ডাক্তৰৰ ওপৰত নিষেধাজ্ঞা!


Image Description

ৰাষ্ট্ৰীয় মেডিকেল আয়োগে দেশৰ ডাক্তৰৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷

ডাক্তৰ আৰু ঔষধৰ ক’ম্পেনীৰ মাজত থকা অবাঞ্ছনীয় সম্পৰ্ক ৰোধ কৰিবলৈকে নিষেধাজ্ঞা জাৰি কৰিছে৷

ডাক্তৰে বা ডাক্তৰৰ পৰিয়ালে কোনো ৰোগীৰপৰা কোনো ধৰণৰ উপহাৰ গ্ৰহণ কৰিব নোৱাৰিব৷

ডাক্তৰে ঔষধৰ ক’ম্পেনীয়ে আয়োজন কৰা কোনো ছেমিনাৰ বা ৱেবিনাৰত যোগদান কৰিব নোৱাৰিব৷ ক'ম্পেনীৰ খৰচত ক'লৈকো যাব নোৱাৰিব।

অতি উল্লেখনীয়ভাৱে ঔষধীয় ক’ম্পেনীৰ পৰা অৰ্জন কৰা টকাৰ হিচাব শপতনামা হিচাবে দাখিল কৰিব লাগিব৷

ৰাষ্ট্ৰীয় মেডিকেল আয়োগে আৰোপ কৰা নিয়মবোৰ মানি নচলিলে তিনিমাহৰ বাবে পঞ্জীয়ন নাকচ হ’ব৷

আয়োগৰ নিষেধাজ্ঞাই অতি শোচনীয় বাস্তৱ পৰিস্থিতি এটা দাঙি ধৰিছে৷ চিকিৎসকে ৰোগীক ধনৰ বিনিময়ত যিখিনি সময় দিব লাগে, সেইখিনি নিদিয়াৰ অভিযোগ প্ৰায় উঠে৷

ব্যক্তিগত চিকিৎসালয়ত ডাক্তৰে গোট হিচাবে নিজৰ মাজতে আলোচনা নকৰাৰ অভিযোগ পূৰণি৷ অসমৰ বাহিৰৰ নাম থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসকে গোট হিচাবে ৰোগীৰ বেমাৰৰ আলোচনা কৰে আৰু সেইমতে বিধান দিয়ে৷ অসমৰ চিকিৎসালয়ত এনে শুভ ব্যৱস্থাৰ অভাৱ প্ৰায় সকলো ৰোগীয়ে অনুভৱ কৰে৷

একেদৰে অসমৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে অতিমাত্ৰা ধন লয় বুলি যি অভিযোগ শুনা যায় তাৰ সত্যতা নুই কৰিব নোৱাৰি৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ নিৰীক্ষণৰ ব্যৱস্থা নাই৷ এনে ব্যৱস্থাৰ অতিকৈয়ে প্ৰয়োজনীয়৷

ৰোগীৰ পক্ষত থাকি এইটো ক’ব লাগিব যে চিকিৎসাখণ্ডৰ বাবে আপত্তি লোৱাৰ অতি উচ্চখাপৰ তদন্তৰ আনুষ্ঠানিক গাঁথনি (Ombudsman) থকা উচিত৷ চিকিৎসা যে জীৱন-মৰণৰ বিষয়।

শেষত, এইটো অনস্বীকাৰ্য্য যে অসমত বহু সুচিকিৎসক আছে। তেনে বিবেকবান চিকিৎসকৰ ওচৰত ৰোগী সদায়েই কৃতজ্ঞ হৈ ৰয়।।