অসমীয়া হোৱাৰ গৌৰৱ
- উপেন্দ্ৰ নাথ বৰকটকী
- /
- January 23, 2022

অসমীয়া বুলি পৰিচয় দিয়াৰ বাহিৰে আমাৰ আছেই বা কি?
অসমৰ ভিতৰে-বাহিৰে আমাৰ এটাই পৰিচয়– আমি অসমীয়া৷ প্ৰসিদ্ধ কবি সাহিত্যিক চৈয়দ আব্দুল মালিকৰ ভাষাত, ‘জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ-প্ৰাণ-মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।'
এইখন সুজলা সুফলা শস্য-শ্যামলা অসমত জন্মগ্ৰহণ কৰি অসমীয়া বুলিয়েই আমি প্ৰত্যেকগৰাকী অসমীয়াই গৌৰৱবোধ কৰোঁ৷ অসমীয়ানো কোন? এই প্ৰশ্নৰ উত্তৰো খ্যাতিমান কবি সমালোচক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ নেওগদেৱে স্পষ্টভাৱে এনেদৰে দিলে:
'ভূ-ভাৰস্তৰ মই যেই সেই লোকেই এই ঠাইত থাকি, ইয়াৰ মংগল সাধন কৰি অসমীয়া হ’ব পাৰে, তাত বাধা নাই, বাধা সেইবিলাকৰ যিবিলাকক ভাত খুৱাওঁতে আঙুলি খাবলৈ বিচাৰে, যিবিলাকে ব-ছেৰাই নিজ মাতৃক হেৰুৱাই আহি অসম মাতৃৰ স্তন পান কৰে বুলি তেজ শুহি খাব খোজে, অসম মাতৃয়ে চিৰকাল সকলো মাউৰা দুৰ্ভগীয়াক নিজ পুত্ৰ-পুত্ৰীৰূপে তুলি লৈছে– সিমানতো যদি কোনোবাই তেওঁক আই বুলিবলৈ লাজ পায়, তেনেকুৱা অশলাগী জীৱক কোনো অসম সন্তানে ক্ষমা নকৰিব৷’
অসমীয়া নোহোৱাকৈ ভাৰতীয় হ’ব খোজাসকলকো ‘মৰে অসম জীয়ে কোনে, জীয়ে অসম মৰে কোনে' এই মহামন্ত্ৰৰ স্ৰষ্টা ডিম্বেশ্বৰ নেওগে এইদৰে সতৰ্ক কৰি দিছিল– ‘অসমৰ উন্নতি সাধনৰ মাজেদিয়েই আমি ভাৰতৰ উন্নতি সাধিব লাগিব৷’ [নলবাৰী ১৯৬৫]৷
দুৰ্ভাগ্য এয়ে যে পুৰুষানুক্ৰমে অসমত বাস কৰি অসমৰ বায়ু অন্ন-জলৰে লালিত-পালিত হৈয়ো একাংশলোকে অসমক আপোন হিচাপে নল’লে৷ বৰং এই সকল অশলাগী লোকে সময়ে সময়ে মূলতঃ সুৱদি সুৰীয়া অসমীয়া ভাষাক কেন্দ্ৰ কৰিয়েই অশান্তিৰ সৃষ্টি কৰি থাকে৷ স্বভাৱতে শান্তিপ্ৰিয় সহজ-সৰল অসমীয়াক মনোকষ্ট দিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷
সেয়েহে ধুবুৰীত ১৯২৬ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ নৱম অধিবেশনত প্ৰসিদ্ধ সাহিত্যিক, বৃটিছ ৰাজত্বকালৰ উচ্চপদস্থ প্ৰশাসনীয় বিষয়া বেণুধৰ ৰাজখোৱাদেৱে ভাষিক মন্ত্ৰ-মাৰণবাদীক উদ্দেশ্য কৰি এইদৰে ক’ব লগা হৈছিল–
‘বঙালীসকলে নিজে ভালে-কল্যাণে থাকক, আমাকো ভালে-কল্যাণে থাকিবলৈ দিয়ক৷ ভাৰতৰ সকলো জাতিয়েই নিজৰ বাটে উধাওক৷ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ ভাগে, গংগা গংগাৰ ভাগে, যমুনা যমুনাৰ ভাগে, কাবেৰী কাবেৰীৰ ভাগে, সিন্ধু সিন্ধুৰ ভাগে বাঢ়ক আৰু বৈ যাওঁক৷ কাকো কাৰো লগত লগ লগাবলৈ যেন যত্ন কৰা নহয়৷ আটাইবিলাক গৈ শেষত ভাৰত মহাসাগৰত পৰিবগৈ আৰু সেয়ে ভাৰতীয় মহাজ্যোতি৷'
অসমীয়া জাতীয়তাবাদ যে অসমীয়া ভাষাক লৈয়ে গঢ়ি উঠিছে সেই কথা নুই কৰিব নোৱাৰি৷ ‘জয় আই অসম’ এই বাণীৰে চিৰকাল অসমীয়াক উদ্বুদ্ধ কৰি থকা প্ৰাতঃস্মৰণীয় লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল:
‘অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ৷’ তেখেতে কৈছিল দেশৰ উন্নতিৰ লগে লগে ভাষাৰ উন্নতি আৰু ভাষাৰ উন্নতিৰ লগে লগে দেশৰ উন্নতি হয় । যি দেশ যিমান উন্নত আৰু সমৃদ্ধিশালী সেই দেশৰ ভাষাও সিমানে উন্নত আৰু সৌষ্ঠৱপূৰ্ণ [গুৱাহাটী ১৯২৪] হয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি আমাৰ ডেকাচামৰ চাকৰিৰ আশাতকৈ স্বাধীন ব্যৱসায়-বাণিজ্যৰ ফলে মন দি সমৃদ্ধিশালী অসম গঢ়িবলৈ পৰামৰ্শ আগবঢ়াইছিল৷
মন কৰিবলগীয়া যে স্বাধীন ব্যৱসায় কৰি বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্য সংস্কৃতিকো নদন-বদন কৰি থৈ গ’ল৷ বেজবৰুৱাৰ উত্তৰসুৰী, অসম সাহিত্য সভাৰ জ্যেষ্ঠ সদস্য মহীয়ান উপাধিৰে সন্মানিত প্ৰাচ্যবিদ্যাৰ্ণৱ ড॰ মহেশ্বৰ নেওগদেৱেও অসম সাহিত্য সভাৰ সভাপতিৰ অধিভাষণতে [১৯৭৪] এইদৰে কৈছিল:
‘অৰ্থনৈতিকভাৱে অসমীয়া হৈ নাথাকিলে অসমীয়া কিহত থাকিব? অৰ্থনৈতিক স্বাধীনতা পৰিহাৰ কৰি আগলৈকো আমাৰ ৰাজনৈতিক সাংস্কৃতিক স্বাধীনতা ৰাখিব পাৰিমনে? এইদৰে প্ৰশ্ন কৰি তেখেতে অসমীয়াক স্বাৱলম্বী হ’বলৈ আৰু আত্মসমালোচনা কৰিবলৈ সকীয়াই দিছে৷'
তেখেতৰ ভাষাতে ‘আমাৰ কৰ্তব্যবোধ, দেশাত্মবোধ নহ’লে কোনোবাই আমাক ধনদৌলত দিবহি বুলি নাভাবোঁ৷’ এনে সঁকীয়নি প্ৰত্যেকগৰাকী অসমীয়াই হৃদয়ঙ্গম কৰা উচিত৷ শয়নে-সপোনে অসমৰ আৰু অসমীয়াৰ সৰ্বাংগীন উন্নতি কামনা কৰা এইসকল বৰেণ্য লোকে এসময়ৰ গৌৰৱময় জাতীয় অনুষ্ঠানটোৰ সভাপতিৰ আসনৰ পৰা দিয়া বাণীয়ে জাতিটোক আত্মমৰ্য্যাদা বোধেৰে আগুৱাই নিয়াত প্ৰেৰণা যোগায়৷ আত্মসমালোচনা নকৰিলে উদ্গতিও নহয়৷
বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকায়ো অসম সাহিত্য সভাৰ সভাপতিৰ ভাষণত [১৯৯৩] অসমীয়াৰ উন্নতি কামনা কৰি ভালেমান পৰামৰ্শ আগবঢ়াইছিল৷ আনহাতে তেখেতে গীতৰ মাধ্যমত অসম প্ৰেম এনেদৰে প্ৰকাশ কৰিছিল:
‘আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা ... আজিৰ অসমীয়া নিজক নবচালে অসম ৰসাতলে যাব৷'
অসমীয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ স্বাৰ্থতে দূৰদৰ্শী সভাপতিকেইগৰাকীৰ চিন্তনীয় কথাখিনি অনুধাৱন কৰিবলগীয়া৷ অসমীয়াৰ পৰিচয়ৰ তাৎপৰ্য্য উল্লিখিত কথাখিনিতো আছে৷।