উত্তৰহীন চৰকাৰ


Image Description

সংসদত বিতৰ্ক এক সুস্থ পৰম্পৰা। জনগণে শুনে আৰু মতৰ সপক্ষে-বিপক্ষে ভাগ লয়। কোনো সঁচা কয়, কোনে মিছা কয় ওলাই পৰে। জনগণে হাত চাপৰি গ্ৰহণ বা অবজ্ঞা কৰিবলৈ সুযোগ পায়।

খালি চকীবোৰও বহু কথা জানিবলৈ দিয়ে। জনগণে নিজৰ প্ৰতিনিধিৰ ৰেহৰূপ ধৰিব পাৰে।

সদনত আদানিৰ কুকৰ্ম বাৰে বাৰে উচ্চাৰিত হৈছে। বিৰোধীৰ হাতে হাতে তথ্য। প্ৰধান মন্ত্ৰী মোডীয়ে একো উত্তৰ দিব নাই। আচলতে উত্তৰ নাই। আদানি মোডীৰ আশিসপুষ্ট। সেয়াই প্ৰমাণ হ'ল। নীৰৱতাই বহু কয়। বেছি ডাঙৰকৈ কয়। দূৰলৈ যায়। মোডীৰ নিৰুত্তৰে তাকে জনালে। বুকুত চপৰিয়াই চপৰিয়াই কওঁতে কওঁতে আদানি চেপা খাই থাকিল। জনগণৰ বুজিবলৈ বাকী নাথাকিল।

এই সময়ত গাডকাৰীৰ সততাও পৰীক্ষা সন্মুখীন হৈছে। দল, চৰকাৰ আৰু সংঘৰ অসততাৰ বিৰুদ্ধে ক'ব নে নকয়।

অসমতো মুখ্য মন্ত্ৰী উত্তৰবিহীন।

মাটিৰ দালালি বন্ধ হ'লনে?

ড্ৰাগছৰ অবৈধ বেহা বন্ধ কৰিব পাৰিলেনে?

আচলতে কিমানক চাকৰি দিলে?

দুৰ্নীতি নামৰ ব্যাধিৰ বেলিকা আপোচ কিয়?

আদানি-আম্বানি-শ্বাহক অসমৰ কিমান সম্পদ গটালে?

মুখ্য মন্ত্ৰী নিৰ্মাণত আগ্ৰহী, শিক্ষক নিযুক্তিত আগ্ৰহী নহয় কিয়?

আৰু বহুতো।

অসমতো চলিছে এখন উত্তৰবিহীন চৰকাৰ।।