১৪৩ বছৰীয়া ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়


Image Description

অবিভক্ত গোৱালপাৰা জিলাৰ অতি প্ৰচীন বিদ্যালয়, চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী ১৮৭৯ চনত স্থাপিত হৈছিল৷

পৰাধীন ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ নিচিনাকৈ বৃটিছ চৰকাৰে অসমতো ছাত্ৰসকলকঝ ইংৰাজী ভাষাত শিক্ষিত কৰাৰ প্ৰয়োজনবোধপ্ৰয়োজনবো ১৪৩ বছৰ গৰকা এই বিদ্যালয়ৰ জন্মলগ্নৰ পৰা বিদ্যালয়সম্পৰ্কীয় প্ৰাচীন নথি-পত্ৰ বিভিন্ন কাৰণবশতঃ নষ্ট হৈ গৈছে৷

প্ৰাকৃতিক দুৰ্য্যাগৰ উপৰিও ১৯৪২ চনত ৰাজনৈতিক দল এটাই ভুলবশতঃ এই বিদ্যালয়ৰ পুঁথিভৰালত অগ্নিসংযোগ কৰে৷ কিছুদিনৰ কাৰণে বিদ্যালয়খন স্থানান্তৰ কৰিব লগাও হৈছিল, ফলত বিদ্যালয় সম্বন্ধে বহু মূল্যৱান তথ্য বিলুপ্ত হৈ যায়৷

ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী চহৰ তেতিয়া স্বাস্থ্যকৰ স্থান আছিল৷ ১৮৮৩ চনতেই ধুবুৰী পৌৰ সভা স্থাপিত হৈছিল৷ যাতায়াতৰ কাৰণে জলপথ বহুলভাৱে ব্যৱহৃত হৈছিল, সেয়ে ধুবুৰীৰ ঢাকা, ৰংপুৰ, কলিকাতাৰ সৈতে যোগাযোগ প্ৰশস্ত আছিল৷

সেই সময়ত অসমৰ অন্যপ্ৰান্তৰ নিচিনা এই জিলাৰ অৱস্থাপন্ন পৰিয়ালৰ সন্তান পঢ়া-শুনা কৰিবলৈ কলিকাতা, ঢাকা, ৰংপুৰ আদিলৈ যাত্ৰা কৰিছিল৷ কোচবিহাৰ স্থলযোগে সংযোজিত এক উন্নতমানযুক্ত শিক্ষাকেন্দ্ৰ হিচাবেও এই অঞ্চলৰ বিদ্যাৰ্থীক আকৰ্ষিত কৰিছিল৷

প্ৰাচীন গোৱালপাৰা জিলাৰ গৌৰীপুৰ, বগৰিবাৰী, বিলাসীপাৰা [হাকামা], শালকোচা ইত্যাদি অঞ্চলত বানাৰসী, প্ৰয়াগ, কলিকতা আদি স্থানত অধ্যয়ন কৰা বহু সুপণ্ডিত ব্যক্তিৰ সংস্কৃত টোল আছিল৷ সেই টোলবোৰত কামৰূপকে আদি কৰি ভিন্ন স্থানৰ ছাত্ৰৰ ছাত্ৰাবাসত থাকি অধ্যায়নৰ ব্যৱস্থা আছিল৷

সময়ৰ পৰিৱৰ্তনে ইংৰাজী শিক্ষাৰ উচ্চ মাধ্যমিকৰ প্ৰয়োজন আহি পৰে৷ ছাত্ৰসকলক বিভিন্ন স্থানলৈ যাব লগা হয়৷ চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম প্ৰধান শিক্ষক আছিল জন চেমুৱেল (১৮৭৯)৷

বিদ্যালয়খনৰ ক্ৰমাৎ ছাত্ৰ সংখ্যা বৃদ্ধি হয়। বৃহত্তৰ গোৱালপাৰা জিলাৰ গাঁও অঞ্চলৰ পৰা ছাত্ৰৰ আগমন হয়৷ চহৰৰ মাজমজিয়াৰ বিদ্যালয়ৰ লগতে ছাত্ৰাবাস, অধ্যক্ষৰ বাসভৱন, ছাত্ৰাবাসৰ তত্ত্বাৱধায়ক, শিক্ষকৰ আৱাস, অধ্যক্ষৰ বাসভৱন, ছাত্ৰাবাসৰ কৰ্মীসকলৰ আৱাস নিৰ্মাণ হয়৷ খেল-ধেমালিৰ বাবে অলপ নিলগত খেলপথাৰও আছিল [বৰ্তমান কিছু অংশ বেদখল আছে]৷

এই সদৰ ঠাইখনত চৰকাৰী কাৰ্য্যালয়ৰ আমোলা, সেই সময়ত গৌৰীপুৰ জমিদাৰৰ অধীনত অন্যান্য ৰাজ্যৰ কৰ্মচাৰীৰ সন্তানসকল এই বিদ্যালয়ৰ ছাত্ৰ আছিল৷ তদুপৰি ছাত্ৰাবাস থকাৰ কাৰণে জনজাতি অঞ্চল, চাহ বাগিচাৰ বিষয়াকৰ্মীৰ সন্তানসকলেও ইয়াতেই শিক্ষাগ্ৰহণ কৰিবলৈ সক্ষম হয়৷

দেশ স্বাধীন হোৱাৰ পিছৰ কালছোৱাতো বিদ্যালয়খন বিভিন্ন দিশত আগবাঢ়ি যায়৷ প্ৰথম অৱস্থাত বিদ্যালয়ৰ মাধ্যম ইংৰাজী আৰু বাংলা আছিল৷ ১৯৫৬ চনৰ পৰা ইয়াত অসমীয়া মাধ্যম আৰম্ভ হ’ল৷ ১৯৫৮ চনত এই বিদ্যালয় উচ্চতৰ মাধ্যমিক শাখালৈ উন্নীত হয়৷

১৮৭৯ৰ পৰা এশ বছৰ ১৯৭৯লৈকে প্ৰধান শিক্ষক আৰু অধ্যক্ষৰ তালিকা এখন আগবঢ়ালোঁ।

প্ৰধান শিক্ষকসকল: জন চেমুৱেল ১৮৭৯, জে ভট্টাচাৰ্য্য ১৯১৬-১৯২১, কে শৰ্মা ১৯২২-১৯২৬, পি ছি চেটাৰ্জী ১৯৩০, শশধৰ মজুমদাৰ হেডমাষ্টাৰ ১৯৩৩, জগেশ্বৰ ঘোষ ১৯৩৪-৩৭, গিৰীন্দ্ৰ বেনাৰ্জী ১৯৪০, কেদাৰেশ্বৰ দাসগুপ্ত ১৯৪১, এম বি ভট্টাচাৰ্য্য ১৯৪২, জি ছি বেনাৰ্জী ১৯৪৫, মহিম চন্দ্ৰ দাস ১৯৪৬, অনন্ত ডেকা ১৯৪৭, যতীন মুখাৰ্জী১৯৪৭-১৯৪৯, চৈয়দ আহমেদ ১৯৪৯-১৯৫০, হৰেশ্বৰ দেৱগোস্বামী ১৯৫১-১৯৫৪, ডি শৰ্মা কাৰ্য্যনিৰ্বাহক, আৰু দেৱদত্ত গোস্বামী অধিকাৰী, প্ৰধান শিক্ষয়িত্ৰী , ১৯৫৪-১৯৫৮ ।

অধ্যক্ষসকল: দুৰ্গেশ্বৰ বুজৰবৰুৱা ১৯৫৯-১৯৬২, যগোনাথ শৰ্মা ১৯৬২-১৯৬৫, চৈয়দ মোঃ চান্দ উল্লাহ ১৯৬৬-১৯৭২, অমূল্য ভূষণ অধিকাৰী ১৯৭২-১৯৭৫, কবি চন্দ্ৰ শৰ্মা, বিপিন চন্দ্ৰ কলিতা ১৯৭৬-১৯৭৭ আৰু অমিত কুমাৰ ৰায় ১৯৭৭-১৯৮৭।

বিদ্যালয়খনৰ অতীত জানিবলৈ ১৯৪১ চনত প্ৰৱেশিকা পাছ কৰা প্ৰাক্তন ছাত্ৰ প্ৰহামেন্দু চক্ৰৱৰ্তীদেৱৰ লিখনিত জনা যায় তেতিয়া বিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশ, ক্ৰীড়া, এনচিচি, স্কাউট ইত্যাদিৰ প্ৰশিক্ষকে ছাত্ৰসকলক আন্তঃজিলা প্ৰতিযোগিতাত ভাগ ল’ব পৰাকৈ প্ৰশিক্ষণ দিছিল৷

এখেত উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে৷

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ন্যায়াধীশ বাহাৰুল ইছলামে এই সময়ছোৱাত এই বিদ্যালয়খনত শিক্ষকতা কৰিছিল৷ বিদ্যালয়ত তেতিয়া কেৱল বাংলা ভাষাৰ মাধ্যম আছিল৷

প্ৰৱেশিকা পৰীক্ষাৰ তত্ত্বাৱধানৰ দায়িত্বত আছিল ছিনিয়ৰ ইএডি আৰু গাৰ্ড আছিল উকীলসকল৷

১৯৫০ দশকৰ প্ৰাক্তন ছাত্ৰ স্বৰ্গীয় নৃপেন দাসৰ টোকা এখনত উল্লেখ কৰা আৰু ১৯৫৩ চনত বিদ্যালয় শিক্ষক পীয়ুষ দাস, স্বৰ্গীয় সুনীল চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত তেতিয়াৰ উপায়ুক্ত স্বৰ্গীয় লক্ষেশ্বৰ শৰ্মদেৱৰ পত্নী স্বৰ্গীয়া পূৰ্ণিমা দেৱীৰ সভানেত্ৰিত্বত ধুবুৰী ‘মাইনা পাৰিজাত’ গঠন হয়৷

প্ৰধান শিক্ষক প্ৰয়াত দেৱদত্ত গোস্বামী অধিকাৰীদেৱৰ পৰিচালিত ছাত্ৰসকল নিজৰ স্কুলখনৰ সীমাৰ বেৰ বাঁহেৰে দিয়ে আৰু তাৰ পুৰস্কাৰ হিচাপে ল’ৰাকেইটাক কোচবিহাৰৰ ৰাস দেখুৱাবলৈ লৈ যায়৷ সেই সময়ত ছাত্ৰ নেতা স্বৰ্গীয় নৰেশ বৰুৱা শিবেন কোচৰ [মেঘালয়ৰ প্ৰাক্তন বিধায়ক], স্বৰ্গীয় দিলীপ মজুমদাৰ [পিছলৈ অসমীয়া কথাছবিৰ অভিনেতা] এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল৷

এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰাসকলৰ ইতিমধ্যে শিক্ষাজগতৰ বিভিন্ন স্তৰত, প্ৰশাসনীয় উচ্চপদত, ব্যৱসায়-বাণিজ্যত আৰু অন্যান্য চৰকাৰী সেৱাত নিজক সুপ্ৰতিষ্ঠিত কৰি এই প্ৰাচীন শিক্ষানুষ্ঠানটিৰ গৌৰৱ বৃদ্ধি কৰাৰ লগতে এটা ঐতিহ্য আৰু আদৰ্শ স্থাপন কৰিছে৷

অতি সংক্ষেপে প্ৰাক্তন কৃতি ছাত্ৰসকলৰ তালিকা এখন যুগতালোঁ, অনিচ্ছাসত্বেও বহুনাম বাদ পৰি যাব পাৰে। তাৰ প্ৰধানক কাৰণ সমলৰ অভাৱ৷ তাৰ কাৰণে আক্ষেপ থাকিল৷

১৯১৪ চনত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয় স্বৰ্গীয় যতীন চেটাৰ্জী৷ এখেত এগৰাকী আইনজ্ঞ, ধুবুৰী দেৱানী ক'ৰ্টত সফলতাৰে কাৰ্য্যনিৰ্বাহ কৰে৷ এগৰাকী দেশভক্ত ব্যক্তি আছিল৷ প্ৰাক্তন ছাত্ৰ স্বৰ্গীয়া জ্যোৎস্না চৌধুৰী, লক্ষীমপুৰৰ জমিদাৰ, বিদ্যালয়ৰ গাতে লাগি থকা তেখেতৰ আবাসৰ এটি অংশ এই বিদ্যালয়ক দান দিয়ে৷

অসমৰ প্ৰাক্তন মন্ত্ৰী স্বৰ্গীয় ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া এই বিদ্যালয়ৰ ছাত্ৰ আছিল৷

১৯৩৬-৩৭ চনত ভাৰত তথা অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল তাৰকা সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল৷ তেখেতৰ নামত তোৰণ এখন বিদ্যালয়ৰ সন্মুখত আছে৷

গুৱাহাটী মেডিকেল কলেজৰ অৱসৰপ্ৰাপ্ত চক্ষু বিশেষজ্ঞ আতিকুৰ ৰহমান ডাঙৰীয়া প্ৰাক্তন ছাত্ৰ৷ শ্ৰীভাস্কৰ চক্ৰৱৰ্তী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এই বিদ্যালয়ৰ ছাত্ৰ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ দিলীপ চৌধুৰী প্ৰাক্তন ছাত্ৰ৷

১৯৬৭ চনত সৰ্বোচ্ছ নম্বৰ ও সোণৰ মেডেলসহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ আছিল ছাত্ৰ জয়ন্ত ভূঞা। এখেতে ভাৰতীয় তেল ক'ম্পেনীৰখ প্ৰতিষ্ঠাপকৰূপে দক্ষতাৰে কাৰ্য্য সম্পাদন কৰে৷ যথেষ্ট গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰি ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৃতকাৰ্য্যতা আৰু সুনাম অৰ্জন কৰে৷ ভাৰতৰ আন্তৰ্জাতিক বাণিজ্যিক সম্পৰ্কৰ বিষয়ত এইগৰাকী সফল উচ্চপদস্থ বিষয়াৰ অৰিহণা যথেষ্ট আছে৷

১৯৬৯ চনত ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী এই বিদ্যালয়ৰ পৰা ষষ্ঠ স্থান অধিকাৰ কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ এখেত বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ অধ্যক্ষ তথা প্ৰধান পৰিচালক, অসম মেডিকেল এডুকেশ্বন্‌ এণ্ড ৰিচাৰ্চ পদতো অধিষ্ঠিত হয়৷১৯৬৬ চনত প্ৰমোদ শৰ্মাই ষষ্ঠ স্থান লাভ কৰে আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উচ্চপদস্থ বিষয়া হয়৷

১৯৭৫ চনত শান্তনু বৈশ্যই এই বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিকত ষষ্ঠ স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয়৷ বৰ্তমান কটন কলেজৰ পদাৰ্থবিজ্ঞান বিষয়ৰ মুৰব্বী অধ্যাপক৷ ১৯৭৬ চনত আৰুণি প্ৰসাদ চক্ৰৱৰ্তী এই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা প্ৰথম শ্ৰেণীত পাছ কৰি নতুনকৈ প্ৰতিষ্ঠিত নুমলীগড় শোধনাগাৰত বৰিষ্ঠ মুখ্য সাধাৰণ প্ৰবন্ধক পদ অলংকৃত কৰে৷ সমসাময়িকভাৱে ‘ইন্দ্ৰধনুষ পেছ গ্ৰেড লিমিটেড’ নামক চৰকাৰী প্ৰতিষ্ঠানটোৰ নিৰ্দেশক পদতো কাৰ্য্যনিৰ্বাহ কৰে৷

বিদ্যালয়খনৰ বহু ছাত্ৰ সফল ব্যক্তি হিচাবে প্ৰতিষ্ঠা লাভ কৰিছে যাৰ বৰ্ণনা বা পৰিচয় দাঙি ধৰাটো যথেষ্ট টান, সময়সাপেক্ষ৷ উদ্যোক্তা হিচাবে নিজৰ অঞ্চলত অৰিহণা যোগোৱা দুই এজন প্ৰাক্তন ছাত্ৰ– নৱকৃষ্ণ বসুমতাৰী, দেৱজিৎ কলিতা, পিনাকপানি প্ৰসাদ চক্তৱৰ্তী, এখেতসকলে নিজৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে৷

খেলা-ধূলাত ৰকবুলি ইছলামৰ নাম উল্লেখ কৰিব পাৰি । এওঁ সদৌ অসম প্ৰতিযোগিতামূলক খেলত স্থান পোৱা বাবে অইল ইণ্ডিয়াত চাকৰি পায়, ১৯৭০-১৯৮০ চনৰ ভিতৰত৷

হৃদয়ানন্দ ৰায়চৌধুৰীও এগৰাকী ভাল ক্ৰীড়াবিদ আছিল৷ ৰাজ্যিক ভিত্তিত খেলত অংশ লৈছিল৷ স্কুলৰ ক্ৰিকেট দলটো যথেষ্ট সবল আছিল৷

স্বৰ্গীয় সৌন্দ্ৰে নাৰায়ণ নিয়োগী, অনাতাঁৰ শিল্পী আছিল আমাৰ প্ৰাক্তন ছাত্ৰ৷ সমগ্ৰ অসমৰ পৰা অহা ছাত্ৰই এই বিদ্যালয়ত পঢ়া-শুনা কৰি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আছে সেইটোৱেই বিদ্যালয়ৰ গৌৰৱ৷

সময়ৰ পৰিৱৰ্তনৰ লগে লগে বহু ইংৰাজী মাধ্যমৰ [ব্যক্তিগত খণ্ডৰ] বিদ্যালয়ৰ গঢ়ি উঠাত ছাত্ৰৰ সংখ্যাৰ তাৰতম্য ঘটিছে৷ শৈক্ষিক পৰিৱৰ্তন ঘটিছে৷ অসমৰ প্ৰাচীন বিদ্যালয়সমূহৰ ভিতৰৰ এখন বুলি অত বছৰে বিদ্যালয়খনে বহু উত্থান-পতন, বহু প্ৰাকৃতিক দুৰ্য্যোগৰ সাক্ষী হৈছে৷

বিদ্যালয়খনৰ সৰ্বাঙ্গীন উন্নতি কামনা কৰিলোঁ৷।