ধৰ্ম প্ৰকৃতিৰ নিয়ম


Image Description

'ধৰ্ম' ধৰ্মই, স্বয়ংসম্পূৰ্ণ। সাৰ্বজনীন। প্ৰকৃতিৰ নিয়ম। অপৰিবৰ্তিত। অবিনশ্বৰ।

ধৰ্ম ধাৰণ কৰিব লাগে, সাধনাৰ প্ৰয়োজন, জন্মগত ভাবে নাপায়, বিশ্বাস কৰিলেই ধৰ্ম ধাৰণ নহয়। ধৰ্ম ধাৰণ কৰিলে মানুহ দূখ-কষ্টৰ পৰা মুক্ত হব পাৰে, ষষ্ঠ ৰিপু দমন কৰি প্ৰকৃতাৰ্থত মানুহ হব পাৰি, সুস্থ সমাজৰ প্ৰথম ভেটি।

যেতিয়াই ধৰ্মৰ লগত কোনো সম্প্ৰদায়, দৰ্শন, লোকবিশ্বাস যেনে :-হিন্দু, জৈন, বৌদ্ধ, খ্ৰীষ্ট, মুছলমান আদি শব্দ জড়িত হৈ পৰে, তেতিয়াই ধৰ্মৰ গ্লানি হয়। ধৰ্মৰ গুণ দুৰ্বল হৈ পৰে, সাম্প্ৰদায়িক বিশ্বাস শক্তিশালী হৈ পৰে।

ধৰ্মৰ প্ৰকৃত অৰ্থ, বৈজ্ঞানিক দৃষ্টিভঙ্গী ভংগী বাদ দি সকলোৱে নিজৰ সম্প্ৰদায়ক, নিজৰ দাৰ্শনিক মান্যতাক, নিজৰ লোক বিশ্বাসক অন্যৰ আগত মহান প্ৰতিপন্ন কৰাৰ বাবে চেষ্টা কৰে। ইজনে সিজনৰ সতে যুজবাগৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে।

ধৰ্ম প্ৰকৃতিৰ নিয়ম। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বাবে প্ৰজোয্য। নিয়ম ভংগ কৰিলে প্ৰকৃতিয়ে দণ্ড দিয়ে। কোন সম্প্ৰদায়ৰ সেইটো নিৰ্ভৰ নকৰে। প্ৰকৃতিৰ দণ্ড বিধি সকলোৰে বাবে সমান।

যিদৰে জুই, পানী, মাটি, বায়ু আদিৰ ধৰ্ম থাকে, প্ৰাকৃতিক গুণ থাকে, সম্প্ৰদায় নাথাকে। আৰু এই সকলোৰে ভাৰসাম্যতা বৰ্তি থাকিলেহে পৃথিৱীৰ অস্তিত্ব সম্ভৱ, জীৱন সম্ভৱ। থিক সেইদৰে আমাৰ মানৱ শৰীৰটোও কিছুমান পদাৰ্থৰে গঠিত, এই সেই পদাৰ্থ সমূহৰ ধৰ্ম আৰু গুণৰ প্ৰভাৱ বিস্তাৰিত হব আমাৰ শৰীৰ আৰু মনত। এতিয়া এই পদাৰ্থ সমূহৰ ধৰ্ম আৰু গুণৰ প্ৰভাৱ সম্পূৰ্ণ প্ৰাকৃতিক, ইয়াত মানুহৰ কোনো নিয়ন্ত্ৰণ নাই, ইয়াত কোনো সম্প্ৰদায়ৰ বিশ্বাস, দাৰ্শনিক মান্যতা আদিৰ সম্পৰ্কই নাই। পদাৰ্থসমূহৰ দ্বাৰা আমাৰ শৰীৰ গঠিত আৰু ইয়াৰ গুণৰ পৰা মনৰ সৃষ্টি। এই পদাৰ্থ আৰু গুণৰ সঠিক ভাৰসাম্যতা হলে আমি বিচৰা "মানুহ" জনৰ অস্তিত্ব সম্ভৱ।

মানৱ শৰীৰ আৰু মন সম্বন্ধে প্ৰাচীন কালতে বহু বৈজ্ঞানিকে অতি স্পষ্ট জ্ঞান দি থৈ গৈছে। আমাৰ শৰীৰ পঞ্চ ধাতুৰে গঠিত। পৃথিৱী, জল, বায়ু, অগ্নি আৰু আকাশ (মহাশূন্য) আৰু ইয়াৰ গুনৰ দ্বাৰা মনৰ সৃষ্টি হৈ আমাৰ মনৰো গুনৰ(ষষ্ঠ ৰিপু) সৃষ্টি হয় :- কাম(যৌন প্ৰৱনতা), ক্ৰোধ, লোভ, মোহ, মদ(অহংকাৰ), মাৎসৰ্য (ঈৰ্ষা, পৰশ্ৰীকাতৰতা)। মানুহৰ স্বভাৱ এই ষষ্ঠ ৰিপুৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াক দমন কৰি ভাৰসাম্যতা বৰ্তাই ৰাখিব নোৱাৰিলে বিকাৰ জন্মিব, বিকাৰ জন্মিলেই প্ৰকৃতিৰ বিধি মতে দণ্ড পাব, ইয়াত সম্প্ৰদায়ৰ কথা আহি নপৰে। জুইৰ ধৰ্ম উত্তাপ আৰু দাহন কৰা, জুইৰ সংস্পৰ্শত যিয়েই নাহক কিয়, উত্তাপিত হব আৰু পুৰিব। এতিয়া সম্প্ৰদায় ভেদে বিভিন্ন প্ৰকাৰৰ জুই আছে জানো? এইকুৰা হিন্দু জুই বেছিকৈ পোৰে, এইকুৰা বৌদ্ধ জুই কমকৈ পোৰে, নিশ্চয় নাই। জুইয়ে জ্বলাই, ই জুইৰ ধৰ্ম।

ঠিক তেনেকৈ ষষ্ঠ ৰিপু সমূহৰো কিছুমান প্ৰাকৃতিক বিধি আছে, কাম-বাসনা জাগিলে ব্যভিচাৰ হব, ধৰ্ষণ হব।

ক্ৰোধ জাগিলে অশান্তি হব, তেতিয়া ক্ৰোধৰ কোনো সম্প্ৰদায়ৰ কথা নাথাকে, যিয়ে জগাব সিয়েই শাস্তি পাব। নিজেও অশান্ত হব আৰু সংস্পৰ্শলৈ অহা সকলোকে অশান্ত কৰি তুলিব, ই ক্ৰোধৰ ধৰ্ম।

লোভ জন্মিলেই চুৰি হব, দুৰ্নীতি হব, যিয়েই জন্মাব নিজেও লিপ্ত হব, সংস্পৰ্শলৈ যি আহিব তেওঁলোককো লিপ্ত কৰাব, ই লোভৰ ধৰ্ম।

মোহ জন্মিলেই স্বাৰ্থ জন্মিব, নিজেও স্বাৰ্থপৰ হব লগতে সংস্পৰ্শলৈ অহাজনকো তেনে কৰি তুলিব। স্বাৰ্থসিদ্ধি ন'হলে দুখৰ সৃষ্টি হ'ব, শাস্তি হিচাপে। ঠিক তেনেকৈ মদ(গৰ্ব, অহংকাৰ) আৰু মাৎসৰ্য্য (ঈৰ্ষা, পৰশ্ৰীকাতৰতা) ৰো নিজা ধৰ্ম আছে।

গতিকে দেখাযায় ধৰ্ম, প্ৰকৃতিৰ নিয়ম, ই স্বয়ংসম্পূৰ্ণ। ধৰ্মক বুজাবলৈ বা ধাৰণ (অনুশীলন) কৰিবলৈ অন্য কোনো সাম্প্ৰদায়িক মান্যতা, দাৰ্শনিক মতবাদ বা কোনো লোকবিশ্বাসৰ প্ৰয়োজন নাই।

আহক নিজকে এজন মানুহ হিচাপে গঢ় দিবলৈ, এখন সুস্থ সমাজৰ গঠন কৰিবলৈ, সাম্প্ৰদায়িক, দাভৰ্শনিক আৰু লোকবিশ্বাসৰ ভ্ৰমৰ পৰা নিজকে মুক্ত কৰো। শুদ্ধ ধৰ্মৰ চৰ্চা, অনুশীলন কৰো

সকলো জীৱই দুখ কষ্টৰ পৰা মুক্ত হওক।

সকলো সুখী হওক।