মাজুলীত এটি কলিজা নোহোৱা হ’ল
- তুলাৰাম গগৈ
অধিবক্তা - /
- October 9th, 2022

তেজস্বিতাৰ সোঁৱৰণত
এটা সম্ভাৱনা নোহোৱা হ'ল
পুৱাতে এটা সূৰ্য্য কক্ষচ্যুত হ’ল
মাজুলীত সজাটো এৰি মইনাটি গুচি গ’ল৷
পলকতে বুকুখন ফাটি
কলিজাটো উলাই গ’ল
বুকুৰ উমেৰে পালিত
আলৌলৌৱা জোনবাইটি
গুচি গ’ল৷
আমাৰ বুকুবোৰ ফাটি চিৰাচিৰ হ’ল
অগণন অশ্ৰু
মহাবাহুত বিলীন হ’ল,
ডাংকোপ মৰাৰ
টৌ ফুটিল৷
মাদাৰ টেৰেছা সপোনো
আশাহুত হ’ল
যন্ত্ৰণাত চটফটাই
মৃত্যুৰ সৈতে যুঁজি থকা
তেজস্বিতাক এৰি
নাৰ্চ বাইদেউ ঘৰমুৱা হ’ল
ভৌভৌৱাই স্কুটিৰ চকা ঘূৰিল
সমস্ত মানৱতা ধূলিস্যাৎ হ’ল।
এটি উজ্জ্বল সম্ভাৱনা নোহোৱা হ’ল
কণমানি তেজস্বিতা গুচি গ’ল
এহালি সদ্ভাৱনাৰ বুকু শুদা হ’ল
মানৱতা শিল পৰা কপৌ হ’ল।
মাজুলীত
এটি জীয়া কলিজা নোহোৱা হ’ল।।