কিতাপ পঢ়াৰ ন উপায়


Image Description

এজন আমেৰিকান দাৰ্শনিকক গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰ অংকৰ সহায়ত তেওঁ আগবঢ়াইছিল এইদৰে:

'All the books that are printed, half of the books are not sold; of all the books that are sold, half of the books are not read, of all the books that are read, half of the books are not understood; of all the books that are understood, half of the books are not understood in the right way.'

এইটোৱেই হ'ল কিতাপৰ অংক। বছৰি যদি এশখন কিতাপ ছপা হয় বুলি ধৰি লোৱা হয় ,অংকটো পাঠকে নিজেই উলিয়াই ল'ব পাৰিব।

এয়া শীতকাল। শৰৎ কালৰ পৰা শীতৰ শেষলৈকে গ্ৰন্থ মেলাৰ বতৰ। বৰ্তমান অসমৰ আকাশ -বতাহ গ্ৰন্থৰ সুবাসত আমোলমোল। এবছৰ অপেক্ষাৰ পিছত আহে পাঠক সমাজৰ বাবে এই বহু প্ৰত্যাশিত দিনকেইটা।

কিন্তু আমি যদি এটা সমীক্ষা চলাওঁ, প্ৰকৃততে কিমানসংখ্যক মানুহে কেৱল কিতাপ কিনিবলৈ গ্ৰন্থমেলা লৈ অপেক্ষা কৰি থাকে তেন্তে আমি হয়তো দেখিবলৈ পাম যে খুব কমসংখ্যক লোকেহে কিতাপ কিনিবলৈ গ্ৰন্থমেলাৰ অপেক্ষাত থাকে।

কোনোৱে হয়তো সাজি-কাচি এনেয়ে সময় কটাবলৈকে গ্ৰন্থমেলালৈ যায়। কোনোবাই হয়তো সাংস্কৃতিক অনুষ্ঠান উপভোগৰ বাবে, কোনোবাই কিতাপ চুবলৈ বা চাবলৈ (কাৰণ ইমানবোৰ কিতাপ একেলগে দেখাওতো কম আনন্দৰ কথা নহয়), কোনোৱে হয়তো লেখক, সাহিত্যিকৰ সাক্ষাৎ লাভ কৰিবলৈ আৰু কোনো কোনোৱে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি কথাশিল্পীৰ কথাৰ সোৱাদ ল'বলৈ।

মুঠৰ ওপৰত গ্ৰন্থমেলা লৈ যোৱাৰ উদ্দেশ্য সকলোৰে বাবে ভিন ভিন; কেৱল গ্ৰন্থ কিনাই নহয়। গতিকে গ্ৰন্থমেলাত কিমান মানুহৰ সমাগম হৈছিল, তাৰ ওপৰত ভিত্তি কৰি কিতাপৰ চাহিদা বাঢ়িছে নে কমিছে অথবা মানুহৰ অধ্যয়ন স্পৃহা বাঢ়িছে নে কমিছে এই বিষয়ত মতামত দিব নোৱাৰি। অৰ্থাৎ গ্ৰন্থমেলাত জনসমাগম হোৱা বা নোহোৱাটোৱে গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ বা অনীহা প্ৰমাণ নকৰে।

এতিয়া আহোঁ এই লেখাৰ প্ৰকৃত উদ্দেশ্যলৈ। আগ্ৰহ থাকিলে গ্ৰন্থ অধ্যয়নৰ স্পৃহাক বিভিন্ন ধৰণে নিৰসন কৰিব পাৰি। পুথিভঁৰাললৈ গৈ ৰিডিং ৰুমত বহি, স্থানীয় পুথিভঁৰালৰ নিয়মীয়া সদস্যৰ তালিকাত নামভৰ্তি কৰি(তাৰ জৰিয়তে গ্ৰন্থ ঘৰলৈ আনিও পঢ়িব পাৰি), লগৰ বন্ধু -বান্ধৱীৰ পৰা ধাৰে আনি, দোকানৰ পৰা কিনি আনি, আনকি কিতাপৰ দোকানত গৈও প্ৰয়োজন বুলি ভবাখিনি ম'বাইলত ফট' তুলি বা কিতাপখন যিজনৰ হাতত আছে, তেনে এজনক হোৱাটছ আপত পঠাবলৈ অনুৰোধ কৰি ইত্যাদি।

এনে ধৰণৰ সুবিধাবোৰ নিজে গ্ৰহণ কৰিছোঁ। কিন্তু এটা কথা ঠিক যে, কিতাপ এখন হাতত লৈ পঢ়া আৰু আন আন উপায়েৰে পঢ়াৰ মাজত যে আকাশ-পাতাল প্ৰভেদ আছে তাক আমি স্বীকাৰ কৰিবই লাগিব।

এই লেখাৰ আৰম্ভণিতে উল্লিখিত আমেৰিকান দাৰ্শনিকজনে দিয়া প্ৰশ্নোত্তৰ অনুসৰি কিতাপৰ বিধিলিপি যদি এয়ে হয় , তেন্তে ইয়াৰ উপায় কি?

বৰ্তমান আমাৰ চিন্তনীয় বিষয় এইটোৱেই যে, উঠি অহা চামৰ মাজত কিতাপ পঢ়াৰ প্ৰতি অনীহা। ইয়াৰো কাৰণ অৱশ্যে নোহোৱা নহয়। এসময়ত জ্ঞান অৰ্জন আৰু সময় কটোৱাৰ উপায়বোৰ যেতিয়া সীমিত আছিল তেতিয়া ছপা কিতাপেই এই সকলো ক্ষেত্ৰতে একচেটিয়া স্থান অধিকাৰ কৰিছিল। কিন্তু টিভি, ইন্টাৰনেট, ম'বাইল আদিয়ে এই ক্ষেত্ৰসমূহ দখল কৰাৰ লগে লগে কিতাপৰ সেই পূৰ্বৰ চাহিদা কমি আহিল। পাঠকে কিতাপ কিনি পঢ়িব এই ক্ষেত্ৰত আমি বৰ্তমান আশাবাদী নহয়। কিয়নো কিতাপ কিনিলেইতো নহ'ব; সেইবোৰ যি কোনো উপায়ে সংৰক্ষিত কৰিব লাগিব। প্ৰৱল ইচ্ছা থাকিলেও বৰ্তমান মানুহে বহুসংখ্যক কিতাপ ঘৰত সংৰক্ষণ কৰিব নোৱাৰে। ইয়াৰ এক নম্বৰ কাৰণ হ'ল নগৰত বসবাস কৰাসকলৰ বাসস্থানত অপৰ্য্যাপ্ত ঠাইৰ অভাৱ।

দ্বিতীয় কাৰণ হ'ল নগৰীয়া জীৱনত ব্যস্ততাৰ বাবে কিতাপ সংৰক্ষণ কৰি ৰখাৰ উপায় অৱলম্বন কৰাত ব্যৰ্থতা, তৃতীয়তে কিনি অনা বা আনে উপহাৰ হিচাপে দিয়া সকলো কিতাপ সংৰক্ষণৰ বাবে যিহেতু প্ৰয়োজনীয় নহয়, গতিকে সেই কিতাপবোৰৰ দুখলগা বিধিলিপিৰ কথা চিন্তা কৰি, ইত্যাদি কাৰণত আজি-কালি মানুহে কিতাপ কিনি পঢ়িবলৈ ইচ্ছুক নহয়।

তেন্তে কিতাপ পঢ়াৰ আগ্ৰহ নিৰসন কৰিবলৈ আমি কি কৰিম? আমাৰ মাজত থকা অধ্যয়নশীল মনটোক আমি সমাধিস্থ কৰিম নেকি? নিশ্চয় নকৰোঁ।

গতিকে আমি ইয়াৰ বিকল্প চিন্তা কৰাৰ সময় আহি পৰিছে। আনহাতে শিক্ষাৰ এটা প্ৰধান উদ্দেশ্যই হ'ল মানুহক চিন্তা কৰিবলৈ আৰু সেই চিন্তাক প্ৰকাশ কৰিবলৈ শিকোৱা। মানুহৰ চিন্তাক শৃংখলিত কৰাত কিতাপৰ অৱদানক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। তথ্য আৰু জ্ঞানৰ অবিহনে আমি চিন্তাৰ সমলেই বা পাম ক'ত? গতিকে কিতাপ আমি পঢ়িবই লাগিব। তেন্তে প্ৰজন্মক কিতাপ পঢ়ুৱাৰ উপায় কি? উপায় আছে নিশ্চয়। আমি দিম উপায়।

কিন্তু তাৰ আগেয়ে এক গুৰু দায়িত্ব বহন কৰিব লাগিব লেখকসকলে। বিনিময়ত লেখক আৰু পাঠক দুয়োপক্ষৰে লাভ হ'ব বহুমুখী। লাভ-লোকচানৰ হিচাপ বাৰু আমি পাছতো কৰিম। কিন্তু প্ৰথমতে লেখকৰ দায়িত্বৰ কথা কওঁ। কেৱল মনোৰঞ্জনৰ বাবে গল্প, উপন্যাস, ৰচনাতে মনোনিবেশ নকৰি এচাম লেখকে লিখিব লাগিব বিভিন্ন বিষয় সম্পৰ্কে ৰচনা।

আজিৰ তথ্যপ্ৰযুক্তিৰ যুগত বিষয়ৰতো অভাৱ নাই। কেৱল লেখকে লক্ষ্য ৰাখিব লাগিব ৰচনাৰ বিষয়বস্তু (content)যাতে তথ্যসম্বলিত হোৱাৰ লগতে সময়োপযোগী হয় । তাৰোপৰি যুক্তিনিষ্ঠ বিশ্লেষণেৰে চহকী হোৱাৰ লগতে প্ৰজন্মৰ কৌতূহল নিৰসন কৰিব পৰাকৈ তথ্যযুক্ত (informative)হয়।

ৰচনাসমূহে যোগাব লাগিব মানুহৰ চিন্তাশক্তিক উদ্বেলিত কৰাৰ বিবিধ সমল।কিয়নো আজিৰ প্ৰজন্ম যুক্তিবাদী। আমাৰ চামৰ দৰে পৰম্পৰাগত বিশ্বাসক খামুচি ধৰি থকা বিধৰ নহয়। এই ক্ষেত্ৰত কিছুমান উপন্যাসেও অৱদান আগবঢ়াব পাৰে; চিন্তাৰ সমল তথা তথ্য যোগান ধৰিব পাৰে। যেনে, ইতিহাসৰ ভেটিত ৰচিত, জীৱ-জন্তু, প্ৰকৃতি সংৰক্ষণ, মানুহৰ মনস্তত্ত্ব , বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইত্যাদিক লৈ ৰচিত উপন্যাস। কিয়নো এই কিতাপেও মানুহৰ চিন্তাৰ পৰিধি বিস্তৃত কৰিব পাৰে। ফলত যাৰ যি বিষয়ত আগ্ৰহ তেওঁলোকে নিজেই তেনে কিতাপ বিচাৰি ল'ব।

কিতাপৰ তালিকা যোগান ধৰাৰ দায়িত্ব দিলোঁ আমি গুগলক।এতিয়া আহিল পঢ়ুৱাৰ দায়িত্ব। আমাৰ দৰে মধ্যবয়সীয়া চাম হয়তো হাতত লৈ কিতাপ পঢ়াতে অভ্যস্ত। কিন্তু উঠি অহা অথবা ডেকাচাম একা? তেওঁলোকতো আমাৰ দৰে কিতাপ এখন হাতত লৈ বহি পঢ়ি থকাৰ,অসীম ধৈৰ্য্যশক্তিৰ গৰাকী নহয়। তেওঁ লোকৰ মানসিকতাক গঢ় দিছে যিহেতু প্ৰযুক্তিবিদ্যা, গতিকে তেওঁলোকক পঢ়ুৱাৰ দায়িত্বও ল'ব লাগিব স্বয়ং প্ৰযুক্তিয়ে। কিন্তু কেনেকৈ? অডিঅ' বুকৰ যোগেদি; ই-বুকৰ দ্বাৰা। খাওঁতে, শোওঁতে, উঠোঁতে,বহোঁতে হাতত আঠা লাগি থকা মোবাইল নামৰ ডিভাইচটোৰ সহায়ত।

ভ্ৰাম্যমান অৱস্থাত থাকোঁতেই ভ্ৰাম্যভাষত তেওঁলোকে শুনিবলৈ পাব মনে বিচৰা কিতাপখন। (শ্ৰৱণ বা শ্ৰুতিৰ দ্বাৰা জ্ঞান অৰ্জন আজিৰ নহয়, তাহানি দিনৰ পৰম্পৰা)। ফলত একোজন লেখকৰ পৰিশ্ৰম, বিবেক-বুদ্ধিৰ দ্বাৰা আহৰিত জ্ঞান, বিচাৰ, আদৰ্শ আৰু ভাৱধাৰা কেঁচামাল আকাৰে সঞ্চাৰিত হ'ব প্ৰজন্মৰ মগজুৰ কাৰখানালৈ।

প্ৰজ্ঞাবান লেখকে সাধনালব্ধ লেখাৰে প্ৰজন্মক ই-বুক,অডিঅ' বুকৰ যোগেদি কিতাপ পঢ়ুৱাব। বিনিময়ত লেখকে কি পাব?

১) পৰিশ্ৰমৰ মূল্য

২) কিতাপ বিক্ৰীৰ হাৰ বৃদ্ধি (ইন্টাৰনেটত কিতাপ আপল'ড)

৩)ধনৰ আমদানি

৪) লেখিবলৈ উৎসাহ-উদ্দীপনা আৰু

৫)অতিৰিক্ত লাভ হিচাপে নাম, যশ, খ্যাতি।

এই গোটেই অংকটোৱে কিতাপৰ মন্দা বজাৰৰ বাবে নিৰাশাত চকুলো টুকি থকা কিতাপৰ প্ৰকাশকৰো মনত নিশ্চয় আশাৰ সঞ্চাৰ কৰিব! কিতাপ মানুহে নপঢ়ে, কিতাপৰ ভৱিষ্যত অন্ধকাৰ নেকি ইত্যাদি কথা ভাবি কপাল চপৰিয়াই থকাতকৈ বিকল্পৰ কথা আমি এইদৰে ভাৱিব নোৱাৰোনে? তাৰবাবেও কিন্তু লাগিব লেখকৰ ঐকান্তিক সাধনা। শেষত মোৰ এগৰাকী প্ৰিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ কলমে প্ৰসৱ কৰা বাক্যৰেই কওঁ, 'প্ৰকাশক আৰু লেখক-লেখিকায়ো মনত ৰখা উচিত যে গ্ৰন্থ উৎপাদন কৰিব নোৱাৰি, গ্ৰন্থ সৃষ্টিহে হয়।।'ঢ