বিদ্যালয়ত তলা ওলমোৱা, বিদ্যালয় একত্ৰীকৰণ


Image Description

অসম চৰকাৰে কিছুমান স্কুল একত্ৰিকৰণ কৰিছে আৰু কিছুমান স্কুল একেবাৰে বন্ধ কৰি দিছে৷

এইসকলোবোৰ স্কুল অতীতত একোটা অঞ্চলৰ ৰাইজে পতা স্কুল৷ অশেষ শ্ৰম আৰু ত্যাগৰ বিনিময়ত এই স্কুলবোৰ পাতিছিল যাতে একোটা অঞ্চলৰ শিশুহঁত পঢ়াৰ পৰা বঞ্চিত হ’ব নালাগে৷ অসমৰ স্কুলীয়া জগতখনক আৰু বহু ক্ষেত্ৰত কলেজৰ জগতখনকো ৰাইজৰ সম্পত্তি বুলি বিনাদ্বিধাই ক’ব পাৰি৷

প্ৰধানতঃ মাতৃভাষা মাধ্যমৰ প্ৰতি শাসকৰ অনীহাই ইয়াৰ মূল কাৰণ৷ শাসকসকলৰ সৰহভাগে নিজৰ সন্তানক চৰকাৰী স্কুলত নপঢ়ুৱায়৷ স্কুলবোৰৰ অৱনতিৰ বাবে একমাত্ৰ জগৰীয়া বিভিন্ন সময়ৰ চৰকাৰ৷

এইখন চৰকাৰৰ দিনত অনীহা বহুগুণে বৃদ্ধি পাইছে৷ অনীহাই বিদ্বেষৰ ৰূপ লৈছে৷ স্কুলবোৰত ল’ৰা-ছোৱালীৰ সংখ্যা হ্ৰাস পাইছে৷ ইয়াৰ বাবে চৰকাৰহে জগৰীয়া৷ তাৰবাবে শিক্ষক বা সমাজখন জগৰীয়া নহয়৷

দ্বিতীয়-তৃতীয় শ্ৰেণীৰ পিছতে বহু ল’ৰা-ছোৱালীয়ে স্কুল এৰি দিয়ে৷ স্কুলৰ প্ৰতি আকৰ্ষণ হ্ৰাস পোৱাটো জাতিটোৰ বাবে ক্ষতিকাৰক৷

চৰকাৰৰ লক্ষ্য হ’ব লাগিছিল স্কুলসমূহ আকৰ্ষণীয় কৰি উন্নত কৰাৰ, পাঠদানৰ মান উন্নত কৰা, শিক্ষক নিযুক্তি দিয়া, সা-সঁজুলি যোগান ধৰা যাতে শিক্ষাগ্ৰহণ সকলোৰে মনপুতঃ হয়৷

কোনো কাৰণতে কোনো এখন স্কুল বন্ধ কৰাটো উচিত নহয়৷ চৰকাৰে স্কুল বন্ধ কৰাৰ আঁৰত এটা ডাঙৰ ষড়যন্ত্ৰ আছে৷ বন্ধ কৰা স্কুলবোৰত চৰকাৰে ইংৰাজী মাধ্যমৰ স্কুল পাতিব বিচাৰিছে৷ চৰকাৰৰ ভিতৰুৱা চিন্তা এইটোৱেই৷ এই চিন্তা পৰিহাৰ কৰিবলৈ কৰা উচিত৷

চৰকাৰে বিদ্যালয়সমূহ নতুনকৈ সজোৱাৰ প্ৰত্যাহবান গ্ৰহণ কৰক৷ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ কোনো এখন ৰাজ্য চৰকাৰৰে কোনো দায়বদ্ধতা নাই৷ ৰাজ্যখনত ইতিমধ্যে ব্যক্তিগত খণ্ডত পৰ্য্যাপ্ত পৰিমাণে ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে৷

ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰি ধন খৰচ নকৰি সেই ধনেৰে অসমৰ মাতৃভাষা বিদ্যালয়সমূহৰ সৰ্বাঙ্গীন উন্নতিত আত্মনিয়োগ কৰক৷

চৰকাৰে কোনো বিদ্যালয় ভালদৰে পৰিচালনা কৰিব নোৱাৰি বন্ধ কৰিব বিচাৰিলে তেনে বিদ্যালয় ৰাইজৰ হাতত গোটাই দিয়ক৷ স্বাধীনতাৰ পিছত গোটেই অসমতে অসমৰ ৰাইজে হাজাৰ হাজাৰ স্কুল স্থাপন কৰি দক্ষতাৰে সেইবোৰ পৰিচালনা কৰিছিল৷ ৰাইজৰ স্কুল বন্ধ নকৰি পুনৰ ৰাইজৰ হাততে তুলি দিয়ক।

কোনো এটা বছৰত দশম শ্ৰেণীৰ সকলো ছাত্ৰ অনুতীৰ্ণ হোৱা বাবে স্কুলখন বন্ধ কৰি দিয়াটো আইনবিৰুদ্ধ কথা৷ তলৰ শ্ৰেণীৰ ছাত্ৰক বিনাদোষত শিক্ষাগ্ৰহণৰ পৰা ৰাজনৈতিক অহংকাৰৰ বাবে বঞ্চিত কৰিব নোৱাৰে৷

এফালে প্ৰধান মন্ত্ৰীয়ে কৈছে ইঞ্জিনিয়াৰিং আৰু মেডিকেল শিক্ষা অসমীয়া ভাষাতে ল’বলৈ সুবিধা দিব৷ প্ৰধান মন্ত্ৰীৰ এই ঘোষণাত নাকচ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে প্ৰাথমিক স্তৰৰ পৰাই অসমীয়া ভাষাত বিজ্ঞান আৰু গণিত শিক্ষাৰ ওপৰত বাধা আৰোপ কৰিব বিচাৰিছে৷

গৃহ মন্ত্ৰীয়ে কৈছে যে নিজৰ ভাষাত স্কুলীয়া শিক্ষা নোলোৱা বাবে দেশৰ বহু প্ৰতিভা হেৰাই গৈছে৷ আনকি গৃহ মন্ত্ৰীয়ে ৯৫ শতাংশ প্ৰতিভা হেৰাই যোৱা বুলি মত প্ৰকাশ কৰিছে৷

অসমৰ মুখ্য মন্ত্ৰীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ, মাতৃভাষাৰ সমান্তৰালকৈ স্কুলত ইংৰাজী মাধ্যম প্ৰচলন কৰিবলৈ আৰু সৰুৰে পৰা বিজ্ঞান আৰু গণিত শিক্ষা ইংৰাজীত পঢ়ুৱাবলৈ যি সিদ্ধান্ত লৈছে সেয়াই প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ চিন্তাক ভেঙুচালি কৰিছে৷

ই বৰ আচৰিত কথা৷ মুখ্য মন্ত্ৰীৰ সিদ্ধান্তৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই বুলি অসম বিজ্ঞানী সমাজে আকৌ এবাৰ ঘোষণা কৰিছে৷

অসমৰ মুখ্য মন্ত্ৰীয়ে বিষয়টোক সন্মানৰ প্ৰশ্ন নকৰি গোটেই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰা উচিত৷ মুখ্য মন্ত্ৰীৰ এই আটাইবোৰ সিদ্ধান্তই জাতিটোৰ আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ লগতে মাতৃভাষাসমূহৰো অন্যায় কৰিছে৷ অসম জাতীয় পৰিষদে এনেদৰে নিজৰ বিচাৰ-বিবেচনা প্ৰকাশ কৰিছে।।