ইভিএমৰ অন্তৰ্ধান


Image Description

দেশত বহু লাখ ইভিএম নোহোৱা হৈছে৷ ২০১৬ চনৰ পৰা ২০১৮ চনৰ ভিতৰত প্ৰায় ১৯ লাখ ইভিএম নোহোৱা হৈছে৷

কৰ্ণাটকাৰ এজন বিধায়কে তথ্য জনাৰ অধিকাৰ আইন [আৰটিআই]ৰ অধীনত এখন আবেদন জনাইছিল৷ আবেদনখনত এই ভয়াৱহ তথ্যটো ওলাই পৰিছে৷

ভাৰতবৰ্ষত নিৰ্বাচন পৰিচালনা কৰে নিৰ্বাচন আয়োগে৷ তিনিগৰাকী আয়ুক্তৰ দ্বাৰা নিৰ্বাচন আয়োগ গঠিত হয়৷ তিনিগৰাকীৰ ভিতৰত এগৰাকী মুখ্য আয়ুক্ত৷ বৰ্তমান সময়ত নিৰ্বাচন আয়োগৰ আটাইকেইগৰাকী আয়ুক্তৰ উত্তৰ প্ৰদেশ কেডাৰৰ৷ সাধাৰণতে অতি জ্যেষ্ঠ আইএএছ বিষয়াসকলক আয়ুক্ত পদত নিযুক্তি দিয়া হয়৷

নিৰ্বাচন আয়োগত ইভিএমৰ যোগান ধৰে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আৰু ভাৰতবৰ্ষৰ ইলেক্ট্ৰনিক নিগম লিমিটেডে৷ আৰটিআইখনৰ উত্তৰত এই কথা ওলায় পৰিছে যে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে যোগান ধৰা ৯.৬ লাখ আৰু ভাৰতবৰ্ষৰ ইলেক্ট্ৰনিক নিগম লিমিটেডে যোগান ধৰা ৯.৩ লাখ ইভিএম নোহোৱা হৈছে৷ এইটো সকলোৰে বাবে চিন্তাৰ বিষয় হৈ পৰিছে৷

আৰটিআইখনৰ আঁত ধৰি দেশৰ এগৰাকী প্ৰখ্যাত সাংসদ শশী থাৰুৰে বিষয়টো সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা এটা উত্তৰ বিচাৰিছে৷ ইভিএম নোহোৱা হোৱাৰ কথাটো চৰকাৰীভাৱে শ্বীকাৰ কৰা হৈছে আৰু স্বাভাৱিকতে সেইবোৰ কাৰ হাতত আছে আৰু কিয় আছে তেনে প্ৰশ্ন স্বাভাৱিকতে উঠে বুলি সাংসদ থাৰুৰে উল্লেখ কৰিছে৷

দেশত স্বাধীনতাৰ পিছৰে পৰা বেলট কাকতৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ বেলট কাকত ব্যৱহাৰ হওঁতেও ইয়াৰ অপব্যৱহাৰৰ অভিযোগ উঠিছিল৷ বৰ্তমান ইভিএমৰ ব্যৱহাৰে তাতোকৈ বহুত বেছি প্ৰশ্নৰ অৱতাৰণা কৰিছে৷

ভোটদানৰ যন্ত্ৰটোত [ইভিএমত] প্ৰাৰ্থীসকলৰ নামৰ বিপৰীতে একোটা বুটাম থাকে বুটামটো টিপিলে ভোটদাতাৰ ভোটটো নিৰ্দিষ্ট প্ৰাৰ্থীজনে পাব লাগে৷ যন্ত্ৰটো সেই ধৰণে সজা হয়৷

ইভিএমত খেলি-মেলি কৰিব পাৰিব বুলি কেইবাগৰাকীও ইঞ্জিনিয়াৰে দাবী কৰি আহিছে৷ ৰাজহুৱাভাৱে সেইবোৰ প্ৰদৰ্শনো কৰিছে৷ যন্ত্ৰটো এবিধ ইলেক্ট্ৰনিক সঁজুলি৷ যি কোনো ইলেক্ট্ৰনিক সঁজুলিত দূৰৰ পৰা আৰু বাহিৰৰ পৰা খেলি-মেলি লগাব পাৰি৷ এই বিষয়ে কাৰো সন্দেহ থাকিব নালাগে৷

পৃথিৱীৰ আগশাৰীৰ বেংক, জীৱনবীমা, সামৰিক প্ৰতিষ্ঠান সকলোৰে এইটোৱেই ভয় থাকে৷ প্ৰতিষ্ঠানবোৰৰ সঁজুলিবোৰত খেলি-মেলি কৰিব পাৰি৷

ইয়াৰ সহজ অৰ্থ হ’ল যে এজন ভোটাৰে যিজন প্ৰাৰ্থীৰ বাবে বুটামটো টিপিছে সেই বাৰ্তাটো ভোটাৰজনৰ পছন্দৰ প্ৰাৰ্থীজনৰ নামত ৰেক’ৰ্ড ন’হৈ আন এজনৰ নামত ৰেক’ৰ্ড হ’ব পাৰে৷ এই বিষয়ে কাৰোৱেই একো সন্দেহ থকা উচিত নহয়৷

সাধাৰণ ভাষাত ইয়াক ‘হেকিং’ কৰা বুলি কয়৷ ইলেক্ট্ৰনিক সঁজুলি যিমানেই সূক্ষ্ম আৰু ব্যাপক নহওক কিয়, ইয়াক দূৰৈৰ পৰা প্ৰভাৱান্বিত কৰিব পাৰি৷ ইলেক্ট্ৰনিক সজ্জাটোৰ আভাস পালেই হ'ল।

সাংসদ থাৰুৰৰ অভিযোগ নিৰ্বাচন আয়োগে অতি গুৰুত্বসহকাৰে লোৱা উচিত৷ হেৰুওৱা ইভিএমবোৰ ক’লৈ গ’ল আৰু কিয় গ’ল তাৰ অনুসন্ধানৰ খুবেই প্ৰয়োজন৷ প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ে ইয়াৰ অনুসন্ধান কৰিবলৈ ব্যৱস্থা হাতত ল’ব লাগে৷

দেশৰ গণতন্ত্ৰৰ পবিত্ৰতাৰ বাবে বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ৷ বেলট কাকত ব্যৱহাৰ কৰিলে নিৰ্বাচনৰ অন্তত হিচাপ ল’বলৈ সময়ৰ প্ৰয়োজন হ’ব ঠিকেই, কিন্তু নিৰ্ভুল হ’ব৷ শাসকীয় দলে আগভাগ ল'লে সকলো সহজ হৈ উঠিব।।