দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু শাসকীয়ৰ তাচ্ছিল্য!


Image Description

সৰুৰে পৰা ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক আমি শিকি, বুজি, জানি আহিছোঁ আৰু বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দৰে মতাদৰ্শক বিশ্বাসেৰে সাৰোগত কৰি লৈছোঁ।

প্ৰতি দহ কিল'মিটাৰ অন্তৰালত দেশৰ জনতাৰ আচাৰ-নীতি, বেশ-ভূষা, কলা-সংস্কৃতিৰ বিভিন্নতাই ভাৰতক বিশ্বৰ অন্য দেশতকৈ পৃথক কৰি তোলাৰ লগতে এই বিভিন্নতাৰ মাজতো দেশৰ একতাৰ নিদৰ্শনে ভাৰতৰ গৰিমাক অনন্য কৰি তোলে।তাত সন্দেহৰ অৱকাশ নাই।

কিন্তু, বৰ্তমানৰ শাসকীয় পক্ষই অৰ্থাৎ বিজেপিৰ উগ্ৰ হিন্দুত্ববাদী মতাদৰ্শই দেশৰ এই গৰিমাক বাৰে বাৰে অপদস্থ কৰাৰ কুচকাৱাজ চলায় ৷ ই অতি দুৰ্ভাগ্যজনক।

যোৱা ২০ অক্ট'বৰৰ 'দৈনিক জনমভূমি'ৰ সম্পাদকীয় পৃষ্ঠাত ড° জয়কান্ত শৰ্মাৰ এটি লেখাত (লেখাৰ শিৰোনাম : আজিও গান্ধী আৰু নেহৰুক লৈ বিতৰ্ক কিয়?) ভাৰতীয় ৰাজনীতিৰ ইতিহাসৰ যি এক ভ্ৰান্তধাৰণামিশ্ৰিত দৃষ্টিভংগী চৰকাৰৰ পক্ষক লৈ আলোকপাত কৰা দেখা গ’ল, সেয়া অতি সাংঘাতিক।

নেহৰু পৰিয়ালক পাকে-প্ৰকাৰে মুছলমান হিচাপে প্ৰতিষ্ঠা কৰাৰ দৰে কল্পনাপ্ৰসূত প্ৰসংগৰ লগতে মহাত্মা গান্ধীৰ প্ৰসংগও লেখাৰ মাজলৈ টানি অনা হ’ল ৷ দেশৰ নিৰপেক্ষ চৰিত্ৰত প্ৰশ্নবোধক সন্নিবিষ্ট কৰি লেখকে আৰএছএছ-ৰ লগতে শাসকীয় গোষ্ঠীৰ হিন্দুত্ববাদী চিন্তাধাৰাত যিদৰে লেখাটোত স্বীকৃতি প্ৰদান কৰিছে, আমাৰ দৰে এচামৰ বা নৱপ্ৰজন্মৰ চিন্তাক উপলুঙা কৰিছে৷

হিন্দু আৰু মুছলমান বা ধৰ্মীয় অনুভূতিক সমল হিচাপে লৈ যি এক বিভাজনমুখী চিন্তাক চৰকাৰীপক্ষই অনৰবৰতে প্ৰশ্ৰয় দি থাকে, ই যে এক ভয়ংকৰ ভৱিষ্যতৰ ফিৰিঙতি নহ’ব তাৰ কোনো মানে নাই৷

ৰাজনীতিত ৰাজনৈতিক সমীকৰণৰ পোষকতা স্বাভাৱিক আৰু ৰাজনৈতিকভাৱে সেয়া বৈধ।কিন্তু, তাৰেই অচিলাৰে ধৰ্মীয় বিভাজনমুখী ৰাজনীতি বন্দনীয় নহয়।

যি সূত্ৰই দেশখনৰে নিৰপেক্ষ চৰিত্ৰক আঘাত সানে, যি সূত্ৰই দেশৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দৰে মহান সৰ্বজনগ্ৰাহ্য উপমাক কলুষিত কৰে, তেনেবোৰ সূত্ৰই দেশৰ জনকল্যাণকামী উত্তৰণৰ পথত হেঙাৰৰ সৃষ্টি কৰাটো ধুৰুপ। আৰু ধৰ্মীয় উন্মাদনাক লাই দিয়া প্ৰসংগটোও ইয়াত জড়িত হৈ পৰে৷

গতিকে দেশৰ এই আকলুৱা, আলসুৱা তথা পৱিত্ৰ চৰিত্ৰক তাচ্ছিল্য বা ভেঙুচালি নকৰি কেৱল সৰ্বাংগীণ উন্নয়নৰ উদ্দেশ্যে অগ্ৰসৰ হ’লে দেশৰে গৰিমা বিশ্বমানসত বৰ্তি থাকিব বুলি সজোৰে ক’ব পাৰি৷।