চাহ জনজাতিৰ সমাজত মাঘ বিহু


Image Description

ভোগালী বিহু অসমীয়া সমাজৰ অন্যতম জাতীয় উৎসৱ৷ মাঘ মাহত হোৱা বাবে ইয়াক মাঘ বিহুও বোলে৷ চাহ জনজাতি সমাজে ‘পৌষ পৰৱ' বোলে৷ পৌষ পৰৱ আৰু ভোগালী বিহু দুয়োৰে মাজত কিছু মিল, কিছু অমিলো আছে৷ সামগ্ৰিকভাৱে মিল দেখা পাওঁ মেজি ঘৰ পাতি ভোজ-ভাত খোৱা, ৰাতি আনৰ বাৰীত আলু, কবি চুৰ কৰা দোকমোকালিতে মেজি পুৰি গা-পা ধুই পিঠা-পনা খোৱা আদি ক্ৰমণিকাৰ মাজত।

আনহাতে চাহ জনজাতি সমাজে এক পৰম্পৰাগত স্বকীয় ৰাতি-নীতিৰ মাজত পৌষ পৰৱ পালন কৰে, যি আনৰ লগত নিমিলে৷ ইয়াৰ অন্য নাম 'টুসু পৰৱ' বা ‘টুসু পূজা'৷ ’টুসু হ’ল চাহ জনজতি সমাজৰ এক আখ্যানমূলক দেৱী যাক এগৰাকী মহাসতী হিচাপে গণ্য কৰা হয়৷ সেইগৰাকী মহাসতী টুসু দেৱীক আগত লৈয়ে পালন কৰা হয় টুসু পৰৱ৷ টুসু পৰৱ আৰম্ভ হয় পুহ মাহৰ শেষ দিনৰ পৰা৷ পুহ মাহত আৰম্ভ হোৱা বাবে মাহটোৰ প্ৰতি লক্ষ্য ৰাখি পৌষ পৰৱ বুলি কোৱা হয়৷

ভোগালী বিহুৰ দৰে পৌষ পৰৱ চাহ জনজাতি সমাজৰ এক ভোগৰ পৰৱ৷ এই পৰৱত ধনী-দুখীয়া নিৰ্বিশেষে সকলোৰে ঘৰত পিঠা-পনা পোৰে, তিল পিঠা, ঘিলা পিঠা, চিৰা, দৈ-গুৰ আদি বিবিধ খোৱাৰ সম্ভাৰ৷ এই পৰৱত চাহ জনজাতি সমাজৰ প্ৰধান পিঠা হ’ল ‘উন্ধি পিঠা’৷ এই পিটা পানী পিঠাৰ দৰে বনোৱা হয়৷ পিঠাৰ ভিতৰত তিল-গুৰ দিয়া হয়৷ ইয়াৰ আকৃতি অৰ্ধ-চন্দ্ৰৰ দৰে৷

ঘৰত মানুহ মৰিলে এবছৰলৈ এই পিঠা নাখায়৷ উৰুকাৰ নিশা ডেকাহঁতে মুকলি ঠাইত ‘ঢেৰা ঘৰ’ সাজি ভোজভাত খায় আৰু গাভৰুহঁতে এই পৰৱৰ প্ৰধান উপলক্ষ্য টুসু দেৱীৰ অৰ্চনা কৰি ওৰে নিশা উজাগৰে থাকি কোনো এঘৰত সমবেত হৈ টুসু জাগৰণ কৰে৷

টুসু দেৱীক মুখ্য হিচাপে লৈ পালন কৰা টুসু পৰৱ হ’ল এক মহিলাপ্ৰধান উৎসৱ। টুসু পৰৱক দুটা ভাগত ভগাব পাৰি৷ এটা হ’ল ঘৰত আৰু আনটো হ’ল নদীৰ পাৰত৷ পুহ মাহ পৰিলেই গাভৰুহঁতে আলোচনা কৰি কোনো এঘৰত সামূহিকভাৱে টুসু দেৱীৰ পূজা পালন কৰাৰ দিহা কৰে৷ যাৰ ঘৰত পতা হয় সেই ঘৰৰ মহিলাগৰাকীক ‘টুসুৰ মা’ পতা হয়৷ টুসুৰীয়েই গোটেই পূজাটো পৰিচালনা কৰে৷

টুসুৰ মাৰ ঘৰত-থাপনা পাতি সন্ধিয়া টুসুগীত গাই-গাভৰুহঁতে টুসু উপাসনা কৰে৷ টুসুগীতবোৰ বৰ সুললিত৷ প্ৰথমতে এঘৰাকীয়ে গীত লগাই দিয়ে আৰু পাছত বাকীবোৰে ধৰে৷ আৰম্ভণি গীতটো এনে ধৰণৰ:

'তেল দিলাম শলিতা দিলাম

স্বৰ্গে দিলাম ৰাতি গ’

সকল দেৱী সইনঝা লেওমা

ঘৰেৰ কুলৱতী গ’

গাই আইল বাছুৰ আইল

আইলৰে ভাগৱতী

একে একে সইনঝা লেওমা

ঘৰে কুলৱৰ্তী গ’৷ ’

ঠাইভেদে বেলেগ বেলেগ হ’ব পাৰে৷ কাৰণ চাহ জনজাতিসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক৷ ভিন্ন প্ৰান্তৰ ভিন্ন ৰূপ৷ গীত ফাঁকিত কৈছে– তেল শলিতা দি মাটিৰ চাকি জ্বলাই স্বৰ্গৰ দেৱী, ঘৰৰ গাই-গৰু আদি সকলোকে অৰ্চনা কৰা হৈছে৷ সাধাৰণতে সদায় সন্ধিয়া পৰত মিঠাতেলৰ চাকি জ্বলাই মহিলাসকলে ঘৰত সহনঝা বা বন্তি দিয়ে৷

পূজাৰ দিনা টুসুৰ চৌড়ল সাজি লয়৷ চৌড়লটো বাঁহৰ কাঠিৰে পাল্কিৰ নিচিনাকৈ সাজে৷ তাৰ ওপৰত ৰং-বিৰঙৰ কাগজ লগাই দিয়ে৷ আগফালে এখন সৰু দুৱাৰ ৰাখে৷ চৌড়লৰ সলনি কিছুমানে লক্ষ্মী দেৱীৰ নিচিনা মূৰ্তি ব্যৱহাৰ কৰে৷ পূজালৈ ওচৰচুবুৰীয়াক নিমন্ত্ৰণ কৰে৷ বিশেষকৈ মহিলাসকলক মতা হয়৷

পূজাত গোবৰ আৰু চাউলগুৰিৰ সৰু সৰু লাড়ু তৈয়াৰ কৰে৷ দুয়োবিধৰ সাতোটাকৈ লাড়ু কৰে৷ লাড়ুখিনি মাটিৰ পাত্ৰত থয়৷ লগতে ফলমূল-আখৈ-বাতাচা আৰু ফুল-তুলসী বেলপাত আদি থয়৷

টুসু দেৱীৰ চৌড়ল বা মূৰ্তিটো ঘৰৰ আহল-বহল সুবিধাজনক কোঠত প্ৰতিষ্ঠা কৰে৷ থাপনাৰ কাষত পূজাৰ সামগ্ৰীখিনি সজাই লয়৷ কিছুমান ঠাইত ধান আৰু তুহঁগুৰিও দিয়ে৷ চৌড়লৰ ভিতৰত টুসুৰ প্ৰতিমূৰ্তি গোবৰেৰে বনাই লয়৷ মাটিৰ চাকি জ্বলাই পূজাৰ শুভাৰম্ভ কৰে এটি আৰম্ভণি টুসুগীতেৰে৷ গীতটি ইতিমধ্যে উল্লেখ কৰা হৈছে৷ ইয়াক বন্দনা গানো বোলে৷ মহিলাসকলে ওৰে নিশা টুসুগীত গাই টুসু দেৱীৰ পূজা কৰে৷ ইয়াক টুসু জাগৰণ বোলে৷ ৰাতিপুৱাহে পূজা শেষ হয়৷ তেতিয়া তাত উপস্থিত থকা সকলোকে পূজাৰ প্ৰসাদ খাবলৈ দিয়ে৷

তাৰ পাছত যথাৰীতি টুসু দেৱীক থাপনাৰ পৰা উঠাই আনি বাহিৰত চোতালৰ মাজত থোৱা হয় আৰু ওচৰ-পাজৰৰ সকলো মহিলাক মাতি সকলোৱে মিলি-জুলি টুসুগীত গাই গাই টুসু দেৱীক বিসৰ্জন দিবলৈ নদীৰ ঘাটলৈ আগ বাঢ়ে৷ টুসুৰ চৌড়াল বা মূৰ্তিটো মহিলা এগৰাকীয়ে মূৰত লৈ আগে আগে যায় আৰু বাকীবোৰ মহিলাই টুসুলৈ আখৈ-ফুল আদি ছটিয়াই পিছে পিছে যায়৷

যোৱাৰ বাটত ওচৰ-চুবুৰীয়াৰ ঘৰত টুসু দেৱীক লৈ সোমায় বিদায় বিচাৰি৷ যি ঘৰত সোমোৱা হয় সেই ঘৰৰ মহিলাই ঘটি-পানী লৈ টুসু দেৱীৰ চৰণ ধুৱাই দিয়ে আৰু লগত যোৱা মহিলাসকলক পিঠা-পনা খুৱাই মাননিসহ বিদায় দিয়ে৷

টুসু দেৱীক ঘৰে ঘৰে ঘূৰোৱাৰ পিছত দলে-বলে গীত গাই গাই নদীৰ ঘাটলৈ যায়৷ নদীৰ ঘাটত বহুফালৰ পৰা টুসুৰ দল গোট খায় আৰু সকলো মিলি গীত মাত গাই নাচি-বাগি আনন্দ ফূৰ্তি কৰে৷ ঢুলীয়াই ঢোল বজায়৷ নিজৰ টুসুৰ কেন্দ্ৰ কৰি সকলো দল মতলীয়া হৈ পৰে৷ বহু সময়ত এটা দল আন এটা দলৰ লগত গীত-মাতৰ মাজেৰে প্ৰতিযোগিতামুখী হৈ পৰা দেখা যায়৷

নদীৰ ঘাটত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়৷ এই সময়তে কিছুমানে জল-দেৱতাক সাক্ষী ৰাখি নদীৰ মাজত যথা ৰীতিমতে সখী পাতে৷ চাহ জনজাতি সমাজে ইয়াক ‘ফুলপতা’ বুলি কয়৷

এফালে জলদেৱতা আৰু আনফালে টুসু দেৱী দুয়ো যেন সাক্ষী স্বৰূপ হৈ পৰে এই সখী পতা অনুষ্ঠানৰ৷ সেয়ে টুসুঘাটত পতা সখীৰ মহত্ত্ব চাহ জনজাতি সমাজে অতি গুৰুত্বসহকাৰে লয়৷

নাচি-বাগি সময়ত নদীৰ বুকুত টুসু দেৱীক বিসৰ্জন দি সকলো ঘৰাঘৰি হয়৷ ইয়াক ‘টুসু ভাষাণ’ বোলে৷ টুসু ভাষাণৰ দিনা পুৱা গা-নুধোলে পৰজন্মত গাহৰি জনম পায় বুলিএই সমাজৰ এক বিশ্বাস আছে৷ এইখিনিতে মকৰস্নানৰ কথা স্মৰণ কৰিব পাৰি৷

তাৰ পিছদিনা হ’ল ‘আখনযাত্ৰা’৷ এই দিনা কোনো এক সামূহিক স্থানত কুকুৰাযুঁজ পাতে৷ ইয়াক ‘মূৰ্গীলড়াই’ বোলে৷ কুকুৰা যুঁজৰ হাৰ-জিতৰ জৰিয়তে বছৰটোৰ বাবে নিজৰ লাভ-লোকচানৰ হিচাপ এইখন সমাজৰ লোকে মনৰ মাজত ধৰি ৰাখে৷

চাহ-জনজাতি সমাজৰ এই ভোগালী বিহু স্বৰূপ টুসু পৰৱে যিদৰে মনত আনন্দৰ জোৱাৰ তোলে, সেইদৰে তাৰ গীত মাতবোৰেও মনত এক জোৱাৰ তোলে:

'হামদেৰ টুসু মুড়ি ভাজে

চন্দন কাঠেৰ চৌড়লে,

তদেৰ টুসু বহুত খাকলি

আঁচল পাতে লেই মাগে৷।