অস্কাৰ বিজয়ী 'এলিফেণ্ট হুইছ্পাৰাৰ্ছ'


Image Description

এইবাৰ অস্কাৰত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা পোৱা ভাৰতীয় ছবিখনৰ নাম 'দি এলিফেণ্ট হুইছ্ পাৰাৰ্ছ'। পৰিচালক কাৰ্তিকী গঞ্চালভেছ। ৩৯ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ এই নামটোৰ এক গুৰুত্বপূৰ্ণ তাৎপৰ্য্য আছে। এই নামটো ২০০৯ চনত প্ৰকাশিত 'দি এলিফেণ্ট হুইছ্ পাৰাৰ' শীৰ্ষক কিতাপ এখনৰ নামৰ প্ৰতিধ্বনি। এই কিতাপখন লিখিছিল লৰেঞ্চ এণ্টনি নামৰ দক্ষিণ আফ্ৰিকাৰ সংৰক্ষণবিদ এজনে।

এণ্টনিৰ এই বিখ্যাত কিতাপখনৰ শিৰোনামত থকা 'হুইছ্ পাৰাৰ' শব্দটো একবচন, কিন্তু গঞ্চালভেছৰ তথ্যচিত্ৰখনৰ 'হুইছ্ পাৰাৰ্ছ' শব্দটো বহুবচন। তাৰ বাহিৰে দুয়োটা নাম একেই।

এই 'হুইছ্ পাৰাৰ' শব্দটো আহিছে ইংৰাজী ভাষাৰ 'হুইছ্ পাৰ' শব্দৰ পৰা, যাৰ অৰ্থ ফুচ্ ফুচনি বা ভুন্ ভুননি। পিচে ইংৰাজীত 'হুইছ্ পাৰাৰ' শব্দটোৱে 'ফুচ্ ফুচাই কথা কওঁতা' অৰ্থটোৰ উপৰি আন এক অৰ্থও বহন কৰে। সেই অৰ্থত শব্দটো ব্যৱহাৰ কৰা হয় বন্য জীৱ-জন্তুৰ সৈতে মানুহৰ এক বিশেষ ধৰণৰ আত্মীয়তাৰ কথা বুজাবলৈ।

যি মানুহে সামান্যতমো শাৰিৰীক বল প্ৰয়োগ নকৰাকৈ অস্ফুট ধ্বনি, মৰমিয়াল মাত-কথা, বন্ধুত্বপূৰ্ণ দৈহিক ভাৱ-ভংগীৰ সহায়ত কোনো বন্যজন্তুৰ বিশ্বাস আৰু মৰম আদায় কৰে তেনে মানুহকে 'হুইছ্ পাৰাৰ' বুলি কোৱা হয়। সেই অৰ্থতে ইংৰাজীত 'হৰ্ছ হুইছ্ পাৰাৰ', 'লায়ন হুইছ্ পাৰাৰ' আদি অভিব্যক্তি ব্যৱহাৰ কৰা হয়। 'এলিফেণ্ট হুইছ্ পাৰাৰ' হৈছে তেনে উপায়-পদ্ধতিৰে হাতীৰ মন জয় কৰা মানুহ।

লৰেঞ্চ এণ্টনিৰ কিতাপখন আৰু কাৰ্তিকী গঞ্চালভেছৰ তথ্যচিত্ৰখনত আমি তেনে কেইজনমান মানুহকে লগ পাওঁ।

এণ্টনিৰ কিতাপখনৰ 'এলিফেণ্ট হুইছ্ পাৰাৰ'জন হৈছে এণ্টনি নিজে। ১৯৯৭ চনৰ পৰা পৰৱৰ্তী কেইবছৰমানৰ ভিতৰত এণ্টনিয়ে আফ্ৰিকাৰ বনৰীয়া হাতীৰ অশান্ত জাক এটাক মাথোঁ বন্ধুত্বপূৰ্ণ মাত-কথা আৰু অহিংস আচৰণৰ দ্বাৰাই শান্ত কৰিছিল আৰু তেওঁৰ ব্যক্তিগত মালিকানাধীন থূলা-থূলা নামৰ অভয়াৰণ্যখনত ঘৰ খুৱাইছিল।

এই হাতীৰ জাকটোৰ কেইবাটিও সদস্যই হিংসুক মানুহৰ হাতত প্ৰাণ হেৰুৱাইছিল বাবে হাতীকেইটা মানুহ দেখিলেই হিংস্ৰ হৈ উঠিছিল। এণ্টনিয়ে অসীম ধৈৰ্য্য আৰু যত্নেৰে বহু মাহৰ প্ৰচেষ্টাৰ অন্তত এই ক্ষুব্ধ হাতীপালটোৰ আস্থা জয় কৰিছিল।

এণ্টনিৰ এই আচৰিত ক্ষমতাৰ বাবে মানুহে তেওঁক নাম দিছিল 'এলিফেণ্ট হুইছ্ পাৰাৰ'। এই হাতীজাকটোৰ সৈতে তেওঁৰ সমগ্ৰ অভিজ্ঞতাক এণ্টনিয়ে তেওঁৰ একে নামৰ কিতাপখনত সবিশেষ লিপিবদ্ধ কৰি গৈছে। এই ৰোমাঞ্চকৰ কিতাপখনৰ বিষয়ে মই ইতিমধ্যে 'প্ৰত্যাহ্বান'ৰ পৃষ্ঠাতে আলোচনা কৰিছোঁ (৩০ জানুৱাৰী, ২০২৩ সংখ্যা)।

আনহাতে কাৰ্তিকী গঞ্চালভেছৰ অস্কাৰ বিজয়ী তথ্যচিত্ৰখনৰ এলিফেণ্ট হুইছ্ পাৰাৰ্ছ দুজন হৈছে এহাল আদবয়সীয়া দম্পতি। তেওঁলোকৰ নাম বোম্মন আৰু বেল্লী। এওঁলোক তামিলনাডুৰ মুডুমালাই ৰাষ্ট্ৰীয় বনাঞ্চলৰ অধিবাসী কাট্টুনায়কন জনগোষ্ঠীৰ লোক। তেওঁলোকৰ মানুহবোৰে সেই বনাঞ্চলত হাজাৰ হাজাৰ বছৰ ধৰি বাস কৰি আহিছে। প্ৰকৃতাৰ্থতে তেওঁলোক সেই বনভূমিৰ সন্তান। বনৰ জীৱ-জন্তু তেওঁলোকৰ সহোদৰ স্বৰূপ।

বোম্মন পেছাত এগৰাকী মাহুত। সেই পেছা তেওঁৰ বংশগত। বোম্মনৰ পিতৃ, পিতামহ সকলোৱেই আছিল মাহুত অথবা হাতীৰ ৰখীয়া। সকলোৱেই আছিল একোজন এলিফেণ্ট হুইছ্ পাৰাৰ।

তথ্যচিত্ৰখনৰ কাহিনীভাগ বোম্মন, বেল্লী, ৰঘূ আৰু অম্মুৰ ওপৰত কেন্দ্ৰিত। ৰঘূ আৰু অম্মু হৈছে দুটা হাতী পোৱালি। ৰঘূক আমি দেখা পাওঁ ছবিখনৰ আৰম্ভণিৰে পৰা, আৰু অম্মু আহে ছবিখনৰ পাছৰ অংশত। দুয়োটা হাতীয়েই অনাথ। সিহঁতৰ মাকহঁত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে মৃত্যুমুখত পৰিছিল। সেই মৃত্যুৰ বাবে মানুহেই দায়ী আছিল। মাকৰ মৃত্যুৰ সময়ত ৰঘূৰ বয়স আছিল তিনিমাহ। তেনেদৰে অম্মুৰ মাকৰ মৃত্যুৰ সময়তো অম্মুৰ বয়স আছিল পাঁচ মাহ।


(Figure 2: ৰঘূ আৰু অম্মুৰ সৈতে বোম্মন আৰু বেল্লী)

মাতৃহাৰা ৰঘূক বনবিভাগে বোম্মন আৰু বেল্লীৰ হাতত তুলি দিয়ে। হাড়ে-ছালে লগা আহত হাতী পোৱালিটোক মানুহ দুগৰাকীয়ে নিজৰ সন্তানৰ দৰেই তুলিবলৈ লয়। তাক নিজহাতেৰে খুৱাই-বুৱাই, গা-পা ধুৱাই ডাঙৰ-দীঘল কৰে, কেঁচুৱাৰ সৈতে কথা পতাৰ দৰে তাৰ সৈতে কথা পাতে, ধেমালি কৰে। তাৰ আনন্দত তেওঁলোকো আত্মহাৰা হয়, তাৰ সৈতে হোৱা বিচ্ছেদত তেওঁলোকে বিষাদৰ চকুপানী টোকে। পাছত অহা অম্মুকো তেওঁলোকে একেদৰেই ডাঙৰ কৰে।

নিজৰ জ্ঞাতি-কুটুমক হেৰুওৱা হাতী পোৱালি দুটায়ো এই দুঠেঙীয়া জীৱ দুটিৰ অপত্য স্নেহত সম্পূৰ্ণৰূপে সঁহাৰি দিয়ে। তেওঁলোক দুয়ো নিজহাতে খুৱাই নিদিলে ৰঘূৱে খোৱাবস্তু গিলিবলৈও অসন্মত হয়, মুখত ভৰাই দিয়া খাদ্যৰ গৰাহ সৰু ল'ৰা-ছোৱালীৰ দৰে উকুলিয়াই দিয়ে। আনকি বেল্লীয়ে যেতিয়া নিজৰ জীয়ৰীৰ মৃত্যুত শোক-বিহ্বলা হৈ চকুলো নিগৰায় তেতিয়া ৰঘূৱে নিজৰ শুঁৰেৰে তেওঁৰ চকুলোও মচি দিয়ে।

এইদৰেই দক্ষিণ ভাৰতৰ এলিফেণ্ট হুইছ্ পাৰাৰ্ছ বোম্মন আৰু বেল্লীয়ে মাথোঁ মৰমিয়াল মাত-কথা, বন্ধুত্বপূৰ্ণ আচৰণ আদিৰ বলতেই হাতী পোৱালি দুটাৰ মৰম আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ এলিফেণ্ট হুইছ্ পাৰাৰ লৰেঞ্চ এণ্টনিয়েও ঠিক একে পদ্ধতিৰেই তেওঁৰ তত্ত্বাৱধানৰ বনৰীয়া হাতীৰ জাকটোৰ আস্থাভাজন হৈছিল।

এই ক্ষেত্ৰত লৰেঞ্চ এণ্টনিৰ সৈতে বোম্মন-বেল্লীৰ এক পাৰ্থক্য লেখত ল'বলগীয়া। এই কথা সঁচা যে এই তিনিওজন লোকৰে প্ৰকৃতিপ্ৰেম আৰু ভূতদয়া ('প্ৰাণীৰ প্ৰতি দয়া') অতুলনীয়। ২০১২ চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা এণ্টনিয়ে বন্যজীৱৰ প্ৰাণৰক্ষাৰ হকে নিজৰ জীৱনকো জলাঞ্জলি দিবলৈ সৰ্বদা সাজু আছিল। কিন্তু বোম্মন-বেল্লীৰ এই প্ৰকৃতিপ্ৰেমত অন্য এক বৈশিষ্ট্যও দেখা যায়। সেয়া হৈছে জীৱ আৰু অৰণ্যৰ প্ৰতি তেওঁলোকৰ সুগভীৰ শ্ৰদ্ধা আৰু ভক্তি।

এই ভক্তিৰ উঁহ কেৱল বোম্মন আৰু বেল্লীৰ নিজ হৃদয়তে নাই, আছে তেওঁলোকৰ সমাজ আৰু সংস্কৃতিতো। এক সুপ্ৰাচীন পৰম্পৰাৰ বাহক হিচাবে বোম্মন আৰু বেল্লীয়ে সকলো জীৱকে ঈশ্বৰৰ অংশ বুলি গণ্য কৰে, অৰণ্যক এক পবিত্ৰ স্থান বুলি জ্ঞান কৰে। বেল্লীৰ ভাষাত, 'আমাৰ কাট্টুনায়কন মানুহখিনিৰ জন্ম অৰণ্যৰ বুকুতেই। অৰণ্যৰ মংগলেই আমাৰ বাবে সকলো। আমি অৰণ্যৰ বুকুত শুদা ভৰিৰে খোজ কাঢ়োঁ। এইদৰেই আমি অৰণ্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰোঁ।'

একেদৰে তথ্যচিত্ৰখনৰ মাজভাগত বোম্মনে কয়, 'আমি ভগৱান গণেশক পূজা কৰোঁ। আমাৰ কাৰণে হাতী দেখা মানেই ভগৱান দেখা। মোক কাৰণে হাতী আৰু ভগৱান এক। ভগৱানক মই যিদৰে সেৱা-সৎকাৰ কৰোঁ হাতীকো কৰোঁ।'

এইদৰেই এই তথ্যচিত্ৰখনত প্ৰকৃতি আৰু ঈশ্বৰ: এই দুটি বিশাল বিষয়ৰ অৱতাৰণা ঘটিছে।

সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত তথা গোটেই বিশ্বৰ সমাজ-ৰাজনীতিত এই বিষয় দুটি অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। এনে পৰিস্থিতিত এই তথ্যচিত্ৰখনে বোম্মন-বেল্লী-ৰঘূ-অম্মুৰ জীৱনৰ পৰা দৰ্শকলৈ মাজলৈ যি বাৰ্তা কঢ়িয়াই আনিছে সেয়া অতি গুৰুত্বপূৰ্ণ।

সেই বাৰ্তা হৈছে এয়া:

চেতন-জীৱ আৰু জীৱন্ত প্ৰকৃতিৰ আদৰ-যত্নই হৈছে ঈশ্বৰৰ সৰ্বোৎকৃষ্ট উপাসনা। ঈশ্বৰৰ এনে উপাসনাৰ দ্বাৰাহে মানুহে নিজৰ তথা আনৰ উপকাৰ সাধন কৰিব পাৰে। পৃথিৱীৰ প্ৰকৃতি-পৰিৱেশ আৰু জীৱকুলৰ মংগলৰ উপায়ো এনে মনোবৃত্তিতে নিহিত হৈ আছে।

পৃথিৱীৰ প্ৰায়বোৰ মহৎ কলা আৰু আধ্যাত্মিক পৰম্পৰায়ো এই বাৰ্তাকে বহন কৰে। আশা কৰিব পাৰি তথ্যচিত্ৰখনে একাডেমী পুৰস্কাৰ লাভ কৰাৰ ফলত এই বাৰ্তাই বিশ্বৰ মানুহৰ মাজত বহলভাৱে প্ৰচাৰ লাভ কৰিব।।