আন্ধাৰুবালিত প্ৰজ্বলিত জাতীয় সংকল্প শিখা সদায় জ্বলি থাকিব – লুৰীণ


Image Description

বিগত বৰ্ষৰ ১৭ ডিছেম্বৰত লুৰীণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ শিৱসাগৰ অধিবেশনত দলৰ সভাপতি নিৰ্বাচিত হয়। সভাপতি নিৰ্বাচিত হোৱাৰ পিছত ২৩ ডিছেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহে। সেইদিনা গুৱাহাটীত তেওঁক বিপুলভাবে আদৰণি জনোৱা হয়।

ফাঁচিবজাৰৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমুখৰ আন্ধাৰুবালিত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত লুৰীণজ্যোতি গগৈয়ে ভাষণ প্ৰদান কৰাৰ অন্তত জাতীয় সংকল্প শিখা প্ৰজ্বলন কৰে। অসম জাতীয় পৰিষদে সেই সংকল্প শিখা আজিও জ্বলাই ৰাখিছে।

যোৱা ২৪ ডিছেম্বৰত গুৱাহাটীৰ উলুবাৰী লাচিত সংঘৰ বাকৰিত অসম জাতীয় পৰিষদে কামৰূপ মহানগৰ জিলাৰ উদ্যোগত কেন্দ্ৰীয়ভাবে লাচিত দিৱস পালন কৰে। উক্ত অনুষ্ঠানত জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ লগতে লেমত জ্বলাই ৰখা এই সংকল্প শিখা স্থাপন কৰা হয়।

মাৰ্চিয়েল আৰ্টৰ কলা–কৌশল প্ৰদৰ্শনৰ ব্যতিক্ৰমী ধাৰাৰে নৱগঠিত অসম জাতীয় পৰিষদ দলে আয়োজন কৰা লাচিত দিৱসৰ সেইদিনাৰ কাৰ্য্যসূচীয়ে দলৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে। সভাপতি শ্ৰীগগৈয়ে মহাবীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই অসমৰ প্ৰাপ্য আৰু অধিকাৰ সাব্যস্ত কৰাৰ মহাৰণ চলাই যোৱাৰ ক্ষেত্ৰত দলৰ অংগীকাৰৰ কথা পুনৰ দোহাৰি ঘোষণা কৰে যে আন্ধাৰুবালিত প্ৰজ্বলন কৰা জাতীয় সংকল্প শিখা আজিও জ্বলি আছে আৰু ই ভৱিষ্যতেও জ্বলি থাকিব।

অসম জাতীয় পৰিষদৰ বাবে অসম প্ৰথম, সদায় প্ৰথম আৰু চিৰদিন অসম প্ৰথম। দলৰ এই মূলনীতিৰ প্ৰতিটো প্ৰত্যাহ্বান ওফৰাবলৈ দল দৃঢ়প্ৰতিজ্ঞ। ২৫ ডিছেম্বৰত এক সংবাদমেলত অজাপ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই অহা ১০ ডিছেম্বৰ শ্বহীদ দিৱসৰ দিনটোৰ পৰা এক দহদিনীয়া জাতীয় স্বাভিমান যাত্ৰা কাৰ্যসূচী ঘোষণা কৰে।

১১ ডিছেম্বৰৰ 'কা' আইন গৃহীত কৰা দিনটোত ৰাজ্যজুৰি ক'লা দিৱস পালন কৰা হ'ব। ১২ ডিছেম্বৰত 'কা' আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত পালন কৰা হ'ব 'আত্মবলিদান দিৱস'।

দহদিনীয়া জাতীয় স্বাভিমান যাত্ৰাৰ কাৰ্য্যসূচীত প্ৰতিটো দিনৰ বৈশিষ্ট্য সামৰি সমান্তৰালভাৱে ১০ ডিছেম্বৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন পালন কৰা হ'ব। ১৯ ডিছেম্বৰত গল্পসম্ৰাট আব্দুল মালিকৰ মৃত্যুদিৱস পালনেৰে এই কাৰ্য্যসূচীৰ সামৰণি পৰিব।।

১৭ ডিচেম্বৰত মাজুলীত দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব বুলি ঘোষণা কৰি নেতাদ্বয়ে কয় যে 'কা' বাতিলৰ আন্দোলন সু–সংগঠিত ৰূপত আগুৱাই লৈ যাবলৈ দলে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।