খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি: এটা ৰাজনৈতিক বিভ্ৰান্তি মাঁথোন


Image Description

অসমৰ ইছলামধৰ্মী ৫টা জনগোষ্ঠী গৰিয়া, মৰিয়া,জোলহা, দেশী আৰু চৈয়দক ৰাজ্য চৰকাৰৰ কেবিনেটে ‘খিলঞ্জীয়া মুছলমান’ বুলি স্বীকৃতি দিয়াক লৈ বিতৰ্ক আৰম্ভ হৈছে৷

যোৱা ৫ জুলাই ২০২২ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছত জাৰি কৰা চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে অসম চৰকাৰে এই সন্দৰ্ভত গঠন কৰি দিয়া ৭খন বিশেষজ্ঞ সমিতিৰ পৰামৰ্শাৱলী মৰ্মে উক্ত ৫টা জনগোষ্ঠীক ‘খিলঞ্জীয়া মুছলমান’ হিচাপে চিনাক্ত কৰা হৈছে আৰু সেইদিনৰ কেবিনেট বৈঠকে তাত অনুমোদন জনাইছে৷

তাৰ পিছত, আজিকালি সাধাৰণতে যিটো হয়, সামাজিক মাধ্যম আৰু বিশেষকৈ বৈদ্যুতিন সংবাদ মাধ্যমত ইয়াক লৈ বাদানুবাদ চলি আছে৷ চৰকাৰে গ্ৰহণ কৰা যি কোনো সিদ্ধান্তৰ ওপৰত ৰাজহুৱা আলোচনা বা বিতৰ্ক হোৱাটো গণতান্ত্ৰিক বিধি-ব্যৱস্থাৰে এটা অংশ৷ গতিকে এনে আলোচনা অস্বাভাৱিক নহয়৷

যি পাঁচোটা নৃগোষ্ঠীক চৰকাৰে নতুনকৈ ‘খিলজ্ঞীয়া মুছলমান’ বুলি স্বীকৃতি দিছে, তেওঁলোক সুদূৰ অতীতৰ পৰাই অসমৰ থলুৱা বা খিলঞ্জীয়া জনগোষ্ঠীৰ লোক বুলি সামাজিকভাৱে পৰিচিত হৈ আহিছে৷ তেনেহ’লে তেওঁলোকক আকৌ এবাৰ চৰকাৰীভাৱে স্বীকৃতি দিয়াৰ প্ৰয়োজন কিয় প্ৰয়োজন পৰিল, এই প্ৰশ্নই গুৰুত্ব লাভ কৰিছে৷

এইটো কথা হয় যে অসমৰ থলুৱা মুছলমান জনগোষ্ঠীসমূহৰ মাজত বহু আগৰে পৰাই পৰিচয় আৰু অস্তিত্ব শংকা আছে৷ বিশেষকৈ, পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত অসমত যেতিয়া ইছলামধৰ্মী লোকৰ সংখ্যা বাঢ়িল; আৰু পূৰ্ববংগীয় মুছলমানৰ প্ৰতি মূলসুঁতিৰ অসমীয়া সমাজখনৰ গৰিষ্ঠসংখ্যকৰে এটা মানসিক ব্যৱধানৰ সৃষ্টি হ’ল; লগতে ইছলামধৰ্মী লোকৰ নামৰ পৰা যিহেতু ব্যক্তিৰ বংশ পৰিচয় ধৰাটো টান; তদুপৰি, আজি-কালি আন্তঃজনগোষ্ঠীয় বিয়া-বাৰু আদিৰ ফলত ইছলামধৰ্মী লোকসকলৰ এখন সানমিহলি সমাজ প্ৰৱৰ্তিত হ’বলৈ আৰম্ভ কৰিছে; সেয়েহে উক্ত জনগোষ্ঠীসমূহৰ গৰিষ্ঠসংখ্যক লোকে নিজৰ পৰিচয় আৰুঅস্তিত্বৰ সংকট অনুভৱ কৰিবলৈ ল'লে৷

যিহেতু এই জনগোষ্ঠীসমূহ নৃতাত্বিকভাৱে অসমীয়া, সেয়ে কেৱল ধৰ্ম একেই কাৰণে পূৰ্ববংগীয়ৰ পৰিচয়ৰ সৈতে একেই মুছলমান পৰিচয়ৰে পৰিচিত হ’ব নোখোজাৰ এটা অনুভৱ এই জনগোষ্ঠীসমূহৰ মাজত গা কৰি উঠাটো অস্বাভাৱিক নহয়৷ সাধাৰণ দৃষ্টিত তেখেতসকলৰ এই অনুভৱৰ ন্যায্যতাও আছে৷ গতিকে তেওঁলোকক ‘খিলঞ্জীয়া’ হিচাপে স্বীকৃত কৰাটো তেওঁলোকৰ প্ৰত্যাশাৰ প্ৰতি সন্মান জনোৱাৰ দৰেই হৈছে৷

কিন্তু প্ৰশ্ন হ’ল, চৰকাৰে যেতিয়া এটা সিদ্ধান্ত ল’ব, তেতিয়া এই সিদ্ধান্ত সাংবিধানিক বিধি-ব্যৱস্থাৰ দ্বাৰা প্ৰতিষ্ঠিত হ’ব লাগিব৷ এনে প্ৰেক্ষাপটত, পাঁচোটা জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে ৰাজ্য চৰকাৰে স্বীকৃতি দিয়াৰ সাংবিধানিক গ্ৰহণযোগ্যতা কি?

সংবিধানৰ দ্বাৰা প্ৰতিষ্ঠিত কোনখন আইনৰ কোনটো ব্যৱস্থাৰ আওতাত চৰকাৰে এই কাম কৰিলে? তাৰ দ্বাৰা উক্ত জনগোষ্ঠীসমূহ চৰকাৰৰ দ্বাৰা কেনেকৈ উপকৃত হ’ব? বা উপকৃত হ’বনে?

এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ হ’লে আমি খিলঞ্জীয়াৰ সংজ্ঞালৈ যাব লাগিব৷

এইটো নিশ্চিত যে অসম বা ভাৰতত ‘খিলঞ্জীয়া মানুহ’ (Indigenous People)ৰ কোনো সুনিৰ্দিষ্ট আৰু সৰ্বসন্মত সংজ্ঞা নাই৷ United Nations Working Group on Indigenous Populations (WGIP)য়ে কৈছে,

'Indigenous communities, peoples, and nations are those that, having a historical continuity with pre-invasion and pre-colonial societies that developed on their territories, consider themselves distinct from other sectors of the societies now prevailing in those territories, or parts of them.

They form at present non-dominant sectors of society and are determined to preserve, develop, and transmit to future generations their ancestral territories, and their ethnic identity, as the basis of their continued existence as peoples, in accordance with their own cultural patterns, social institutions and legal systems.'

অসমত খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণক লৈ বহুবাৰ চেষ্টা কোৰা হৈছে যদিও এই সন্দৰ্ভত আইনৰ অস্পষ্টতা, অসমৰ জনগাঁথনিগত জটিলতা আৰু সমাজ-ৰাজনৈতিক পৰিস্থিতিয়ে সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে৷

২০১৫ চনৰ এপ্ৰিল মাহত অসম বিধান সভাৰ সেই সময়ৰ অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈয়ে অসমৰ ৰাজ্যৰ ৫৩টা সংগঠনৰ সৈতে আলোচনা কৰি ‘খিলঞ্জীয়া মানুহ’ৰ সংজ্ঞা নিৰ্ধাৰণ কৰি বিধান সভাত দাখিল কৰিছিল৷ সংজ্ঞাটো আছিল, 'অসমত খিলঞ্জীয়া মানুহ সেইসকল যিসকলে অসমত বসবাস কৰে আৰু অসমীয়া বা অসমৰ অন্য জনজাতীয় ভাষাত আৰু কাছাৰৰ ক্ষেত্ৰত সেই অঞ্চলৰ স্থানীয় ভাষাত কথা কয়৷' গগৈৰ সেই প্ৰস্তাৱটো বিধান সভাত দাখিলহে হৈছিল, সেয়া পাৰিত হোৱা নাছিল৷

২০১৯ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে গঠন কৰি দিয়া ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীয়ে ‘খিলঞ্জীয়া’ৰ সলনি ‘অসমীয়া মানুহ’ (Assamese People)ৰ সংজ্ঞা নিৰ্ধাৰণ কৰি দিছে৷ অসম চুক্তিৰ ৬নং দফায়ো ‘অসমীয়া মানুহ’ৰ কথা কৈছে৷

এনে সামগ্ৰিক প্ৰেক্ষাপটত, আজিৰ তাৰিখত অসমত ‘খিলঞ্জীয়া’ শব্দটোৰ সাংবিধানিক বা আইনগত বৈধতা প্ৰত্যাহ্বানৰ মুখত৷ গতিকে তেনে সময়ত ৰাজ্য চৰকাৰে কোনোবা জনগোষ্ঠীক খিলঞ্জীয়া ঘোষণা কৰাটোৰ কোনো আইনী গ্ৰহণযোগ্যতা নাই৷

গতিকে খিলঞ্জীয়াৰ পৰিচয় কেৱল এক সামাজিক স্বীকৃতি হিচাপেহে গণ্য হৈ থাকিব৷ আৰু তেনে দৃষ্টিকোণৰ ফালৰ পৰা অসমত খিলঞ্জীয়া জনগোষ্ঠী বুলিলে কাক কাক বুজায়, সেয়াও অস্পষ্ট নহয়৷ ন-ঘোষিত পাঁচোটা মুছলমান খিলঞ্জীয়া জনগোষ্ঠী যিহেতু আগৰে পৰাই খিলঞ্জীয়া হিচাপে সামাজিকভাৱে স্বীকৃত আৰু পৰিচিত, সেয়ে নতুনকৈ তেখেতসকলক চৰকাৰী স্বীকৃতি প্ৰদান কাৰ্য্য এটা অপ্ৰয়োজনীয় পদক্ষেপ বুলি ক'ব পাৰি৷

অসমত ‘খিলঞ্জীয়া’ই হওক বা ‘অসমীয়া মানুহে’ই হওক, চৰকাৰী স্বীকৃতি তেতিয়াহে প্ৰাসঙ্গিক হ’ব যেতিয়া ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্য্যকৰী হ’ব৷ কাৰণ বিপ্লৱ শৰ্মা কমিটীয়ে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ হকে অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ পৰামর্শ আগবঢ়াইছে৷

সেই অনুসৰি, বিধান সভা, লোক সভা আৰু ৰাজ্য সভা তথা অন্য নিগম-নিকায়ত অসমীয়া মানুহৰ কাৰণে আসন সংৰক্ষণ; অসমত উচ্চ সদন গঠনৰ জৰিয়তে উপেক্ষিত জনগোষ্ঠীসমূহৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা; ৰাজ্যত ইনাৰ লাইন পাৰ্মিট (ILP) ব্যৱস্থা প্ৰৱৰ্তন; অসমীয়া মানুহৰ ভূমি, ভাষা-সংস্কৃতি সুৰক্ষাৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷

আমাৰ মতে, অসমৰ খিলঞ্জীয়া মুছলমান বুলি অতীজৰে পৰা পৰিচিত হৈ অহা জনগোষ্ঠীসমূহৰ অস্তিত্ব আৰু পৰিচয়ৰ সংকটৰ সৈতে অসমীয়া মানুহৰ অস্তিত্ব আৰু পৰিচয়ৰ সংকটৰ একো প্ৰভেদ নাই৷ অসমীয়া মানুহে অস্তিত্ব আৰু পৰিচয়ৰ সংকটত ভুগিছে বোলা যি দীৰ্ঘদিনীয়া জাতীয় শংকা, তাৰ ভিতৰত উক্ত জনগোষ্ঠীসমূহো অন্তৰ্ভুক্ত হৈ আছে৷

তেওঁলোকৰ শংকা আৰু সংকটক অসমীয়া জাতিসত্তাৰ শংকা আৰু সংকটতকৈ পৃথক কৰাৰ প্ৰয়োজনেই নাছিল৷ এয়া আচলতে চৰকাৰৰ এটা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোতিত পদক্ষেপৰ বাহিৰে আন একো নহয়৷।