মই অসমক কিয় ভাল পাওঁ?


Image Description

মই মোৰ জন্মভূমি অসমক কিয় ভাল পাওঁ বুলি সোধাৰ লগে লগেই মনলৈ আহে মই মোৰ জন্মদাত্ৰী আইক কিয় ভাল পাওঁ?

এই প্ৰশ্নৰ উত্তৰ হয়তো নতুনকৈ দিয়াৰ প্ৰয়োজন নহ’ব৷ সকলোৰে বাবে ইয়াৰ উত্তৰ একেই হ’ব৷ কোনো কোনো বিষয়ত বা ক্ষেত্ৰত হয়তো ভিন্ন উত্তৰ থাকিব পাৰে৷ যেনে, মোৰ মা-দেউতাই মোৰ শিক্ষা-দীক্ষাৰ বাবে কেনে ধৰণৰ যত্ন লৈছিল৷

নিচেই সৰুতে জাৰকালি জুহালৰ কাষত বহি পঢ়া-শুনা কৰিছিলোঁ৷ তেতিয়া মোৰ আয়ে ওচৰতে বহি কীৰ্তন পুথিখন পঢ়ি আছিল৷ প্ৰৱেশিকা পৰীক্ষাত ভাল ৰিজাল্ট হোৱাৰ বাবে দেউতাই ওচৰত আন ভাল কলেজ, আৰু পৰিয়ালৰ আৰ্থিক অনাটন থকা সত্ত্বেও মোক কটন কলেজত পঢ়িবলৈ পঠিয়াইছিল৷ পিতৃৰ সেই সিদ্ধান্তই মোৰ ভৱিষ্যতৰ জীৱন গঢ়াত ভালেখিনি অৱদান আগবঢ়াইছিল৷

পৰৱৰ্তী জীৱনত যিখিনি শিকিছোঁ, যিখিনি কৰিছোঁ, সমাজৰ প্ৰতি সাধ্যমানে যি সেৱা আগবঢ়াইছোঁ, সেয়া কেৱল অসমৰ প্ৰতি থকা ভাল পোৱা আৰু ভক্তিৰ বাবেই সম্ভৱপৰ হৈছে৷

সৰুতেই বিজ্ঞান পঢ়াৰ প্ৰতি মনটো ঢাল খাইছিল৷ মই বিচৰা মতেই স্কুলৰ শিক্ষাগুৰুসকলে কলা আৰু বিজ্ঞানৰ শিক্ষাদান কৰিছিল৷ এগৰাকী শিক্ষাগুৰুৱে উপদেশ দিছিল :‘নিজৰ অসমীয়া ভাষাটোক শুদ্ধকৈ লিখিবলৈ আৰু জানিবলৈ হ’লে সংস্কৃত ভাষা জানিব লাগিব৷’সেই প্ৰেৰণাৰে মই সংস্কৃত ইমান ভালকৈ পঢ়িছিলোঁ যে প্ৰৱেশিকা পৰীক্ষাত সংস্কৃতত লেটাৰ নম্বৰ পাইছিলোঁ৷

বিজ্ঞানৰ শিক্ষাগুৰু এগৰাকীয়ে শনিবৰীয়া ছুটিৰ পাছত প্ৰায়ে পৰীক্ষা-নিৰীক্ষাৰ বিশেষ শ্ৰেণী এটা লৈছিল, বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত যিটো কথা তেতিয়াও বিৰল আৰু এতিয়াও বিৰল৷ কেতিয়াবা তেখেতে মোৰ আগ্ৰহ দেখি মই ঘৰত পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ বিজ্ঞানৰ সঁজুলি কেইটামান দি দিছিল৷

নানা জাতি-উপজাতিৰ লীলাভূমি অসমখন প্ৰকৃতিৰ ৰম্যভূমি৷ মোৰ চৌপাশে থকা গছ-বিৰিখ-লতা, ফুল-ফল, জলাশয়, নদী, নিজৰা, দূৰৈৰ সাগৰ-মহাসাগৰ, পৰ্বত-পাহাৰ আদিৰে ভৰা প্ৰাকৃতিক পৰিৱেশক সৰুৰে পৰা ভাল পাবলৈ শিকিলোঁ জন্মভূমি অসমৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকিয়েই৷ বিশেষকৈ, গাঁৱলীয়া পৰিৱেশত থাকিয়েই বাৰেৰহণীয়া উদ্ভিদ প্ৰজাতিৰ বিভিন্ন গুণ-ধৰ্মৰ লগতো চিনাকি হ’লোঁ৷ অসমৰ উদ্ভিদ প্ৰজাতিৰ বিষয়ে বৈজ্ঞানিক জ্ঞান আহৰণ কৰাত সহায় কৰিছে বিশিষ্ট শিক্ষাবিদ, বিজ্ঞান-প্ৰচাৰক বসন্ত ডেকাৰ তত্ত্বাৱধানত অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা আৰু প্ৰকৃতিবিদ আনন্দ চন্দ্ৰ দত্তই লিখা ‘অসমৰ গছ-গছনি’ [১ম আৰু ২য় খণ্ড] নামৰ গ্ৰন্থ দুখনে৷ উল্লেখযোগ্য যে অধ্যাপক ডেকাৰ প্ৰচেষ্টাতে সমিতিয়ে প্ৰকাশ কৰা অসম সম্পৰ্কীয় আন এখন আপুৰুগীয়া গ্ৰন্থ হ’ল প্ৰদীপ চলিহাৰদ্বাৰা প্ৰণীত ‘পুৰণি অসমৰ কাৰিকৰী শিল্প’৷

অসমীয়া সমাজত প্ৰচলিত ডাকৰ বচন আৰু শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰপৰা পৰিৱেশ সংৰক্ষণৰ ধাৰণা লাভ কৰিছিলোঁ৷ ডাকৰ বচনসমূহক অসমীয়া বিজ্ঞান সাহিত্যৰ আৰম্ভণি বুলি গণ্য কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘কীৰ্তন’ৰ ‘হৰমোহন’ৰ তৃতীয় অধ্যায়ত ৪৫বিধ ফুলৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷ সেই ফুলবোৰ অসমতে বিভিন্ন ঋতুত ফুলা ফুল৷

আংশিক উদ্ধৃতি দিয়া হৈছে:

‘শিৰীষ সেউতী তমাল মালতী
লৱংগ বাগী গুলাল৷
কৰবীৰ বক কাঞ্চন চম্পক
ফুল ভৰে ভাংগে ডাল৷
শেৱালি নেৱালি পলাশ পাৰলি
পাৰিজাত যুতি জাঁই৷
বকুল বন্দুলী আছে ফুলি ফুলি
তাৰো সীমা-সংখ্যা নাই৷৷ ...’

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী ক্ষণজন্মা সৰ্ববিদ্যা-বিশাৰদ মহাপুৰুষ৷ প্ৰতিজন অসমীয়া তেখেতৰ প্ৰতি চিৰঋণী৷ স্কুলত পঢ়ি থাকোঁতে মোৰ এগৰাকী শিক্ষাগুৰুৱে শ্ৰেণীত তেখেতৰ অৱদানৰ বিষয়ে পাঠদান কৰোঁতে কৈছিল:

‘বুজিছা, শংকৰদেৱৰ কীৰ্তন পুথিখন ইংৰাজীলৈ অনুবাদ কৰি প্ৰচাৰ কৰা হ’লে এই পুথিখনে ন’বেল বঁটা লাভ কৰিলেহেঁতেন৷’

বিজ্ঞান জনপ্ৰিয়কৰণ বা বিজ্ঞান-প্ৰচাৰৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে অনন্য৷ অসম বিজ্ঞান সমিতিৰ দৰে ৰাজহুৱা বৈজ্ঞানিক অনুষ্ঠান ভাৰততে নাই৷ সেইদৰে, অসম বিজ্ঞান লেখক সংস্থাও এটা বিৰল আৰু একক অনুষ্ঠান৷ হাতে-কামে বিজ্ঞানৰ শিক্ষাদান কৰাৰ ক্ষেত্ৰতো অসমৰ বিজ্ঞানকৰ্মীসকলৰ এটা সুকীয়া বৈশিষ্ট্য আছে৷

১৯৯৯ চনত যোৰহাটত অনুষ্ঠিত হোৱা কমখৰচী সঁজুলিৰে বিজ্ঞানৰ শিক্ষাদানৰ কৰ্মশালা এখনত কলিকতাৰপৰা অহা বিজ্ঞান-জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক সমল ব্যক্তি সমৰ বাগছীক লগ পাইছিলোঁ৷ তেখেতে মোৰ আৰু সহকৰ্মীসকলৰ সা-সঁজুলিবোৰ অতি আগ্ৰহেৰে চাই কৈছিল: ‘আপোনালোকে নিজে তৈয়াৰ কৰা সঁজুলিৰে বিজ্ঞান শিকাইছে৷ আমি এতিয়াও বজাৰৰপৰা কিনা সঁজুলিৰেহে [মডেল আদিৰে] শিক্ষাদান কৰোঁ৷ আপোনালোক কলকতালৈ যাব লাগিব৷’

পৰৱৰ্তী কালত সমৰ বাগ্‌ছীৰ অনুৰোধক্ৰমে মই, ধূৰ্জতি প্ৰসাদ মজুমদাৰ আৰু নৃপেন শইকীয়া গৈ কলকতাৰ শিক্ষকৰ কৰ্মশালাত সমল ব্যক্তিৰূপে অংশ গ্ৰহণ কৰিছিলোঁ৷ অসমত হাতে-কামে বিজ্ঞানৰ শিক্ষাদানৰ সঁজুলি উদ্ভাৱন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা অসমৰ এগৰাকী বিশিষ্ট বিজ্ঞান-লেখক হ’ল দৰং কলেজৰ পদাৰ্থবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী ড॰ অখিল কুমাৰ ডেকা৷

অসমীয়া সাহিত্যৰ এক গৌৰৱোজ্জ্বল অতীত আছে৷ সেই কথা আমি বিশিষ্ট ভাৰতীয় ৰসায়নবিজ্ঞানী আচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ [১৮৬১-১৯৪৪] বক্তৃতাৰপৰাহে জানিব পাৰিছিলোঁ৷ ১৯১৯ চনৰ অক্ট'বৰ মাহত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ চতুৰ্থ অধিৱেশনত সভাপতিৰ অভিভাষণত আচাৰ্য ৰায়ে কৈছিল: ‘আপোনালোকৰ বৰ গৌৰৱৰ বিষয় যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বংগদেশৰ বহুপূৰ্বেই অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে, আৰু কৃতিবাস, কাশীৰাম দাসৰ পূৰ্বেই গদ্য-পদ্যত পুথি লিখে৷ ভট্টদেৱৰ ষোল্ল শতিকাত লিখা ‘কথাগীতা’ৰ গদ্য বাস্তৱতে অতুলনীয়৷... ভট্টদেৱৰ ‘কথাগীতা’খন ভাৰতৰ প্ৰথম গদ্য সাহিত্য৷ ... যি সময়ত ইংলেণ্ডৰ হুকাৰ আৰু লাটিমাৰৰ ৰচনাৰ বাহিৰে জগতৰ কোনো সাহিত্যই উন্নতি লাভ কৰা নাছিল, সেই সময়ত ষোল্ল শতিকাত অসমীয়া গদ্য সাহিত্যই উন্নত অৱস্থাত ভৰি দিছিল৷...'

পদাৰ্থবিজ্ঞানৰ স্নাতকোত্তৰ উপাধিপ্ৰাপ্ত প্ৰথমজন অসমীয়া হ’ল যোৰহাটৰ ৰাধানাথ ফুকন [১৮৭৫-১৯৬৪]৷ তেখেতে লিখা ‘শ্ৰীমদ্ভগৱৎ গীতা’ নামৰ বিৰল অসমীয়া পুথিখনৰ কথা মই স্কুলৰ নৱম-দশম শ্ৰেণীত পঢ়ি থাকোঁতেই এগৰাকী শিক্ষাগুৰুৰ মুখত শুনি পুথিখন সংগ্ৰহ কৰিছিলোঁ৷ পুথিখনত সহজ অসমীয়াত লিখা গীতাৰ শ্লোকবোৰৰ বৈজ্ঞানিক ব্যাখ্যা বুজিবলৈ চেষ্টা কৰোঁতেই মই আইনষ্টাইন, আপেক্ষিকতাবাদ, জেমছ জিন্‌ছ আদিৰ বিষয়ে নুবুজিলেও জানিবলৈ পাইছিলোঁ৷

জীৱনত মাজে-সময়ে হতাশা-নিৰাশাৰ ভাব নহাকৈ নাথাকে; সকলোৰে মনলৈ তেনে ভাব অহাটো স্বাভাৱিক৷ তেনে পৰিস্থিতিত সমাজৰ প্ৰতি থকা দায়িত্ববোধে, আৰু মহা মহা পুৰুষৰ বাণীসমূহে ইতিবাচক চিন্তাৰ পুনৰাগমন ঘটায়৷

গীতাৰ বাণীয়ে প্ৰেৰণা যোগায়৷ আৰু উদগনি যোগায় সৰুতে পঢ়া কেইটামান বিশেষ কবিতাই৷ উদাহৰণ স্বৰূপে, হৰিনাৰায়ণ দত্তবৰুৱাৰ এই কবিতাফাকি উল্লেখ কৰিছোঁ:

‘যেতিয়াৰ যিটো বন কৰা তেতিয়াই, পাছলৈ নথ’বা পেলাই,
কৰিম কৰিম বুলি গহৰি কৰিলে, কৰিব কি পাৰে কোনোবাই?’

শ্ৰীমন্ত শংকৰদেৱৰ উপৰি লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা প্ৰমুখ্যে অসমৰ চিৰস্মৰণীয় ব্যক্তিসকলৰ জীৱন আৰু কৰ্মৰাজিৰ মাজত বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰৱাহ দেখা পাওঁ৷ সেয়েহে মই এবাৰ ‘বুঢ়ী আইৰ সাধুত বিজ্ঞানৰ বতৰা’ শীৰ্ষক এটা চমু অধ্যয়ন প্ৰকাশ কৰিছিলোঁ৷

বৰ্তমান সময়ত আধুনিকতাৰ উছাহ-উদ্দীপনাৰ লগতে বেজবৰুৱাদেৱৰ ‘পুৰণি পৃথিৱীক নকৈ চাই লওঁ’ দৃষ্টিভংগীৰে আগুৱাই গ’লেহে নিজৰ লগতে সমাজৰো কল্যাণ হ’ব বুলি ভাবোঁ৷

[লেখক বৰুৱা বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়নবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী, আৰু ভাৰত চৰকাৰৰ বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিজ্ঞান লেখক।।]