অসমীয়া হোৱাৰ গৌৰৱ


Image Description

অসমীয়া হোৱাৰ বাবে প্রকাশ্যে গৌৰৱ কৰাৰ উদাহৰণ খুব কম। মনত পৰে, এবাৰ এই কথা প্রকাশ কৰা হৈছিল সৌৰভ কুমাৰ চলিহাৰ প্রসংগত। উল্লেখ কৰা হৈছিল যে সৌৰভ কুমাৰ চলিহাই যিটো ভাষাত গল্প লিখে সেইটো আমাৰো মাতৃভাষা হোৱা বাবে আমি নিজে অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ।

ইয়াৰ বাহিৰেও যদি কেতিয়াবা এনে ধৰণৰ কথা কোৱা হৈছে বা ক’বলৈ ইচ্ছা হৈছে, সেয়া বন্ধু-বান্ধৱৰ মাজত হোৱা আলোচনাত হয়তো হ’ব পাৰে, সমজুৱাকৈ কোৱা নাই বুলিয়ে বিশ্বাস।

তথাপিও এই কথা ন-দি ক’ব পৰা যায় যে প্রকাশ নকৰিলেও অসমীয়া হোৱাৰ গৌৰৱৰ এটা অনুভৱ মগজুৰ নিউৰণবোৰে নিশ্চয় বহন কৰি আছে, যাৰ বাবে অনুকূল অথবা প্রতিকূল পৰিৱেশ তথা পৰিস্থিতিত তাৰ সুস্পষ্ট উমান সততে পাই থকা যায়। তাৰ এটা উদাহৰণ হৈছে ওপৰত উল্লেখ কৰা কথাখিনি।

এই কথা ক’বৰ বাবে বা লিখিত ৰূপত প্রকাশ কৰিবলৈ কলম কামুৰি চিন্তা কৰিবলগীয়া হোৱা নাই, সৌৰভ কুমাৰ চলিহাৰ গল্প পঢ়াৰ সময়ত স্বতঃস্ফূর্তভাৱে এয়া মনলৈ আহি গৈছে; মগজুৰ কোষত সঞ্চিত হৈ থকা অসমীয়া হোৱা গৌৰৱৰ ভাবে অনুকূল পৰিস্থিতিত নিজে নিজে প্রকাশৰ বাবে আগুৱাই আহিছে। সেই কথা আন আন প্রসংগতো অনুভৱ কৰা হয়।

গুৰু দুজনাৰ অমূল্য সৃষ্টিৰাজি, তেৰাসৱৰ আশিষত গঢ়ি উঠা বৃহত্তৰ অসমীয়া সমাজৰ লগতে সাহিত্য, সংস্কৃতিৰ উত্তৰোত্তৰৰ বাবে জীৱনপাত কৰা মহৎ লোকসকলৰ বিষয়ে যেতিয়াই পঢ়িছোঁ, শুনিছোঁ, তেখেতসকলৰ প্রতি শ্রদ্ধাত মূৰ দোঁ-খাই যোৱাৰ লগতে সেইসকলৰ যুগমীয়া অৱদানৰ উত্তৰাধিকাৰী হিচাবে গৌৰৱো অনুভৱ কৰিছোঁ। সৌৰভ কুমাৰ চলিহা তাৰে এটি উদাহৰণ মাথোঁ।

চলিহাৰ গল্পৰ দৰে হীৰেন ভট্টাচার্য্যৰ কবিতাৰ মাজত থিতাপি লোৱা শব্দবোৰ মনলৈ আহিলে আচম্বিতে বিজুলীৰ দৰে এটা চমকে মনটো পোহৰাই দি যায়, আৰু অনুভৱ হয়, এই শব্দবোৰ! ‘স্বপ্নৰ উদ্যান চুই অহা’ এই শব্দবোৰ! এয়া আমাৰ মাতৃভাষাৰ, আমি কোৱা ভাষাটোৰ শব্দ!

ৰাইজৰ আগত আঁঠু লৈ আইসকলে গোৱা নামঘোষাৰ প্রার্থনা, বনগীত, বিহুগীতৰ আকুল-বিয়াকুল সুৰ, চকু সেমেকাই যোৱা বিয়ানামবোৰ, শেহনিশা ৰিণিকি ৰিণিকি ভাঁহি অহা ভাওনাৰ বিলাপ, পঁয়াৰ, মুক্তাৱলীৰ উঠা-নমা ঢৌবোৰ, এইবোৰ, এই সকলোবোৰ আমাৰ।

পুৱাই পুৱাই কাণত পৰা নিকুঞ্জলতা মহন্তৰ বৰগীত, কুলামণি সন্দিকৈৰ টোকাৰীগীত, ৰেকিবুদ্দিন আহমেদৰ জিকিৰ, ৰামেশ্বৰ পাঠকৰ কামৰুপী লোকগীত, প্রতিমা বৰুৱা পাণ্ডেৰ গোৱালপৰীয়া লোকগীত। এইবোৰ আমাৰ।

যি কোনো সময়তে, ক্ষণিকৰ বাবে হ’লেও মন-মগজুক সন্মোহিত কৰি বাস্তৱ জগতখনৰপৰা অন্য এখন সপোনৰ জগতলৈ লৈ যাব পৰা ভূপেন হাজৰিকাৰ গীতৰ কথা, সুৰ আৰু কণ্ঠস্বৰ। এয়া আমাৰ।

আৰু যে কত কিমান!

অসমীয়া হোৱা বাবে উত্তিৰাধিকাৰী সূত্রে লাভ কৰা এয়া হৈছে বিশাল বৈভৱৰ কিয়দাংশ; যেন পানীৰ তলত লুকাই থকা বিশাল বৰফখণ্ডৰ অস্তিত্বৰ দেখা-নেদেখা ইংগিত এইবোৰ অনুকূল পৰিৱেশত হোৱা গৌৰৱৰ অনুভৱৰ কথা।

অসমীয়া হোৱাৰ গৌৰৱত আঘাত হনা প্রতিকূল পৰিৱেশৰ উদাহৰণো অনেক। এই গৌৰৱ যিমানে বেছি হয়, আঘাতৰ তীব্রতাও সিমানে অধিক হয়।

এই আঘাত আটাইতকৈ বেছি পোৱা যায় তথাকথিত জনপ্রিয় প্রচাৰ মাধ্যমবোৰৰপৰা।

অসমীয়া, হিন্দী, ইংৰাজী, আৰু অজ্ঞাত কেতবোৰ অব্যয় জাতীয় শব্দ (যেনে, ট’, ট’, আদি)ৰ সংমিশ্রণত সৃষ্ট এই বিশেষ ‘দোৱান’টোক আমাৰ চিৰেচেনেহী ভাষাজননীৰ অন্য এটা ৰুপ নেকি বুলি ভাবোঁতে এসময়ত অন্তৰত অত্যন্ত আঘাত পোৱা হৈছিল। কিন্তু যেতিয়া সেয়া আমাৰ ভাষা নহয় বুলি নিজকে পতিয়ন নিয়াই, সেই ভাষাটো আমাৰ ভাষা হ’বই নোৱাৰে বুলি তাক অগ্রাহ্য কৰাৰ পাছত তাৰপৰা উদ্ধাৰ পোৱা হ’ল।

কিন্তু তাৰ পাছতো বিভিন্ন বিজ্ঞাপনকে আদি কৰি বিভিন্ন ভাষ্যত শুনিবলৈ পোৱা অসমীয়া ভাষাৰ ভয়ংকৰ উচ্চাৰণে মনটো যে তিতা লগাই দিয়ে, সেয়া নিশ্চয় এই মনৰ মাজত নিহিত হৈ থকা এই গৌৰৱত আঘাত লগাৰ বাবেই হয়। বর্গীয় ‘জ’ৰ শুদ্ধ অসমীয়া উচ্চাৰণটো যে এদিন নোহোৱা হৈ যাব, ভাবিলে কিমান দুখ লাগে, সেয়া এই গৌৰৱৰ বাবেই নহয় জানো?

অসমীয়া হোৱাৰ আটাইতকৈ ডাঙৰ গৌৰৱৰ কথাটো অনুভৱ কৰা হয় বহু পলমকৈ। সেয়া আছিল, আমি যে অসমীয়া, সেয়া আমি বাহ্যিক ৰূপত কেতিয়াও কাকো দেখুৱাব নলগীয়া হোৱাটো। অসমীয়া হোৱাটো আমাৰ বাবে এক আন্তৰিক অনুভূতি। কিন্তু আমি এতিয়া অসমীয়া বুলি বাহ্যিকভাৱে দেখুৱাব লাগে বুলি যেতিয়া প্রত্যক্ষ প্রমাণ দাবী কৰা হ’ল, তেতিয়াহে অনুভৱ কৰা হ’ল, সেয়া কিমান যে গৌৰৱৰ কথা আছিল।

আমি নিজকে ধার্মিক বুলি দাবী নকৰোঁ, কিন্তু কিছুমান ধর্মানুষ্ঠানৰ সৈতে আমাৰ সম্পর্ক জনা-বুজা হোৱাৰেপৰা। আমি নিজে সেয়া ধর্মতকৈ বেছি, এক সাংস্কৃতিক পৰম্পৰা বুলিহে কিজানি গণ্য কৰি আহিছিলোঁ। বছৰত অন্ততঃ দুবাৰ বা তিনিবাৰ সেই পৱিত্র স্থানলৈ আমি গৈছিলোঁ, কোনো বাধ্য-বাধকতা অবিহনেই। কিন্ত বয়স তিনিকুৰি বছৰ পাৰ হোৱাৰ পাছত এদিন হঠাতে গম পোৱা হ’ল, বিশেষ সাজ নিপিন্ধিলে সেই স্থানত আমাৰ প্রৱেশ নিষেধ। অসমীয়া হোৱাৰ আটাইতকৈ ডাঙৰ গৌৰৱৰ কথাটোৱে যেন নোহোৱা হৈ গ’ল।

কিন্তু, তথাপিও অনেক কথা এতিয়াও আছে, যাক লৈ গৌৰৱ কৰিব পৰা যায়। সেই সকলো মিলালে এনে দুই এক দৃষ্টান্ত হয়তো তেনেই নগণ্য হ’ব। নতুনকৈও গৌৰৱৰ দৃষ্টান্ত লাহে লাহে, এক, দুই কৈ জমা হৈ আছে, থাকিব।

যেনে, লাভলীনা বৰগোঁহাই।

হয়, অসমীয়া হোৱাৰ গৌৰৱক লৈ মই গৌৰৱান্বিত।।