চাৰিওফালে বিষবাস্প


Image Description

মাথোঁ বিষবাস্প। মন্তব্যত ঘৃণা। বক্তব্যত ঘৃণা। পৰ্দাত ঘৃণা। কোনেও ভবা নাছিল যে সকলোৰে বিকাশৰ ঠাই ল'ব সকলোতে ঘৃণাই।

চাৰিওফালে বানপানী। একেই প্ৰতিশ্ৰুতি। একেই নিশকতীয়া অনুদান আহে। তাতে আমাৰ সন্তুষ্টি। একেই দাবী: ৰাষ্ট্ৰীয় সমস্যা হওক। এবছৰ পাৰ হৈ যায়।

হিতাধিকাৰী সৃষ্টিয়ে শ্ৰীলংকাক ডুবালে। দেশ যাওক, ক্ষমতা থাকক। অসন্তুষ্টিয়ে দৈত্যৰ ৰূপ লৈছে। এফালে জীয়াই থকাৰ তাড়না। আনফালে ক্ষমতাৰ তাড়না। ইতিহাস কিন্ত্ত সদায়েই জনগণৰ পক্ষত থাকে।

মূল্যবৃদ্ধিয়ে জনগণক কোঙা কৰিছে। কেইজনমানৰ জমাধনে আকাশ টোঁৱাইছে। শাসকৰ অংকত অলপ আউল লাগিছে। আকৌ নতুন হিতাধিকাৰীৰ প্ৰয়োজন হৈছে।

নিবনুৱাৰ কথা তল পৰিছে। দেশৰ নব্বৈ কোটী জনগণই পুষ্টিকৰ আহাৰ নাপায়। ওলাই পৰিল। চৰকাৰৰ এটাই উত্তৰ: সমীক্ষা ভুল। ক'ভিডত মৃত্যুৰ সংখ্যা নোলাল। গংগাই সামৰি থ'লে।

ন্যায়ালয়ত অভূতপূৰ্ব ভীৰ। নুপুৰ, চিণ্ডে, মিছা বাতৰি, সকলো ন্যায়ালয়ত। শংকা হয় ন্যায়ালয় সকলোতে পোন হৈ থাকিবনে? সোৱণশিৰিৰ বান্ধৰ বেলিকা অসমে ন্যায় পালেনে? নেতাসকলে মুখত এটা কয়। পেটত এটা থয়।

ৰাতিবোৰ আচলতে কাৰোৱেই আশাৰে পাৰ নহয়। সমস্যাৰ ভৰত বিষবাস্পৰ সহায় লৈছে শাসকে। সহায় কৰিছে এচাম সাংবাদিকেও।

এইটোও ঠিক যে আশাত বন্দী জনগণো মূঢ় হৈ নাথাকে।।