‘গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যা সমাধান নোহোৱাৰ বাবে মূল জগৰীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা’


Image Description

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত খোৱাপানীৰ সমস্যাটোক মূল নিৰ্বাচনী বিষয় কৰিছে অসম জাতীয় পৰিষদ দলে৷

অহা ২২ এপ্ৰিলৰ দিনা পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ পূৰ্বে দলীয় দৃষ্টিভংগীসম্বলিত ঘোষণা প্ৰকাশ কৰা অনুষ্ঠানত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই কথা সদৰি কৰে৷

গুৱাহাটী মহানগৰীৰ মূল সমস্যাসমূহ সমাধানৰ দলীয় দৃষ্টিভংগী হিচাপে প্ৰকাশ কৰা উক্ত ঘোষণাপত্ৰখন ‘সুপ্ৰভাত গুৱাহাটী’ শিৰোনামেৰে প্ৰকাশ কৰা হয়৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত যোৱা ৬ এপ্ৰিলৰ দিনা সভাপতি লুৰীণজ্যোতি গগৈয়ে দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত ঘোষণাপত্ৰখন উন্মোচন কৰে৷

সংবাদ মাধ্যমক সম্বোধন কৰি সেইদিনা লুৰীণজ্যোতি গগৈয়ে কয় যে 'গুৱাহাটী মহানগৰীখন এলেকাভেদে ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত যদিও মহানগৰীবাসীৰ মূল উমৈহতীয়া সমস্যা কি বুলি সুধিলে সকলোৱে নিশ্চয় এটাই উত্তৰ দিব যে খোৱাপানীৰ সমস্যা৷

গুৱাহাটীখন দেশৰ এখন প্ৰাচীন চহৰ৷ ইয়াক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়৷ দূৰ প্ৰাচ্যৰ সৈতে আন্তৰ্জাতিক বাণিজ্য আৰু কূটনৈতিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত গুৱাহাটী এখন গুৰুত্বপূৰ্ণ চহৰ৷ অথচ এই চহৰখন যি হিচাপে গঢ় লৈ উঠিব লাগিছিল, সেই হিচাপে হৈ উঠা নাই৷'

শ্ৰীগগৈৰ মতে 'গুৱাহাটী মহানগৰবাসীৰ পানীৰ সমস্যা সমাধান নোহোৱাৰ বাবে সামগ্ৰিকভাৱে চৰকাৰ যিমান দায়ী, তাতকৈ অধিক দায়ী বৰ্তমানৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ কাৰণ বিগত দুই দশক ধৰি গুৱাহাটীৰ খোৱাপানী যোগানৰ প্ৰকল্পসমূহ নিৰ্মাণৰ সৈতে ডঃ শৰ্মা পোনপটীয়াকৈ জড়িত হৈ আছে৷'

সংবাদ মেলত জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে বৰ্ণনা কৰে যে 'গুৱাহাটী মহানগৰীত পানী যোগান প্ৰকল্পসমূহ মূলতঃ দুটা প্ৰতিষ্ঠানৰ অধীনত হয় - গুৱাহাটী পৌৰ নিগম, আনটো 'গুৱাহাটী মেট্ৰ’পলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড ছিৱাৰেজ ব'ৰ্ড' (জিএমডিডব্লিউএছবি)৷'

'ভাৰতীয় সংবিধানে বান্ধি দিয়া নীতি আৰু পৌৰ নিগম আইন অনুসৰি পানী যোগান পৌৰ নিগমৰ অধীনস্থ বিষয়৷ কিন্তু ২০০৯ চনত ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হোৱাৰ পিছত আইন সংশোধন কৰি পানী যোগানৰ বিষয়টো উক্ত গুৱাহাটী মেট্ৰ’পলিটান ব'ৰ্ডৰ অধীনলৈ অনা হয়৷ উক্ত ব'ৰ্ড গুৱাহাটী উন্নয়ন বিভাগৰ অধীনস্থ৷ ইয়াৰ জৰিয়তে পৌৰ নিগমৰ ক্ষমতা কৰ্তন কৰি সম্পূৰ্ণ কৰ্তৃত্ব দিছপুৰৰ হাতলৈ লৈ যোৱা হয়৷' গগৈয়ে কয়৷

গগৈয়ে গুৱাহাটীৰ নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহৰ নিৰ্মাণ আৰু অগ্ৰগতিৰ বৰ্ণনা দি কয় যে 'তৰুণ গগৈ চৰকাৰৰ দিনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত কামৰূপ (মহানগৰ) আৰু কামৰূপ জিলাত মুঠ চাৰিটাকৈ পানী যোগান প্ৰকল্প নিৰ্মাণৰ কাম হাতত লোৱা হয়৷

তাৰে প্ৰথমটো দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প৷ শৰাইঘাট দলঙৰ ওচৰৰ শদিলাপুৰত নিৰ্মাণ কৰি থকা হৈছে৷ প্ৰকল্পটোৰ নিৰ্মাণ অৰম্ভ হয় ১৮-০৯-২০০৯ তাৰিখে৷ কেন্দ্ৰীয় চৰকাৰৰ JNNRUM আঁচনিৰ অধীনত প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় আছিল ছেপ্টেম্বৰ ২০১৩৷ মুঠ ব্যয়ৰ পৰিমাণ আছিল ৩৮৯.৫৩ কোটি টকা৷ পিছলৈ ব্যয় ৫৩৫.৫৩ কোটি টকালৈ বৃদ্ধি কৰা হয়৷

আনহাতে জাপানৰ ‘জাইকা’ৰ পৰা লোৱা ঋণৰ ধনেৰে দক্ষিণ গুৱাহাটী কেন্দ্ৰীয় পানী যোগান প্ৰকল্প (স্থান খাৰঘুলি) আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২০১১ চনত৷ সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় আছিল ২০১৫ চন৷ প্ৰকল্প দুটা নিৰ্মাণৰ বাবে জাইকাৰ পৰা ১৪২৭ কোটি টকা ঋণ লোৱা হৈছিল৷

গুৱাহাটীৰ চতুৰ্থটো, অৰ্থাৎ দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে গোপাল নগৰ৷ এছিয়ান ডেভেলপমেন্ট বেংক (ADB)ৰ পৰা লোৱা ঋণৰ ধনেৰে উক্ত প্ৰকল্প ২০১১ চনত আৰম্ভ কৰা হৈছিল৷ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় আছিল ২০১৫ চন৷ নিৰ্মাণ ব্যয় আৰম্ভণিত ধাৰ্য্য কৰা হৈছিল ১৪৬ কোটি টকা৷ পিছলৈ বৃদ্ধি কৰি ৪০০ কোটি কৰা হয়৷'

জাতীয় পৰিষদৰ সভাপতিয়ে কয় যে 'পৌৰ আইনৰ বিধি অনুসৰি দেশৰ প্ৰায়বোৰ চহৰতে পানী যোগানৰ আঁচনি ৰূপায়ণৰ কাম পৌৰ নিগমসমূহেই কৰে৷ কিন্তু ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব লোৱাৰ পিছত আইন সংশোধন কৰোৱাই পানী যোগান প্ৰকল্প স্থাপনৰ কৰ্তৃত্ব তেওঁৰ নিজৰ বিভাগৰ অধীনলৈ লৈ আনে আৰু তাৰ পিছতেই লুই বাৰ্জাৰ কেলেংকাৰীৰ সৈতে তেখেতৰ (ডঃ শৰ্মা) নাম সাঙুৰ খাই পৰে৷

কেৱল লুই বাৰ্জাৰ কেলেংকাৰীয়ে নহয়, জাইকাৰ ধনৰ অপব্যৱহাৰৰ অভিযোগ জাইকা কৰ্তৃপক্ষই উত্থাপন কৰাৰ পিছত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত তাৰ তদন্ত চলি আছে৷'

গতিকে বিগত প্ৰায় দুটা দশকে ডঃ শৰ্মা অসমৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ মন্ত্ৰী হৈ থকা তথা পানী যোগান প্ৰকল্প নিৰ্মাণৰ কাম তেখেতৰ তত্বাৱধানত আৰম্ভ হোৱা আৰু এতিয়াও চলি থকাৰ পিছতো গুৱাহাটীবাসীৰ বিশুদ্ধ খোৱাপানী পোৱাৰ সমস্যাটো সমাধান নোহোৱাৰ বাবে তেখেতক জগৰীয়া বুলি ক'বই লাগিব বুলিও গগৈয়ে মত প্ৰকাশ কৰে৷।