ইচি টেমেলকুৰানৰ
‘হাউ টু লুজ এ কান্ট্রি ...’
(গণতন্ত্রৰপৰা স্বৈৰতন্ত্রলৈ)


Image Description

(১)
ইচি টেমেলকুৰান (Ece Temelkuran ) তুৰস্কৰ এগৰাকী সাংবাদিক আৰু লেখক।

দেশখনৰ আটাইতকৈ জনপ্রিয় ৰাজনৈতিক লেখক হিচাবে দুবাৰ নির্বাচিত হোৱা সাংবাদিকগৰাকীৰ লেখা নিজ দেশৰ উপৰি দ্য গার্ডিয়ান, নিউ ইয়র্ক টাইমছ, নিউ ষ্টেটছমেন, ফ্রংফুর্টাৰ, আদি আন্তঃৰাষ্ট্রীয় স্তৰৰ অনেক কাকতত প্রকাশ হৈ আহিছে।

তুৰস্কৰ আংকাৰা ইউনিভার্চিটিৰ আইনৰ স্নাতক টেমেলকুৰান ইংলণ্ডস্থিত ‘ৰয়টার্ছ ইনষ্টিটিউট ফৰ দ্য ষ্টাডি অব জার্নেলিজম’ৰ ভিজিটিং প্রফেছৰ হিচাবে কর্মৰত। ১৯৭৩ চনত জন্মগ্রহণ কৰা লেখিকাগৰাকীৰ এতিয়ালৈকে কাহিনী আৰু অ-কাহিনী শাখাৰ মুঠ বাৰখন গ্রন্থ প্রকাশ পাইছে; তাৰ ভিতৰত ২০১৯ চনত প্রকাশিত ‘হাউ টু লুজ এ কান্ট্রি : দ্য ছেভেন ষ্টেপছ ফ্রম ডেমক্রেচি টু ডিক্টেটৰশ্বিপ’ এখন বহু আলোচিত আৰু বহু প্রশংশিত গ্রন্থ।

‘হাউ টু লুজ এ কান্ট্রি ...’ গ্রন্থখন হৈছে সমগ্র বিশ্বৰ জনসাধাৰণৰ প্রতি লেখিকাৰ ‘এক আৱেগিক আৱেদন, এটা বিপদ সংকেত যে পপুলিজম আৰু ৰাষ্ট্রবাদে দেখদেখকৈ চৰকাৰ এখনত প্রৱশে নকৰে, ই অলক্ষিতে, সন্তর্পণে তাত প্রৱেশ কৰে।'

টেমেলকুৰানে এই বিপজ্জনক প্রক্রিয়াটোৰ কেইটামান পূর্ব লক্ষণ চিনাক্ত কৰি, গণতন্ত্রত বিশ্বাস ৰখা প্রতিজন লোককে আৰম্ভণিতে ইয়াক উৎখাত কৰিবলৈ আহ্বান জনাইছে। অন্যথা, নিজৰ দেশখন হেৰুওৱাৰ দৰে অত্যন্ত বেদনাদায়ক পৰিণতিৰ বাবে অপেক্ষা কৰাৰ বাহিৰে গত্যন্তৰ নাই বুলি লেখিকাই যুক্তি-উদাহৰণৰ সহায়ত গ্রন্থখনত প্রকাশ কৰিছে।

পপুলিজম আৰু ৰাষ্ট্রবাদৰ সম্পর্কত লেখিকাগৰাকীয়ে এটা সাক্ষাৎকাৰত কৈছে যে ৰাষ্ট্রবাদ, পপুলিজম আৰু স্বৈৰতন্ত্রৰ মাজত থকা পার্থক্যৰ বিষয়ে বুজিবলৈ সময় একেবাৰে কম। সম্মুখত বিপদ, এনে সময়ত এই বিষয়বোৰৰ সংজ্ঞা নিৰূপণৰ কাৰণে যথেষ্ট সময় নাই।

এই কথা সঁচা যে যেতিয়ালৈকে পপুলিজমৰ নিজা অভিজ্ঞতা নহয় ই প্রকৃততে কি সেই বিষয়ে জানিব নোৱাৰি। পপুলিজম হৈছে অজ্ঞতাক ৰাজনৈতিক আৰু নৈতিক পাগলামিৰ পর্য্যায়লৈ লৈ যোৱা এক ৰাজনীতি আৰু কার্য্যসাধনৰ প্রস্তুতি। আমি জানো যে ৰাষ্ট্রবাদ ধাৰণাটোৰ উৎস হৈছে এক জাতি-ৰাষ্ট্র (nation-states)।

গতিকে এয়া এক বিড়ম্বনা যে আমি এতিয়া এক জাতি-ৰাষ্ট্রৰ লগতে ৰাষ্ট্রৰ উর্ধত থকা আৰু আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠানসমূহ বিফল হৈছে বুলি বাৰম্বাৰ কোৱা আৰম্ভ কৰিছোঁ ... আৰু ইতিমধ্যে নব্য-ৰাষ্ট্রবাদৰ উত্থান হ’বলৈ আৰম্ভ কৰিছে।

এয়া গণতন্ত্রৰ পৰিপক্কতাৰ কথা নহয়, এয়া প্রতিষ্ঠানসমূহৰ শক্তিৰ কথাও নহয় ... এবাৰ যদি সমাজৰ শিৰা আৰু অংগত স্বৈৰতন্ত্রবাদৰ কেন্সাৰে প্রৱেশ কৰে, তাৰপৰা মুক্তি পোৱা সহজ নহয় – সিহঁতৰ এক নির্দিষ্ট পদ্ধতি আছে যি ৰাজনৈতিক ব্যৱস্থাক প্রাণহীন আৰু মানৱীয় সাধাৰণ যুক্তিক থান-বান কৰি দিব পাৰে।

সাধাৰণ জনতা ৰাজনৈতিকভাৱে শিক্ষিত নোহোৱা আৰু ব্যৱস্থাটোৰ সৈতে জড়িত নোহোৱা সম্পর্কত টেমেলকুৰানে কৈছে যে ১৯৭০ৰ দশকত তেওঁলোকৰ দেশ তুৰস্কৰ শিক্ষা ব্যৱস্থাত ৰাজনীতিক লৈ এখন যুদ্ধ হয় – এনে এটা যুগচেতনা জাপি দিয়া হয় যে ৰাজনীতি হৈছে এটা লেতেৰা, আমনিদায়ক, অপ্রয়োজনীয় বিষয়। সাধাৰণ জনতাই এনেদৰে কোৱাটো এটা নিয়মত পৰিণত হয় যে, ‘মই ৰাজনীতি বেয়া পাওঁ’’।

কিন্তু তেওঁলোকে প্রকৃততে এই কথা অনুভৱ নকৰে যে এই কথাখিনি আটাইতকৈ বেছি ৰাজনৈতিক উক্তিৰ ভিতৰতে পৰে। যেতিয়া এগৰাকী ব্যক্তিয়ে কয়, ‘মই ৰাজনীতি বেয়া পাওঁ!’, তেওঁ নিজকে ৰাজহুৱা ক্ষেত্রখনপৰা আঁতৰাই নিয়ে, আৰু নিজে এক ৰাজনৈতিক বিষয় হোৱাৰ সামর্থ্যক অস্বীকাৰ কৰে। তাৰ ফল হয় যে তেওঁ এক ওপৰৰ স্তৰৰ, এক শক্তিশালী শাসনকর্তাৰ ওচৰত নিজকে সমর্পণ কৰে।

টেমেলকুৰানৰ মতে গণতন্ত্রৰ প্রকৃত গৰাকীক গণতন্ত্রৰপৰা আঁতৰাই পঠোৱাটোৱে হৈছে গণতন্ত্র দুর্বল হোৱাৰ মূল কাৰণ। যেতিয়া গণতন্ত্রই জনতাক সামাজিক ন্যায় দিব নোৱৰা হয়, যিটো গণতন্ত্রৰ এটা এৰাব নোৱৰা উপাদান, তেতিয়াই এই প্রক্রিয়াটো আৰম্ভ হয়। তেনে অৱস্থাত গণতন্ত্র হৈ পৰে অভিজাত শ্রেণীৰ স্বার্থপূৰণৰ এটা ব্যৱস্থা।

সেইবাবেই জনতাক প্রতিনিধিত্ব কৰা প্রগতিশীল গোটবোৰে তেওঁলোকৰ প্রতিবাদ সাব্যস্ত কৰিবৰ বাবে গণতান্ত্রিক আৰু চৰকাৰী প্রতিষ্ঠানৰ সলনি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয়। মানুহে যেতিয়া সামাজিক অন্যায়ৰ বিৰুদ্ধে যুঁজিব নোৱাৰে তেওঁলোকে গণতন্ত্রকো সুৰক্ষা দিব নোৱাৰে।

আশা নহয়, সংকল্পহে তেওঁৰ প্রিয় বুলি কৈ লেখিকাগৰাকীয়ে কৈছে যে সংকল্পিত অথবা দৃঢ়প্রতিজ্ঞ হোৱাটো এটা নৈতিক অৱস্থান, আশাৰ ওপৰত বৰকৈ নির্ভৰ কৰিলে মানুহ এলেহুৱা হোৱাৰ সম্ভাৱনা থাকে। তেওঁ কৈছে যে সামাজিক মাধ্যমৰ সৌজন্যত মানুহৰ বেয়া দিশটো ধাৰাবাহিক ৰূপত দেখা পাই থকা হয় – কিন্তু মানুহৰ ভাল দিশটো অথবা ভাল -বেয়া মিলাই যিটো সম্পূর্ণ ৰূপ, সেইটো জনতাৰ সম্মুখলৈ নাহে। ...

আমি বুজি পাব লাগিব যে ৰাজনীতি অশুভ আৰু পাগলামিৰ বিষয় নহয়, এয়া হৈছে প্রকৃত মানৱীয় যোগাযোগ। প্রাচীন পদ্ধতিৰ মানৱীয যোগাযোগলৈ উভতি গ’লে মানৱজাতিৰ বর্তমানৰ অৱস্থা আৰু সাম্প্রতিক ৰাজনীতিৰ পৰিৱেশ বুজি পোৱাত সুবিধা হ’ব বুলি বিশ্বাস কৰিব পাৰি। ... যেতিয়া কোনোবা এজন সামাজিক মাধ্যমত থাকে, তেওঁৰ যি প্রকৃতি তাতকৈ বেয়া ৰূপত তেওঁ নিজকে প্রকাশ কৰে।

আমি অতি সম্প্রতি ইয়াক আৱিষ্কাৰ কৰিছোঁ, ই এটা নতুন আৱিষ্কাৰ – আমি ইয়াক নিয়ন্ত্রণ কৰিব নোৱাৰোঁ। শিশু অৱস্থাত যেনেদৰে বিভিন্ন ৰোগৰ সংক্রমণৰ অভিজ্ঞতা লাভ কৰা হয়, তেনে ধৰণৰ সংক্রমণেৰে সামাজিক মাধ্যমে আমাৰ গণতান্ত্রিক প্রতিষ্ঠানসমূহৰ সৈতে খেলা আৰম্ভ কৰিছে।

‘হাউ টু লুজ ইয়ৰ কান্ট্রি...’ গ্রন্থখনত টেমেলকুৰানে বিশ্বৰ বিভিন্ন দেশত সক্রিয় ৰূপত থকা পপুলিজম তথা পপুলিষ্টসকলৰ কর্মপদ্ধতি ব্যাখ্যা কৰিছে যদিও ভাৰতৰ বিষয়ে গ্রন্থখনত উল্লেখ কৰা নাই। এই সম্পর্কে দিল্লী বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিষয়ৰ অধ্যাপক সতীশ দেশপাণ্ডেই কৈছে যে টেমেলকুৰানৰ গ্রন্থখন মূলতঃ এংলো-এমেৰিকান আৰু ইউৰ'পিয়ান লোকসকলক উদ্দেশ্য কৰি লিখা হৈছে।

“কিন্তু ইয়াত আমাৰ সাম্প্রতিক ঘটনাৰাজিৰ সৈতে থকা সাদৃশ্য একো অস্বাভাৱিক সংযোগ নহয়। গ্রন্থখনত উল্লেখ কৰা মতে ঘটনাৰাজিৰ সঠিক ক্রম, আৰু কোনো ঘটনাৰ আপেক্ষিক গুৰুত্ব অথবা সুস্পষ্টতাক লৈ বিতর্কৰ সৃষ্টি হ’ব পাৰে, কিন্তু সামগ্রিক ঘটনাৰাজিৰ যি প্রবণতা তাৰ সাদৃশ্য চকুত লগাকৈ স্পষ্ট।

আচৰিত কথাটো হৈছে, গ্রন্থখন প্রকৃত অর্থত কামত অহা, কাৰণ ইয়াত একো নতুন কথা কোৱা হোৱা নাই, ইয়াত থকা কথাবোৰ আমি ইতিমধ্যে নজনাকৈ থকা নাই। ই মাথোঁ আমাৰ সম্মুখত এখন আইনা ধৰি আছে, আৰু আমাৰ অভিজ্ঞতাক পুনৰ প্রতিফলিত কৰি বৃহত্তৰ এক প্রপঞ্চৰ এটা অংশ আমাৰ দৃষ্টিগোচৰ কৰিছে।”

সাম্প্রতিক সময়ত আমাৰ দেশত ঘটি থকা কিছুমান ঘটনা আমাৰ দেশৰে একক বৈশিষ্ট্য বুলি আমি ভাবি থকাটোও যে সঁচা নহয়, সেইবোৰ যে পপুলিজমৰ কৱলত পৰা বিশ্বৰ ভিন্ন দেশৰ একো একোটা সাধাৰণ ঘটনা, সেই কথাও গ্রন্থখনে উল্লেখ কৰিছে।

বিশেষকৈ, স্বৈৰতন্ত্রী সাম্প্রদায়িকতাবাদ, সামাজিক মাধ্যমৰ একপক্ষীয় ৰায় প্রদানৰ প্রৱণতা আৰু দেশৰ নীতি নির্ধাৰণত বুদ্ধিজীৱীসকলক একাষৰীয়া কৰা, আদি সকলো কথাই গ্রন্থখনত আলোচনা কৰা হৈছে।

গ্রন্থখনত উল্লেখ কৰা মতে, গণতন্ত্রৰপৰা স্বৈৰতন্ত্রলৈ গতি কৰোঁতে দেশ এখনে পর্য্যায়ক্রমে অতিক্রম কৰিবলগীয়া হোৱা সাতোটা স্তৰৰ বিষয়ে এক নির্মোহ আলোচনাৰ নিশ্চয় প্রয়োজন আছে।

‘হাউ টু লুজ এ কান্ট্রি : দ্য ছেভেন ষ্টেপছ ফ্রম ডেমক্রেচি টু ডিক্টেটৰশ্বিপ’ গ্রন্থখনৰ মুখ্য পটভূমি হৈছে তুৰস্কৰ সাম্প্রতিক সময়ৰ ৰাজনৈতিক পৰিৱেশ তথা পৰিস্থিতি। গতিকে দেশখনৰ ৰাজনৈতিক ইতিহাসৰ বিষয়ে চমুকৈ উল্লেখ কৰাটো প্রয়োজন হ’ব।

দুখন মহাদেশ, এছিয়া আৰু ইউৰোপৰ অন্তর্গত এখন দেশ হৈছে তুৰস্ক। প্রথম বিশ্বযুদ্ধৰ ৰাজনৈতিক ঘটনাক্রমৰ পাছত ১৯২২ চনত তুৰস্কত ছুলটানী ব্যৱস্থাৰ অন্ত পৰে আৰু ১৯২৩ চনত ইয়াক প্রজাতন্ত্র হিচাবে ঘোষণা কৰা হয়। নৱপ্রতিষ্ঠিত প্রজাতন্ত্রখনৰ প্রথমজন ৰাষ্ট্রপ্রধান মুস্তাফা কামাল আটাটুর্কৰ দিনত ৰাষ্ট্রখনে ধর্মনিৰপেক্ষ, একক ৰাষ্ট্রীয়, সংসদীয় প্রজাতন্ত্রৰ ব্যৱস্থা গ্রহণ কৰে। পাছৰ কালত দেশখনত কেইবাবাৰো সামৰিক উত্থান হ’লেও সংসদীয় প্রজাতন্ত্রৰ ব্যৱস্থাক বাহাল ৰখা হয়। কিন্তু ২০১৬ চনত হোৱা এটা সামৰিক উত্থানৰ পাছত গণভোটৰ জৰিয়তে দেশখনত সংসদীয় প্রজাতন্ত্রৰ সলনি ৰাষ্ট্রপতি শাসন প্রণালীৰ প্রজাতন্ত্র প্রৱৰ্তন কৰা হয়।

এই কার্য্যত বর্তমানৰ ৰাষ্ট্রপতি বিশ্বৰ উল্লেখযোগ্য পপুলিষ্ট নেতা ৰিচিপ টায়িপ এর্ড'য়ানে (Recep Tayyip Erdogan) বিশেষ ভূমিকা লয় বুলি কোৱা হয়।।

(অহা সংখ্যাত বাকীছোৱা)