শতবৰ্ষ গৰকা এমছিএমই স্কুল


Image Description

মাণিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী স্কুল স্থাপনৰ শতবৰ্ষ হয় ২০১৪ চনত৷ স্কুলৰ এই দীঘল নামটোৰ সলনি গুৱাহাটীবাসীয়ে এই স্কুলক এম ছিএমই স্কুল বুলিয়েই জানে৷ স্থাপনৰ কিছু বছৰ পিছৰে পৰা এই স্কুলে অসমৰ শিক্ষাজগতত এই নামেৰেই এখন বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷

১৯১৪ চনৰ ৩০ নৱেম্বৰ তাৰিখে গুৱাহাটী পৌৰসভাই এই স্কুলখন স্থাপনৰ সিদ্ধান্ত লয়৷ পোনতে এই স্কুলখনৰ নাম ৰখা হৈছিল লতাশিল মধ্য ইংৰাজী বিদ্যালয়৷ সেই সময়ত গুৱাহাটী পৌৰসভাৰ অধ্যক্ষ আছিল আধুনিক অসমৰ শিক্ষাজগতৰ বৰেণ্য ব্যক্তি মাণিক চন্দ্ৰ বৰুৱা৷ কটন কলেজ, আৰ্ল ল কলেজ আৰু কাৰ্জেন হল স্থাপনত মাণিক চন্দ্ৰ বৰুৱাই মুখ্য ভূমিকা লৈছিল৷ ১৯১৫ চনৰ সাত নৱেম্বৰত মাণিক চন্দ্ৰ বৰুৱাৰ মৃত্যু হোৱাৰ পিছত ৯ নবেম্বৰ ১৯১৫ তাৰিখে এই বিদ্যালয়ৰ নামকৰণ কৰা হয় মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়৷সময়ত নিজ গৰিমাৰে এই বিদ্যালয় এমছিএমই নামেৰে প্ৰখ্যাত হৈ পৰে৷

এই স্কুলত ভৰ্তি হোৱা প্ৰথম দহজন ছাত্ৰৰ ভিতৰত এজন আছিল অসমৰ বৰেণ্য সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাদেৱ ৷ তেখেতৰ ভাষাত, ‘প্ৰথমে এই স্কুলখন এতিয়াৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত বহিছিল৷ পিছত আগৰ লতাশিত স্কুল [প্ৰাথমিক] থানাৰ কাষলৈ উঠি যোৱাত সেই স্কুলৰ মাটি-ঘৰ গুৱাহাটী পৌৰ শাখাই মাণিক চন্দ্ৰ বৰুৱাৰ মৃত্যু হোৱাত তেখেতৰ স্মৃতিত মাণিক চন্দ্ৰ মধ্য ইংৰাজী স্কুল নামকৰণ কৰে৷ সাধাৰণতে এই স্কুল এমছিএমই স্কুল নামে জনাজাত৷’ পিছলৈ অতুল চন্দ্ৰ হাজৰিকাদেৱে কিছুদিন এই স্কুলত শিক্ষকতাও কৰে৷

এমছিএমই স্কুলত মাঁথো তিনিটা শ্ৰেণীহে আছিল৷ চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ শ্ৰেণী৷ ন বা দহ বছৰ বয়সত ইয়াত ছাত্ৰ ভৰ্তি হৈছিল আৰু বাৰ বা তেৰ বছৰ বয়সলৈকেহে ইয়াত পঢ়িছিল৷ শতবাৰ্ষিকী উদ্‌যাপন কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয়ত ইয়াতকৈ পূৰঠ মনৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে৷ স্কুলখনে তেওঁলোকক কেনেদৰে বৌদ্ধিকভাৱে সমৃদ্ধ কৰিছিল তাক অনুভৱ কৰিব পাৰে৷ ইয়াৰ মধুৰ স্মৃতি তেওঁলোকৰ মনত ৰৈ যায়৷

কিন্তু এমছিএমই স্কুলত ভৰ্তি হোৱা ছাত্ৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা লৈ অহা কুমলীয়া মনৰ ছাত্ৰ৷ কিন্তু কি এনে বিদ্যায়তনিক পৰিৱেশৰ লগত স্কুলখন তেওঁলোক পৰিচিত হয় যে এই তিনি বছৰত লাভ কৰা অভিজ্ঞতা আজীৱন তেওঁলোকৰ মনত ৰৈ যায় । এই স্কুলত অংক, ইংৰাজী, ভূগোল, বিজ্ঞান আদি বিষয় অতি উৎকৃষ্ট ধৰণে শিক্ষাদান কৰা এটা কাৰণ ইয়েই৷

ইয়াৰ উপৰি ছাত্ৰসকলে ভৱিষ্যত অধ্যয়ন আৰু কৰ্মৰ পথত আগবাঢ়ি যাবলৈ এক দৃষ্টিভঙ্গীৰ বুনিয়াদ এই তিনি বছৰত গঢ় লৈ উঠাত বৰঙণি যোগায়৷ এই কাম সম্ভৱ হৈ উঠাৰ কাৰণ আছিল এই স্কুলৰ শিক্ষকসকলৰ দায়িত্বজ্ঞান আৰু কত্তৰ্ব্যনিষ্ঠা৷ সকলো সময়তে স্কুলখনেই আছিল শিক্ষকসকলৰ ধ্যান আৰু প্ৰাণ৷ গুৱাহাটীৰ উজানবজাৰ স্থিত এই বিদ্যালয়ৰ বহু ছাত্ৰই বিজ্ঞানী, শিক্ষাবিদ, প্ৰশাসক, ৰাজনীতিবিদ, সামাজিক সংগঠক হিচাবে দেশ-বিদেশত কীৰ্তি অৰ্জন কৰাই নহয়, এইবোৰ ক্ষেত্ৰৰ উচ্চ আসনত অধিষ্ঠিতও হ’ব পাৰিছিল৷ বহু নাম বাদ পৰি যোৱাৰ আশংকাত মনত থকা নামবোৰো উল্লেখ কৰিব বিচৰা নাই৷

তিনিবছৰীয়া এই মধ্য ইংৰাজী স্কুলখনত অধ্যয়ন কৰি পিছলৈ যশ অৰ্জন কৰা বহু কীৰ্তিমান লোকে তেওঁলোকে পৰিচয় লাভ কৰা এই স্কুলৰ পৰিৱেশৰ বিষয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি গৈছে৷ এই স্কুলৰে প্ৰাক্তন ছাত্ৰ বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ ৰাজনীতিদি আৰু প্ৰাক্তন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী শ্ৰীবিপিন পাল দাসে লিখিছিল, ‘দেৱকান্ত বৰুৱাই [ৰাজ্যিক আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰু এমছিএমইৰ প্ৰাক্তন ছাত্ৰ] মোক গৌৰৱেৰে কৈছিল যে মাণিক চন্দ্ৰ ইংৰাজী স্কুলক তেখেতে ইংলেণ্ডৰ এটন আৰু হেৰোৱা [Eton and Harrow]ৰ লগত তুলনা কৰিব খোজে৷ য’ত পণ্ডিত নেহৰুৰ শিক্ষাজীৱন আৰম্ভ হৈছিল৷’

তেখেতে আকৌ লিখিছে, ‘যদিও মই লতাশিল প্ৰাথমিক বিদ্যালয়ত প্ৰথম শিক্ষাৰ মুখ দেখিবলৈ পাইছিলোঁ, আচলতে এই মধ্য ইংৰাজী বিদ্যালয়তহে মোৰ শিক্ষা জীৱনৰ এটা সবল ভেটি গঢ়ি তুলিছিল৷’ এই স্কুলতে পঢ়া আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃতাত্বিক ড॰ ভুবন মোহন দাসে লিখিছিল, ‘প্ৰতিজন শিক্ষকে ছাত্ৰবোৰৰ কোনজনে কোন বিষয়ত দুৰ্বল জানি লৈ সেই অনুযায়ী তেওঁলোকক আগুৱাই নিবলৈ বিশেষভাৱে যত্ন কৰিছিল৷ এইয়া দুৰ্বল ছাত্ৰক সবল কৰাৰ প্ৰচেষ্টা৷ সকলো ছাত্ৰৰ প্ৰতি শিক্ষকসকলৰ সমান মনোনিৱেশ৷’

অসমৰ বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেণ গোহাঁয়ে মন্তব্য কৰিছে– ‘আমাৰ ল’ৰাকালৰ বিদ্যালয়খনৰ চেহেৰা আৰু সাজসজ্জা জাক-জমক নাছিল৷ হয়তো বিদ্যা এক মানসিক সম্পদ বুলি ধৰি লোৱা বাবে আৰু বিদ্বানৰ বাহ্যিক প্ৰদৰ্শন নিন্দনীয় বুলি সমাজে ভবাৰ বাবে বিদ্যালয়খন দেখাত অনাড়ম্বৰ আছিল৷ বিদ্যালয়ৰ ভূষণ আছিল শিক্ষকসকলৰ নিষ্ঠা আৰু জ্ঞান৷ ছাৰসকলৰ সন্তোষ বিধান কৰিব পৰাকৈ আৰু নিজৰ কৃতিত্বৰ প্ৰমাণ দিবলৈ পঢ়া-শুনা কৰাই আছিল ছাত্ৰবিলাকৰ প্ৰধান আৰু নিয়মিত প্ৰয়াস৷ পঢ়া-শুনাই আছিল বিদ্যালয়খনৰ সুনামৰ কাৰণ৷’

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড॰ অমৰজ্যোতি চৌধুৰীৰ মতে ‘দৰাচলতে এই মধ্য ইংৰাজী স্কুলৰ বুৰঞ্জী অসমৰ এজন বিশেষ মেধাবী ছাত্ৰৰ বুৰঞ্জী বুলিও ক’ব পাৰি৷ এই স্কুলৰ কথা বিশেষকৈ এই স্কুলৰ শিক্ষকসকলৰ কথা এইসকল কৃতকাৰ্য্য লোকে অতি কৃতজ্ঞতাৰে সোঁৱৰে৷ এই স্কুলৰ পুৰণি ছাত্ৰৰ সৈতে কথা পাতিলেই এই কথা জল-জল পট-পট হৈ পৰে৷ ময়ো যে এই স্কুলৰ ছাত্ৰ আছিলোঁ। এই কথাই মনলৈ আজিও এক সন্তুষ্টিৰ ভাব আনি দিয়ে৷'

অসমৰ প্ৰধান ক্ৰীড়া সংগঠক আৰু আসাম ট্ৰিবিউন কাকতৰ এসময়ৰ জ্যেষ্ঠ সাংবাদিক পুলিন দাসে লিখিছে– ‘হেড্‌মাষ্টাৰ হৰমোহন দাসে আমাক ইংৰাজী পঢ়ুৱাইছিল৷ তেখেতে ইংৰাজী পাঠ্যপুথিও লিখিছিল৷ মোৰ ইংৰাজী জ্ঞানৰ ভেটি ইয়াতে ছাৰৰ প্ৰভাৱত গঠন হৈছিল৷’

১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ এই স্কুলৰ ছাত্ৰ হোৱাৰ আমাৰ সৌভাগ্য হৈছিল৷ পিছলৈ অসম বিজ্ঞান সমিতিৰ লগত জড়িত হৈ স্কুলীয়া শিক্ষাত উদ্ভাৱনামূলক পদ্ধতি গ্ৰহণসম্পৰ্কীয় বিভিন্ন আলোচনাত ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাইছিলোঁ৷ অসমত এনে আলোচনা অনুষ্ঠিতও কৰিছিলোঁ৷ দেশৰ বিভিন্ন অভিজ্ঞ ব্যক্তিৰ লগত মত-বিনিময়ো কৰিছিলোঁ৷

এই আলোচনাসমূহত ‘শিক্ষাৰ আনন্দদায়ক অভিজ্ঞতা’ সম্পৰ্কে যিবোৰ কথা উদাহৰণেৰে সৈতে আলোচনা কৰা হৈছিল সেইবোৰ তেতিয়াই আমাৰ ছাৰসকলে এমছিএমই স্কুলত প্ৰয়োগ কৰা মনত পৰিছিল৷ তেখেতসকলে কিবা প্ৰশিক্ষণ লৈ যে এনে কৰিছিল সেয়াও নহয়৷ একমাত্ৰ কৰ্ত্তব্যনিষ্ঠা, শিকোৱাৰ আগ্ৰহ আৰু তীব্ৰ বাসনাৰ বাবেই এইবোৰ নিজে নিজেই উদ্ভাৱন কৰি লৈছিল৷ বহুকাল জুৰি এমছিএমই স্কুলৰ এনে শিক্ষকসকলৰ মধ্যমণি আছিল ভাৰত চন্দ্ৰ শৰ্মা[১৯৪১ চনৰ পৰা ১৯৭৬ চনলৈ প্ৰধান শিক্ষক] আৰু কামেশ্বৰ শৰ্মা [১৯২৫ চনৰ পৰা ১৯৬৭ চনলৈ শিক্ষক]।

এখেতসকলৰ আগেয়ে প্ৰসিদ্ধ শিক্ষাবিদ হৰমোহন দাসে ১৯২৪ চনৰ পৰা ১৯৪১ চনলৈ এই স্কুলৰ প্ৰধান শিক্ষক হিচাবে শিক্ষাদান ব্যৱস্থাৰ দৃঢ় বুনিয়াদ গঠন কৰি থৈ গৈছিল৷ এখেতসকলৰ প্ৰেৰণাতে আন শিক্ষকসকলৰ একে বাটেৰে বাট বুলিছিল৷ এই স্কুলৰ প্ৰথম প্ৰধান শিক্ষক আছিল উত্তৰ গুৱাহাটীৰ বলীন্দ্ৰ কুমাৰ বৰুৱা [১৯১৪-১৯১৮ চন]। আচলতে শিক্ষাদানৰ সুদক্ষ ব্যৱস্থাৰ বাবে সুন্দৰ আন্তঃগাঁথনিৰ প্ৰয়োজন ঠিকেই, কিন্তু এয়া শিক্ষা ব্যৱস্থাৰ জুমুঠিহে৷ এই জুমুঠিতেই শিক্ষকসকলে প্ৰাণ সঞ্চাৰ কৰে৷ শিক্ষকসকলে শ্ৰেণীকোঠাৰ ভিতৰত লোৱা কাৰ্য্যাৱলীয়েই শিক্ষাদান সফল কৰি তোলে৷ এমছিএমই স্কুলৰ শিক্ষকসকলৰ এয়াই আছিল শক্তি৷

২০১৪ চনত এই স্কুলৰ শতবাৰ্ষিকী সমাৰোহ উদ্‌যাপন কৰা হয়৷ কিন্তু দুখৰ কথা অসমৰ আন বহু অসমীয়া বিদ্যালয়ৰ দৰে এই স্কুলৰ গৰিমা আশীৰ দশকৰ পিছৰ পৰা ম্লান হ’বলৈ ধৰে৷ নিষ্ঠাৱান শিক্ষক-শিক্ষয়িত্ৰী মণ্ডলী, আগতকৈ উন্নত আন্তঃগাঁঠনি থকা সত্বেও বোধহয় অসমীয়া মাধ্যমত শিক্ষাদান কৰাৰ বাবেই অভিভাৱক ছাত্ৰৰ এই স্কুলৰ প্ৰতি আকৰ্ষণ হ্ৰাস পাবলৈ ধৰে৷ এই স্কুলত ভৰ্ত্তি হোৱাৰ গৌৰৱো অনুভৱ নকৰা হ’ল৷

ইয়াৰে প্ৰতিকাৰ হিচাবে ১৯৮৫ চনত গুৱাহাটী পৌৰ নিগমে এই স্কুলক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰে৷ নাম দিয়া হয় মাণিক চন্দ্ৰ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়৷ শতবাৰ্ষিকী উদ্‌যাপনৰ পিছত ছাত্ৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যেৰে ছাত্ৰীকো ভৰ্তিৰ নতুন নিয়ম কৰা হয়৷ তথাপিও ছাত্ৰ-ছাত্ৰীৰ মুঠ ভৰ্তিৰ সংখ্যা আশানুৰূপ নহয়৷ এয়া চিন্তাৰ বিষয়৷।