পথত আগবঢ়াই নিয়ক নতুন পুৰুষে।।