গৰ্ডন : এক অৱলোকন


Image Description

নলবাৰী গৰ্ডন হাইস্কুলৰ ছাত্ৰ এজনে এইবাৰ কলিকতা বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেচন পৰীক্ষাত প্ৰথম আৰু আন তিনিখন স্কুলৰ ছাত্ৰই দ্বিতীয়, তৃতীয় আৰু অষ্টম স্থান অধিকাৰ কৰা উপলক্ষে আসাম শিক্ষা বিভাগৰ মাননীয় শ্ৰীযুত ডাইৰেক্টৰ চাহাব বাহাদুৰে অহা ৪ আগষ্ট তাৰিখে আসামৰ সকলো শিক্ষানুষ্ঠানকে বন্ধ দিছে৷ উক্ত দিনটো পালন কৰিবলৈ ছাত্ৰ-অভিভাৱক আৰু শুভাকাংক্ষীসকলৰ এখন মিলন সভা পাতিবলৈ স্থিৰ কৰা হৈছে৷ তাত শ্ৰীযুক্ত ডাইৰেক্টৰ চাহাব আৰু শ্ৰীযুক্ত ইন্সপেক্টৰ চাহাব বাহাদুৰও অনুগ্ৰহ কৰি উপস্থিত থাকিবলৈ মান্তি হৈছে৷ ...

নলবাৰী অঞ্চলত সংস্কৃত বিষয়ত ব্যুৎপত্তি থকা যথেষ্টসংখ্যক লোকৰ উপৰিও ইংৰাজী আৰু ৰাজ্যিক ভাষাৰ উচ্চ শিক্ষাৰ দৰদীলোক ভালেমান আছিল ঊনৈশ শতিকাতো৷ ১৮৮৭ চনত মাইনৰ স্কুল স্থাপনৰ কথা সেই স্কুলৰে প্ৰাক্তন ছাত্ৰ আৰু বহুকাল অবৈতনিক শিক্ষকতা কৰা সেইকালৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত প্ৰতাপ নাৰায়ণ চৌধুৰীৰ টোকাত পোৱা যায়৷

লোকেল ব'ৰ্ডসমূহ অসমত স্থাপনৰ পিছত ১৮৮২ চনত খাতাবাৰীৰ বিশিষ্ট লোক প্ৰয়াত পুষ্প নাৰায়ণ চৌধুৰী নলবাৰীৰ পৰা সদস্য নিৰ্বাচিত হৈছিল৷ ৰাইজৰ আগ্ৰহত আৰু লোকেল ব'ৰ্ড সাহায্যপ্ৰাপ্ত নলবাৰী মাইনৰ স্কুল স্থাপন হয়৷ নলবাৰীৰ অগ্ৰগতি জখলাৰ ইয়ে প্ৰথম খোজ৷

কুৰি শতিকাৰ আদি ভাগতে যেতিয়া হাইস্কুল শিক্ষাকো উচ্চ শিক্ষা বুলি গণ্য কৰা হৈছিল, অসমৰ জিলা আৰু মহকুমাৰ সদৰ ঠাইত চৰকাৰী সাহায্যপ্ৰাপ্ত হাইস্কুল স্থাপনৰ কাম আৰম্ভ হৈছিল৷ নলবাৰীত হাইস্কুল স্থাপনৰ কাম আৰম্ভ হৈছিল৷ নলবাৰীত হাইস্কুল স্থাপনৰ বাবে বিশিষ্ট সমাজকৰ্মী আৰু সমবায়সেৱী প্ৰয়াত প্ৰতাপ নাৰায়ণ চৌধুৰীয়ে ১৯১৩ চনৰ পৰা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিল৷

তাৰ ফলত ১৯১৫ চনত অসমৰ শিক্ষা বিভাগে নলবাৰী মাইনৰ স্কুল হাইস্কুললৈ উন্নীত কৰিব লাগিলে কি কি চৰ্ত পূৰাব লাগিব তাৰ ছপা বিস্তৃত প্ৰস্তাৱনা এখন উলিয়াইছিল৷ চৰ্ত পূৰোৱাৰ আশ্বাস দিয়াৰ পাছত ১৬-১১-১৬ তাৰিখে মাননীয় অসমৰ চীফ কমিছনাৰৰ লগত গুৱাহাটী [গৌহাটী] সোণামুখী জাহাজত প্ৰতিনিধি সভা এখন বহিছিল৷ সেই সভাতে প্ৰতাপ নাৰায়ণ চৌধুৰীদেৱে অস্থায়ী স্কুলঘৰ সাজি দিয়া, চৰকাৰী মঞ্জুৰী অহালৈ খৰচৰ যোগান ধৰা আদিৰ দায়িত্ব লৈছিল৷ সেই মৰ্মে তাৰ পাছদিনা ১৭-১২-১৬ তাৰিখে মাননীয় শিক্ষাধিকাৰক সম্বোধন কৰি চৌধুৰীয়ে দলিল সম্পাদন কৰি দিছিল৷

১৯১৭ চনৰ জানুৱাৰী মাহৰ পহিলা তাৰিখে এটি শুভ মুহূৰ্তত গৰ্ডন হাইস্কুলৰ শুভাৰম্ভ হয়৷ তাত অঞ্চলবাসী মুখিয়াল লোকৰ লগতে উল্লেখযোগ্য বিশিষ্ট কমিছনাৰ লেঃ কৰ্ণেল পি.আৰ.টি. গৰ্ডন, শিক্ষাধিকাৰ জে. আৰ. কানিংহাম, ডেপুটি কমিছনাৰ এ.এইচ. ডাবলই, বেণ্টিংক প্ৰভৃতিৰ আগমন হৈছিল৷

গৰ্ডন হাইস্কুলে নলবাৰীলৈ নতুন পোহৰ কঢ়িয়াই আনিছিল । আনিছিল নতুন উৎসাহ, নতুন উদ্দীপনা৷ স্কুল আৰম্ভ হৈছিল প্ৰয়াত মহেশ্বৰ পাটোৱাৰী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু চিৰআৰধ্য শিক্ষকমণ্ডলীক লৈ৷ সুদক্ষ প্ৰধান শিক্ষক পাটোৱাৰীদেৱৰ যত্নত স্কুলৰ উন্নতি হয় আৰু বহুতো ছাত্ৰই বৃত্তি লাভ কৰিছিল৷ তেখেতৰ নিষ্ঠা আৰু যত্নৰ ফলত এই স্কুল অসমৰ এখন বিখ্যাত স্কুল হৈ উঠিছিল৷

স্বনামধন্য প্ৰধান শিক্ষক মণিৰাম দাস ডাঙৰীয়াৰ কাৰ্য্যকালত গৰ্ডন স্কুলৰ ছাত্ৰই তেতিয়াৰ প্ৰৱেশিকা মহলাত ক্ৰমে আকৰ্ষণীয় ফল দেখুৱাইছিল৷ ১৯৩২ চনৰ দলটোৰ আটায়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল৷ ১৯৪১ চনত কৈলাশ চন্দ্ৰ ভট্টাচাৰ্যই কলিকতা বিশ্ববিদ্যালয়ত প্ৰথম স্থান লাভ কৰিছিল৷ ১৯৪২ চনত দীনেশ চন্দ্ৰ মিশ্ৰই কলিকতা বিশ্ববিদ্যালয়ত পঞ্চম আৰু অবিভক্ত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল৷

তাহানি গৰ্ডনিয়ানৰ মাজত জনাৰ, শিকাৰ আৰু গঢ়াৰ এটা বিশেষ ভাবমণ্ডল গঢ়ি উঠিছিল৷ অথচ তেতিয়াৰ নলবাৰীত পৰিৱেশ নাছিল, নলবাৰীৰ পৰিৱেশ গঢ়ি তুলিছিল গৰ্ডনিয়ানসকলেই৷ সেই সময়ত গৰ্ডন স্কুলত প্ৰকৃত অৰ্থতে ধৰ্ম আৰু সম্প্ৰদায়নিৰপেক্ষ পৰিৱেশ গঢ় লৈ উঠিছিল৷ এই ক্ষেত্ৰত গৰ্ডন স্কুলৰ সৰস্বতী পূজা আৰু মহৰম পৰ্বৰ কথা উল্লেখ কৰিলেই হয়৷

নলবাৰী গৰ্ডন স্কুল নলবাৰীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ৷ শিক্ষা, সংস্কৃত, ৰাজনীতি আদি সকলো ক্ষেত্ৰতে নলবাৰীৰ অৱদান লেখত ল’বলগীয়া৷ প্ৰয়াত শৰৎ চন্দ্ৰ গোস্বামীৰ দৰে শিক্ষাবিদ, প্ৰয়াত ত্ৰৈলোক্য নাথ গোস্বামীৰ দৰে সাহিত্যিক, প্ৰয়াত হৰিনাৰায়ণ দত্ত বৰুৱাৰ নিচিনা দানী আৰু শিক্ষাবিদ, ফেৰেংগাদাওৰ স্ৰষ্টা মেদিনী মোহন চৌধুৰী, মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ শিক্ষা আৰু সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অৱদানে আৰু ৰাজনীতিৰ পথাৰত শংকৰ ভট্টাচাৰ্য্য, জনতা চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰমনী বৰ্মনকে ধৰি বহুতো গৰ্ডনিয়ানে নিজৰ তথা গৰ্ডন স্কুলৰ নাম উজলাই ৰাখিছে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ প্ৰয়াত বাহাৰুল ইছলামদেৱৰ লিখনিত পোৱা যায়: ১৯৩৪ চনত আমি মেট্ৰিক দিলোঁ৷ চাৰিজনে প্ৰতিযোগিতামূলক বৃত্তি পালোঁ৷ তাৰিণী, শশী, উমা আৰু মই৷ মোহন চন্দ্ৰ দাসে অনুন্নত জাতিৰ বাবে আছুতীয়াকৈ ৰখা বৃত্তি এটা পালে৷ গৰ্ডন হাইস্কুলৰ অভূতপূৰ্ব কীৰ্তি৷ নাম জনজনাই গ’ল৷

আনন্দত অধীৰ হৈ স্কুলৰ তদাৰক কমিটিৰ সভাপতি প্ৰতাপ নাৰায়ণ চৌধুৰীয়ে পি. আৰ.টি গৰ্ডনলৈ চিঠি লিখিলে তেখেতৰ স্কুলৰ কীৰ্তিৰ কথা জনাই৷ গৰ্ডন চাহাব তেতিয়া জেমেকা দ্বীপত আছিল৷ গৰ্ডনে হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰসকলক অভিনন্দন জনালে৷ লগতে আমাৰ চাৰিজনৰ মাজত ১৫ টকাকৈ ভগাই দিবলৈ ৬০ টকা ৰূপ পঠিয়াই দিলে৷

মণিৰাম দাস ছাৰৰ মনোবাঞ্ছা পূৰ্ণ হৈছিল ৷ পৰৱৰ্তী সৰস্বতী পূজাৰ দিনা এক বিৰাট জনসভাৰ আয়োজন কৰি বৃত্তি পোৱা ছাত্ৰ কেইজনক সম্বৰ্ধনা জনালে আৰু গৰ্ডনে দিয়া ৬০ টকা ৰূপ ভগাই দিলে৷ সেইখন সভাত কি যে পয়োভৰ নহৈছিল৷

ড॰ কালীনাথ শৰ্মাই লিখিছে: ‘সকলোৱে তাহানিৰ আমাৰ হেড মাষ্টৰক মণিবাবু বুলিহে কৈছিল আৰু সেইবাবেই তেওঁক মইয়ো মণিবাবু বুলিয়ে উল্লেখ কৰিছোঁ৷ তেওঁ কেতিয়াও হাতেৰে বা বেতেৰে আমাক শাস্তি দিয়া নাছিল৷ ইংৰাজী ব্যাকৰণৰ অধ্যায়বোৰ আমাক নিৰ্ভুলভাৱে মুখস্থ কৰাই ব্যৱহাৰ বিধি শিকাইহে তেওঁ শান্তি পাইছিল৷ ইংৰাজী ৰচনা শিকাবলৈ তেওঁ চন্দ্ৰ নাথ শৰ্মাৰ ‘ৰেচনেল ট্ৰেন্সলেচন এণ্ড কম্প'জিচন’ পুথিখনৰ সহায় লৈছিল, অৰ্থাৎ আমাক সহায় ল'বলৈ কৈছিল৷ মণিবাবুৰ কাৰণেই আমি Pray you কথাষাৰ লিখিব নোৱাৰোঁ৷ Pray to you লিখোঁ বা to kindly grant নকৈ Kindly to grant বুলি কওঁ৷ মই শিক্ষাধিকাৰ থকা সময়ত পঞ্জীভুক্ত হাইস্কুল ছয় কুৰিখনমান আছিল৷ ত্ৰিশৰ দশকত অবিভক্ত অসমত আৰু কম আছিল৷ কামৰূপ জিলাৰ [অবিভক্ত] বৰপেটা অঞ্চলত দুখনমান আৰু নলবাৰী অঞ্চলত দুখন নে তিনিখনহে হাইস্কুল আছিল৷ তেতিয়া গৰ্ডন হাইস্কুলৰ নাম, যশ খুব বেছি৷

সুউচ্চ,সুশ্ৰী, বুদ্ধিমান, বলবন্ত ৰূপবান, ব্যক্তিত্ববান, স্বাস্থ্যবন্ত, তেজোদ্দীপ্ত নাম সাৰ্থক ইন্দ্ৰেশ্বৰ বৰঠাকুৰ আছিল একাধাৰে কবি, সাহিত্যিক, সুবক্তা, লেখক, খনিকৰ, খেলুৱৈ, চিকিৎসক, কাৰিকৰ, গীতিকাৰ, সুৰকাৰ, গায়ক, বাদক, কৃষ্টিকৰ, নৃত্য শিল্পী, সমাজকৰ্মী, নাট্যচৰ্চাত আগৰণুৱা, অভিনেতা আৰু নাট্যকাৰ ইত্যাদি শিল্প-কলাৰ প্ৰতিমূৰ্তি আৰু বহুমুখী প্ৰতিভাসম্পন্ন।

নলবাৰী গৰ্ডন স্কুলত ইন্দ্ৰেশ্বৰ বৰঠাকুৰদেৱ সম্পৰ্কে শ্ৰীকনক চন্দ্ৰ বৰ্মাৰ লিখনিৰ পৰা উদ্ধৃতি দিয়া হ'ল:

১৯২০-২১ চনমানত বিশিষ্ট শিক্ষাবিদ ইন্দ্ৰেশ্বৰ বৰঠাকুৰদেৱে প্ৰধান শিক্ষক হিচাপে গৰ্ডন স্কুলত যোগদান কৰে৷ গৰ্ডনৰ কথা কৈ অন্ত কৰিব নোৱাৰি৷ কিন্তু এই কথা স্বীকাৰ্য্য যে গৰ্ডনৰ সেই স্বৰ্ণময়, বৰ্ণময়, সুশ্ৰী আজি বহু পৰিমাণে নিষ্প্ৰভ৷ ... বিদ্বৎসুধী সমাজে মাৰ বান্ধি উঠিলে পুনৰ সেই সোণালী সুদিন উভতি আহিবই বুলি আমি পৰম বিশ্বাসী৷।

বিঃদ্ৰঃ নিবন্ধটো যুগুত কৰোঁতে গৰ্ডন স্কুল শতবাৰ্ষিকী স্মৃতিগ্ৰন্থৰ সহায় লোৱা হৈছে৷