এগৰাকী শ্ৰেষ্ঠ অসমীয়া লক্ষ্মীনাথ বেজবৰুৱা


Image Description

অসমীয়া জাতি এটা সমৃদ্ধিশালী জাতি | সুদীৰ্ঘ কালৰ গৌৰৱময় ইতিহাসেৰে ঐতিহ্যপূৰ্ণ অসমীয়া জাতিৰ জাতীয় জীৱন সঁচাকৈয়ে মহিমাময় | এনে এক জাতীয় জীৱনক অধিক সুন্দৰ, সমৃদ্ধিশালী আৰু সুখময় কৰি তুলিবলৈ বহুতো স্বদেশানুৰাগী অসমীয়াই যুগ যুগ ধৰি অহোপুৰুষাৰ্থ কৰি আহিছে | ইয়াৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাৰ নাম নিশ্চয় তালিকাৰ শীৰ্ষতে থাকিব |

বেজবৰুৱাই তেওঁৰ জীৱনকালত অসমীয়া জাতিৰ জাতীয় জীৱনক নানা মূল্যৱান উপকৰণেৰে সমৃদ্ধ কৰিছে | এটা স্বদেশানুৰাগী আৰু আত্মসন্মান থকা জাতি হিচাপে অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্রতো তেওঁ নানা বিশিষ্ট বৰঙণি যোগাইছে | অসমীয়া জাতিৰ ভাষিক, সাংস্কৃতিক, ধৰ্মীয়, আবেগিক, আধ্যাত্মিক, নৈতিক, সামাজিক আদি মূল দিশসমূহক সঞ্জীৱিত কৰি অসমী আইৰ বুকুত তেওঁ আনকি এক জাতীয় জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল | এজন মানুহে এটা চমু জীৱনকালত স্বদেশ আৰু স্বজাতিৰ বাবে কৰা এনে অসাধাৰণ কৰ্মৰাজিৰ উদাহৰণ জগতৰ বুৰঞ্জীত হয়তো বিৰল |

বেজবৰুৱাৰ সাহিত্য প্ৰতিভাই ভুমুকি মাৰিছিল ১৮৮৯ চনত প্ৰকাশ পোৱা 'জোনাকী' কাকতৰ মাজেৰে | তেতিয়া তেওঁ কলিকতাত কলেজীয়া ছাত্র হিছাপে আছিল | 'জোনাকী' কাকতত প্ৰকাশ পোৱা প্ৰহসনধৰ্মী নাট 'লিতিকাই' প্ৰকাশ কৰি তেওঁ সাহিত্যৰ ক্ষেত্রখনত ভুমুকি মাৰিছিল আৰু 'জোনাকী' কাকততেই তেওঁৰ সাহিত্য প্ৰতিভাই বিকাশো লাভ কৰিছিল | ১৯০৯ চনত নিজৰ সম্পাদনাত প্ৰকাশ পোৱা 'বাঁহী'ৰ মাজেৰে যেন তেওঁ তেওঁক আধুনিক অসমীয়া জাতিৰ প্ৰকৃত অধিনায়কৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল |

সেই সময়ত অসমীয়া জাতিৰ ওপৰত বাহিৰৰ পৰা হোৱা আক্ৰমণ প্ৰতিহত কৰাত তেওঁৰ ভূমিকা আছিল অগ্ৰণী আৰু অসামান্য | অসমৰ অসমীয়া ভাষা, অসমৰ নৱবৈষ্ণৱ ধৰ্ম আদিৰ ক্ষেত্রত চুবুৰীয়া বংগদেশৰ একাংশ বাঙালী লোকৰ আগ্ৰাসী মনোভাৱক প্ৰতিহত কৰাত বেজবৰুৱাই অতিশয় শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল | এই শক্তিশালী ভূমিকাৰ কথা অসমীয়া মানুহে কেতিয়াও পাহৰিব নোৱাৰে | অসমৰ অপৰিহাৰ্য্য অংগ গোৱালপাৰা জিলা বিচ্ছেদৰ প্ৰসংগতো বেজবৰুৱাই যি সবল ভূমিকা লৈছিল, সেই ভূমিকাৰ কথাও প্ৰতিগৰাকী অসমীয়াই নিশ্চয় সদায় মনত ৰাখিব লাগিব |

বিগত ঊনৈছ শতিকাৰ ত্রিছৰ দশকৰ দ্বিতীয়াৰ্ধৰ পৰা সত্তৰৰ দশকৰ প্ৰথমাৰ্ধলৈ অসমীয়া ভাষাই অসমৰ আদালত আৰু পঢ়াশালিৰ পৰা নিৰ্বাসিত হৈ আছিল | সত্তৰৰ দশকত ই পুনৰ পূৰ্বৰ স্থানলৈ আহিছিল যদিও অসমীয়া ভাষাৰ ওপৰত বাহিৰৰ নানা আক্ৰমণ কুৰি শতিকাতো চলিয়ে আছিল | এই আক্ৰমণ প্ৰতিহত কৰি অসমীয়া ভাষাৰ ন্যায্য মৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰাত বেজবৰুৱাই গ্ৰহণ কৰিছিল অতুলনীয় ভূমিকা |

তদুপৰি সেই সময়ত অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মক বংগৰ চৈতন্যদেৱৰ ধৰ্মৰ সৈতে একাকাৰ কৰা উদ্যোগকো বেজবৰুৱাৰ দৰে স্বদেশানুৰাগীয়েহে বাধা দিব পাৰিছিল | অকল বাধা দিয়াতেই ক্ষান্ত নাথাকি অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ স্বতন্ত্রতা পূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰিহে তেওঁ পৰম শান্তি লাভ কৰিছিল | অসমৰ বাহিৰৰ পৰা হোৱা আক্ৰমণৰ লগতে অসমৰ ভিতৰৰ পৰা হোৱা শংকৰ-বিদ্বেষীসকলৰ বিদ্বেষকো তেওঁ তেওঁৰ সুদৃঢ় আৰু শক্তিশালী লেখনীৰে প্ৰতিহত কৰিব পাৰিছিল | এসময়ত যেতিয়া শংকৰ-মাধৱৰ দৰে মহাপুৰুষসকলৰ মহৎ সৃষ্টিৰাজি প্ৰতিকূল পৰিস্থিতিত পৰা অসমীয়া মানুহৰ ধোঁৱাচাঙত উঠি পাহৰণিৰ গৰ্ভত লীন যাবলৈ ওলাইছিল, ঠিক তেতিয়াই বেজবৰুৱাই মহাপুৰুসকলৰ সেই মহৎ সৃষ্টিৰাজি ধোঁৱাচাঙৰ পৰা নমাই আনি সিবোৰৰ ভিতৰত সোমাই থকা মণি-মুকুতাৰ সম্ভেদ অসমীয়া মানুহক দিছিল |

আকৌ বেজবৰুৱাৰ সমকালৰ বহুতো শিক্ষিত অসমীয়াই যেতিয়া আধ্যাত্মিক গুৰুৰ সন্ধানত বাহিৰলৈ ঢাপলি মেলিছিল ; তেতিয়া তেওঁ শংকৰ গুৰু যে জগতৰে গুৰু হোৱাৰ যোগ্য, সেই কথা অন্ধলা শিক্ষিত অসমীয়া মানুহক বুজাই দিছিল |

খ্ৰীষ্টীয় ১৮৮৬ চনত কলিকতালৈ পঢ়িবলৈ যোৱা দিন ধৰি বেজবৰুৱাই তেওঁৰ জীৱনৰ সৰহভাগ সময় অসমৰ বাহিৰতে আছিল | কলিকতাত থকা সময়ছোৱা বঙালী ভাষা-সাহিত্যৰ সৈতে তেওঁ গভীৰভাৱে পৰিচিত হৈছিল | বিখ্যাত ঠাকুৰ পৰিয়ালৰ সৈতে তেওঁৰ বৈবাহিক সম্বন্ধও হৈছিল | আনকি ১৯১৭ চনলৈ কলিকতাত থকা সময়ছোৱাৰ মাজতেই ১৯১৩ চনত বিখ্যাত ঠাকুৰ পৰিয়ালৰ শিৰোমণি স্বৰূপ ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ ন'বেল বঁটাও লাভ কৰিছিল | ৰবীন্দ্ৰনাথৰ সু-সান্নিধ্যও তেওঁ লাভ কৰিছিল |তথাপি বেজবৰুৱাৰ মনত অসমীয়া হিচাপে কোনো ক্ষেত্রতেই কোনো হীনমন্যতাই সুৰুঙা উলিয়াব পৰা নাছিল | অসমীয়া ভাষা আৰু সাহিত্যৰ উৎকৰ্ষ সাধনৰ বাবে তেওঁ নিৰন্তৰ সাধনা কৰি গৈছিল |

জীৱিকাৰ প্ৰয়োজনত বেজবৰুৱাই জীৱনৰ সৰহভাগ সময় অসমৰ বাহিৰত কলিকতা আৰু উৰিষ্যাৰ সম্বলপুৰত কটাইছিল | পিছে সকলো সময়তে তেওঁ মাতৃভূমি অসমকহে হৃদয়ত ধাৰণ কৰি লৈ ফুৰিছিল | তেওঁ কৈছিল যে তেওঁৰ বোধেৰে তেওঁ বিশ্ব-সংসাৰ আৰু বিশ্ব-মানৱতাক সম্পূৰ্ণ ৰূপত ধাৰণা কৰিব নোৱাৰে | সেয়েহে তেওঁ বিশ্ব-সংসাৰ আৰু বিশ্ব-ভাবৰ অংশ স্বৰূপ মাতৃভূমি আৰু মাতৃভাষাকে মহাসত্য ৰূপে উপাসা কৰিছে | বেজবৰুৱাৰ ভাষাত মাতৃভূমিয়ে আছিল তেওঁৰ বাবে গংগা, গয়া, কাশী, প্ৰয়াগ | মাতৃভূমিয়ে যেন তেওঁৰ বাবে মহাতীৰ্থ | তদুপৰি মাতৃভাষাৰ সেৱাকেই তেওঁ মহাকাৰ্য্য বুলি জ্ঞান কৰিছিল |

আমি পূৰ্বতেই উল্লেখ কৰিছিলোঁ যে লক্ষ্মীনাথৰ দৰে স্বদেশানুৰাগীয়ে স্বজাতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ উদাহৰণ জগতৰ বুৰঞ্জীত হয়তো বিৰল | সেইবাবেই তেওঁ আমাৰ গৌৰৱ | কবিতা, প্ৰৱন্ধ, নাটক, গল্প, সাধুকথা, হাস্য-ব্যংগ ৰচনা আদি আধুনিক অসমীয়া সাহিত্যৰ কেয়োটি শাখাকে সমৃদ্ধ কৰা আৰু অসমীয়া সাহিত্যৰ এক যুগস্ৰষ্টা সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা হ'ল প্ৰকৃতাৰ্থত এগৰাকী শ্ৰেষ্ঠ অসমীয়া |